অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

এনিগ্‌মা যন্ত্ৰ

এনিগ্‌মা যন্ত্ৰ (Enigma machine) হৈছে এক বিশেষ সংকেতসূচক যন্ত্ৰ যিটো কুৰি শতিকাৰ প্ৰথমৰ পৰা মাজভাগলৈ ব্যৱহৃত কৰা হৈছিল। এনিগ্‌মা যন্ত্ৰৰ সহায়ত বাণিজ্যিক, ৰণনীতিক আৰু সামৰিক যোগাযোগ সুৰক্ষিত ভাৱে কৰা হৈছিল।

হালনাগাদ: ২৪ আগষ্ট ২০২৪ ২৪৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

এনিগ্‌মা যন্ত্ৰ (Enigma machine) হৈছে এক বিশেষ সংকেতসূচক যন্ত্ৰ যিটো কুৰি শতিকাৰ প্ৰথমৰ পৰা মাজভাগলৈ ব্যৱহৃত কৰা হৈছিল। এনিগ্‌মা যন্ত্ৰৰ সহায়ত বাণিজ্যিক, ৰণনীতিক আৰু সামৰিক যোগাযোগ সুৰক্ষিত ভাৱে কৰা হৈছিল। ইয়াক ২য় বিশ্বযুদ্ধৰ সময়ত নাজী জাৰ্মানী দ্বাৰা জাৰ্মান সামৰিক বাহিনীৰ সকলো শাখাত প্ৰচুৰভাৱে ব্যৱহাৰ কৰা হৈছিল। জাৰ্মানীৰ এজন অভিযন্তা আৰ্থাৰ স্কিৰবিয়াছে প্ৰথম বিশ্বযুদ্ধৰ শেষৰফালে এনিগ্‌মা যন্ত্ৰটো সাজি উলিয়াইছিল।১ ই মূলতঃ আছিল এক বিদ্যুৎ-চুম্বকীয় ঘূৰ্ণক যন্ত্ৰ। এটা এনিগ্‌মা যন্ত্ৰত বাৰ্তা এটাক কোটি কোটি উপায়েৰে সংকেতলৈ পৰিৱৰ্তন কৰিব পাৰি, যিয়ে বিপক্ষৰ বাবে সংকেতৰ অৰ্থ বুজি পোৱাটো অবিশ্বাস্যভাৱে কঠিন কৰি পেলায়।২

ইতিহাস

জাৰ্মানীৰ অভিযন্তা আৰ্থাৰ স্কিৰবিয়াছে এনিগ্‌মা যন্ত্ৰটো ১৯১৮ চনত সাজি উলিয়াইছিল। তেওঁ প্ৰথমে ইয়াক বাণিজ্যিক ভাৱে বিক্ৰী কৰিছিল, তেওঁৰ উদ্দেশ্যৰ সামৰিক ক্ষেত্ৰত বিক্ৰী কৰাৰ নাছিল।৩ পিছলৈ ইয়াক পৰিৱৰ্তন ঘটাই জটিল কৰি সামৰিক ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছিল।

কৰ্ম প্ৰণালী

এনিগ্‌মা যন্ত্ৰটো এখন কীবোৰ্ড, লেম্প বোৰ্ড, ৰোটৰ, আৰু অভ্যন্তৰীণ ইলেক্ট্ৰনিক বৰ্তনীকে ধৰি কেইবাটাও অংশৰে নিৰ্মিত। সামৰিক ক্ষেত্ৰত ব্যৱহৃত মেচিনত অতিৰিক্তভাৱে প্লাগবোৰ্ডো আছিল।২ এনিগ্‌মা যন্ত্ৰটোত যেতিয়া প্ৰতিবাৰ আখৰ এখন আন এটালৈ সলনি কৰা হৈছিল, গোটেই এনক'ডিং আঁচনিও সলনি হৈছিল। একেটা আখৰ দুবাৰ টিপিলে প্ৰতিবাৰে বেলেগ বেলেগ সংকেতিক আখৰ হৈছিল। যেতিয়া কীবোৰ্ডৰ এটা কী টিপা হয়, এক বা একাধিক ৰোটৰ এক নতুন ৰোটৰ কনফিগাৰেশন গঠন কৰে যি এটা আখৰক আন এটা হিচাপে এনকোড কৰিছিল। বিদ্যুত মেচিনৰ মাজেৰে প্ৰবাহিত হয় আৰু লেম্প বোৰ্ডত এটা ডিচপ্লে লেম্প জ্বলাই দিয়ে, যি আউটপুট আখৰটো প্ৰদৰ্শন কৰে। প্ৰতি মাহত, এনিগ্‌মা অপাৰেটৰবোৰে কোডবুক লাভ কৰিছিল যি নিৰ্ধাৰণ কৰিছিল মেচিনটোৱে প্ৰতিদিনে কোনটো ছেটিংছ ব্যৱহাৰ কৰিব। প্ৰতি ৰাতিপুৱা ছেটিংছ সলনি কৰা হৈছিল। ছেটিংছ সলনিয়ে এনিগ্‌মা যন্ত্ৰটোৰ বাৰ্তাক অধিক সুৰক্ষিত কৰিছিল।২

তথ্যসূত্ৰ

  1. ↑ Singh, Simon. (26 January 2011). The Code Book: The Science of Secrecy from Ancient Egypt to Quantum Cryptography. Knopf Doubleday Publishing Group. ISBN 978-0-307-78784-2
  2. ↑ Enigma Machine. brilliant.org
  3. ↑ Enigma encoding machine. National Museums Scotland

সম্পৰ্কিত শ্ৰেণী

যন্ত্ৰসংযোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এনিগ্‌মা যন্ত্ৰ” প্ৰবন্ধৰ সংশোধন ৪২৯৪৯৪ (২৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।