স্বাস্থ্য আৰু চিকিৎসা
ৰোগ, চিকিৎসা, মানৱ শৰীৰ আৰু জনস্বাস্থ্য · ৩৫০ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
এইচ আই ভি আৰু সম লিংগৰ ব্যক্তিৰ মাজত যৌন অভিসাৰ
১৯৮০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথম যেতিয়া মানৱ শৰীৰত এইড্ছ ৰোগৰ ভাইৰাছ ধৰা পৰে, তেতিয়াৰ পৰাই সমকামী পুৰুষ, উভকামি ব্যক্তিৰ দেহত প্ৰায়ে এই ৰোগৰ ভাইৰাছৰ উপস্থিতিৰ তথ্য চিকিৎসকৰ হাতলৈ আহে।
-
এএনএম
অক্সিলিয়াৰী নাৰ্ছ মিডৱাইফ (Auxiliary nurse midwife বা ANM) ভাৰতৰ গাওঁ পৰ্যায়ৰ এগৰাকী মহিলা স্বাস্থ্য কৰ্মী। ইয়াক অসমীয়াত সহায়ক নাৰ্ছ ধাই বা সাধাৰণভাবে এএনএম বুলি কোৱা হয়। এএনএমক সমাজ আৰু স্বাস্থ্য সেৱাৰ মাজত প্ৰথম সম্পৰ্কৰ ব্যক্তি হিচাপে জনা যায়।
-
এক্ৰ'ফ'বিয়া
এক্ৰ’ফ’বিয়া (Acrophobia) হৈছে উচ্চতাৰ প্ৰতি এক চৰম বা অযুক্তিকৰ ভয় বা ফ’বিয়া। এক্ৰ’ফ’বিয়াক এক নিৰ্দিষ্ট ফ’বিয়া হিচাপে সংজ্ঞায়িত কৰা হয় য’ত পেনিক এটেকৰ লক্ষণ দেখা দিয়ে যাৰ ফলত মানসিক আৰু/বা সামাজিক অক্ষমতা দেখা দিব পাৰে।
-
এন'ৰেক্সিয়া নাৰ্ভ'ছা
এন'ৰেক্সিয়া নাৰ্ভ'ছা বা এন'ৰেক্সিয়া (anorexia nervosa) হৈছে এক খাদ্যাভাসৰ বিকাৰ, যাৰ বিশেষত্ব হৈছে কম ওজন, খাদ্যৰ সীমাবদ্ধতা, ওজন বৃদ্ধি হোৱাৰ ভয় আৰু ক্ষীণ হোৱাৰ তীব্ৰ আকাংক্ষা। এনোৰেক্সিয়া থকা বহুলোকে নিজকে অধিক ওজনৰ বুলি বিবেচনা কৰে যদিও তেওঁলোকৰ ওজন প্ৰকৃততে কম।
-
এনিগ্মা যন্ত্ৰ
এনিগ্মা যন্ত্ৰ (Enigma machine) হৈছে এক বিশেষ সংকেতসূচক যন্ত্ৰ যিটো কুৰি শতিকাৰ প্ৰথমৰ পৰা মাজভাগলৈ ব্যৱহৃত কৰা হৈছিল। এনিগ্মা যন্ত্ৰৰ সহায়ত বাণিজ্যিক, ৰণনীতিক আৰু সামৰিক যোগাযোগ সুৰক্ষিত ভাৱে কৰা হৈছিল।
-
এপেণ্ডিছাইটিছ
এপেণ্ডিছাইটিছ হৈছে অন্ত্ৰপুচ্ছ বা এপেণ্ডিক্স উখহি অসহনীয় বিষ হোৱা এবিধ ৰোগ। এই ৰোগৰ লক্ষণসমূহ হৈছে সোঁ কাষৰ তলপেটৰ বিষ, বমি ভাৱ, বমি হোৱা আৰু ভোক কমি যোৱা। তথাপিও এই ৰোগত আক্ৰান্ত প্ৰায় ৪০% লোকৰ এই সাধাৰণ লক্ষণসমূহে দেখা নিদিবও পাৰে। ইয়াৰ প্ৰধান কাৰণ হৈছে মলৰ পৰা তৈয়াৰ হোৱা কেলচিফাইড "পাথৰ"।
-
এৰিঅ’লাৰ গ্ৰন্থি
এৰিঅ’লাৰ গ্ৰন্থি, যাক গ্লেণ্ডুলে এৰিঅলেৰ, মণ্টগোমেৰী গ্ৰন্থি আৰু টিউবাৰকুলা এৰিঅ’লা বুলিও কোৱা হয়, এৰিঅ’লাৰ ওপৰত ১০–১৫টা পোৱা যায়। সাধাৰণতে স্তনবৃন্তৰ চাৰিওফালে বৃত্তৰ দৰে সজোৱা থাকে, আৰু স্তনবৃন্ত থিয় হৈ থাকিলে বিশেষভাৱে দেখা পোৱা যায়। তেওঁলোকৰ ভূমিকা হ’ল কেঁচুৱাক পৰ্যাপ্ত স্তন্যপান কৰাই দিয়া।
-
ক'ভেক্সিন
ক'ভেক্সিন (সাংকেতিক নাম BBV152) ভাৰত বায়'টেক নামৰ কোম্পানীটোৱে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সহযোগত বিকাশ কৰা এটা ভাইৰাছ-ভিত্তিক আৰু নিষ্ক্ৰিয় ক'ভিড-১৯ প্ৰতিষেধক।
-
কিট’নিউৰিয়া
কিট’নিউৰিয়া হৈছে প্ৰস্ৰাৱত কিট’ন বডি থকা এক চিকিৎসাজনিত অৱস্থা। এনে পৰিস্থিতিত শৰীৰে শক্তিৰ বিকল্প উৎস ব্যৱহাৰ কৰাৰ ইংগিত হিচাপে অতিৰিক্ত কিট’ন উৎপন্ন কৰা দেখা যায়। উপবাসৰ সময়ত বা বেছিকৈ টাইপ ওৱান ডায়েবেটিছ মেলিটাছত ইয়াক দেখা যায়।
-
কোকেইন
কোকেইন বা কোক(Cocaine), হৈছে এক শক্তিশালী উদ্দীপক আৰু ইয়াক বিনোদনমূলক ঔষধ হিচাপে বেছিকৈ ব্যৱহাৰ কৰা হয়। ইয়াক সাধাৰণতে ধোঁৱাৰ দৰে হিচাপে উশাহ লোৱা, বা গলিত অৱস্থাত বেজীৰ সহায়ত শিৰাত ভৰাই দিয়া হয়।
-
ক’ল’ৰেক্টেল কেন্সাৰ
ক’ল’ৰেক্টেল কেন্সাৰ (Colorectal cancer), যাক বাৱেল কেন্সাৰ, ক’লন কেন্সাৰ, অন্ত্ৰৰ কেন্সাৰ, বা মলদ্বাৰৰ কেন্সাৰ বুলিও জনা যায়, হৈছে ক’লন বা ৰেক্টাম (বৃহদান্ত্ৰৰ অংশ)ৰপৰা সৃষ্টি হোৱা কৰ্কট ৰোগ।
-
গোমুখাসন
গোমুখাসন বা গোমুখৰ ভংগিমা হঠযোগ আৰু আধুনিক যোগত ব্যায়াম হিচাপে বহি কৰা আসন, কেতিয়াবা ধ্যান-ধাৰণৰ বাবে ব্যৱহাৰ কৰা হয়।
-
গৰ্ভপাতৰ পিছৰ যত্ন
গৰ্ভপাতৰ পিছৰ যত্ন (PAC) হৈছে গৰ্ভপাতৰ পিছত মহিলাসকললৈ দিয়া চিকিৎসা আৰু পৰামৰ্শ। ইয়াৰ ভিতৰত নিৰাময়মূলক যত্ন, যেনে গৰ্ভপাতৰ জটিলতাৰ চিকিৎসা, লগতে প্ৰতিৰোধমূলক যত্ন, যেনে ভৱিষ্যতে অবাঞ্চিত গৰ্ভধাৰণ ৰোধ কৰিবলৈ জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা আদি অন্তৰ্ভুক্ত।
-
চ্যৱনপ্ৰাশ
চ্যৱনপ্ৰাশ (च्यवनप्राश), হৈছে চেনি, মৌ, ঘিউ, আমলখি, তিলৰ তেল, জামু আৰু বিভিন্ন বনৌষধি আৰু মছলাৰে ৰন্ধা এক মিশ্ৰণ। আয়ুৰ্বেদিক গ্ৰন্থত দিয়া পৰামৰ্শ বা নিৰ্দেশনা অনুসৰি ইয়াক প্ৰস্তুত কৰা হয়। ভাৰতত খাদ্য পৰিপূৰক হিচাপে চ্যৱনপ্ৰাশ বহুলভাৱে বিক্ৰী আৰু সেৱন কৰা হয়।
-
টনছিলাইটিছ
টনছিলাইটিছ (tonsillitis) ডিঙিৰ ভিতৰত হোৱা ৰোগবোৰৰ ভিতৰত অন্যতম হ’ল। যিকোনো বয়সৰ লোকৰ, বছৰৰ যিকোনো সময়তে এনেধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে। তথাপি তুলনামূলক ভাৱে শীতকালত সৰু ল’ৰা ছোৱালীৰ মাজত ই অধিক হোৱা দেখা যায়।
-
ডিচমেনৰিয়া
ডিচমেনৰিয়া (Dysmenorrhea) হৈছে নাৰীৰ মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ যিয়ে তেওঁৰ দৈনিক কাম-কাজত বাধা জন্মায়। কিন্তু সাধাৰণতে ঋতুস্ৰাৱৰ বিষকে ডিচমেনৰিয়া বুলি কোৱা হয়। এই প্ৰবন্ধত প্ৰথম সংজ্ঞাটো ব্যৱহাৰ কৰা হৈছে। বিশ্বৰ বিভিন্ন ঠাইত চলোৱা সমীক্ষা মতে ৫০% ৰো অধিকাংশ মহিলাৰ এনে বিষ অনুভৱ হয়।
-
ডিমেন্চিয়া
ডিমেন্চিয়া (Dementia) এক প্ৰকাৰৰ মানসিক ৰোগ। এনে মানসিক অৱস্থাত ভুগি থকা ব্যক্তিৰ বুদ্ধি, স্মৃতিশক্তি আৰু ব্যক্তিত্ব ক্ৰমান্বয়ে লোপ পায়। সাধাৰণতে, বহুতো প্ৰাপ্তবয়স্ক লোক বয়সৰ লগেলগে এই ৰোগত আক্ৰান্ত হয় যদিও, এই ৰোগ মস্তিষ্ক ক্ষতিগ্ৰস্ত বা আঘাত হ'লেও হʼব পাৰে।
-
থাইৰয়ড ৰোগ
থাইৰয়ড ৰোগ বুলিলে থাইৰয়ড গ্ৰন্থিসমূহৰ বিভিন্ন প্ৰকাৰৰ বিকাৰকে বুজোৱা হয়।
-
নাৰীৰ শৰীৰৰ আকৃতি
নাৰীৰ শৰীৰৰ আকৃতি বা নাৰীৰ আকৃতি হৈছে নাৰীৰ শৰীৰত হাড়ৰ গঠনৰ ওপৰত পেশী আৰু চৰ্বিৰ বিতৰণৰ ফলত উৎপন্ন হোৱা ৰূপ। মহিলাৰ আকৃতি সাধাৰণতে বক্ষ আৰু নিতম্বতকৈ কঁকালত সংকীৰ্ণ হয়। বক্ষ, কঁকাল আৰু নিতম্বক বিভক্তি বিন্দু বোলা হয় আৰু ইয়াৰ পৰিধিৰ অনুপাতৰ দ্বাৰা শৰীৰৰ মৌলিক আকৃতি নিৰ্ধাৰণ কৰা হয়।
-
পক্ষীজ্বৰ
বাৰ্ড-ফ্লু (Bird flu) এবিধ ভাইৰাছজনিত সংক্ৰামক বেমাৰ। চৰাই-চিৰিকটিক মুখ্যতঃ আক্ৰমণ কৰা এই ভাইৰাছ (Asianinfluenza Virus) বিধ হৈছে অৰ্থ’মিক্স’ভাইৰাছ (Orthomyxovirus)৷ ই এবিধ RNA ভাইৰাছ৷
-
পানীলগা জ্বৰ
সাধাৰণ পানীলগা জ্বৰ হৈছে এক প্ৰকাৰৰ ভাইৰাছজনিত সংক্ৰামক ৰোগ। ই শ্বাস নলীৰ ওপৰৰ অংশত সংক্ৰমিত হয় আৰু প্ৰাথমিকভাৱে নাকত প্ৰভাৱ পেলায়। পানীলগাৰ সাধাৰণ উপসৰ্গবোৰ হৈছে কাহ, ডিঙিৰ পিৰপিৰণি, নাকৰ পৰা পানী ওলোৱা, হাঁচি, আৰু জ্বৰ।
-
পিত্ত পাথৰ
পিত্ত পাথৰ (Gallstone) পিত্তথলীৰ ভিতৰত নিঃসৰণ হোৱা পিত্তৰ উপাদানৰ পৰা গঠিত কঠিন খণ্ড। আৰু কলেড’ক’লিথিয়াচিছে পিত্তনলীৰ ভিতৰত প্ৰব্ৰজিত পিত্তপাথৰৰ উপস্থিতিক বুজায়। পিত্তত পাথৰ হোৱা বেছিভাগ লোকেই (প্ৰায় ৮০%) লক্ষণবিহীন।
-
পিত্তথলী
পিত্তথলী বা যাক ইংৰাজীত আৰু জনপ্ৰিয়ভাৱে গলব্লাডাৰ বুলি কোৱা হয়, মেৰুদণ্ডী প্ৰাণীৰ দেহত থকা দেখা যায়। ইয়াক কলেচিষ্ট বুলিও কোৱা হয়। ই এটা সৰু ফোঁপোলা অংগ, য’ত পিত্ত ক্ষুদ্ৰান্ত্ৰলৈ মুক্ত হোৱাৰ আগতেই জমা কৰি ঘনীভূত কৰা হয়।
-
পুৰুষ প্ৰজনন তন্ত্ৰ
পুৰুষ প্ৰজনন তন্ত্ৰ (Male reproductive system) বহুতো যৌনাংগৰ দ্বাৰা গঠিত যিয়ে মানৱ প্ৰজনন প্ৰক্ৰিয়াত ভূমিকা পালন কৰে। এই যৌনাংগসমূহ শৰীৰৰ বাহিৰত আৰু শ্ৰোণিৰ (Pelvis) ভিতৰত থাকে। পুৰুষৰ মূল যৌনাংগ হ'ল শিশ্ন (Penis) আৰু মুষ্কাৱৰণ (Scrotum) য'ত বীৰ্য্য আৰু শুক্ৰাণু উৎপন্ন কৰা অণ্ডকোষ থাকে।
-
পূৰ্ণতাবাদ
পূৰ্ণতাবাদ, নিখুঁততা, বা পাৰমিতা (Perfectionism) হৈছে মানুহৰ ব্যক্তিত্বৰ এক বিশেষ চাৰিত্ৰিক বৈশিষ্ট্য। কোনো ক্ষেত্ৰত ব্যক্তিবিশেষৰ নিজস্ব নিখুঁততা আৰু উৎকৰ্ষৰ প্ৰতি দৃঢ়-প্ৰয়াসৰ সংস্ৰৱৰ জৰিয়তে পূৰ্ণতাবাদ চিহ্নিত কৰা হয়।
-
প্ৰস্ৰাৱ তন্ত্ৰ
প্ৰস্ৰাৱ তন্ত্ৰ, যাক প্ৰস্ৰাৱ নলী বা বৃক্ক তন্ত্ৰ বুলিও কোৱা হয়, মেৰুদণ্ডী প্ৰাণীৰ আৱৰ্জনা নিষ্কাশন তন্ত্ৰৰ এটা অংশ। মানুহ আৰু প্লেচেণ্টাৰ স্তন্যপায়ী প্ৰাণীত ই বৃক্ক, মূত্ৰনলী, মূত্ৰাশয় আৰু মূত্ৰনলীৰে গঠিত।
-
প্ৰি-এক্লাম্পছিয়া
প্ৰি-এক্লাম্পছিয়া (Pre-eclampsia) হৈছে গৰ্ভাৱস্থাৰ এক বিকাৰ। উচ্চ ৰক্তচাপৰ আৰম্ভণি আৰু প্ৰস্ৰাৱত বুজন পৰিমাণৰ প্ৰ'টিনৰ উপস্থিতিৰ দ্বাৰা ইয়াৰ চৰিত্ৰাংকণ কৰা হয়। কোনো মহিলাৰ গৰ্ভধাৰণৰ ২০ সপ্তাহ পাছতহে ইয়াৰ লক্ষণসমূহ পৰিলক্ষিত হ'বলৈ ধৰে। প্ৰি-এক্লাম্পছিয়া গুৰুতৰ হ'লে বিভিন্ন জটিলতাই দেখা দিব পাৰে।
-
প্ৰিয়ন
প্ৰিয়ন হৈছে কেৱল অস্বাভাৱিক প্ৰ'টিনেৰে গঠিত এবিধ সংক্ৰমণ কাৰক। ইয়াৰ বিপৰীতে আন সংক্ৰমণ কাৰকসমূহ (ভাইৰাছ, বেক্টেৰিয়া, ফাংগাছ আৰু পৰজীৱ) নিউক্লিক এচিডেৰে (ডি এন এ, আৰ এন এ বা দুয়োটা) গঠিত। ১৯৮২ চনত ষ্টেনলী বি. প্ৰুছিনাৰে protein আৰু infection শব্দ দুটাৰ পৰা "প্ৰিয়ন" শব্দটো উদ্ভাৱন কৰে।
-
বাইপ’লাৰ ৰোগ
বাইপোলাৰ ডিছঅৰ্ডাৰ'(পূৰ্বতে মেনিক ডিপ্ৰেচন নামেৰে জনাজাত) হৈছে এক মানসিক ব্যাধি যাৰ বৈশিষ্ট্য হৈছে হতাশা আৰু অস্বাভাৱিকভাৱে অস্থিৰ মন। যদি অস্থিৰ মন গুৰুতৰৰ হ'লে মেনিআ বা হাইপোমেনিয়া বুলি কোৱাটো হয়। উন্মাদ আচৰণৰ সময়ত, এজন ব্যক্তিয়ে অস্বাভাৱিকভাৱে উদ্যমী, সুখী বা খিংখিঙিয়া আচৰণ কৰে বা অনুভৱ কৰে।
-
বিটুৰিয়া
ৰঙা বা গোলাপী ৰঙৰ প্ৰস্ৰাৱ বাহিৰ হৈ যোৱাটোৱেই হৈছে বিটুৰিয়া। ই বীট বা বীটৰ নিষ্কাশিত ৰস বা বীটৰ বিটালিন ৰঞ্জক পদাৰ্থৰে ৰং কৰা খাদ্য খোৱাৰ পাছত হয়। বিটালিন ৰঞ্জক পদাৰ্থ যেনে বিটানিন নিৰ্গত হোৱাৰ ফলত এই ৰং হয়।