অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

জাগীৰোড

জাগীৰোড (Jagiroad ) ভাৰতৰ অসমত অৱস্থিত মৰিগাঁও জিলাৰ অন্তৰ্ভুক্ত এখন নগৰ। এই অঞ্চলটো কাগজ কলৰ বাবে প্ৰসিদ্ধ। তদুপৰি ইয়াৰ শুকান মাছৰ বজাৰো জনাজাত। এই অঞ্চলটোক পূৰ্বতে নখোলা নামেৰে জনা গৈছিল, ব্ৰিটিছৰ শাসনকালত ইয়াৰ মাজেৰে পাৰ হৈ যোৱা 'জাগী' নামৰ বাটটোৰ বাবে ইয়াক 'জাগীৰোড'লৈ পৰিৱৰ্ত্তন কৰা হয়।

হালনাগাদ: ১৪ অক্টোবৰ ২০২৩ ১৬৪ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

জাগীৰোড (Jagiroad ) ভাৰতৰ অসমত অৱস্থিত মৰিগাঁও জিলাৰ অন্তৰ্ভুক্ত এখন নগৰ। এই অঞ্চলটো কাগজ কলৰ বাবে প্ৰসিদ্ধ। তদুপৰি ইয়াৰ শুকান মাছৰ বজাৰো জনাজাত। এই অঞ্চলটোক পূৰ্বতে নখোলা নামেৰে জনা গৈছিল, ব্ৰিটিছৰ শাসনকালত ইয়াৰ মাজেৰে পাৰ হৈ যোৱা 'জাগী' নামৰ বাটটোৰ বাবে ইয়াক 'জাগীৰোড'লৈ পৰিৱৰ্ত্তন কৰা হয়।

জনসংখ্যা

২০০১ চনৰ লোকপিয়ল অনুসৰি, জাগীৰোডৰ জনসংখ্যা ১৭,২৫৪ জন। ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা। জাগীৰোডৰ গড় সাক্ষৰতাৰ হাৰ ৭৫%। মহিলাৰ সাক্ষৰতাৰ হাৰ ৬৯% আৰু পুৰুষৰ ৮০%। তথ্য অনুসৰি এই অঞ্চলৰ ১২% জনসংখ্যা বয়স ছয়বছৰৰ অনূৰ্ধ্বৰ।

ৰাজনীতি

জাগীৰোড নগাঁও (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।১

যাতায়ত

জাগীৰোডৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰহৈ গৈছে। এই অঞ্চলটো মৰিগাঁও পথেৰে মৰিগাঁও জিলাৰ সৈতে সংযুক্ত।

শিক্ষা

মহাবিদ্যালয়

  • জাগীৰোড মহাবিদ্যালয়

উচ্চ মাধ্যমিক বিদ্যালয়

  • জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • জাগীৰোড এন এফ ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • স্বহীদ লক্ষ্মী ডেকা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • জ্যোতি নিবাস
  • নালন্দা একাডেমী
  • কেন্দ্ৰীয় বিদ্যালয়, জাগীৰোড
  • শংকৰদেব শিশুবিদ্যা নিকেতন
  • জাগীৰোড বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
  • কাগজ নগৰ হাইস্কুল
  • ইণ্ডাছ একাডেমি
  • বিনায়ক একাডেমি

প্ৰাথমিক বিদ্যালয়

  • ঘূনুচা হাবি প্ৰাথমিক বিদ্যালয়
  • নখোলা গ্ৰাণ্ট প্ৰাথমিক বিদ্যালয়
  • বিষ্ণু ৰাভা নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়
  • ইন্দিৰা নগৰ প্ৰাথমিক বিদ্যালয়
  • গুৰিপথাৰ প্ৰাথমিক বিদ্যালয়

তথ্যসূত্ৰ

  1. ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰমৰিগাঁও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাগীৰোড” প্ৰবন্ধৰ সংশোধন ৩৮৭৪৫৩ (১৪ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।