কুৰ্মালী, কুড়মালী বা পঞ্চপৰগনিয়া এটি পূৰ্বী ভাৰতীয় আৰ্য ভাষা যি বিহাৰী উপ-গোটৰ অন্তৰ্গত।১ ই এটি বাণিজ্যিক উপভাষা যি ঝাৰখণ্ডৰ পাঁচ পৰগণাত ব্যৱহাৰ কৰা হয়, যাৰ বাবে এই ভাষাক পঞ্চপৰগনিয়া নামেৰেও জনা যায়। কুৰ্মালী ভাষী লোকৰ সংখ্যা প্ৰায় ৫.৫ লাখ যাৰে সৰহসংখ্যক ভাৰতৰ ঝাৰখণ্ড, উৰিষ্যা আৰু পশ্চিমবংগত বাস কৰে। তদুপৰি, অসমৰ চাহ বাগানসমূহতো এই ভাষা কোৱা ভালেসংখ্যক লোক আছে।২ গৱেষকৰ মতে কুৰ্মালীয়েই সম্ভৱতঃ চৰ্যাপদত ব্যৱহৃত সান্ধ্য ভাষাৰ নিকটতম্ আধুনিক ভাষা।৩ অনেকে কুৰ্মালীক ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় আহিছে।৪
ভৌগোলিক বিতৰণ
কুৰ্মালী ভাষা মুখ্যতঃ ভাৰতৰ পূব অঞ্চলৰ তিনিখন ৰাজ্যত ব্যৱহাৰ কৰা হয়: ঝাৰখণ্ডৰ দক্ষিণ-পূব দিশে, উৰিষ্যাৰ ময়ূৰভঞ্জ, বালাসোৰ, কেণ্ডুঝৰ, জজপুৰ আৰু সুন্দৰগঢ়ত আৰু পশ্চিমবংগৰ দক্ষিণ-পশ্চিম তথা উত্তৰ দিশে। এই কেন্দ্ৰীয় অঞ্চলৰ উপৰিও অসমৰ ওদালগুৰি, আৰু কম সংখ্যাত কাছাৰ, শান্তিপুৰ আৰু নগাওঁ চহৰত তথা মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ আৰু গডচিৰোলীতো এই ভাষা কোৱা হয়। কিছু সংখ্যক ব্যৱহাৰকাৰী উত্তৰ প্ৰদেশ, বিহাৰ, বাংলাদেশ আৰু নেপালতো আছে।৫৬৭৮৯৭
ব্ৰিটিছ ৰাজৰ সময়ত এই ভাষাক মুখ্যতঃ পঞ্চপৰগনিয়া নামেৰেই জনা গৈছিল: বুন্দু, বৰেন্দা, সোণাহতু, সিলি আৰু তমৰ নামৰ পাঁচ অঞ্চলত মুখ্যতঃ ব্যৱহৃত হোৱাৰ বাবে।১০
, 1903]]
২০১১ চনৰ ভাৰতৰ জনগণনা অনুযায়ী পশ্চিমবংগ, উৰিষ্যা, অসম আৰু মহাৰাষ্ট্ৰত ৩১১১৭৫ কুৰ্মালী থৰ ভাষী লোক আৰু ঝাৰখণ্ডত ২৪৪,৯১৪ পঞ্চপৰগনিয়া ভাষী লোক আছিল, যাক যোগ কৰিলে ৫৫৬,০৮৯জন কুৰ্মালী ভাষী লোক পোৱা যায়।১১ জনগণনাত এই ভাষাক "হিন্দী ভাষাগোট"ৰ অন্তৰ্গত ৰখা হৈছে।১২ উল্লেখ্য যে কুৰ্মালী থৰ আৰু পঞ্চপৰগনিয়া কুৰ্মালীৰেই দুটি উপভাষা।১২ নেপালত ২৭৭জন কুৰ্মালী ভাষী লোক আছে।৮
ভাষাটোৰ বৈষম্য
প্ৰকাৰ
লগতে চাওক: Manbhumi dialect
কুৰ্মালী ভাষা মৌখিকভাৱে এটি প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ হস্তান্তৰিত হৈ আহিছে। অন্য ভাৰতীয়-আৰ্য ভাষাৰ প্ৰভাৱৰ বাবে এই ভাষা মান্যীকৃত হোৱা নাউ। সেয়ে ভিন ভিন লোকে ভিন ভিন ৰূপত এই ভাষা ব্যৱহাৰ কৰে। অঞ্চল অনুযায়ী কওঁতাসকলক সিংহভুম, ঢলভুম, ৰাঁচী, মনভুম, ময়ূৰভঞ্জ নামৰ মুখ্য গোটত ভাগ কৰিব পৰা যায়।১৩ এই প্ৰকাৰসমূহৰ পৰস্পৰৰ মাজৰ শাব্দিক সামঞ্জস্য ৫৮ৰ পৰা ৮৯ শতাংশ।২
| +আঞ্চলিক প্ৰকাৰ১২ | অসমীয়া ভাষাত | ঢলভুল কুৰ্মালীত | ময়ূৰভঞ্জ কুৰ্মালীত | মনভুম কুৰ্মালীত |
| তেওঁ এইটো ভাল পায়। | Oẽ iTa pOsOnd kOrOt. | U iTa pOsOnd kare. | Oẽ iTa pOsOnd kOrEi. | |
| এগৰাকী ব্যক্তি বহি আছে। | ek lOke bOise ahe. | ek lok bOsinchhe. | ek lok gObchOlahe. | |
| সকলোকে আমন্ত্ৰণ দিয়া। | Okhrak sObke neuta de deo. | arā sObuke neuta/ khabar diyan deo. | Okhrake sobhekaike neuta dei deliOn. | |
| গুটিৰ পৰা গছ হয়। | muji lẽ gach hek. | muji lẽ gach haye. | Bihin lẽ gach heuEik. | |
| গৰুবোৰ পথাৰত চৰিছে। | gOru gila bai dẽ cOrOhOt. | gOru gila bai dẽ cOrchhen. | gOru gilin taiNdẽ cOrOhOt. | |
| তুমি স্কুল যোৱা নাই। | tÕe iskulẽ ni jais. | tuiñ iskulẽ na jais. | tÕe iskulẽ nihi jais. | |
| তেওঁ কামলৈ নগ'ল। | Õe kamTa ni kOrlak. | U kamTa nai kærla. | Õe kamTa nihi kOllak. | |
| মোৰ ঘৰকৈ যোৱা। | mOr gharke ke ja. | hamar gharke ke ja. | Moi Ghar jaho. |
সংখ্যা
কিছুমান কুৰ্মালী সংখ্যা হ'ল:
| অসমীয়া | Kurmali (Old) | Kurmali (Current) |
|---|---|---|
| ১ | eRi | ek |
| ২ | dORi/duhuñ | dui |
| ৩ | ghurOin | tin |
| ৪ | chail/gONda | caer |
| ৫ | cOmpa | pãc |
| ৬ | jheig | chO |
| ৭ | sutOil | sat |
| 8 | aaThoi | aTh |
| ৯ | nomi | nO |
| ১০ | baNri | dOs |
| ২০ | khonRi/khonDi | kuRie |
| ৪০ | mOn | dui kuRie |
ব্যৱহাৰ
ভাৰতত ৫৫৫৪৬৫জন কুৰ্মালী ভাষী লোক আছে।১১ ভাষাটোৰ থলুৱা ভাষী লোক কুৰ্মী, যি এই ভাষাৰ মুখ্য ব্যৱহাৰকাৰী। পিপল অৱ ইণ্ডিয়া (১৯৯২)ৰ মতে দুটি অনুসূচিত জনগোষ্টী আৰু এটি অনুসূচিত জনজাতি মিলাই, বেদিয়া, বগল, ধৰুৱা, দোম, কমৰ আদি ১০ গোটে এই ভাষাক মাতৃভাষা জ্ঞান কৰে।১৪১৫ তদুপৰি ভূমিজ, হো, খৰিয়া আদি দ্বিভাষী অনেক গোটেও এই ভাষা কয়।১৬৭
বন্দনা, তুসু, কৰম পূজা আৰু ঝুমইৰ আদি উৎসৱত এই ভাষাৰ গীত প্ৰায় ব্যৱহাৰ কৰা হয়। ঝুমুৰ গীত ইয়াৰ উদাহৰণ।
তথ্য সংগ্ৰহ
গ্ৰন্থসূচী
- Grierson, G.A. (1903). Part II. Specimens of Bihari and Oriya languages. Linguistic survey of India. Government Printer, India. পৃ. 145–157
- Prasad, Bishwa Nath; Shastri, Sudhakar Jha. (1958). Linguistic survey of the Sadar subdivision of Manbhum and Dhalbhum (Singhbhum)
আৰু পঢ়ক
- SINGH, GYANESHWAR. (25 November 2020). Historical Perspective of Kurmali Language. Blue Rose Publishers
- Majumder, Arup. (5 June 2018). Kurmali Kinship Terms and Its Morphology: An Anthropo-linguistic Study. Jadavpur Journal of Languages and Linguistics. পৃ. 38–48
- Dash, Biswanandan. (5 August 2014). Kurmali noun morphology. An inflectional study on gender and number. ISBN 978-3-656-71900-7
তথ্যসূত্ৰ
- ↑ Alam, Qaiser Zoha. (1996). Language and Literature: Divers Indian Experiences. Atlantic Publishers & Dist. ISBN 978-81-7156-586-3
- ↑ Kudmali. Ethnologue
- ↑ Basu, Sajal. (1994). Jharkhand movement: ethnicity and culture of silence. পৃ. 25, 34. ISBN 9788185952154
- ↑ Constitutional provisions relating to Eighth Schedule
- ↑ C-16 POPULATION BY MOTHER TONGUE. censusindia.gov.in
- ↑ প্ৰতিনিধি. মাহাতোদেৰ মাতৃভাষা ও সংস্কৃতিচৰ্চায় কুড়মালি পাঠশালাৰ উদ্বোধন. Prothomalo
- ↑ Keduar, N. C. (2016). कुड़माली भाषा शिक्षण एवं साहित्य. Shivangan Publication. পৃ. 4. ISBN 9788193221587
- ↑ (2014). POPULATION MONOGRAPH OF NEPAL. nepal.unfpa.org. Central Bureau of Statistics, Govt. of Nepal. পৃ. 60, 166. ISBN 9789937289726
- ↑ (November 2012). National Population and Housing Census 2011 (National Report). cbs.gov.np. Government of Nepal National Planning Commission Secretariat. পৃ. 166
- ↑ Paudyal, Netra P.; Peterson, John. (1 September 2020). How one language became four: the impact of different contact-scenarios between "Sadani" and the tribal languages of Jharkhand. Journal of South Asian Languages and Linguistics. পৃ. 275–306
- ↑ Statement 1: Abstract of speakers' strength of languages and mother tongues – 2011. www.censusindia.gov.in. Office of the Registrar General & Census Commissioner, India
- ↑ Ghosh, Tapati. Kurmali Thar. lsi.gov.in
- ↑ Kudmali and its Impending Challenges. soas.ac.uk. SOAS University of London
- ↑ Singh, K. S. (1992). People of India. Anthropological Survey of India. পৃ. 220. ISBN 978-81-85579-09-2
- ↑ Saha, Atanu. (28 July 2018). Census and the Aspects of Growth and Development of Bangla vs. Bangla-Hindi Bilingualism-With Special Focus on West Bengal. Language in India
- ↑ OLAC resources in and about the Kudmali language. www.language-archives.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুৰ্মালী ভাষা” প্ৰবন্ধৰ সংশোধন ৩৯৭৮১৮ (১৬ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।