অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আমাৰ প্ৰতিনিধি

আমাৰ প্ৰতিনিধি কলিকতাৰ পৰা প্ৰকাশ পোৱা বিবিধ বিষয় সন্নিৱিষ্ট, অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী৷ আলোচনীখন আৰম্ভ হৈছিল ১৯৬০ চনত কলিকতাৰ “শ্ৰীভূমি পাব্লিছিং কোম্পানী’’ৰ তত্ত্বাৱধানত৷ ন-পুৰণি প্ৰগতিশীল লেখকৰ চিন্তাশীল প্ৰবন্ধ, গল্প, নাটক, কবিতাৰে সমৃদ্ধ “আমাৰ প্ৰতিনিধি’’য়ে ঘাইকৈ নতুনচাম লেখকক…

হালনাগাদ: ৬ জুলাই ২০২৪ ৪৪০ শব্দ · ২ মিনিট সংগৃহীত ৪৪
সংশোধনৰ পৰামৰ্শ

আমাৰ প্ৰতিনিধি কলিকতাৰ পৰা প্ৰকাশ পোৱা বিবিধ বিষয় সন্নিৱিষ্ট, অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী৷ আলোচনীখন আৰম্ভ হৈছিল ১৯৬০ চনত কলিকতাৰ “শ্ৰীভূমি পাব্লিছিং কোম্পানী’’ৰ তত্ত্বাৱধানত৷ ন-পুৰণি প্ৰগতিশীল লেখকৰ চিন্তাশীল প্ৰবন্ধ, গল্প, নাটক, কবিতাৰে সমৃদ্ধ “আমাৰ প্ৰতিনিধি’’য়ে ঘাইকৈ নতুনচাম লেখকক অগ্ৰাধিকাৰ দিছিল৷ এই আলোচনীখনৰ প্ৰথমগৰাকী সম্পাদক আছিল, পদ্ম বৰকটকী৷ কলিকতাৰ উপৰি অসমৰ গুৱাহাটীতো “আমাৰ প্ৰতিনিধি’’ৰ এটা কাৰ্যালয় আছিল৷ ১

আমাৰ প্ৰতিনিধিৰ আৰু অৰুণ পুৰকায়স্থ

অৰুণ পুৰকায়স্থ কলিকতাৰ এগৰাকী প্ৰতিষ্ঠিত গ্ৰন্থ প্ৰকাশক৷ “শ্ৰীভূমি পাব্লিছিং কোম্পানী’’ অৰুণ পুৰকায়স্থৰে প্ৰতিষ্ঠান৷ তেওঁ অসমৰ কাছাৰ জিলাৰ লোক আছিল৷ পুৰকায়স্থৰ উদ্গনিতে অসমৰ কেইবাগৰাকীও লেখকৰ গ্ৰন্থই প্ৰকাশৰ মুখ দেখা পাইছিল আৰু ৰহস্য চিৰিজ “দস্যু ভাস্কৰ’’ৰো প্ৰকাশকো আছিল ব্যক্তিয়েই৷ ইয়াৰ পিছত তেওঁ “আমাৰ প্ৰতিনিধি’’ নামৰ আলোচনীখন উলিওৱাৰ কথা মনলৈ আনে আৰু সেইসময়ত কলিকতাত থকা পুৰকায়স্থৰ ঘনিষ্ঠ ব্যক্তি সাহিত্যিক পদ্ম বৰকটকীক সম্পাদকৰ দায়িত্ব দিয়ে৷২

আমাৰ প্ৰতিনিধি আৰু পদ্ম বৰকটকী

পদ্ম বৰকটকীৰ সম্পাদনাত প্ৰথম বছৰ এটা আৰু দ্বিতীয় বছৰত দুটা সংখ্যা প্ৰকাশ পোৱাৰ পিছত আলোচনীখন মাহেকীয়া হিচাপে উলিওৱাৰ সিদ্ধান্ত লোৱা হয়৷ সেইসময়ত ভূপেন হাজৰিকা, ৰত্ন ওজা, হেমাং বিশ্বাস, ত্ৰৈলোক্য দত্ত আদি কেইবাগৰাকী শিল্পী সাহিত্যৰ সৈতে জড়িত ব্যক্তি কলিকতাত থকাগুণে বৰকটকীৰ এইক্ষেত্ৰত সুবিধা হৈছিল আৰু তেওঁ এই লোকসকলক “আমাৰ প্ৰতিনিধি’’ৰ লগত জড়িত কৰাৰ উপায় চিন্তা কৰি “শিল্পীৰ পৃথিৱী’’ আৰু “অকণিৰ আমাৰ প্ৰতিনিধি’’ নামে দুটা শিতান খোলে আৰু তাত ক্ৰমে ভূপেন হাজৰিকা আৰু ৰত্ন ওজাক সম্পাদনাৰ দায়িত্ব দিয়ে৷ পদ্ম বৰকটকীৰ কৌশলী বুদ্ধি আৰু পুৰকায়স্থৰ ব্যৱসায়িক দূৰদৰ্শিতাৰ ফলত “আমাৰ প্ৰতিনিধি’’ বৰ জনপ্ৰিয় আলোচনীত পৰিণত হৈছিল৷ সেইসময়ত আমাৰ প্ৰতিনিধিৰ লেখক সকলৰ ভিতৰত উল্লেখযোগ্য আছিল, ড° বিৰিঞ্চিকুমাৰ বৰুৱা, ড° প্ৰফুল্লদত্ত গোস্বামী, ডিম্বেশ্বৰ নেওগ, চৈয়দ আব্দুল মালিক, বেণুধৰ শৰ্মা, হেমাঙ্গ বিশ্বাস, কেশৱ মহন্ত আদি সাহিত্যিক সকল৷৩

আমাৰ প্ৰতিনিধি আৰু ভূপেন হাজৰিকা

কেইটামান বছৰ আমাৰ প্ৰতিনিধি প্ৰকাশ হোৱাৰ পিছত হঠাৎ পদ্ম বৰকটকী আমেৰিকালৈ যাবলগীয়া হোৱাত সাময়িকভাবে ভূপেন হাজৰিকাৰ ওপৰতে সম্পাদকৰ দায়িত্ব দিয়া হ’ল৷ পিছলৈ ভূপেন হাজৰিকাই স্থায়ী সম্পাদক নিয়োজিত হয় ৷ তেওঁ পুলক গগৈ আৰু পৱিত্ৰ কুমাৰ ডেকাক সম্পাদনা কাৰ্যত অন্তৰ্ভুক্ত কৰি ল’লে৷ সেইসময়ত পবিত্ৰ কুমাৰ ডেকা “আছাম ত্ৰিবিউন’’ত চাকৰি কৰি থকাৰ বাবে পৱিত্ৰ কুমাৰ ডেকাই গুৱাহাটীত থাকিয়েই “আমাৰ প্ৰতিনিধি’’ৰ কাম কৰাটো আৰু মাহিলী ২৫০টকা মাননি দিয়াটো ঠিক হ’ল৷ আমাৰ প্ৰতিনিধিত কেবাটাও আকৰ্ষণীয় শিতান খোলা হ’ল৷ শিল্পীৰ পৃথিৱী, সহস্ৰজনে মোক প্ৰশ্ন কৰে, ৰসেশ্বৰ হাজৰিকাৰ চিঠি, বিজ্ঞান চ’ৰা, অৰ্থশাস্ত্ৰীৰ চ’ৰা, মহিলা চ’ৰা আদি জনপ্ৰিয় হৈ উঠিল৷ পূজা সংখ্যা, বিহু সংখ্যা আলোচনীৰ বিক্ৰী বৃদ্ধি হ’ল৷ “নাটঘৰ/ছবিঘৰ’’ শিতানত আলোচনা কৰা “বাটৰ নাট’’ ৰূপায়ন অসমীয়া নাট জগতৰ এক নতুন পদক্ষেপ আছিল৷ ৪৫

আমাৰ প্ৰতিনিধিৰ সমাপ্তি

১৯৬৯ চনৰ পৰা ১৯৮০ চনলৈ আমাৰ প্ৰতিনিধি চলাৰ পিছত আলোচনীখনৰ বিক্ৰী হঠাত বন্ধ হৈ যোৱাত প্ৰকাশকে লোকচান ভৰিবলগীয়া হ’ল আৰু আলোচনীখনৰ প্ৰকাশ বন্ধ কৰি দিয়া হ’ল৷ অসম আন্দোলন চলি থকাৰ সময়তে আলোচনীখনৰ “অৰ্থশাস্ত্ৰী চ’ৰা’’ত ড° অমলেন্দু গুহৰ “আইনৰ চকুত বিদেশী কোন’’ আৰু “অসম নমৰে আমিও নমৰোঁ’’ শীৰ্ষক লেখা দুটা পঢ়ি তেনে লেখাই আন্দোলনটোক বিপথে পৰিচালিত কৰিব বুলি কৌশলেৰে আলোচনীখনৰ বিক্ৰী বন্ধ কৰি দিয়া হ’ল৷ আন্দোলনৰ সময়ত ব’হাগ বিহু সংখ্যাৰ বহু পাৰ্ছেল এজেণ্টসকলে গ্ৰহণ নকৰি ওভোতাই পঠিওৱাৰ ফলত, স্বত্বাধিকাৰীয়ে যথেষ্ট লোকচানৰ সম্মুখীন হয় আৰু আলোচনীখনৰ প্ৰকাশ বন্ধ কৰি দিয়ে৷ ৬

তথ্যসূত্ৰ

  1. ↑ অসমৰ সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন, প্ৰসন্ন কুমাৰ ফুকন, পৃ:নং; ৬৬, প্ৰকাশক অশ্বিনীকুমাৰ বৰঠাকুৰ, মধুপ্ৰকাশ
  2. ↑ আমাৰ প্ৰতিনিধি’ৰ স্বৰ্ণিল কুৰিটা বছৰ, লোকনাথ গোস্বামী, সাতসৰী, জানুৱাৰী, ২০২২
  3. ↑ আমাৰ প্ৰতিনিধি’ৰ স্বৰ্ণিল কুৰিটা বছৰ, লোকনাথ গোস্বামী, সাতসৰী, জানুৱাৰী, ২০২২
  4. ↑ অসমৰ সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন, প্ৰসন্ন কুমাৰ ফুকন, পৃ:নং; ৬৬, প্ৰকাশক অশ্বিনীকুমাৰ বৰঠাকুৰ, মধুপ্ৰকাশ
  5. ↑ আমাৰ প্ৰতিনিধি’ৰ স্বৰ্ণিল কুৰিটা বছৰ, লোকনাথ গোস্বামী, সাতসৰী, জানুৱাৰী, ২০২২
  6. ↑ আমাৰ প্ৰতিনিধি’ৰ স্বৰ্ণিল কুৰিটা বছৰ, লোকনাথ গোস্বামী, সাতসৰী, জানুৱাৰী, ২০২২

সম্পৰ্কিত শ্ৰেণী

অসমীয়া আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমাৰ প্ৰতিনিধি” প্ৰবন্ধৰ সংশোধন ৪২৪৯১৭ (৬ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।