গোলকগঞ্জ (ইংৰাজীত Golokganj; কেতিয়াবা Golakganj বা Galakganj বুলিও লিখা হয়) অসম ৰাজ্যৰ ধুবুৰী জিলাত অৱস্থিত এখন সৰু নগৰ। ধুবুৰী জিলাৰ ঐতিহাসিক স্থানসমূহৰ ভিতৰত গোলকগঞ্জ এক গুৰুত্বপূৰ্ণ নাম।
ভৌগোলিক অৱস্থান
গোলকগঞ্জ অৱস্থানত অৱস্থিত।১ এই নগৰখনৰ গড় উচ্চতা প্ৰায় 45 মিটাৰ। গোলকগঞ্জ জিলা সদৰ ধুবুৰীৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত।
এই অঞ্চলটো গঙ্গাধৰ নদীৰ পূব পাৰত অৱস্থিত আৰু ভাৰত–বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ইয়াৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত। গোলকগঞ্জ ইয়াৰ কাষৰীয়া গাঁও আৰু চহৰসমূহৰ বাবে এক প্ৰধান বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত। ইয়াৰ মাটি অত্যন্ত উৰ্বৰ।
জনসংখ্যা
চনৰ ভাৰতৰ জনগণনা অনুসৰি,২ গোলকগঞ্জৰ জনসংখ্যা আছিল ৭,৬১২। ইয়াৰ ভিতৰত পুৰুষৰ হাৰ ৫৪% আৰু মহিলাৰ হাৰ ৪৬%। সাক্ষৰতাৰ হাৰ প্ৰায় ৬৩%—পুৰুষৰ ৬৯% আৰু মহিলাৰ ৫৫%। প্ৰায় ১৩% লোক ৬ বছৰৰ তলৰ শিশু। ইয়াত সাধাৰণতে গোৱালপাৰীয়া উপভাষা ব্যৱহাৰ কৰা হয়।
যাতায়াত
গোলকগঞ্জত ১৯০১ চনত বৃটিছ শাসনকালত নিৰ্মিত এখন পুৰণি ৰেল-সহ-সড়ক সেঁতু আছে, যি বৰ্তমান ব্যৱহাৰযোগ্য নহয়। গোলকগঞ্জ ৰেলৱে ষ্টেচন নগৰৰ মাজভাগত অৱস্থিত আৰু ইয়াক ১৯০৫ চনৰ পূৰ্বে বৃটিছে নিৰ্মাণ কৰিছিল।
২০১১ চনৰ পৰা পুনৰ ৰেল সেৱা আৰম্ভ হৈছে। বৰ্তমান গুৱাহাটী–ধুবুৰী, শিলিগুৰী–ধুবুৰী আৰু বঙাইগাঁও–নিউ জলপাইগুড়ী ৰেল চলাচল কৰে। তদুপৰি, নাগাঁও জিলাৰ শিলঘাটৰ পৰা পশ্চিমবংগৰ আলিপুৰদুৱাৰলৈ সপ্তাহত তিনিদিনীয়া ৰেলো চলি আছে। ওচৰৰ বিমানবন্দৰ হৈছে ৰূপসী বিমানবন্দৰ, যি প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। কুচবিহাৰ, শিলিগুৰী আৰু গুৱাহাটীৰ সৈতে বাছ সেৱা সুসংযুক্ত।
শিক্ষা
গোলকগঞ্জত ১৯৭৩ চনত প্ৰতিষ্ঠিত চিলাৰায় মহাবিদ্যালয় অৱস্থিত। এই মহাবিদ্যালয়ক উন্নীত কৰি ধুবুৰী জিলাৰ প্ৰথম বিশ্ববিদ্যালয় স্থাপন কৰাৰ পৰিকল্পনা চলি আছে। ইয়াৰোপৰি ইয়াত শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ (B.T.C), DIET কেন্দ্ৰ, প্ৰস্তাৱিত ITI, কস্তূৰবা গান্ধী বালিকা বিদ্যালয় আৰু কেইবাখনো উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে।
শিল্প
- দত্ত ফুড প্ৰডাক্টছ (দাদাগিৰি)
বাণিজ্যিক কেন্দ্ৰ
- জগন্নাথ ভাণ্ডাৰ
- ৰিলায়েন্সৰ ‘‘Smart Point’’
- ‘‘Mall for U’’
ৰাজনীতি
গোলকগঞ্জ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত।৩ গোলকগঞ্জ বিধানসভা সমষ্টিৰ বৰ্তমান বিধায়ক হৈছে শ্ৰী আব্দুছ চোবাহান আলী চৰকাৰ (ভাৰতীয় জাতীয় কংগ্ৰেছ)।
আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ
ভাৰত চৰকাৰে শেহতীয়াকৈ লক্ষীমাৰীত (ভাৰত–বাংলাদেশ সীমান্ত) এখন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছে। এই স্থানখন গঙ্গাধৰ নদীৰ পশ্চিম পাৰত অৱস্থিত আৰু গোলকগঞ্জ নগৰৰ পৰা প্ৰায় ৪ কিলোমিটাৰ দূৰত্বত।
তথ্যসূত্ৰ
- ↑ Falling Rain Genomics, Inc – Golakganj
- ↑ Census of India 2001. Census Commission of India
- ↑ List of Parliamentary & Assembly Constituencies. Election Commission of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলকগঞ্জ” প্ৰবন্ধৰ সংশোধন ৬২১৯৪০ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।