অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

এপেণ্ডিছাইটিছ

এপেণ্ডিছাইটিছ হৈছে অন্ত্ৰপুচ্ছ বা এপেণ্ডিক্স উখহি অসহনীয় বিষ হোৱা এবিধ ৰোগ। এই ৰোগৰ লক্ষণসমূহ হৈছে সোঁ কাষৰ তলপেটৰ বিষ, বমি ভাৱ, বমি হোৱা আৰু ভোক কমি যোৱা। তথাপিও এই ৰোগত আক্ৰান্ত প্ৰায় ৪০% লোকৰ এই সাধাৰণ লক্ষণসমূহে দেখা নিদিবও পাৰে। ইয়াৰ প্ৰধান কাৰণ হৈছে মলৰ পৰা তৈয়াৰ হোৱা কেলচিফাইড "পাথৰ"।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৪৮ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

এপেণ্ডিছাইটিছ হৈছে অন্ত্ৰপুচ্ছ বা এপেণ্ডিক্স উখহি অসহনীয় বিষ হোৱা এবিধ ৰোগ।১ এই ৰোগৰ লক্ষণসমূহ হৈছে সোঁ কাষৰ তলপেটৰ বিষ, বমি ভাৱ, বমি হোৱা আৰু ভোক কমি যোৱা।২ তথাপিও এই ৰোগত আক্ৰান্ত প্ৰায় ৪০% লোকৰ এই সাধাৰণ লক্ষণসমূহে দেখা নিদিবও পাৰে।২ এপেণ্ডিক্স ফাটি যোৱাৰ ফলত দেখা দিয়া গুৰুতৰ জটিলতাসমূহৰ ভিতৰত পেটৰ বেৰৰ ভিতৰৰ আৱৰণৰ ব্যাপক তথা পীড়াদায়ক প্ৰদাহ আৰু ঘা লগা আদি অন্তৰ্ভুক্ত।

এপেণ্ডিক্সৰ ফুফোলা অংশ বন্ধ হৈ যোৱাৰ ফলত এপেণ্ডিচাইটিছ হয়।৩ ইয়াৰ প্ৰধান কাৰণ হৈছে মলৰ পৰা তৈয়াৰ হোৱা কেলচিফাইড "পাথৰ"। কেতিয়াবা ভাইৰাছ বা অন্য পৰজীৱীৰ সংক্ৰমণৰ পৰা ফুলি উঠা লিম্ফ’ইড কলা, পিত্তৰ পাথৰ বা টিউমাৰৰ ফলতো এই অংশ বন্ধ হৈ যায়।৪ এই অৱৰোধৰ ফলত এপেণ্ডিক্সত চাপ বৃদ্ধি পায়, এপেণ্ডিক্সৰ কলালৈ তেজৰ পৰিবহন কমি যায় আৰু এপেণ্ডিক্সৰ ভিতৰত বেক্টেৰিয়াৰ বৃদ্ধিয়ে প্ৰদাহৰ সৃষ্টি কৰে। এই প্ৰদাহ, তেজৰ প্ৰৱাহ কমি যোৱা আৰু এপেণ্ডিক্স ফুলি যোৱাৰ ফলত এপেণ্ডিক্সৰ কলা ক্ষতিগ্ৰস্থ হয় আৰু মৃত্যু হবলৈ ধৰে। এই অৱস্থাত চিকিৎসা নকৰিলে এপেণ্ডিক্স ফাটি পেট গহ্বৰত বেক্টেৰিয়া প্ৰৱেশ কৰিব পাৰে, যাৰ ফলত জটিলতা বৃদ্ধি পাব পাৰে।

সাধাৰণতে ৰোগীৰ শৰীৰত দেখা দিয়া লক্ষণসমূহৰ পৰা ৰোগ চিনাক্তকৰণ কৰা হয়। যদি সাধাৰণ নীৰিক্ষণত ৰোগ ধৰা নপৰে তেতিয়া আল্ট্ৰা ছাউণ্ড, কম্পিউটাৰ ট’ম’গ্ৰাফি নাইবা প্ৰয়োজন হ’লে চি টি স্কেনৰ (CT scan) দৰে চিকিৎসা প্ৰতিবিম্বনৰ জৰিয়তে ৰোগ নিৰূপন কৰা হয়। গৰ্ভৱতী মহিলা আৰু শিশুৰ ক্ষেত্ৰত চি টি স্কেনৰ তেজষ্ক্ৰিয় বিকিৰণৰ ক্ষতিসাধনৰ বাবে আল্ট্ৰা ছাউণ্ড ব্যৱস্থাক প্ৰাথমিকতা দিয়া হয়।

অস্ত্ৰোপচাৰৰ জৰিয়তে সংক্ৰমিত এপেণ্ডিক্স আঁতৰাই দি এই ৰোগৰ চিকিৎসা কৰা হয়। ইয়াৰ বাবে মুক্ত অস্ত্ৰোপচাৰ নাইবা লেপাস্ক্ৰপি কৰা হয়। অস্ত্ৰোপচাৰ কৰাৰ ফলত এই ৰোগৰ পাৰ্শ্বক্ৰিয়া নাইবা মৃত্যুৰ আশংকা নাইকিয়া কৰে।

কোনো কোনো ক্ষেত্ৰত এই ৰোগ নিৰাময়ত প্ৰতিজৈৱিকেও ভাল ফলাফল প্ৰদৰ্শন কৰে। হঠাতে হোৱা পেট বিষৰ ই এটা প্ৰধান কাৰণ। ২০১৫ চনত ১১.৬ নিযুত লোকৰ এপেণ্ডিছাইটিছ ধৰা পৰিছিল আৰু ইয়াৰে ৫০,১০০ লোকৰ মৃত্যু হৈছিল।

তথ্যসূত্ৰ

  1. ↑ appendicitis. শব্দ ডট অৰ্গ
  2. ↑ (November 1996). Appendicitis. Emergency Medicine Clinics of North America. পৃ. 653–71
  3. ↑ (1982). Obstruction of appendix vermiformis causing acute appendicitis. An experimental study in the rabbit. Acta Chirurgica Scandinavica. পৃ. 63–72
  4. ↑ (2012). Harrison's principles of internal medicine.. McGraw-Hill. পৃ. Chapter 300. ISBN 978-0-07174889-6

সম্পৰ্কিত শ্ৰেণী

ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এপেণ্ডিছাইটিছ” প্ৰবন্ধৰ সংশোধন ৬৩২১৯০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।