মৰাণহাট (IPA: ˈmɔːrænˌhɑːt)(Moranhat) অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এখন সৰু নগৰ৷ ইয়াত বাস কৰা মৰাণ গোষ্ঠীৰ লোকৰ বাবে এই অঞ্চলটোৰ এই নাম হয়৷
ভৌগোলিক বিৱৰণ
মৰাণহাট শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ সীমামূৰীয়া নগৰ। ডিব্ৰুগড় জিলাৰ মৰাণ লোকপিয়ল নগৰ আৰু শিৱসাগৰ জিলাৰ মৰাণহাট পৌৰনগৰক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে বিভাজন কৰিছে।
জনসংখ্যা
২০০১ চনৰ লোকপিয়ল অনুসৰি মৰাণহাটৰ জনসংখ্যা ৫৭৭৯ জন। ইয়াৰে পুৰুষ ৫৫% আৰু মহিলা ৪৫%। ৰাষ্ট্ৰীয় সাক্ষৰতাৰ হাৰ ৫৯.৫%ৰ তুলনাত নগৰখনৰ গড় সাক্ষৰতাৰ হাৰ ৭৮%। ৮০% পুৰুষ আৰু ৭৭% মহিলা সাক্ষৰ। মৰাণহাটৰ ১১% জনসংখ্যা ৬ বছৰৰ তলৰ।
শিক্ষা
নগৰখনত বহুকেইখন অসমীয়া মাধ্যম তথা ইংৰাজী আৰু হিন্দী মাধ্যমৰ বিদ্যালয় আছে। বিদ্যালয়-
- চে'ইণ্ট যোচেফ হাইস্কুল
- মৰাণ উঃমাঃ বিদ্যালয়
- চে'ইণ্ট এণ্ড্ৰিউজ হাইস্কুল
- মৰাণ ছোৱালী উচ্চ বিদ্যালয়
- নেহৰু হিন্দী বিদ্যালয়
মহাবিদ্যালয়
- মৰাণ মহাবিদ্যালয়
- মৰাণ মহিলা মহাবিদ্যালয়
যাতায়ত ব্যৱস্থা
মৰাণহাট অসমৰ প্ৰধান প্ৰধান ঠাইবোৰৰ সৈতে চৰকাৰী আৰু বেচৰকাৰী বাচেৰে সু-সংযোজিত হৈ আছে। সমীপবৰ্তী ৰেলষ্টেচনটো হ'ল মৰাণহাট। এই ষ্টেচনত ৰাজধানী, যশৱন্তুপুৰ এক্সপ্ৰেছ আৰু ৰঙিয়া-ডিব্ৰুগড় এক্সপ্ৰেছ ৰয়।১ আটাইতকৈ ওচৰত থকা বিমানবন্দৰটো মোহনবাৰী বিমানবন্দৰ। নগৰখনৰ পৰা ইয়ালৈ দূৰত্ব ৪০ কিঃমিঃ।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰাণহাট” প্ৰবন্ধৰ সংশোধন ২৪৩৮৪৭ (১৬ আগষ্ট ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।