অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ডুমডুমা

ডুমডুমা অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন নগৰ।

হালনাগাদ: ৩১ জুলাই ২০২৬ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ডুমডুমা অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন নগৰ।

ভৌগোলিক অৱস্থান

ডুমডুমাৰ ভৌগোলিক অৱস্থান .১ সাগৰ পৃষ্ঠৰ পৰা এই অঞ্চলটোৰ গড় উচ্চতা ১১৮ মিটাৰ (৩৭৪ ফুট)। এই টাউনখন ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ ডুমডুমা নৈৰ পাৰত অৱস্থিত। এই অঞ্চলৰ সাগৰ পৃষ্ঠৰ পৰা গড় উচ্চতা প্ৰায় ১১৮ মিটাৰ (৩৭৪ ফুট)।

আন্তঃগাঁথনি

২০০১ চনৰ লোকপিয়ল অনুসৰি ডুমডুমাৰ মুঠ জনসংখ্যা ১৯,৮২২ জন। ইয়াৰে ৫৫% পুৰুষ আৰু ৪৫% মহিলা। এই অঞ্চলৰ গড় সাক্ষৰতাৰ হাৰ ৭০%, ইয়াৰে পুৰুষ আৰু মহিলাৰ পৃথকভাৱে সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৭৫% আৰু ৬৩%। মুঠ জনসংখ্যাৰ ১২% ৰ বয়স ছয় বছৰৰ অনুৰ্ধৰ।

শিক্ষা

বিদ্যালয়-

  • ডন বস্কো হাই স্কুল
  • চেইণ্ট মেৰিজ স্কুল
  • ডুমডুমা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
  • বঙিয়া বিদ্যালয়
  • জৱাহৰ হিন্দী বিদ্যালয়
  • লাৰ্নাছ হাইস্কুল
  • কেন্দ্ৰীয় বিদ্যালয়
  • লটাছ একাডেমী
  • ডুমডুমা জাতীয় বিদ্যালয়
  • হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • ৰুপাই জাতীয় বিদ্যালয়
  • শংকৰদেৱ শিশু নিকেতন
  • মৰ্ডান একাডেমি

মহাবিদ্যালয়-

  • ডুমডুমা মহাবিদ্যালয়
  • ডনবস্কো কনিষ্ঠ বিদ্যালয়

যাতায়ত ব্যৱস্থা

ডুমডুমাৰ আশে পাশে থকা অঞ্চলসমূহলৈ চৰকাৰী বাছ আৰু সৰু বাহনসমূহ চলে। তদুপৰি তিনিচুকীয়াৰ পৰা দঙৰীলৈ ডুমডুমা হৈ এখন স্থানীয় ৰে'লো চলে।

অৰ্থনীতি

ডুমডুমা অঞ্চলটোৰ অৰ্থনীতি মূলত: চাহ বাগানসমূহৰ ওপৰত নিৰ্ভৰশীল। ইয়াত কিছুসংখ্যক সৰু-বৰ উদ্যোগ আছে।

ৰাজনীতি

ডুমডুমা লখিমপুৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত। ২

তথ্যসূত্ৰ

  1. ↑ Falling Rain Genomics, Inc - DoomDooma
  2. ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডুমডুমা” প্ৰবন্ধৰ সংশোধন ৬২২১০৪ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।