অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

চাবুৱা

চাবুৱা (Chabua) অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন ঠাই৷

হালনাগাদ: ২ নৱেম্বৰ ২০২৫ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৫৩
সংশোধনৰ পৰামৰ্শ

চাবুৱা (Chabua) অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন ঠাই৷

ইতিহাস

১৮২০ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে অসমত চাহৰ উৎপাদন আৰম্ভ কৰে৷ পোনপ্ৰথমে অসমৰ চাহবাগান পতা হৈছিল চাবুৱাত ১৮৩৭ চনত৷ চাবুৱা নামটো, 'চাহ' আৰু 'বুৱা' (অৰ্থাৎ বাগান) ৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়৷

ভৌগোলিক বিৱৰণ

চাবুৱা ভৌগোলিকভাৱে .১ত অৱস্থিত৷ সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ১০৬ মিটাৰ (৩৪৭ ফুট)৷

আন্ত:গাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি চাবুৱাৰ মুঠ জনসংখ্যা ৭৭২৩০ জন৷ ইয়াৰে ৫১% পুৰুষ আৰু ৪৯% মহিলা৷ মুঠ জনসংখ্যাৰ ১১% ছয় বছৰৰ অনুৰ্ধৰ৷ চাবুৱাত প্ৰায় ৩৭৩৫০জন জনসংখ্যা চাহবাগিচা অঞ্চলত বাস কৰে, ৭১৫০জন লোক নগৰ অঞ্চলত বাস কৰে আৰু ৩২৭৩০ জন লোক গ্ৰাম্য অঞ্চলত বাস কৰে।

চাবুৱাৰ গড় সাক্ষৰতাৰ হাৰ ৮৮% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৮৩% আৰু ৭২%৷

যাতায়ত ব্যৱস্থা

চাবুৱাক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে অন্যান্য ঠাইসমূহৰ সৈতে সংযোগ কৰিছে৷

শিক্ষা

বিদ্যালয়-

  • জাতীয় বিদ্যালয়, চাবুৱা
  • ৰাষ্ট্ৰীয় হিন্দী বিদ্যালয়
  • অসম বিদ্যাপীঠ

মহাবিদ্যালয়

  • দেখাদেৱী ৰাছিৱাচিয়া মহাবিদ্যালয়( D.D.R. COLLEGE)
  • চাবুৱা কনিষ্ঠ মহাবিদ্যালয়

ৰাজনীতি

চাবুৱা লখিমপুৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷২

উল্লেখযোগ্য স্থান

  • জেৰাই গাঁও
  • ভঁৰলুৱা গাঁও
  • মুদৈ গাঁও
  • আলহী গাঁও
  • মৰিছা গাঁও
  • চুঙিচুক গাওঁ
  • দঙ্গৰচুক গাওঁ
  • দেওধাই গাওঁ
  • কমাৰ গাওঁ
  • দিনজয় সত্ৰ

তথ্যসূত্ৰ

  1. ↑ Falling Rain Genomics, Inc - Chabua
  2. ↑ List of Parliamentary & Assembly Constituencies. অসম. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰডিব্ৰুগড় জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাবুৱা” প্ৰবন্ধৰ সংশোধন ৫৪৬৭৫২ (২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।