অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

পূৰ্ণতাবাদ

পূৰ্ণতাবাদ, নিখুঁততা, বা পাৰমিতা (Perfectionism) হৈছে মানুহৰ ব্যক্তিত্বৰ এক বিশেষ চাৰিত্ৰিক বৈশিষ্ট্য। কোনো ক্ষেত্ৰত ব্যক্তিবিশেষৰ নিজস্ব নিখুঁততা আৰু উৎকৰ্ষৰ প্ৰতি দৃঢ়-প্ৰয়াসৰ সংস্ৰৱৰ জৰিয়তে পূৰ্ণতাবাদ চিহ্নিত কৰা হয়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১,৪৫১ শব্দ · ৮ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

পূৰ্ণতাবাদ, নিখুঁততা, বা পাৰমিতা (Perfectionism) হৈছে মানুহৰ ব্যক্তিত্বৰ এক বিশেষ চাৰিত্ৰিক বৈশিষ্ট্য। কোনো ক্ষেত্ৰত ব্যক্তিবিশেষৰ নিজস্ব নিখুঁততা আৰু উৎকৰ্ষৰ প্ৰতি দৃঢ়-প্ৰয়াসৰ সংস্ৰৱৰ জৰিয়তে পূৰ্ণতাবাদ চিহ্নিত কৰা হয়। পূৰ্ণতাবাদৰ সৈতে সমালোচনাত্মক আত্ম-মূল্যায়ণ আৰু আন ব্যক্তিৰ দ্বাৰা মূল্যায়ণৰ উদ্বেগ সংপৃক্ত হৈ থাকে।১২ এই বিশেষধৰণৰ চাৰিত্ৰিক লক্ষণক এক বহুমাত্ৰিক আৰু বহুস্তৰীয় ব্যক্তিত্বৰ বিশিষ্টতা হিচাপে ধাৰণাৱদ্ধ কৰিব পাৰি। প্ৰাৰম্ভিক অৱস্থাত, কিছুসংখ্যক মনস্তত্ত্ববিদে ভাবিছিল যে ইয়াৰ সৈতে বহু ধনাত্মক আৰু ঋণাত্মক দিশ জড়িত হৈ আছে।৩ পূৰ্ণতাবাদে ব্যক্তিবিশেষক অপ্ৰাপণীয় বৈশিষ্ট্য বা গুণৰাজি, অথবা অবাস্তৱ লক্ষ্য প্ৰাপ্তিৰ প্ৰতি ধাৱমান হ'বলৈ প্ৰৰোচিত কৰে। ইয়াৰ ফলস্বৰূপে শিশু, কিশোৰ-কিশোৰী, আৰু প্ৰাপ্তবয়স্ক সকলো শ্ৰেণীৰ মাজতে প্ৰায়ে হতাশগ্ৰস্ততা, নিম্ন আত্ম-মৰ্যাদা, আত্মহত্যাৰ চিন্তাৰ দৰে অভিযোজনৰ সমস্যাৰ লগতে আৰু আন বহুতো মনস্তাত্বিক, শাৰীৰিক, সম্পৰ্কগত জটিল সমস্যাৰ সৃষ্টি কৰে। শেহতীয়া তথ্যৰ পৰা দেখা গৈছে যে, সাম্প্ৰতিক সময়ৰ যুৱ প্ৰজন্মৰ মাজত পূৰ্ণতাবাদৰ প্ৰৱণতা ক্ৰমাগতভাৱে বৃদ্ধি হৈ আহিছে।৪

সংজ্ঞা

পূৰ্ণতাবাদীসকলে তাড়নাগ্ৰস্তভাৱে আৰু অৱিৰতভাৱে অপ্ৰাপনীয় লক্ষ্যৰ দিশত কঠোৰ পৰিশ্ৰম কৰে, আৰু তেওঁলোকে নিজৰ আত্ম-মুল্য, উৎপাদিতা আৰু কাৰ্যক্ষেত্ৰৰ নিপুণতাৰ জৰিয়তে মাপন কৰে। ৫ অবাস্তৱ লক্ষ্যপ্ৰাপ্তিৰ অৰ্থে ব্যক্তিবিশেষৰ নিজকে চাপ প্ৰদান কৰা বৈশিষ্ট্যই অৱধাৰিতভাৱে ব্যক্তিগৰাকীক নৈৰাশ্যৰ দিশে লৈ যায়। পূৰ্ণতাবাদীসকল যেতিয়া নিজৰ প্ৰত্যাশিত লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হয় তেতিয়া তেওঁলোক সাধাৰণতেই অত্যুগ্ৰ আত্ম-সমালোচক হৈ উঠে।

সাধাৰণ বনাম স্নায়ৱিক পীড়াগত

১৯৭৮ চনত D. E. Hamachek-এ দুটা বৈশিষ্ট্যমূলক বৈপৰীত্যধাৰী পূৰ্ণতাবাদৰ ধৰণৰ বিষয়ে যুক্তি ডাঙি ধৰিছিল। এই শ্ৰেণীবিভাজন অনুসৰি একশ্ৰেণীৰ লোক সাধাৰণ পুৰ্ণতাবাদগ্ৰস্ত আৰু আনটো শ্ৰেণী স্নায়ৱিক পীড়াগত পূৰ্ণতাবাদত আক্ৰান্ত। সাধাৰণ পূৰ্ণতাবাদীসকলে আত্ম-মৰ্যাদা লাঘৱ নোহোৱাকৈ পূৰ্ণতাবাদৰ অনুৱৰ্তী হয় আৰু নিজৰ সেই প্ৰচেষ্টাৰ জৰিয়তে তেওঁলোক আহ্লাদিত হয়। আনহাতে, স্নায়ৱিক পীড়াগ্ৰস্ত পূৰ্ণতাবাদীসকলে অবাস্তৱিক লক্ষ্যৰ দিশে ধাৱিত হোৱাত প্ৰবৃত্ত, আৰু যেতিয়া সেই লক্ষ্যসমূহ প্ৰাপ্ত নহয় তেতিয়া তেওঁলোকৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে গা কৰি উঠে। Hamachek-এ এনেধৰণৰ প্ৰতিকূল আচৰণৰ পৰা উপযোগী আচৰণৰ দিশ আহৰণ কৰাত সহায়ক হ'ব পৰাকৈ কেইবাটাও কৌশল আগবঢ়াইছে।৬

সমকালীন গৱেষণাই দেখুৱায় যে, পূৰ্ণতাবাদৰ এই দুই প্ৰাথমিক বৈশিষ্ট্যমূলক দিশৰ লগতে "অ-পূৰ্ণতাবাদ"ৰ দৰে আন আন মাত্ৰাসমূহৰ মাজত প্ৰভেদ কৰিব পাৰি।৭ এই বিভিন্ন প্ৰকাৰসমূহ বিভিন্ন নামেৰে চিহ্নিত কৰা হৈছে। সময়ে সময়ে এইবোৰক ধনাত্মক সপ্ৰয়াস আৰু ত্ৰুটিপুৰ্ণ অভিযোজনৰ মূল্যায়ণৰ চিন্তা, সক্ৰিয় আৰু নিষ্ক্ৰিয় পূৰ্ণতাবাদ, ধনাত্মক আৰু ঋণাত্মক পূৰ্ণতাবাদ, আৰু সু-অভিযোজিত আৰু কু-অভিযোজিত পূৰ্ণতাবাদ ইত্যাদি নামেৰে নামাঙ্কিত কৰা হয়।৮ যদিও জীৱনৰ সকলো ক্ষেত্ৰকে প্ৰভাৱান্বিত কৰা এক সাধাৰণ পূৰ্ণতাবাদ থাকে, কিছুসংখ্যক গৱেষকে যুক্তি দৰ্শায় যে বিভিন্ন ক্ষেত্ৰ(অৰ্থাৎ কৰ্ম, শৈক্ষিক, ক্ৰীড়া, আন্তঃব্যক্তিক সম্পৰ্ক, ঘৰুৱা জীৱন ইত্যাদি) সাপেক্ষে পূৰ্ণতাবাদৰ স্তৰ উল্লেখনীয়ভাৱে ভিন্ন।৩

অৱশ্যে, পূৰ্ণতাবাদ সু-অভিযোজিত হোৱা সম্ভৱপৰ নে আৰু ইয়াৰ সৈতে কোনো সকাৰাত্মক দিশ জড়িত হৈ আছেনে সেয়া এতিয়াও বিবাদিত। বাস্তৱিকতে, সমকালীন গৱেষণাৰ পৰা দেখা যায় যে "ধনাত্মক পূৰ্ণতাবাদ" হিচাপে নামাঙ্কিত পূৰ্ণতাবাদৰ সৈতে আত্মহত্যাৰ চিন্তা,৯ হতাশগ্ৰস্ততা,১০ ভোজন বিসংগতি,১১ দুৰ্বল স্বাস্থ্য১২ আৰু অকাল মৃত্যুও যোজিত হৈ থাকে।১৩ একাংশ গৱেষকে যুক্তি ডাঙি ধৰে যে, যিবোৰ বৈশিষ্ট্যই মানুহৰ আত্মহত্যাৰ চিন্তা অধিক কৰি তোলে, আৰু আক্ৰান্ত ব্যক্তিক হতাশগ্ৰস্ততা, ভোজন বিসংগতি, দুৰ্বল স্বাস্থ্য আৰু অকাল মৰণৰ দিশে লৈ যায়, সেইবোৰ কোনোকাৰণতে সু-অভিযোজনৰ বৈশিষ্ট্য হ'ব নোৱাৰে। প্ৰকৃতপক্ষে, পূৰ্ণতাবাদৰ কোনো উপকাৰী অভিৰূপ থকাৰ বিবৃতিৰ সমৰ্থনযোগ্য কোনো আনুভৱিক তথ্য নাই।

ইয়াৰ পৰিৱৰ্তে, অভিযোজিত পূৰ্ণতাবাদ হিচাপে অভিহিত বৈশিষ্ট্যসমূহৰ পূৰ্ণতাবাদৰ সৈতে সম্পৰ্ক প্ৰায় নাইয়েই, আৰু এইসমূহ আচলতে উৎকৰ্ষৰ দিশে কৰা কঠোৰ প্ৰয়াসহে।১৪১৫ সচৰাচৰ প্ৰাপ্ত কৰিব নোৱৰা অযৌক্তিকভাৱে উচ্চ প্ৰত্যাশাৰ প্ৰতি চলোৱা নিৰন্তৰ কঠোৰ প্ৰচেষ্টা, আৰু যিকোনো মূল্যৰ বিনিময়ত অ-পূৰ্ণতা পৰিহাৰকৰণ- এই বৈশিষ্ট্যই পূৰ্ণতাবাদক উৎকৰ্ষবাদৰ পৰা পৃথক কৰে।১৫ গতিকে, অভিযোজিত পুৰুষাৰ্থৰ পৰিসৰৰ পৰা পূৰ্ণতাবাদ দূৰৈত, আৰু ই উৎকৰ্ষ অথবা কৰ্তব্যনিষ্ঠাৰ সমাৰ্থক নহয়। তদুপৰি, পূৰ্বতথ্যানুসৰি পূৰ্ণতাবাদৰ অভিহিতকৰণ সমস্যাত্মক, কিয়নো তথাকথিত অভিযোজিত পূৰ্ণতাবাদৰ সৈতে একধৰণৰ অকাৰ্যকৰ আত্মমগ্নতা আৰু/বা ঘাতকীয় কল্পনা সংলগ্ন হৈ থাকে।১৬ সেইবাবেই বহু গৱেষকে "অভিযোজিত পূৰ্ণতাবাদ" অভিধা ব্যৱহাৰৰ বিৰোধী, কিয়নো ই প্ৰকৃতাৰ্থত ব্যক্তিত্বৰ বৈশিষ্ট্য ব্যাখ্যাৰ বাবে উপযুক্ত নহয়।১৭

সংগ্ৰাম বনাম দুশ্চিন্তা

J. Stoeber আৰু K. Otto-ই এক ব্যাখ্যাত্মক পৰ্যালোচনাৰ জৰিয়তে এইবুলি পৰামৰ্শ প্ৰদান কৰিছিল যে, পূৰ্ণতাবাদৰ দুটা মূল মাত্ৰা আছে: পূৰ্ণতাবাদী সংগ্ৰাম আৰু পূৰ্ণতাবাদী দুশ্চিন্তা। পূৰ্ণতাবাদী সংগ্ৰামৰ সৈতে পূৰ্ণতাবাদৰ ধনাত্মক দিশসমূহ জড়িত হৈ থাকে; আনহাতে পূৰ্ণতাবাদী দুশ্চিন্তাসমূহৰ সৈতে ঋণাত্মক দিশসমূহ জড়িত।

  • সুস্থ পূৰ্ণতাবাদীসকলে পূৰ্ণতাবাদী সংগ্ৰামৰ ক্ষেত্ৰত উচ্চ সাফল্যাঙ্ক আৰু পূৰ্ণতাবাদী দুশ্চিন্তাৰ ক্ষেত্ৰত নিম্ন অংক প্ৰাপ্ত কৰে।
  • অসুস্থ পূৰ্ণতাবাদীসকলে পূৰ্ণতাবাদী সংগ্ৰাম আৰু পূৰ্ণতাবাদী দুশ্চিন্তা, উভয়তে উচ্চ অংক প্ৰাপ্ত কৰে।
  • অ-পূৰ্ণতাবাদীসকলে পূৰ্ণতাবাদী সংগ্ৰামৰ ক্ষেত্ৰত নিম্ন অংক প্ৰাপ্ত কৰে।৮

পূৰ্বৰ গৱেষণাপ্ৰাপ্ত আনুভৱিক সাক্ষ্যই দেখুৱায় যে, পূৰ্ণতাবাদৰ সৈতে ধনাত্মক দিশ জড়িত হৈ থাকিব পাৰে (বিশেষভাৱে পূৰ্ণতাবাদী সংগ্ৰামৰ সৈতে),১৮ আৰু এই তথ্যসমূহে অনা-আনুভৱিক ব্যাখ্যাত্মক পৰ্যালোচনাৰ জৰিয়তে পূৰ্ণতাবাদ কেৱল ক্ষতিকাৰক হিচাপে সচৰাচৰ প্ৰচলিত ধাৰণাক প্ৰত্যাহ্বান জনায়। তেওঁলোকে দাবী কৰিছিল যে, উচ্চতৰ পূৰ্ণতাবাদ সংগ্ৰামৰ আৰু নিম্নতৰ পূৰ্ণতাবাদ উদ্বেগৰ বৈশিষ্ট্যধাৰীসকলৰ ক্ষেত্ৰত অধিক স্ব-মৰ্যাদা, প্ৰসন্নতা, শৈক্ষিক সাফল্য আৰু সামাজিক আন্তঃক্ৰিয়া পৰিলক্ষিত হয়। এইধৰণৰ পূৰ্ণতাবাদীসকলৰ মাজত, সাধাৰণতে পূৰ্ণতাবাদৰ সৈতে জড়িত হতাশগ্ৰস্ততা, উদ্বিগ্নতা, আৰু অন-অভিযোজিত চম্ভালণৰ দৰে মনস্তাত্বিক আৰু স্বেচ্ছাপ্ৰবৃত্ত আৱেগিক স্বাস্থ্যজনিত সমস্যাসমূহ, কম পৰিমাণতহে দেখা যায়।৮ অৱশ্যে, আনুভৱিক মেটা-বিশ্লেষণাত্মক পৰ্যালোচনাই এই দাবীসমূহৰ সফল পুনৰাবৃত্তি কৰিব পৰা নাই।১৯২০২১১০৯

পূৰ্ণতাবাদাত্মক আচৰণৰ বিস্তৃত আৰ্হি

পূৰ্ণতাবাদাত্মক আচৰণৰ বিস্তৃত আৰ্হি(Comprehensive Model of Perfectionistic Behaviour, CMPB)-য়ে ইয়াক এক বহু-স্তৰীয় আৰু বহু-মাত্ৰিক চাৰিত্ৰিক বৈশিষ্ট্যৰ ধৰণ হিচাপে প্ৰক্ৰিয়াবদ্ধ কৰে য'ত এক বৈশিষ্ট্যাত্মক স্তৰ, আত্ম-উপস্থাপনাত্মক স্তৰ, আৰু সংজ্ঞানাত্মক স্তৰ নিৱদ্ধ হৈ থাকে। সুস্থিৰ, স্বভাৱগত আৰু চাৰিত্ৰিক বৈশিষ্ট্য সদৃশ স্তৰৰ এই আৰ্হিত স্ব-নিৰ্দেশিত পূৰ্ণতাবাদ, সামাজিকভাৱে বিধিত পূৰ্ণতাবাদ আৰু লগতে অন্য নিৰ্দেশাত্মক পূৰ্ণতাবাদৰ ধৰণসমূহ অন্তৰ্ভুক্ত।২২ স্ব-নিৰ্দেশিত পূৰ্ণতাবাদত ব্যক্তিবিশেষৰ নিজস্ব আন্তঃধাৰণাৰে নিখুঁততা বা পৰিপূৰ্ণতাৰ আৱশ্যকতা অনুভূত হয়। অন্যহাতে, ব্যক্তিৰ যথাৰ্থ অথবা সমকালীন সমাজৰ জৰিয়তে বিধিত প্ৰত্যাশা পূৰণৰ বাবে অনুভূত প্ৰয়োজন পূৰণৰ যোগেদি গ্ৰহণযোগ্যতা প্ৰাপ্তিৰ প্ৰচেষ্টাক সামাজিকভাৱে বিধিত পূৰ্ণতাবাদৰ জৰিয়তে বুজোৱা হয়। এই দুইধৰণৰ বিপৰীতে, অন্যান্য নিৰ্দেশাত্মক পূৰ্ণতাবাদীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ পূৰ্ণতাবাদ বাহ্যিক উৎসৰ প্ৰতি নিৰ্দেশিত হয়, আৰু তেওঁলোক নিজেও আনৰ পৰা নিখুঁততাৰ প্ৰত্যাশাৰে আছন্ন হৈ থাকে।

পূৰ্ণতাবাদৰ ব্যাখ্যাত্মক আৰ্হিৰ দ্বিতীয় উপকৰণ প্ৰতীতি ব্যৱস্থাপনা আৰু আত্ম-নিৰীক্ষণৰ যোগেদি পূৰ্ণতাবাদৰ আন্তঃব্যক্তিক অভিব্যক্তি নিহিত হৈ আছে।২২ এই সম্বন্ধযুক্ত উপাদানে নিখুঁততা বা পূৰ্ণতাবাদৰ উৎসাহন আৰু খুঁতৰ অপলাপ বা গোপনকৰণৰ মাধ্যমেৰে বাস্তৱতে নিখুঁত হোৱাতকৈ নিখুঁত যেন লগাৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৱদ্ধিত কৰে। পূৰ্ণতাবাদৰ চৰিত্ৰগত বৈশিষ্ট্যৰ দৰেই এই উপাদানসমূহো বহুমুখী বৈশিষ্ট্যসম্পন্ন। ইয়াৰ পাৰ্শ্বদিশসমূহৰ মাজৰ এটা হৈছে হৈছে পূৰ্ণতাবাদাত্মক আত্ম-পৃষ্ঠপোষকতা। ই হৈছে সক্ৰিয়ভাৱে নিজৰ এক নিখুঁত প্ৰতিচ্ছবি(যিটো প্ৰায় ক্ষেত্ৰতেই প্ৰকৃতপক্ষে সত্য নহয়)ৰ উপস্থাপনৰ জৰিয়তে পুৰ্ণতাবাদৰ অভিব্যক্তি।২২

পূৰ্ণতাবাদাত্মক আচৰণৰ বিস্তৃত আৰ্হি (Comprehensive Model of Perfectionistic Behaviour, CMPB)-ৰ স্ব-সম্পৰ্কিত/আন্তঃব্যক্তিক উপাদানে ৰোমন্থনাত্মক-পূৰ্ণতাবাদাত্মক চিন্তাধাৰাক বুজায়। এনে চিন্তাক পূৰ্ণতাবাদৰ আৱশ্যকতাৰ উদ্বেগ সৃষ্টিকাৰী সংজ্ঞানাত্মক প্ৰক্ৰিয়াৰ লগতে আত্ম-প্ৰতিঅভিযোগ, আৰু ব্যক্তিৰ মনত নিজৰ সম্পৰ্কে কল্পনাসম্ভূত প্ৰতিৰূপ আৰু বাস্তৱ প্ৰতিৰূপৰ মাজৰ অসামঞ্জস্যৰ ওপৰত আৰোপিত কেন্দ্ৰীভূত ভাৱনাৰ দ্বাৰা চিহ্নিত কৰা হয়। সেয়েহে, এই উপাদান পূৰ্ণতাবাদৰ সৈতে সম্পৰ্কিত তথ্য-প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত জড়িত হৈ পৰে।২২ পূৰ্ণতাবাদাত্মক আচৰণৰ বিস্তৃত আৰ্হিৰ এই তিনি উপাদান স্বতন্ত্ৰ, কিন্তু আন্তঃসম্পৰ্কিত, আৰু আক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত অসমসত্ত্ব, স্বকীয় প্ৰতিমানৰ ভিন ভিন সমাহাৰ হিচাপে থাকে।২২

পূৰ্ণতাবাদৰ সামাজিক অসংযোগিতা আৰ্হি

পূৰ্ণতাবাদৰ সামাজিক অসংযোগিতা আৰ্হি (Perfectionism Social Disconnection Model- PSDM) হৈছে পুৰ্ণতাবাদৰ বৰ্ণনাৰ এক গতিশীল-সম্বন্ধযুক্ত আৰ্হি। এই আৰ্হিয়ে পূৰ্ণতাবাদ আৰু আন্তঃব্যক্তিক প্ৰসংগত ইয়াৰ পৰিণতিসমূহ ডাঙি ধৰে।২২ এই আৰ্হিয়ে দাবী কৰে যে, পূৰ্ণতাবাদে নিঃসঙ্গতা আৰু অযথাৰ্থতাৰ দ্বাৰা চিহ্নিত এক আন্তঃব্যক্তিক শৈলীৰ মাধ্যমেৰে পূৰ্ণতাবাদীসকলে সততে এৰাই চলিব খোজা সামাজিক অসংযোগিতা আৰু প্ৰত্যাখ্যানৰ দিশেই গতি কৰায়।২৩ PSDM-ৰ ব্যাখ্যা অনুসৰি, শিশু আৰু শিশুৰ যত্নগ্ৰহণকাৰীসকলৰ মাজৰ অসামঞ্জস্য(য'ত শিশুৰ মেজাজ আৰু যত্নগ্ৰহণকাৰীৰ প্ৰতিক্ৰিয়াৰ মাজত সমস্বৰতা ("সঙ্গতি")ৰ অভাৱৰ ফলস্বৰূপে সংবদ্ধতা, গ্ৰহণীয়তা, আৰু আত্ম-মৰ্যাদাৰ বাবে অতৃপ্ত প্ৰয়োজনীয়তাৰ সৃষ্টি হয়)-ৰ জৰিয়তে আগবয়সতে আন্তঃব্যক্তিক অনুষঙ্গত গঢ় লৈ উঠে।২২ ই অন্য ব্যক্তিসকলক সমালোচনাকাৰী আৰু প্ৰত্যাখ্যানকাৰী হিচাপে সম্বন্ধগত ৰূপৰেখা আৰু নিজকে ত্ৰুতিপূৰ্ণ হিচাপে গণ্য কৰাৰ এক অন্তঃ আৰ্হি গঢ়ি দিয়ে। ইয়াৰ ফলস্বৰূপে পূৰ্ণতাবাদীসকল আন্তঃব্যক্তিক সাক্ষাতৰ ক্ষেত্ৰত বিবেচিত হোৱাৰ আৰু প্ৰত্যাখিত হোৱাৰ সম্ভাৱনাৰ প্ৰতি উচ্চ সংবেদনশীল হৈ উঠে।২২ ফলস্বৰূপে, PSDM-ৰ ব্যাখ্যা অনুসৰি পূৰ্ণতাবাদ আন্তঃব্যক্তিক উদ্দেশ্যৰ ক্ষেত্ৰত প্ৰযোজ্য হয় আৰু ই পূৰ্ণতাবাদী ব্যক্তিবিশেষৰ সংবদ্ধতা আৰু আত্ম-মৰ্যাদাৰ প্ৰয়োজনীয়তা পূৰণৰ মাধ্যম হৈ উঠে।২২ সামাজিক গ্ৰহণীয়তা আৰু সংযোগৰ বোধ অৰ্জন আৰু একেসময়তে সম্ভাৱ্য ৰায় আৰু প্ৰত্যাখ্যানৰ পৰিস্থিতি এৰাই চলাৰ উদ্দেশ্যে এইধৰণৰ ব্যক্তিসকলে নিখুঁত যেন লগাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিৰোধাভাসপূৰ্ণভাৱে, এই প্ৰায়ে অনমনীয়, একান্ত, আৰু আত্ম-অপলাপী সম্পৰ্কৰ শৈলীয়ে বিছিন্নতা আৰু প্ৰত্যাখ্যানৰ সম্ভাৱনা বৃদ্ধি কৰে আৰু ইয়াৰ ফলস্বৰূপে সামাজিক অসংযোগিতা গঢ়ি তুলিব পাৰে।২৩ এইধৰণে, পূৰ্ণতাবাদীসকলে যি আচৰণক উদ্দেশ্যপূৰ্ণভাৱে সম্পৰ্কৰ ক্ষেত্ৰত প্ৰত্যাশিত পৰিপূৰ্ণতা হিচাপে গণ্য কৰে, সেই একে আচৰণেই আন্তঃব্যক্তিক সম্পৰ্কৰ ক্ষেত্ৰত ক্ষতিকাৰক প্ৰভাৱ বিস্তাৰ কৰে।২৩ পূৰ্ণতাবাদ আৰু ইয়াৰ কু-অভিযোজিত পৰিণতিসমূহৰ মাজত এক সংযোগ প্ৰদৰ্শন কৰে। কিয়নো, পূৰ্ণতাবাদৰ যোগেদি সৃষ্টি হোৱা ব্যক্তিবিশেষৰ নিজৰ পৰা আৰু সমাজৰ অন্য ব্যক্তিসকলৰ পৰা বিছিন্নতাৰ সৈতে আন্তঃব্যক্তিক সম্পৰ্কৰ জটিলতা, হতাশগ্ৰস্ততা আৰু আত্মহত্যাৰ প্ৰৱণতাৰ দৰে বহু ক্ষতিকাৰক পৰিণাম যুক্ত হৈ থাকে।২৪২২২৫২৬

পৰিমাপণ

বহুমাত্ৰিক পূৰ্ণতাবাদৰ মাপনী

ৰে'ণ্ডী অ' ফ্ৰ'ষ্ট আৰু সহযোগীসকলে ১৯৯০ চনত এক বহুমাত্ৰিক পূৰ্ণতাবাদৰ মাপনী (multidimensional perfectionism scale- MPS) উদ্ভাৱন কৰিছিল। নিম্নোক্ত ছটা মাত্ৰাযুক্ত এই বৰ্ণনাটো সম্পৰতি "ফ্ৰ'ষ্টৰ বহুমাত্ৰিক পূৰ্ণতাবাদৰ মাপনী" ("Frost Multidimensional Perfectionism Scale", FMPS) হিচাপে জনা যায়:২৭

  1. ভুল সংঘটিত কৰাৰ বিষয়ে উদ্বেগ,
  2. উচ্চ ব্যক্তিগত বৈশিষ্ট্যমান (উৎকৰ্ষৰ দিশে কঠোৰ প্ৰয়াস),
  3. পিতৃ-মাতৃৰ উচ্চ আশা আৰু উচ্চাকাংক্ষা সম্পৰ্কীয় কল্পমূৰ্তি,
  4. পিতৃ-মাতৃৰ উচ্চ সমালোচনাত্মক কল্পমূৰ্তি,
  5. নিজৰ কৰ্মৰ গুণগত মানৰ সম্পৰ্কে সন্ধিগ্ধতা, আৰু
  6. ক্ৰমসজ্জা আৰু শৃংখলাৰ প্ৰতি অগ্ৰাধিকাৰ প্ৰদান।

হেৱিট আৰু ফ্লেটে ১৯৯১ চনত বহুমাত্ৰিক পূৰ্ণতাবাদৰ মাপনীৰ আন এক পদ্ধতি উদ্ভাৱন কৰিছিল। এই মাপনীত পূৰ্ণতাবাদাত্মক উপস্থাপনৰ তিনিটা বৈশিষ্ট্যৰ ৪৫টা উপাদানৰ পৰিমাপণ কৰা হয়: ২৮

  1. স্ব-নিৰ্দেশিত পূৰ্ণতাবাদ,
  2. অন্য-নিৰ্দেশিত পূৰ্ণতাবাদ, আৰু
  3. সামাজিকভাৱে বিধিত পুৰ্ণতাবাদ।

স্ব-নিৰ্দেশিত পুৰ্ণতাবাদে ব্যক্তিবিশেষৰ নিজৰ সম্পৰ্কে অবাস্তৱিক আশা আৰু উচ্চ বৈশিষ্ট্যমানৰ কাল্পনিক প্ৰতিষ্ঠাপনৰ জৰিয়তে গঢ় লোৱা পূৰ্ণতাবাদাত্মক অভিপ্ৰেৰণা বুজায়।২৯ অন্য-নিৰ্দেশিত পূৰ্ণতাবাদ হৈছে, আন ব্যক্তিৰ প্ৰতি পোষণ কৰা অবাস্তৱিক আশা আৰু উচ্চ বৈশিষ্ট্যমানৰ মানদণ্ড, যিটোয়ে তেওঁলোকৰ নিজৰ ক্ষেত্ৰতে পূৰণতাবাদাত্মক অভিপ্ৰেৰণা গঢ়িবলৈ চাপ প্ৰদান কৰে। আনহাতে সামাজিকভাৱে বিধিত পূৰ্ণতাবাদ ব্যক্তিবিশেষৰ জীৱনসঙ্গী বা জীৱনত ভূমিকা গ্ৰহণকাৰীসকলৰ পৰা প্ৰসূত বাস্তৱিক বা কাল্পনিক উচ্চাশাৰ মাধ্যমেৰে সৃষ্ট পূৰ্ণতাবাদক চিহ্নিত কৰা হয়। যিসকল পিতৃ-মাতৃয়ে তেওঁলোকৰ ল'ৰা-ছোৱালীক কিছুমান বিশেষ ক্ষেত্ৰ(যেনে ক্ৰীড়া বা শিক্ষা)ত সফল হ'বলৈ হেঁচা প্ৰয়োগ কৰাটোয়ে প্ৰায়ে সৃষ্টি কৰা পূৰ্ণতাবাদ হৈছে এইধৰণৰ সামাজিকভাৱে বিধিত পূৰ্ণতাবাদৰ উদাহৰণ। কাৰণ, ল'ৰা-ছোৱালীহঁতে অনুভৱ কৰে যে তেওঁলোকে নিজৰ পিতৃ-মাতৃৰ অত্যুচ্চ আকাংক্ষাসমূহ পূৰাব লাগিব।

নিজৰ ক্ষেত্ৰত উচ্চ মানদণ্ডৰ স্থাপন আৰু কৰ্ম-সম্পাদনৰ ক্ষেত্ৰত ভুল কৰাৰ উদ্বেগৰ স্তৰৰ (এই দুটা হৈছে "ফ্ৰ'ষ্টৰ বহুমাত্ৰিক পূৰ্ণতাবাদৰ মাপনী"(FMPS)-ত সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ মাত্ৰা) মাজত ফ্ৰ'ষ্টে আগবঢ়োৱা পাৰ্থক্যৰ ব্যাখ্যা, আৰু হেৱিট আৰু ফ্লেটৰ দ্বাৰা বৰ্ণিত স্ব-নিৰ্দেশিত বনাম সামাজিকভাৱে বিধিত পূৰ্ণতাবাদৰ মাজৰ পাৰ্থক্য- এই দুইটা অভিগমনৰ মাজত এক সাদৃশ্য বিজ্ঞসকলে আঙুলিয়াই দিছে।৩০

পূৰ্ণতাবাদাত্মক আত্ম-উপস্থাপনৰ মাপনী

হেৱিট আৰু তেওঁৰ সহকৰ্মীসকলে ২০০৩ চনত পূৰ্ণতাবাদাত্মক আত্ম-উপস্থাপনৰ মাপনী (Perfectionistic Self-Presentation Scale- PSPS) উদ্ভাৱন কৰিছিল। এই মাপনীত পূৰ্ণতাবাদৰ বিস্তৃত আৰ্হিৰ অন্তৰ্ভুক্ত তিনিটা আন্তঃব্যক্তিক অভিব্যক্তিমূলক উপকৰণৰ ভিত্তিত এক ২৭টা উপাদানৰ আত্ম-পৰীক্ষামূলক বিবৃতি।৩১ ইয়াত অন্তৰ্ভুক্ত পূৰ্ণতাবাদাত্মক আত্ম-উপস্থাপন(অৰ্থাৎ নিখুঁত হোৱাৰ মনোকামনা)ৰ সৈতে সংলগ্ন উপ-মাপনী তিনিটা হৈছে:

  1. পূৰ্ণতাবাদাত্ম আত্ম-পৃষ্ঠপোষকতা
  2. অ-নিখুঁততাৰ অ-প্ৰদৰ্শন
  3. অ-নিখুঁততাৰ গোপনীয়কৰণ

পূৰ্ণতাবাদাত্মক আত্ম-উপস্থাপনৰ মাপনী(PSPS)-এ পূৰ্ণতাবাদৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ অভিব্যক্তি(প্ৰক্ৰিয়া)ৰ পৰিমাপণ কৰে, আৰু ই পূৰ্ণতাবাদৰ বৈশিষ্ট্যসমূহৰ, বিশেষভাৱে স্ব-নিৰ্দেশিত আৰু সামাজিকভাৱে বিধিত পূৰ্ণতাবাদৰ, সৈতে প্ৰত্যক্ষভাৱে সংলগ্ন। অতিৰিক্তভাৱে। পূৰ্ণতাবাদাত্মক আত্ম-উপস্থাপনৰ মাপনী(PSPS)-ৰ মাত্ৰাসমূহৰ উদ্বিগ্নতাৰ দৰে মনস্তাত্বিক পীড়াসমূহৰ সৈতে পাৰস্পৰিক সঙ্গতি আছে। ইয়াৰ দ্বাৰা এইটো সূচিত হয় যে, পূৰ্ণতাবাদাত্মক আত্ম-উপস্থাপন একধৰণৰ কু-অভিযোজিত, ক্ষতিকাৰী আৰু ত্ৰুতিপূৰ্ণ প্ৰৱণতা।৩১

পূৰ্ণতাবাদাত্মক বোধগম্যতাৰ সূচী

ফ্লেট, হেৱিট, ব্লেংকষ্টেইঅ আৰু গ্ৰে'ৰ দ্বাৰা ১৯৯৮ চনত সৃষ্ট পূৰ্ণতাবাদাত্মক বোধগম্যতাৰ সূচী (Perfectionism Cognitions Inventory- PCI) হৈছে এক ২৫টা উপাদানৰ সূচী, যি নিখুঁততা আহৰণৰ সম্পৰ্কে গঢ় লোৱা স্বয়ংক্ৰিয় চিন্তা-ভাৱনাৰ ৰূপত, পূৰ্ণতাবাদৰ আত্ম-সম্পৰ্কিত, সংজ্ঞানাত্মক উপকৰণৰ পৰিমাপণ কৰে।৩২ এই সুচীত সামাজিক তুলনা, আৰু অ-নিখুঁত হোৱাৰ বা উচ্চাশা পূৰ্ণত ব্যৰ্থ হোৱাৰ সজাগতাৰ সৈতে অড়িত, পূৰ্ণতাবাদ-বিষয়ী বোধগম্যতাৰ সম্পৰ্কে বিশেষভাৱে প্ৰস্তুত বিবৃতি অন্তৰ্ভুক্ত হৈছে।৩৩ চাৰিত্ৰিক বৈশিষ্ট্য সদৃশ বিবৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পৰিৱৰ্তে পূৰ্ণতাবাদাত্মক বোধগম্যতাৰ সূচী (PCI) পৰিস্থিতি সদৃশ বিবৃতিৰে বৰ্ণিত হৈছে। এইসমূহ পৰিৱৰ্তিত পৰিস্থিতিগমূলক আৰু সাময়িক প্ৰসংগত ব্যক্তিৰ ক্ষেত্ৰত উদ্ৰেক হোৱা পূৰ্ণতাবাদাত্মক চিন্তা-ধাৰণাৰ ওপৰত নিৱদ্ধিত।৩২

পূৰ্ণতাবাদাত্মক বোধগম্যতাৰ সূচী (PCI), ঋণাত্মক স্বয়ংক্ৰিয় চিন্তা; আৰু উচ্চ আত্ম-সমালোচনা, আত্ম-নিন্দা আৰু ব্যৰ্থতাক খামুচি ধৰাৰ মাত্ৰাৰ পৰিমাপণত উচ্চ মাপাংক প্ৰাপ্ত কৰাৰ প্ৰৱণতাৰ সৈতে সংযুক্ত।৩৪

সংশোধিত নিকট নিখুঁত মাপ

স্লেনী আৰু তেওঁৰ সহযোগীসকলে ১৯৯৬ চনত সংশোধিত নিকট নিখুঁত মাপ (Almost Perfect Scale-Revised (APS-R)) শীৰ্ষক ব্যাখ্যা আগবঢ়াইছিল।৩৫ তিনিটা বিশেষ মাপকাঠিৰ ক্ষেত্ৰত ব্যক্তিবিশেষৰ মাপাংকৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক তিনিটা শ্ৰেণীভুক্ত কৰা হয়:

  1. উচ্চ মানদণ্ড,
  2. ক্ৰম, আৰু
  3. অসামঞ্জস্য।

ব্যক্তিগত উচ্চ মানদণ্ড যে প্ৰাপ্তি নহ'বও পাৰে, সেই বিশ্বাসেই হৈছে পূৰ্ণতাবাদৰ সংজ্ঞা নিৰ্ণয়কাৰী ঋণাত্মক বৈশিষ্ট্য। অসামঞ্জস্যই এই বিশ্বাসকেই নিৰ্দেশ কৰে।৩৫ APS-R-ত উচ্চ মাপাংকই (যিটো ক্ষতিকাৰী পূৰ্ণতাবাদ হিচাপে গণ্য কৰা হয় আৰু সাধাৰণতে উচ্চতম সামাজিক চাপ আৰু উদ্বিগ্নতা অংক উৎপন্ন কৰে) সেই অংক প্ৰাপ্তকাৰীসকলৰ নিম্ন আত্ম-মৰ্যাদা আৰু অপ্ৰতুলতাৰ ভাৱনাক প্ৰতিফলিত কৰে।৭ অৱশ্যে, APS-R-ৰ দ্বাৰা মাপিত উচ্চ মানদণ্ডই প্ৰকৃতপক্ষে পূৰ্ণতাবাদ মূল্যায়ণ কৰেনে, সেয়া এতিয়াও বিবাদিত।১৪১৫

সৰ্বসাধাৰণতে, পৰিচালনা কৰিবলৈ APS-R এটা তুলনামূলকভাৱে সহজ পদ্ধতি, আৰু এই পদ্ধৰি পূৰ্ণতাবাদী কিশোৰ-কিশোৰী আৰু প্ৰাপ্তবয়স্ক চিহ্নিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে শিশুসকলৰ ক্ষেত্ৰত এই পদ্ধতিৰ প্ৰযোজ্যতা এতিয়াও প্ৰমাণিত হোৱা নাই।৭ APS-R-ৰ আন দুটা ৰূপে ব্যক্তিবিশেষৰ অন্তৰঙ্গ সঙ্গীৰ প্ৰতি নিৰ্দেশিত পূৰ্ণতাবাদ (Dyadic Almost Perfect Scale) আৰু ব্যক্তিৰ নিজৰ পৰিয়ালৰ পৰা অনুভূত পূৰ্ণতাবাদ(Family Almost Perfect Scale)ৰ পৰিমাপণ কৰে।

সংশোধিত নিকট নিখুঁত মাপ(APS-R)-ৰ ন্যায্যতা অধ্যয়নৰ জৰিয়তে প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে। বিশেষকৈ, কিছুসংখ্যক গৱেষকৰ মতে উচ্চ মানদণ্ডই আৱশ্যকীয়ভাৱে পূৰ্ণতাবাদাত্মক মানদণ্ড নুসুচায়।১৪১৫ উদাহৰণস্বৰূপে এইটো দেখা গৈছে যে, অধিক পূৰ্ণতাবাদাত্মক নিৱন্ধন প্ৰতিফলিত কৰিবলৈ APS-R-ৰ শব্দাৱলী যেতিয়া পুনৰবৰ্ণন কৰা হয়, তেতিয়া তাৰ ফলাফলসমূহ, মূল শব্দাৱলীৰে ৰচিত মাপনীৰ তুলনাত পৃথক হিচাপে দেখা দিয়ে।১৪ বিশেষভাৱে, পুনৰ শব্দবৰ্ণিত আৰু অধিক পূৰ্ণতাবাদাত্মক মাপনী হতাশগ্ৰস্ততা আৰু উদ্বিগ্নতাৰ দৰে অ-সমন্বয়জনিত সমস্যাৰ সৈতে সংলগ্ন হয়। আনহাতে, কেৱল মূল শব্দাৱলীৰ মাপনী অভিযোজিত পৰিণতিৰ সৈতে সংযোজিত হয়।১৪ ইয়াৰ পৰা ঠাৱৰ কৰিব পাৰি যে, মুল APS-R-ত "অভিযোজিত পূৰ্ণতাবাদ" হিচাপে চিহ্নিত উপকৰণ আচলতে উচ্চ মানদণ্ডৰ সুচকহে। তদুপৰি, একাংশ গৱেষকে এইবুলি দাবী কৰিব খোজে, পূৰ্ণতাবাদ সম্বন্ধীয় প্ৰবন্ধ-পাতিবোৰত অন্তৰ্ভুক্ত ঋণাত্মক মনোৱাস্থাৰ পদসমূহলৈ লক্ষ্য কৰি এইসমূহত অসামঞ্জস্যৰ প্ৰাসংগিকতা সন্দেহৰ উৰ্দ্ধত নহয়। অসামঞ্জস্যৰ উপমাপনীৰ দৰে অনুচ্ছেদসমূহত ঋণাত্মক মনোৱস্থাৰ পদসমূহৰ অন্তৰ্ভুক্তিয়ে, পূৰ্ণতাবাদ আৰু নিউৰ'টিছিজিমৰ মাজৰ এক সম্পৰ্ক আৱিষ্কাৰ কৰাৰ সম্ভাৱনা প্ৰবল কৰি তোলে। মন কৰিবলগীয়া যে, এই ফলাফল পূৰ্ণতাবাদ-নিউৰ'টিছিজিমৰ প্ৰকৃত সংযোগৰ পৰিৱৰ্তে বিশেষ শব্দগঠনৰ কাৰণেহে বোধ হ'ব পাৰে।৩৬

পৰিণামসমূহ

পূৰ্ণতাবাদ ধ্বংসাত্মক হৈ উঠিব পাৰে। প্ৰয়োজনীয় কামত আলম-বিলম কৰাৰ ফলস্বৰূপে ই দীৰ্ঘসূত্ৰিতা (procrastination)-ৰ ৰূপ ল'ব পাৰে। একেদৰে, সম্পাদিত কাৰ্যত দুৰ্বল প্ৰদৰ্শনৰ অজুহাৰ বৰ্ণাবলৈ, অথবা আনৰ পৰা সহানুভূতি আৰু অনুমোদন আদায় কৰিবলৈ গৈ ই আত্ম-নিন্দা (self-deprecation)-ৰ ৰূপ ল'বগৈ পাৰে। পূৰ্ণতাবাদীসকলৰ ক্ষেত্ৰত আত্ম-যোগ্যতাক ৰক্ষা কৰিবলৈ এইসমূহ একেলগে বা পৃথকে পৃথকে আত্ম-প্ৰতিবন্ধক (self-handicapping) হৈ উঠে।৩৭৩৮ সৰ্বসাধাৰণতে, পূৰ্ণতাবাদীসকল সকলো সময়তে নিজৰ কাংক্ষিত উচ্চাশা সমূহ পূৰণ কৰাৰ চাপত থাকিব লগা হয়, যাৰ ফলত উচ্চাশা পূৰণ নোহোৱাৰ পৰিস্থিতিত সংজ্ঞানাত্মক অসংগতি (cognitive dissonance) গঢ় লৈ উঠে। পূৰ্ণতাবাদৰ সৈতে অন্যান্য অসংখ্য মনস্তাত্বিক আৰু শৰীৰবৃত্তীয় জটিলতা সংলগ্ন হৈ আছে। তদুপৰি, পূৰ্ণতাবাদৰ ফলস্বৰূপে বিছিন্নতা আৰু সামাজিক অ-সংযোগৰ সৃষ্টি হয়। এইক্ষেত্ৰত পূৰ্ণতাবাদীসকলৰ ক্ষেত্ৰত সাধাৰণ কিছুমান নিৰ্দিষ্ট অনমনীয় আন্তঃব্যক্তিক প্ৰতিমান পৰিলক্ষিত হয়।২২

আত্মহত্যা

২০১৭ চনত, আমেৰিকা যুক্তৰাষ্ট্ৰত কিশোৰ-কিশোৰীসকলৰ মাজত সামগ্ৰিক মৃত্যুৰ দ্বিতীয় বৃহত্তম কাৰণ আছিল আত্মহত্যা।৯ মহিলাতকৈ পুৰুষৰ আত্মহত্যাৰ সম্ভাৱনা ৩.৫৪ গুণ অধিক আছিল, আৰু শ্বেতাংগ পুৰুষে মুঠ আত্মহত্যাৰ ৬৯.৬৭ শতাংশ অধিকাৰ কৰিছিল।৩৯ কিশোৰ আৰু কমবয়সীয়া যুৱকসকলৰ তুলনাত ৪৫ ৰ পৰা ৮৫ বছৰৰ ভিতৰৰ পুৰুষৰ ক্ষেত্ৰত আত্মহত্যাৰ সম্ভাৱনা ২০ শতাংশ অধিক, যিহেতু, আত্মহত্যাৰ তথ্য প্ৰায়েই অ-প্ৰতিবেদিত হৈ ৰয়, সেয়েই প্ৰতিবছৰে আত্মহত্যাৰ প্ৰকৃত সংখ্যাৰ মাজত তাৰতম্য দেখা যায়।

ক্ৰমাগতভাৱে এইটো পৰিলক্ষিত হৈছে যে, আত্মহত্যাৰ ক্ষেত্ৰত পূৰ্ণতাবাদ উদ্বেগজনকভাৱে হানিৰ কাৰক হিচাপে প্ৰতীয়মান হৈ আহিছে।৯ পূৰ্ণতাবাদীসকলৰ ক্ষেত্ৰত, নিজৰ ওপৰত ৰখা অত্যধিক উচ্চ প্ৰত্যাশা, আৰু তেওঁলোকৰ নিজৰ দ্বাৰা স্থাপিত সেই উচ্চাশাসমূহৰ ক্ষেত্ৰত প্ৰয়াস ফলৱতী নহ'লে ব্ৰতী হোৱা অত্যধিক আত্ম-সমালোচনাৰ ফলস্বৰূপে আত্মহত্যাৰ শংকা বহুগুণে বৃদ্ধি হয়। ইয়াৰ লগতে, তেওঁলোকৰ মনত সংপৃক্ত থকা নিখুঁত ৰাজহুৱা প্ৰতিচ্ছবি উপস্থাপনৰ প্ৰৱণতাই হানিৰ সম্ভাৱনা বৃদ্ধি কৰে। কিয়নো, পূৰ্ণতাবাদীসকলক যেতিয়া আন ব্যক্তিৰ পৰা মনস্তাত্বিক সহায়ৰ প্ৰয়োজন হয়, সেয়া বিচাৰিবলৈ তেওঁলোক অপাৰগ হয়।৪০ পূৰ্ণতাবাদ হৈছে আত্মহত্যাৰ ক্ষেত্ৰত থকা ভৱিষ্যদ্বাণীকাৰীবোৰৰ অন্যতম। ই ব্যক্তিৰ ক্ষেত্ৰত অন্যৰ দ্বাৰা বা স্ব-প্ৰক্ষেপিত উচ্চাশা পূৰণৰ হেতু চাপ্ প্ৰয়োগৰ যোগেদি জীৱনৰ মানদণ্ডলৈ ঋণাত্মক প্ৰভাৱ আনে। প্ৰত্যাশা পূৰণত অসমৰ্থ হোৱাৰ ফলত তেওঁলোক সামাজিক বিছিন্নতাত ভোগে।৯

গুৰুত্বপূৰ্ণ বিষয় হ'ল যে, আত্মঘাতীতা আৰু পূৰ্ণতাবাদৰ মাজৰ সম্পৰ্কটো, ব্যক্তিবিশেষৰ ক্ষেত্ৰত পূৰ্ণতাবাদৰ নিৰ্দিষ্ট মাত্ৰাসমূহৰ ওপৰত নিৰ্ভৰশীল। পূৰ্ণতাবাদাত্মক কঠোৰ প্ৰয়াসসমূহ আত্মঘাতী চিন্তাকল্পৰ সৈতে জড়িত, অন্যহাতে পূৰ্ণতাবাদাত্মক উদ্বেগ আত্মঘাতী চিন্তাকল্প আৰু আত্মঘাতৰ প্ৰচেষ্টা দুয়োটাৰে সৈতে জড়িত।৯ অতিৰিক্তভাৱে, সামাজিকভাৱে বিধিত পূৰ্ণতাবাদ (যিটো পূৰ্ণতাবাদাত্মক উদ্বেগৰ এক বিশেষ ধৰণ) আত্মহত্যাৰ ক্ষেত্ৰত ভূমিৰেখা আৰু দীৰ্ঘকালীন চিন্তাকল্প, এই উভয়ৰে সৈতে জড়িত হিচাপে পোৱা গৈছে।৯ ইয়াৰ দ্বাৰা এইটো সূচিত হয় যে আত্মহত্যাৰ ক্ষেত্ৰত, সামাজিকভাৱে বিধিত পূৰ্ণতাবাদৰ দৰে, পূৰ্ণতাবাদাত্মক উদ্বেগসমূহ অধিক ক্ষতিকাৰক পৰিণামসমূহৰ সৈতে সম্পৰ্কিত।৯

তথ্যসূত্ৰ

  1. ↑ Stoeber, Joachim; Childs, Julian H. (2010). The Assessment of Self-Oriented and Socially Prescribed Perfectionism: Subscales Make a Difference. Journal of Personality Assessment. পৃ. 577–585
  2. ↑ Flett, G. L.; Hewitt, P. L. (2002). Perfectionism. American Psychological Association. পৃ. 5–31
  3. ↑ Yang, Hongfei; Stoeber, Joachim. (2012). The Physical Appearance Perfectionism Scale: Development and Preliminary Validation. Journal of Psychopathology and Behavioral Assessment. পৃ. 69–83
  4. ↑ Curran, Thomas; Hill, Andrew P. (April 2019). Perfectionism is increasing over time: A meta-analysis of birth cohort differences from 1989 to 2016.. Psychological Bulletin. পৃ. 410–429
  5. ↑ Parker, W. D.; Adkins, K. K. (1995). Perfectionism and the gifted. Roeper Review. পৃ. 173–176
  6. ↑ Hamachek, D. E. (1978). Psychodynamics of normal and neurotic perfectionism. Psychology: A Journal of Human Behavior. পৃ. 27–33
  7. ↑ Rice, Kenneth G.; Ashby, Jeffrey S.; Gilman, Rich. (2011). Classifying adolescent perfectionists. Psychological Assessment. পৃ. 563–577
  8. ↑ Stoeber, Joachim; Otto, Kathleen. (2006). Positive Conceptions of Perfectionism: Approaches, Evidence, Challenges. Personality and Social Psychology Review. পৃ. 295–319
  9. ↑ Smith, Martin M.; Sherry, Simon B.; Chen, Samantha. (2017-09-04). The perniciousness of perfectionism: A meta-analytic review of the perfectionism-suicide relationship. Journal of Personality. পৃ. 522–542
  10. ↑ Smith, Martin M.; Sherry, Simon B.; Rnic, Katerina. (March 2016). Are Perfectionism Dimensions Vulnerability Factors for Depressive Symptoms After Controlling for Neuroticism? A Meta-analysis of 10 Longitudinal Studies. European Journal of Personality. পৃ. 201–212
  11. ↑ Castro-Fornieles, Josefina; Gual, Pilar; Lahortiga, Francisca. (2007). Self-oriented perfectionism in eating disorders. International Journal of Eating Disorders. পৃ. 562–568
  12. ↑ Molnar, Danielle S.; Sadava, Stan W.; Flett, Gordon L. (July 2012). Perfectionism and health: A mediational analysis of the roles of stress, social support and health-related behaviours. Psychology & Health. পৃ. 846–864
  13. ↑ Fry, Prem S.; Debats, Dominique L. (2009-04-21). Perfectionism and the Five-factor Personality Traits as Predictors of Mortality in Older Adults. Journal of Health Psychology. পৃ. 513–524
  14. ↑ Blasberg, Jonathan S.; Hewitt, Paul L.; Flett, Gordon L. (2016-08-03). The Importance of Item Wording. Journal of Psychoeducational Assessment. পৃ. 702–717
  15. ↑ Gaudreau, Patrick. (2018-11-21). On the Distinction Between Personal Standards Perfectionism and Excellencism: A Theory Elaboration and Research Agenda. Perspectives on Psychological Science. পৃ. 197–215
  16. ↑ Marcus, David K.; Zeigler-Hill, Virgil. (2015-07-15). A Big Tent of Dark Personality Traits. Social and Personality Psychology Compass. পৃ. 434–446
  17. ↑ Joachim, Stoeber. (2017-08-22). The Psychology of Perfectionism. Routledge. পৃ. 3–17. ISBN 978-1-315-53625-5
  18. ↑ Frost, R. O.; Heimburg, R. G.; Holt, C. S. (1993). A comparison of two measures of perfectionism. Personality and Individual Differences. পৃ. 469–489
  19. ↑ Limburg, Karina; Watson, Hunna J.; Hagger, Martin S. (2016-12-27). The Relationship Between Perfectionism and Psychopathology: A Meta-Analysis. Journal of Clinical Psychology. পৃ. 1301–1326
  20. ↑ Smith, Martin M.; Vidovic, Vanja; Sherry, Simon B. (2017-10-05). Are perfectionism dimensions risk factors for anxiety symptoms? A meta-analysis of 11 longitudinal studies. Anxiety, Stress, & Coping. পৃ. 4–20
  21. ↑ Kehayes, Ivy-Lee L.; Smith, Martin M.; Sherry, Simon B. (February 2019). Are perfectionism dimensions risk factors for bulimic symptoms? A meta-analysis of longitudinal studies. Personality and Individual Differences. পৃ. 117–125
  22. ↑ Hewitt, P. L.; Flett, G. L.; Mikail, S. F. (2017). Perfectionism: A relational approach to conceptualization, assessment, and treatment. Guilford Publications.. Guilford Publications
  23. ↑ Hewitt, Paul L.; Flett, Gordon L.; Mikail, Samuel F. (2017-08-22). Perfectionism in the Therapeutic Context. The Psychology of Perfectionism. Routledge. পৃ. 306–330. ISBN 978-1-315-53625-5
  24. ↑ Flett, Gordon L.; Hewitt, Paul L.; Heisel, Marnin J. (September 2014). The Destructiveness of Perfectionism Revisited: Implications for the Assessment of Suicide Risk and the Prevention of Suicide. Review of General Psychology. পৃ. 156–172
  25. ↑ Smith, Martin M.; Sherry, Simon B.; Vidovic, Vanja. (June 2020). Why does perfectionism confer risk for depressive symptoms? A meta-analytic test of the mediating role of stress and social disconnection. Journal of Research in Personality. পৃ. 103954
  26. ↑ Hewitt, Paul L.; Flett, Gordon L.; Sherry, Simon B. (2006). Trait Perfectionism Dimensions and Suicidal Behavior.. Cognition and suicide: Theory, research, and therapy.. American Psychological Association. পৃ. 215–235. ISBN 978-1-59147-357-2
  27. ↑ Frost, Randy O.; Marten, Patricia; Lahart, Cathleen. (1990). The dimensions of perfectionism. Cognitive Therapy and Research. পৃ. 449–468
  28. ↑ Hewitt, P.; Flett, G. (1991). Dimensions of Perfectionism in Unipolar Depression. Journal of Abnormal Psychology. পৃ. 98–101
  29. ↑ The Multidimensional Perfectionism Scale: Reliability, validity, and psychometric properties in psychiatric samples
  30. ↑ Toon W. Taris, Ilona van Beek, Wilmar B. Schaufeli: "Why do perfectionists have a higher burnout risk than others? The mediational effect of workaholism". Romanian Journal of Applied Psychology, 2010, Vol.12, No.1, pp. 1–7
  31. ↑ Hewitt, Paul L.; Flett, Gordon L.; Sherry, Simon B. (June 2003). The interpersonal expression of perfection: Perfectionistic self-presentation and psychological distress.. Journal of Personality and Social Psychology. পৃ. 1303–1325
  32. ↑ Flett, Gordon L.; Hewitt, Paul L.; Demerjian, Aline. (June 2012). Perfectionistic Automatic Thoughts and Psychological Distress in Adolescents: An Analysis of the Perfectionism Cognitions Inventory. Journal of Rational-Emotive & Cognitive-Behavior Therapy. পৃ. 91–104
  33. ↑ Flett, Gordon L.; Hewitt, Paul L.; Blankstein, Kirk R. (1998). Psychological distress and the frequency of perfectionistic thinking.. Journal of Personality and Social Psychology. পৃ. 1363–1381
  34. ↑ Flett, Gordon L.; Hewitt, Paul L.; Whelan, Teresa. (2007-11-02). The Perfectionism Cognitions Inventory: Psychometric Properties and Associations with Distress and Deficits in Cognitive Self-management. Journal of Rational-Emotive & Cognitive-Behavior Therapy. পৃ. 255–277
  35. ↑ Slaney, R.B.; Rice, K.G.; Mobley, M. (2001). The Revised Almost Perfect Scale. Measurement and Evaluation in Counseling and Development. পৃ. 130–145
  36. ↑ Smith, Martin M.; Sherry, Simon B.; Vidovic, Vanja. (2019-01-06). Perfectionism and the Five-Factor Model of Personality: A Meta-Analytic Review. Personality and Social Psychology Review. পৃ. 367–390
  37. ↑ Jones, E.E.; Berglas, S. (1978). Control of attributions about the self through selfhandicapping strategies: The appeal of alcohol and the role of underachievement. Personality and Social Psychology Bulletin. পৃ. 200–206
  38. ↑ Kearns, Hugh; Forbes, Angus; Gardiner, Maria. (December 2008). When a High Distinction Isn't Good Enough: A Review of Perfectionism and Self-Handicapping. Australian Educational Researcher. পৃ. 21–36
  39. ↑ (16 February 2016). Suicide Statistics. AFSP
  40. ↑ Greenspon, Thomas S. "Is There an Antidote to Perfectionism?" Psychology in the Schools, November 2014: 986–998

সম্পৰ্কিত শ্ৰেণী

মানসিক স্বাস্থ্যমানসিক ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূৰ্ণতাবাদ” প্ৰবন্ধৰ সংশোধন ৬২৪৭১১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।