অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

প্ৰি-এক্লাম্পছিয়া

প্ৰি-এক্লাম্পছিয়া (Pre-eclampsia) হৈছে গৰ্ভাৱস্থাৰ এক বিকাৰ। উচ্চ ৰক্তচাপৰ আৰম্ভণি আৰু প্ৰস্ৰাৱত বুজন পৰিমাণৰ প্ৰ'টিনৰ উপস্থিতিৰ দ্বাৰা ইয়াৰ চৰিত্ৰাংকণ কৰা হয়। কোনো মহিলাৰ গৰ্ভধাৰণৰ ২০ সপ্তাহ পাছতহে ইয়াৰ লক্ষণসমূহ পৰিলক্ষিত হ'বলৈ ধৰে। প্ৰি-এক্লাম্পছিয়া গুৰুতৰ হ'লে বিভিন্ন জটিলতাই দেখা দিব পাৰে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২০৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

প্ৰি-এক্লাম্পছিয়া (Pre-eclampsia) হৈছে গৰ্ভধাৰণৰ এক বিকাৰ। উচ্চ ৰক্তচাপৰ আৰম্ভণি আৰু প্ৰস্ৰাৱত বুজন পৰিমাণৰ প্ৰ'টিনৰ উপস্থিতিৰ দ্বাৰা ইয়াৰ চৰিত্ৰাংকণ কৰা হয়।১ কোনো মহিলাৰ গৰ্ভধাৰণৰ ২০ সপ্তাহ পাছতহে ইয়াৰ লক্ষণসমূহ পৰিলক্ষিত হ'বলৈ ধৰে।২৩ প্ৰি-এক্লাম্পছিয়া গুৰুতৰ হ'লে বিভিন্ন জটিলতাই দেখা দিব পাৰে। উদাহৰণস্বৰূপে, হিম'লাইছিছ (লোহিত ৰক্ত কোষৰ ভাঙন), থ্ৰম্ব'চাইট'পেনিয়া (তেজত কম পৰিমাণৰ অনুচক্ৰিকা), যকৃতৰ কাৰ্যক্ষমতা দুৰ্বল হোৱা, বৃক্ক বিকল হোৱা, এডিমা (টেমুনা), পালম'নাৰি এডিমা (হাওঁফাওঁত জমা হোৱা তৰলৰ বাবে উশাহ চুটি হোৱা) আৰু দৃষ্টি সম্বন্ধীয় বিভ্ৰান্তি।২৩ প্ৰি-এক্লাম্পছিয়াই মাতৃ আৰু ভ্ৰূণ দুয়োৰে বাবে অবাঞ্চিত ফলাফলৰ বিপদাশংকা বৃদ্ধি কৰে।৩ যদি সঠিক সময়ত ইয়াৰ চিকিৎসা কৰা নহয়, ইয়াৰ ফলত এপিলেপ্টিক চিজাৰ হ'ব পাৰে। এপিলেপ্টিক চিজাৰৰ আৰম্ভণিক এক্লাম্পছিয়া বুলি কোৱা হয়।২

প্ৰি-এক্লাম্পছিয়াৰ বিপদাশংকাৰ কাৰকসমূহ হৈছে মেদবহুলতা, আগতীয়া উচ্চ ৰক্তচাপ, বৃদ্ধ বয়স আৰু বহুমূত্ৰ ৰোগ।২ সাধাৰণতে এগৰাকী মহিলাৰ প্ৰথম গৰ্ভধাৰণত আৰু যদিহে তেওঁ গৰ্ভত যমজ সন্তান কঢ়িয়াইছে, তেনে ক্ষেত্ৰতো সচৰাচৰ প্ৰি-এক্লাম্পছিয়া হোৱা দেখা যায়।২ প্ৰি-এক্লাম্পছিয়া উৎপত্তিৰ মুখ্য কাৰকসমূহৰ ভিতৰত অস্বাভাৱিক জননফুল অন্যতম।২ বেছিভাগ ৰোগীৰ ক্ষেত্ৰত সন্তান প্ৰসৱৰ আগতহে ৰোগ ধৰা পৰে। সাধাৰণতে প্ৰি-এক্লাম্পছিয়া প্ৰসৱোত্তৰ ঋতুশ্ৰাৱলৈ অব্যাহত থাকে আৰু তাৰ পাছতো অব্যাহত থাকিলে ইয়াক প্ৰসৱোত্তৰ প্ৰি-এক্লাম্পছিয়া বুলি কোৱা হয়।৪৫ প্ৰসৱোত্তৰ প্ৰি-এক্লাম্পছিয়া কাচিৎহে হোৱা দেখা যায়।৩ ৰোগ নিৰ্ণয় কৰিবলৈ উচ্চ ৰক্তচাপ আৰু প্ৰস্ৰাৱত বুজন পৰিমাণৰ প্ৰ'টিন থকাটো প্ৰয়োজনীয় যদিও কিছুমান উৎস অনুসৰি উচ্চ ৰক্তচাপৰ লগতে শৰীৰৰ অন্য অংগ বিকল হোৱা লোকো প্ৰি-এক্লাম্পছিয়াৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে।৩৬ দুটা ভিন্ন সময়ত এজন মানুহৰ শৰীৰৰ ৰক্তচাপ ১৪০ mmHg ছিষ্ট'লিক বা ৯০ mmHg ডায়াষ্ট'লিকতকৈ বৃদ্ধি হ'লে তাক উচ্চ ৰক্তচাপ বুলি সংজ্ঞাবদ্ধ কৰা হয়।৩ প্ৰসৱৰ পূৰ্বে লোৱা যত্নৰ সময়ত প্ৰি-এক্লাম্পছিয়া নিয়মীয়াকৈ পৰীক্ষা কৰা হয়।৭৮

প্ৰি-এক্লাম্পছিয়া প্ৰতিৰোধ কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই এলানি পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ ভিতৰত উচ্চ বিপদাশংকা থকা মহিলাৰ ক্ষেত্ৰত এছপিৰিনৰ ব্যৱহাৰ, পৰিপুষ্টি লাভ নকৰা মহিলাক গৰ্ভাৱস্থাত থকা সময়ছোৱাত কেলচিয়াম চাপ্লিমেণ্টৰ যোগান ধৰা আৰু ঔষধৰ সহায়ত আগতীয়া উচ্চ ৰক্তচাপৰ চিকিৎসা কৰা আদি অন্যতম।৯ প্ৰি-এক্লাম্পছিয়াত আক্ৰান্ত মহিলাসকলৰ বাবে অতি উত্তম চিকিৎসা হৈছে জননফুল (প্লেচেণ্টা) আৰু সন্তানৰ প্ৰসৱ। অৱশ্যে সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিবলৈ দিনৰ পৰা সপ্তাহো লাগি যাব পাৰে।৪ সন্তান প্ৰসৱ কেতিয়া উপযোগী হ'ব সেয়া নিৰ্ভৰ কৰে প্ৰি-এক্লাম্পছিয়া কিমান গুৰুতৰ হৈছে আৰু মহিলা গৰাকীয়ে গৰ্ভধাৰণৰ কোনখিনি সময়ত উপস্থিত হৈছে তাৰ ওপৰত। সন্তান প্ৰসৱৰ আগত মহিলাগৰাকীৰ অৱস্থা উন্নত কৰিবলৈ উচ্চ ৰক্তচাপৰ ঔষধ, যেনে লাবিটাল'ল আৰু মিথাইলড'পা, ব্যৱহাৰ কৰিব পৰা যায়।১০ প্ৰি-এক্লাম্পছিয়াত গুৰুতৰভাৱে আক্ৰান্ত মহিলাসকলক এক্লাম্পছিয়াৰ পৰা প্ৰতিৰোধ কৰিবলৈ মেগনেছিয়াম ছালফেট ব্যৱহাৰ কৰিব পৰা যায়। অত্যধিক বিশ্ৰাম, লৱণযুক্ত খাদ্যৰ সীমিত ব্যৱহাৰ আদি প্ৰি-এক্লাম্পছিয়াৰ চিকিৎসাৰ বাবে উপযোগী নহয় আৰু প্ৰতিৰোধৰ ক্ষেত্ৰতো ই বিশেষ ভূমিকা গ্ৰহণ নকৰে।৩

প্ৰি-এক্লাম্পছিয়াই গোটেই বিশ্বজুৰি প্ৰায় ২–৮% গৰ্ভৱতী মহিলাক প্ৰভাৱিত কৰিছে। গৰ্ভধাৰণৰ হাইপাৰটেনছিভ বিকাৰ (প্ৰি-এক্লাম্পছিয়াকে ধৰি) গৰ্ভধাৰণৰ ফলত হোৱা মৃত্যুৰ অতি সাধাৰণ কাৰণসমূহৰ ভিতৰত অন্যতম।১০ ২০১৫ চনত ইয়াৰ ফলত ৪৬,৯০০ গৰাকী মহিলাৰ মৃত্যু হয়।১১ সাধাৰণতে গৰ্ভধাৰণৰ ৩২ সপ্তাহ পাছত প্ৰি-এক্লাম্পছিয়া হোৱা দেখা যায়। অৱশ্যে যদি ইয়াৰ আগতে কোনো মহিলাই প্ৰি-এক্লাম্পছিয়াত আক্ৰান্ত হয়, তেন্তে ইয়াৰ ফলাফল বেছিকৈ বেয়াৰ ফালে ঢাল খায়।১০ প্ৰি-এক্লাম্পছিয়া হৈ যোৱা মহিলাসকলৰ জীৱনৰ পৰৱৰ্তী সময়ছোৱাত হৃদপিণ্ডৰ অসুখ অথবা ষ্ট্ৰ'ক হোৱাৰ বিপদাশংকা বৃদ্ধি হয়।৭

"এক্লাম্পছিয়া" শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে যাৰ অৰ্থ হৈছে বজ্ৰপাত।১২ খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাত হিপ'ক্ৰেটিছে প্ৰথমবাৰৰ বাবে প্ৰি-এক্লাম্পছিয়াৰ বৰ্ণনা আগবঢ়াইছিল বুলি জনা যায়।১২

তথ্যসূত্ৰ

  1. ↑ (2013). Hypertension in pregnancy. ACOG. পৃ. 2. ISBN 9781934984284
  2. ↑ (February 2014). A brief overview of preeclampsia. Journal of Clinical Medicine Research. পৃ. 1–7
  3. ↑ American College of Obstetricians Gynecologists; Task Force on Hypertension in Pregnancy. (November 2013). Hypertension in pregnancy. Report of the American College of Obstetricians and Gynecologists' Task Force on Hypertension in Pregnancy. Obstetrics and Gynecology. পৃ. 1122–31
  4. ↑ (2018-08-14). Trusted Health Sites Spread Myths About a Deadly Pregnancy Complication. ProPublica
  5. ↑ (2017-05-12). The Last Person You'd Expect to Die in Childbirth. ProPublica. ProPublica]
  6. ↑ (2014). Preeclampsia: an update. Acta Anaesthesiologica Belgica. পৃ. 137–49
  7. ↑ (August 2010). Pre-eclampsia. Lancet. পৃ. 631–44
  8. ↑ (April 2017). Screening for Preeclampsia: US Preventive Services Task Force Recommendation Statement. JAMA. পৃ. 1661–1667
  9. ↑ (May 2014). Low-dose aspirin for prevention of morbidity and mortality from preeclampsia: a systematic evidence review for the U.S. Preventive Services Task Force. Annals of Internal Medicine. পৃ. 695–703
  10. ↑ (December 2013). Severe pre-eclampsia and hypertensive crises. Best Practice & Research. Clinical Obstetrics & Gynaecology. পৃ. 877–84
  11. ↑ (October 2016). Global, regional, and national life expectancy, all-cause mortality, and cause-specific mortality for 249 causes of death, 1980-2015: a systematic analysis for the Global Burden of Disease Study 2015. Lancet. পৃ. 1459–1544
  12. ↑ (2006). Advanced Therapy in Hypertension and Vascular Disease. PMPH-USA. পৃ. 407–408. ISBN 9781550093186

সম্পৰ্কিত শ্ৰেণী

নাৰীৰ স্বাস্থ্যৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰি-এক্লাম্পছিয়া” প্ৰবন্ধৰ সংশোধন ৬২৪০৬৯ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।