'বাইপোলাৰ ডিছঅৰ্ডাৰ'(পূৰ্বতে মেনিক ডিপ্ৰেচন নামেৰে জনাজাত) হৈছে এক মানসিক ব্যাধি যাৰ বৈশিষ্ট্য হৈছে হতাশা আৰু অস্বাভাৱিকভাৱে অস্থিৰ মন।১২ যদি অস্থিৰ মন গুৰুতৰৰ হ'লে মেনিআ বা হাইপোমেনিয়া বুলি কোৱাটো হয়।৩ উন্মাদ আচৰণৰ সময়ত, এজন ব্যক্তিয়ে অস্বাভাৱিকভাৱে উদ্যমী, সুখী বা খিংখিঙিয়া আচৰণ কৰে বা অনুভৱ কৰে।৪ ব্যক্তিসকলে প্ৰায়ে পৰিণামৰ প্ৰতি কম গুৰুত্ব দি আৱেগিক সিদ্ধান্ত লয়।৫ সাধাৰণতে উন্মাদ অৱস্থাত টোপনিৰ প্ৰয়োজনীয়তা হ্ৰাস পায়। ৬ হতাশাৰ সময়ছোৱাত, ব্যক্তিয়ে কান্দিব পাৰে, জীৱনৰ প্ৰতি ঋণাত্মক দৃষ্টিভংগী, আৰু আনৰ সৈতে ঋণাত্মক সম্পৰ্ক অনুভৱ কৰিব পাৰে।৭ ৬% লোকৰ ২০ বছৰৰ ভিতৰত আত্মহত্যা আশংকা অধিক আৰু আত্মহত্যাৰ ফলত মৃত্যু হয়, আনহাতে ৩০-৪০% আত্মঘাতত লিপ্ত হয়।৮অন্যান্য মানসিক স্বাস্থ্যজনিত সমস্যা, যেনে উদ্বেগজনিত বিকাৰ আৰু মাদক দ্ৰব্যৰ ব্যৱহাৰৰ বিকাৰসমূহ সাধাৰণতে বাইপোলাৰ ডিছঅৰ্ডাৰৰ সৈতে জড়িত।৯
যদিও বাইপোলাৰ ডিছঅৰ্ডাৰৰ কাৰণবোৰ স্পষ্টভাৱে বুজি পোৱা নাযায়, পাৰিপাৰ্শ্বিক আৰু আনুবংশিক দুয়োটা কাৰকে এক ভূমিকা পালন কৰে বুলি ভবা হয়।১০বহুতো জিন, প্ৰতিটোৰে সৰু প্ৰভাৱ থকা, বিকাৰৰ বিকাশত অৰিহণা যোগাব পাৰে।১১১২ জিনগত কাৰকসমূহ ফলত বাইপোলাৰ ডিছঅৰ্ডাৰ হোৱাৰ সম্ভাৱনা প্ৰায় ৭০-৯০% থাকে।১৩১৪ পৰিৱেশগত বিপদাশংকাৰ কাৰকসমূহৰ ভিতৰত আছে শৈশৱৰ অপব্যৱহাৰৰ ইতিহাস আৰু দীৰ্ঘম্যাদী চাপ।১৫ অৱস্থাটোক বাইপোলাৰ ৰোগ হিচাপে শ্ৰেণীবদ্ধ কৰা হয়। যদি কমেও এটা মেনিক খণ্ড আছে, অৱসাদমূলক খণ্ডৰ সৈতে বা অবিহনে, আৰু বাইপোলাৰ ৰোগ হিচাপে যদি কমেও এটা হাইপ 'মেনিক খণ্ড হৈছে (কিন্তু কোনো সম্পূৰ্ণ মেনিক খণ্ড নাই আৰু এটা ডাঙৰ অৱসাদজনিত খণ্ড নাই। যদি লক্ষণবোৰ ড্ৰাগছ বা চিকিৎসা সমস্যাৰ ফলত হয়, তেন্তে সেইবোৰক বাইপোলাৰ ডিছঅৰ্ডাৰ হিচাপে চিনাক্ত কৰা নহয়। বাইপোলাৰ ৰোগৰ সৈতে অতিৰিক্ত লক্ষণ থকা অন্যান্য অৱস্থাসমূহৰ ভিতৰত আছে মনোযোগৰ অভাৱ হাইপাৰেক্টিভিটি ৰোগ, ব্যক্তিত্বৰ বিকাৰ, স্কিজ'ফ্ৰেনিয়া, আৰু পদাৰ্থ ব্যৱহাৰৰ বিকাৰৰ লগতে আন বহুতো চিকিৎসাৰ অৱস্থা।১৬ ৰোগ নিৰ্ণয় বাবে চিকিৎসা পৰীক্ষা প্ৰয়োজন নাই, যদিও তেজৰ পৰীক্ষা বা চিকিৎসা ইমেজিঙে অন্যান্য সমস্যাবোৰ সমাধান কৰিব পাৰে।১৭
মনৰ স্থিৰকৰণ-লিথিয়াম আৰু কিছুমান এণ্টিকন্ভালচেণ্ট যেনে ভেলপ্ৰ'এট আৰু কাৰ্বামাজেপাইন-হৈছে দীৰ্ঘম্যাদী পুনৰাবৃত্তি প্ৰতিৰোধৰ মূল আধাৰ।১৮ তীব্ৰ উন্মাদৰ সময়ত, লগতে মনৰ স্থিৰকৰণসমূহ দুৰ্বলভাৱে সহ্য কৰা বা নিষ্ক্ৰিয় হোৱাৰ ক্ষেত্ৰত, বা অনুপালন দুৰ্বল হোৱা ক্ষেত্ৰত মনোৰোগ প্ৰতিৰোধী ঔষধ দিয়া হয়। ১৯মনোচিকিৎসা এই ৰোগৰ গতিপথ উন্নত কৰে বুলি কিছুমান প্ৰমাণ আছে। ২০ অৱসাদজনিত পৰিঘটনাত এন্টিডেপ্ৰেছাণ্টৰ ব্যৱহাৰ বিতৰ্কিত-সেইবোৰ ফলপ্ৰসূ হ'ব পাৰে কিন্তু উন্মাদ পৰিঘটনাবোৰ সৃষ্টি কৰাত জড়িত হৈ আছে।২১ অৱশ্যে, অৱসাদজনিত ঘটনাসমূহৰ চিকিৎসা প্ৰায়ে কঠিন হয়। ইলেক্ট্ৰ "কনভালচিভ থেৰাপি (ইচিটি) তীব্ৰ উন্মাদ আৰু বিষণ্ণতাত, বিশেষকৈ মনোৰোগ বা কেট" টনিয়াৰ ক্ষেত্ৰত ফলপ্ৰসূ। যদি কোনো ব্যক্তি নিজৰ বা আনৰ বাবে বিপদজনক হয় তেন্তে মানসিক চিকিৎসালয় ভৰ্তি কৰাৰ প্ৰয়োজন হ'ব পাৰে-যদি আক্ৰান্ত ব্যক্তিয়ে চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰে তেন্তে কেতিয়াবা অনিচ্ছাকৃত চিকিৎসা প্ৰয়োজনীয়তা হয়। ২২
বিশ্বৰ জনসংখ্যাৰ প্ৰায় ১% লোকৰ ক্ষেত্ৰত বাইপোলাৰ ডিছঅৰ্ডাৰ দেখা যায়।২৩ আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় ৩% লোক জীৱনৰ কোনো এটা সময়ত আক্ৰান্ত হোৱাৰ অনুমান কৰা হৈছে আৰু মহিলা আৰু পুৰুষৰ ক্ষেত্ৰত এই হাৰ একে যেন দেখা যায়।২৪ লক্ষণবোৰ আৰম্ভ হোৱা আটাইতকৈ সাধাৰণ বয়সটো হ'ল ২৫ বছৰ।২৫ বাইপোলাৰ ডিছঅৰ্ডাৰ থকা প্ৰায় এক চতুৰ্থাংশৰ পৰা এক তৃতীয়াংশ লোকৰ এই ৰোগৰ বাবে আৰ্থিক, সামাজিক বা কাম-কাজ সম্পৰ্কীয় সমস্যা থাকে।২৬বাইপোলাৰ ডিছঅৰ্ডাৰ বিশ্বজুৰি অক্ষমতাৰ শীৰ্ষ ২০ টা কাৰণৰ ভিতৰত আছে আৰু সমাজৰ বাবে যথেষ্ট ব্যয়ৰ সৃষ্টি কৰে।২৭ জীৱনশৈলীৰ পছন্দ আৰু ঔষধৰ বাবে, বাইপোলাৰ থকা লোকসকলৰ ক"ৰ নেৰী হাৰ্ট ডিজিজৰ দৰে প্ৰাকৃতিক কাৰণত মৃত্যু হোৱাৰ আশংকা সাধাৰণ জনসংখ্যাৰ দুগুণ।২৮
তথ্যসূত্ৰ
- ↑ American Psychiatric Association (2013). Diagnostic and Statistical Manual of Mental Disorders (Fifth ed.). Arlington, VA: American Psychiatric Publishing. pp. 119–121. ISBN 978-0-89042-555-8
- ↑ DSM IV Criteria for Manic Episode

- ↑ Chen CH, Suckling J, Lennox BR, Ooi C, Bullmore ET (February 2011). "A quantitative meta-analysis of fMRI studies in bipolar disorder". Bipolar Disorders. 13 (1): 1–15. doi:10.1111/j.1399-5618.2011.00893.x. PMID 21320248
- ↑ Akiskal, Hagop (2017). "13.4 Mood Disorders: Clinical Features". In Sadock, Benjamin; Sadock, Virginia; Ruiz, Pedro (eds.). Kaplan and Sadock's Comprehensive Textbook of Psychiatry (10th ed.). New York: Wolters Kluwer
- ↑ Salvadore G, Quiroz JA, Machado-Vieira R, Henter ID, Manji HK, Zarate CA (November 2010). "The neurobiology of the switch process in bipolar disorder: a review". The Journal of Clinical Psychiatry. 71 (11): 1488–1501. doi:10.4088/JCP.09r05259gre. PMC 3000635. PMID 20492846
- ↑ American Psychiatric Association (2013). Diagnostic and Statistical Manual of Mental Disorders (Fifth ed.). Arlington, VA: American Psychiatric Publishing. pp. 119–121. ISBN 978-0-89042-555-8
- ↑ American Psychiatric Association (2013). Diagnostic and Statistical Manual of Mental Disorders (Fifth ed.). Arlington, VA: American Psychiatric Publishing. pp. 119–121. ISBN 978-0-89042-555-8
- ↑ American Psychiatric Association (2013). Diagnostic and Statistical Manual of Mental Disorders (Fifth ed.). Arlington, VA: American Psychiatric Publishing. pp. 119–121. ISBN 978-0-89042-555-8
- ↑ American Psychiatric Association (2013). Diagnostic and Statistical Manual of Mental Disorders (Fifth ed.). Arlington, VA: American Psychiatric Publishing. pp. 119–121. ISBN 978-0-89042-555-8
- ↑ Goodwin. (2012). Bipolar disorder. Medicine. পৃ. 596–598
- ↑ Charney; Sklar, Pamela. (2018). Charney & Nestler's Neurobiology of Mental Illness. Oxford University Press. পৃ. 162. ISBN 9780190681425
- ↑ (October 2017). The Diagnosis and Management of Bipolar I and II Disorders: Clinical Practice Update. Mayo Clinic Proceedings. পৃ. 1532–1551
- ↑ American Psychiatric Association (2013). Diagnostic and Statistical Manual of Mental Disorders (Fifth ed.). Arlington, VA: American Psychiatric Publishing. pp. 119–121. ISBN 978-0-89042-555-8
- ↑ American Psychiatric Association (2013). Diagnostic and Statistical Manual of Mental Disorders (Fifth ed.). Arlington, VA: American Psychiatric Publishing. pp. 119–121. ISBN 978-0-89042-555-8
- ↑ NIMH. (April 2016). Bipolar Disorder. National Institutes of Health
- ↑ Grande I, Berk M, Birmaher B, Vieta E (April 2016). "Bipolar disorder". Lancet. 387 (10027): 1561–1572. doi:10.1016/S0140-6736(15)00241-X. PMID 26388529
- ↑ Grande I, Berk M, Birmaher B, Vieta E (April 2016). "Bipolar disorder". Lancet. 387 (10027): 1561–1572. doi:10.1016/S0140-6736(15)00241-X. PMID 26388529
- ↑ (June 2016). Evidence-based guidelines for treating bipolar disorder: Revised third edition recommendations from the British Association for Psychopharmacology. Journal of Psychopharmacology. পৃ. 495–553
- ↑ (October 2019). Evaluating the efficacy and safety of antidepressants in patients with bipolar disorder. Expert Opinion on Drug Safety. পৃ. 893–913
- ↑ Anderson IM, Haddad PM, Scott J (December 27, 2012). "Bipolar disorder". BMJ (Clinical Research Ed.). 345: e8508. doi:10.1136/bmj.e8508. PMID 23271744
- ↑ Grande I, Berk M, Birmaher B, Vieta E (April 2016). "Bipolar disorder". Lancet. 387 (10027): 1561–1572. doi:10.1016/S0140-6736(15)00241-X. PMID 26388529
- ↑ Schmitt A, Malchow B, Hasan A, Falkai P (February 2014). "The impact of environmental factors in severe psychiatric disorders". Front Neurosci. 8 (19): 19. doi:10.3389/fnins.2014.00019. PMC 3920481. PMID 24574956
- ↑ American Psychiatric Association (2013). Diagnostic and Statistical Manual of Mental Disorders (Fifth ed.). Arlington, VA: American Psychiatric Publishing. pp. 119–121. ISBN 978-0-89042-555-8
- ↑ American Psychiatric Association (2013). Diagnostic and Statistical Manual of Mental Disorders (Fifth ed.). Arlington, VA: American Psychiatric Publishing. pp. 119–121. ISBN 978-0-89042-555-8
- ↑ Ferrari; Stockings, E; Khoo, JP. (August 2016). The prevalence and burden of bipolar disorder: findings from the Global Burden of Disease Study 2013. Bipolar Disorders. পৃ. 440–50
- ↑ "DSM IV Criteria for Manic Episode". Archived from the original on July 31, 2017
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাইপ’লাৰ ৰোগ” প্ৰবন্ধৰ সংশোধন ৫৭১০১৮ (২৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।