অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

পানীলগা জ্বৰ

সাধাৰণ পানীলগা জ্বৰ হৈছে এক প্ৰকাৰৰ ভাইৰাছজনিত সংক্ৰামক ৰোগ। ই শ্বাস নলীৰ ওপৰৰ অংশত সংক্ৰমিত হয় আৰু প্ৰাথমিকভাৱে নাকত প্ৰভাৱ পেলায়। পানীলগাৰ সাধাৰণ উপসৰ্গবোৰ হৈছে কাহ, ডিঙিৰ পিৰপিৰণি, নাকৰ পৰা পানী ওলোৱা, হাঁচি, আৰু জ্বৰ।

হালনাগাদ: ২৫ আগষ্ট ২০১৭ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

সাধাৰণ পানীলগা জ্বৰ হৈছে এক প্ৰকাৰৰ ভাইৰাছজনিত সংক্ৰমণ। ই শ্বাস নলীৰ ওপৰৰ অংশত সংক্ৰমিত হয় আৰু প্ৰাথমিকভাৱে নাকত প্ৰভাৱ পেলায়।

পানীলগাৰ সাধাৰণ উপসৰ্গবোৰ হৈছে কাহ, ডিঙিৰ পিৰপিৰণি, নাকৰ পৰা পানী ওলোৱা, হাঁচি, আৰু জ্বৰ। ই সাধাৰণতে সাতৰ পৰা দহ দিনৰ ভিতৰত নিজে নিজে ভাল হয়, কিছুমান লক্ষণ তিনি সপ্তাহ পৰ্যন্ত থাকিব পাৰে। প্ৰায় ২০০ বিধ ভাইৰাছে পানীলগা সৃষ্টি কৰে; একেবাৰে সাধাৰণ ভাইৰাছ বিধ হৈছে ৰাইন'ভাইৰাছ।

শ্বাস নলীৰ ওপৰৰ অংশৰ সংক্ৰমণ প্ৰভাৱিত অংশ অনুহৰি বিভিন্ন ভাগত ভাগ কৰা হৈছে, সাধাৰণ পানীলগাত নাক প্ৰভাৱিত হয়, ডিঙি (ফেৰিংজাইটিছ), আৰু ছাইনাছ (ছাইনাছাইটিছ), কেতিয়াবা কনজাংটিভাইটিছৰ বাবে এটা বা দুয়োটা চকু আক্ৰান্ত হয়। প্ৰকৃততে ভাইৰাছে কলাৰ ক্ষতিসাধন কৰাতকৈ সংক্ৰমণৰ বিপক্ষে দেহৰ প্ৰতিৰক্ষাই দেখুওৱা সংবেদনৰ বাবেহে ৰোগৰ লক্ষণসমূহৰ আৱিৰ্ভাব হয়। প্ৰাথমিকভাৱে হাত ধুই বা কোনোক্ষেত্ৰত মাস্ক পিন্ধি ইয়াৰ প্ৰতিৰোধ কৰিব পাৰি। পানীলগা জ্বৰ নিউম'নিয়াৰ ৰূপ লব পাৰে, হয়তো ভাইৰাছজনিত নিউম'নিয়া অথবা গৌণ বেক্টেৰিয়াজনিত নিউম'নিয়া।

পানীলগা জ্বৰৰ কোনো চিকিৎসা নাই, কিন্তু ইয়াৰ লক্ষণবোৰ চিকিৎসাৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি। ই মানুহৰ মাজত অতি সঘনাই হৈ থকা এটা সাধাৰণ ৰোগ, প্ৰাপ্তবয়স্ক সকল বছৰি দুই তিনিবাৰ আক্ৰান্ত হয় আৰু শিশুসকল ছয়ৰ পৰা বাৰবাৰলৈকে। ই অতীজৰপৰাই মানৱ সমাজৰ লগত ওতঃপোতভাৱে জড়িত।১

তথ্যসূত্ৰ

  1. ↑ Eccles, Ronald; Weber, Olaf. (2009). Common cold. Birkhäuser. পৃ. 3. ISBN 978-3-7643-9894-1

সম্পৰ্কিত শ্ৰেণী

সংক্ৰামক ৰোগভাইৰাছজনিত ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পানীলগা জ্বৰ” প্ৰবন্ধৰ সংশোধন ১৭০১৬৭ (২৫ আগষ্ট ২০১৭)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।