অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

কোকেইন

কোকেইন বা কোক(Cocaine), হৈছে এক শক্তিশালী উদ্দীপক আৰু ইয়াক বিনোদনমূলক ঔষধ হিচাপে বেছিকৈ ব্যৱহাৰ কৰা হয়। ইয়াক সাধাৰণতে ধোঁৱাৰ দৰে হিচাপে উশাহ লোৱা, বা গলিত অৱস্থাত বেজীৰ সহায়ত শিৰাত ভৰাই দিয়া হয়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১৭৯ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

কোকেইন বা কোক(Cocaine), হৈছে এক শক্তিশালী উদ্দীপক আৰু ইয়াক বিনোদনমূলক ঔষধ হিচাপে বেছিকৈ ব্যৱহাৰ কৰা হয়।১ ইয়াক সাধাৰণতে ধোঁৱাৰ দৰে হিচাপে উশাহ লোৱা, বা গলিত অৱস্থাত বেজীৰ সহায়ত শিৰাত ভৰাই দিয়া হয়।২ ইয়াৰ মানসিক প্ৰভাৱৰ ভিতৰত বাস্তৱিকতাৰ সৈতে সম্পৰ্ক হেৰুওৱাৰ লগতে সুখৰ এক তীব্ৰ অনুভূতি বা উত্তেজনা অন্তৰ্ভুক্ত হৈ আছে।২ কোকেইন ব্যৱহাৰৰ ফলত হোৱা শাৰীৰিক লক্ষণসমূহৰ ভিতৰত দ্ৰুত হৃদস্পন্দন, ঘাম ওলোৱাৰ লগতে চকুৰ পিউপিলচৰ আকাৰ বৃহৎ হৈ পৰা দেখা যায়।২ উচ্চ মাত্ৰাত সেৱনৰ ফলত অতি মাত্ৰাৰ উচ্চ ৰক্তচাপ বা শৰীৰৰ উষ্ণতা বৃদ্ধি হ 'ব পাৰে।৩ ব্যৱহাৰৰ কেইচেকেণ্ডৰ পৰা মিনিটৰ ভিতৰতে প্ৰভাৱ আৰম্ভ হয় আৰু পাঁচৰ পৰা নব্বৈ মিনিটলৈকে এয়া বৰ্তি থাকে।২ নাকৰ অস্ত্ৰোপচাৰ আৰু ৰক্তক্ষৰণ হ্ৰাস হোৱাৰ দৰে কম সংখ্যক স্বীকৃত চিকিৎসাৰ বাবে ইয়াৰ ব্যৱহাৰ অনুমতি আছে।৪

মস্তিষ্কৰ যি অংশৰ ক্ৰিয়াৰ বাবে মানুহে প্ৰেৰিত অনুভৱ কৰে ইয়াৰ ওপৰত কোকেইনৰ প্ৰভাৱৰ বাবেই ই আসক্তিযুক্ত।১ ব্যৱহাৰৰ খুৱ কম সময়ৰ ভিতৰতে মানুহ ইয়াৰ প্ৰতি নিৰ্ভৰশীলহৈ পৰাৰ উচ্চ বিপদাশংকা আছে।১ ইয়াৰ ব্যৱহাৰে ষ্ট্ৰ 'ক, মায়' কাৰ্ডিয়েল ইনফাৰ্কশ্যন, ধূমপায়ীৰ হাঁওফাঁওৰ সমস্যা, তেজৰ সংক্ৰমণ আৰু আকস্মিক হৃদযন্ত্ৰৰ বিকলতাৰ আশংকাও বৃদ্ধি কৰে।১৫ পদপথত বিক্ৰী কৰা কোকেইন সাধাৰণতে স্থানীয় এনেস্থেটিক্স, কৰ্ণষ্টাৰ্ক, কুইনাইন বা চেনিৰ সৈতে মিহলি কৰা হয়, যাৰ ফলত ই অতিৰিক্ত ভাৱে বিষাক্ত হৈ পৰিব পাৰে।৬ বাৰে বাৰে কোকেইনৰ পালি ব্যৱহাৰৰ পিছত এজন ব্যক্তিৰ ইয়াৰ জড়িয়তে আনন্দ অনুভৱ কৰাৰ ক্ষমতা হ্ৰাস হ 'ব পাৰে আৰু শাৰীৰিকভাৱে অতি ভাগৰুৱা হৈ পৰিব পাৰে।১

কোকেইনে চেৰোটোনিন, ন 'ৰেপিনেফ্ৰিন আৰু ডোপামাইনৰ পুনৰ গ্ৰহণ প্ৰতিহত কৰি কাম কৰে।১ ইয়াৰ ফলত মগজুৰ এই তিনিটা নিউৰ 'ট্ৰান্সমিটাৰৰ ঘনত্বতা অধিক হয়।১ ই সহজে তেজ-মস্তিষ্কৰ বাধা অতিক্ৰম কৰিব পাৰে আৰু এই বাধাক ধ্বংস কৰিব পাৰে।৭৮ ২০১৩ চনত ৪১৯ কিলোগ্ৰাম কোকেইন আইনীভাৱে উৎপাদন কৰা হৈছিল।৯ অনুমান কৰা হৈছে যে কোকেইনৰ অবৈধ বজাৰৰ পৰা প্ৰতি বছৰে ১০০ৰ পৰা ৫০০ বিলিয়ন আমেৰিকান ডলাৰৰ আয় হয়।১ অধিক প্ৰক্ৰিয়াকৰণৰ দ্বাৰা কোকেইনৰ পৰা ক্ৰেক কোকেইন উৎপাদন কৰিব পাৰি। ১

কোকেইন হৈছে বিশ্বব্যাপী দ্বিতীয় সৰ্বাধিক ব্যৱহৃত অবৈধ ড্ৰাগ। ইয়াৰ পিছতে আছে ভাং।১০ প্ৰতি বছৰে ১৪ৰ পৰা ২১ নিযুত লোকে এই ঔষধ ব্যৱহাৰ কৰে।১ উত্তৰ আমেৰিকাত ইয়াৰ ব্যৱহাৰ সৰ্বাধিক, তাৰ পিছতে আছে ইউৰোপ আৰু দক্ষিণ আমেৰিকা।১ উন্নত বিশ্বতএকৰ পৰা তিনি শতাংশ লোকে জীৱনৰ কোনো এটা সময়ত কোকেইন ব্যৱহাৰ কৰিছে।১ ২০১৩ চনত কোকেইনৰ ব্যৱহাৰৰ ফলত প্ৰত্যক্ষভাৱে ৪,৩০০ জন লোকৰ মৃত্যু হৈছিল, ১৯৯০ চনত এই সংখ্যা আছিল ২,৪০০।১১ ইয়াৰ উৎপাদনৰ বাবে ব্যৱহৃত কোকা উদ্ভিদৰ নামেৰে নামকৰণ কৰা হৈছে।২ এই উদ্ভিদৰ পাতসমূহ প্ৰাচীন কালৰে পৰা পেৰুৱীয়সকলে ব্যৱহাৰ কৰি আহিছে।৬ ১৮৬০ চনত প্ৰথমবাৰৰ বাবে এই উদ্ভিদৰ পাতৰ পৰা কোকেইন পৃথক কৰা হৈছিল।১ ১৯৬১ চনৰ পৰা নাৰ্ক'টিক ড্ৰাগছৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় একক চুক্তিয়ে দেশসমূহক কোকেইনৰ বিনোদনমূলক ব্যৱহাৰক অপৰাধ হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনবোধ কৰিছে।১২

তথ্যসূত্ৰ

  1. ↑ (2012). Data available on the extent of cocaine use and dependence: biochemistry, pharmacologic effects and global burden of disease of cocaine abusers. Current Medicinal Chemistry. পৃ. 5647–57
  2. ↑ (October 2012). Cocaine intoxication. Critical Care Clinics. পৃ. 517–26
  3. ↑ (November 2013). Experimental treatments for cocaine toxicity: a difficult transition to the bedside. The Journal of Pharmacology and Experimental Therapeutics. পৃ. 251–7
  4. ↑ (October 2006). Cocaine: what role does it have in current ENT practice? A review of the current literature. The Journal of Laryngology and Otology. পৃ. 808–11
  5. ↑ (September 2014). Cocaine use and risk of stroke: a systematic review. Drug and Alcohol Dependence. পৃ. 1–13
  6. ↑ (January 2009). Cocaine: history, social implications, and toxicity--a review. Disease-A-Month. পৃ. 6–38
  7. ↑ (2009). Cocaine-induced breakdown of the blood-brain barrier and neurotoxicity. International Review of Neurobiology. পৃ. 297–334. ISBN 978-0-12-374504-0
  8. ↑ Karch. (2009). Karch's pathology of drug abuse. CRC Press. পৃ. 70. ISBN 978-0-8493-7881-2
  9. ↑ (2015). Narcotic Drugs 2014. International Narcotics Control Board. পৃ. 21. ISBN 9789210481571
  10. ↑ (January 2014). (Cocaine addiction: current data for the clinician). Presse Médicale. পৃ. 9–17
  11. ↑ GBD 2013 Mortality Causes of Death Collaborators. (January 2015). Global, regional, and national age-sex specific all-cause and cause-specific mortality for 240 causes of death, 1990-2013: a systematic analysis for the Global Burden of Disease Study 2013. Lancet. পৃ. 117–71
  12. ↑ (January 2012). How well do international drug conventions protect public health?. Lancet. পৃ. 84–91

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোকেইন” প্ৰবন্ধৰ সংশোধন ৬২৪৯৪৫ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।