কিট’নিউৰিয়া হৈছে প্ৰস্ৰাৱত কিট’ন বডি থকা এক চিকিৎসাজনিত অৱস্থা।
এনে পৰিস্থিতিত শৰীৰে শক্তিৰ বিকল্প উৎস ব্যৱহাৰ কৰাৰ ইংগিত হিচাপে অতিৰিক্ত কিট’ন উৎপন্ন কৰা দেখা যায়। উপবাসৰ সময়ত বা বেছিকৈ টাইপ ওৱান ডায়েবেটিছ মেলিটাছত ইয়াক দেখা যায়। গ্লুক’জৰ অভাৱৰ বাবে কিট’ন বডিৰ উৎপাদন এক স্বাভাৱিক প্ৰতিক্ৰিয়া, যাৰ অৰ্থ হৈছে ফেটি এচিডৰপৰা ইন্ধনৰ বিকল্প উৎস প্ৰদান কৰা।
পেথ’ফিজিঅ’লজি
কিটন হৈছে ফেটি এচিড বিপাকীয় ক্ৰিয়াৰ বিপাকীয় শেষ উৎপাদন। সুস্থ ব্যক্তিৰ ক্ষেত্ৰত যকৃৎত কিট’ন গঠন হয় আৰু সম্পূৰ্ণৰূপে বিপাকীয় ক্ৰিয়া হয় যাতে প্ৰস্ৰাৱত নগণ্য পৰিমাণহে দেখা দিয়ে। কিন্তু যেতিয়া কাৰ্বহাইড্ৰেট উপলভ্য নহয় বা শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি তেতিয়া কাৰ্বহাইড্ৰেটৰ পৰিৱৰ্তে চৰ্বি প্ৰধান শৰীৰৰ ইন্ধন হৈ পৰে আৰু বিপাকীয় উপজাত হিচাপে অত্যধিক পৰিমাণৰ কিট’ন গঠন হয়। প্ৰস্ৰাৱত কিট’নৰ মাত্ৰা অধিক হ’লে শৰীৰে শক্তিৰ প্ৰধান উৎস হিচাপে চৰ্বি ব্যৱহাৰ কৰা বুলি সূচায়।
শৰীৰত শক্তিৰ বাবে চৰ্বি জ্বলোৱাৰ সময়ত সাধাৰণতে প্ৰস্ৰাৱত দেখা দিয়া কিটন বডি হ’ল এচিট’এচিটেট আৰু বিটা-হাইড্ৰক্সিবুটাইৰিক এচিড। এচিটনও উৎপন্ন হয় আৰু হাওঁফাওঁৰ দ্বাৰা নিষ্কাশন হয়।১ সাধাৰণতে প্ৰস্ৰাৱত ইতিবাচক ৰিডিং দিবলৈ লক্ষণীয় ঘনত্বৰ কিট’ন থাকিব নালাগে। গ্লুক’জৰ পৰীক্ষাৰ দৰেই এচিট’এচিটেটকো ডিপষ্টিক বা লেবৰ দ্বাৰা পৰীক্ষা কৰিব পাৰি। ইয়াৰ ফলাফল কম, মধ্যমীয়া বা বৃহৎ পৰিমাণৰ এচিট’এচিটেট বুলি কোৱা হৈছে। সামান্য পৰিমাণৰ এচিট’এচিটেটৰ মান ২০ মিলিগ্ৰাম/ডেচিলিটাৰৰ তলৰ; মধ্যমীয়া পৰিমাণৰ মান ৩০–৪০ মিলিগ্ৰাম/ডেচিলিটাৰ আৰু ৮০ মিলিগ্ৰাম/ডেচিলিটাৰ বা তাতকৈ অধিক পোৱাটো বৃহৎ পৰিমাণ বুলি কোৱা হয়।
২০১০ চনৰ এটা অধ্যয়নে স্বীকাৰ কৰিছে যে যদিও সাধাৰণ বিপাকীয় স্বাস্থ্যৰ সৈতে কিট’নিউৰিয়াৰ সম্পৰ্ক ভালদৰে বুজি উঠা হোৱা নাই, উপবাসৰ পিছত কেট'নিউৰিয়াৰ উপস্থিতি আৰু ইতিবাচক বিপাকীয় স্বাস্থ্যৰ মাজত ইতিবাচক সম্পৰ্ক আছে।২
তথ্যসূত্ৰ
- ↑ Detection of Ketones and Monitoring of Diabetic Ketoacidosis-cov-7
- ↑ Nam-Seok J. (December 2010). Ketonuria after Fasting may be Related to the Metabolic Superiority. J Korean Med Sci. পৃ. 1771–1776
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিট’নিউৰিয়া” প্ৰবন্ধৰ সংশোধন ৬২৬২৫২ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।