অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

গঙা চিলনীৰ পাখি (উপন্যাস)

গঙা চিলনীৰ পাখি (Ganga Silonir Pakhi) হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত এখন উপন্যাস। ১৯৬৫ চনত প্ৰকাশিত হোৱা এই উপন্যাসখনৰ আধাৰত ছবি-নিৰ্মাতা পদুম বৰুৱাই ১৯৭৬ চনত একে নামেৰে এখনি অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।

হালনাগাদ: ১০ মে’ ২০২৩ ২৭৩ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

গঙা চিলনীৰ পাখি (Ganga Silonir Pakhi) হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত এখন উপন্যাস। ১৯৬৫ চনত প্ৰকাশিত হোৱা এই উপন্যাসখনৰ আধাৰত ছবি-নিৰ্মাতা পদুম বৰুৱাই ১৯৭৬ চনত একে নামেৰে এখনি অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।১

গ্ৰন্থকাৰৰ চমু পৰিচয়

মূল প্ৰবন্ধ: লক্ষ্মীনন্দন বৰা

লক্ষ্মীনন্দন বৰা (জন্ম: ১ মাৰ্চ, ১৯৩২- ৩ জুন ২০২১) এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। ৰামধেনু যুগত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰি তেখেতে পিছলৈ উপন্যাস ৰচনাতো হাত দিয়ে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰা বৰাই ১৯৮৮ চনত পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেতে ১৯৯৬ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিবেশনত সভাপতিৰ আসন শুৱনি কৰিছিল। তেওঁক ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়। কাল বলুকাত খোজ তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ। তেওঁ গৰীয়সী আলোচনীৰ সম্পাদক আছিল।

উপন্যাসৰ সংক্ষিপ্ত বিৱৰণ

সোণাইৰ ঘাটত বাসন্তী আৰু ধনঞ্জয়ৰ মাজত আৰম্ভ হোৱা এটি প্ৰেম কাহিনীৰে উপন্যাসৰ মূল কাহিনীভাগ আগবাঢ়ে। কিন্তু বাসন্তীৰ ককায়েক ভোগৰামে অসৎ উপায়েৰে ধনী হোৱাৰ উদ্দেশ্যে বাসন্তীৰ বিয়া মথুৰা মণ্ডলৰ লগত সম্পন্ন কৰে। বিবাহোত্তৰ জীৱনত মথুৰা মণ্ডলে বাসন্তীৰ প্ৰাক্-বৈবাহিক প্ৰেমৰ বিষয়ে গম পাই কঠোৰ হৈ পৰে। ঘটনাক্ৰমত মথুৰা মণ্ডলৰ এটি পথ দুৰ্ঘটনাত মৃত্যু হয়। মানৱ-হৃদয়ৰ সকলো কামনা ত্যাগ কৰি বাসন্তীয়ে ধৰ্মপুথি অধ্যয়ন কৰিবলৈ ধৰিলে। এদিন বাসন্তীয়ে এহাল ডেকা-গাভৰুৰ মিলন হোৱাত সহায় কৰে। এই ঘটনাই বাসন্তীৰ মনত প্ৰেমৰ অৱদমিত চেতনা পুনৰ জগাই তুলিলে। কিন্তু ধনঞ্জয়ে বাসন্তীক গ্ৰহণ নকৰিলে। কাৰণ সমাজসেৱাত ব্ৰতী হৈ ধনঞ্জয় ইতিমধ্যেই এক সামাজিক মূল্যসম্পন্ন ব্যক্তিলৈ পৰিগণিত হৈছে। প্ৰত্যাখিত বাসন্তী পুনৰ আধ্যাত্মিক জগতখনলৈ উভতি আহে।১

সাংস্কৃতিক অভিযোজনা

বিশিষ্ট অসমীয়া ছবি নিৰ্মাতা পদুম বৰুৱাই এইখন উপন্যাসৰ আধাৰতে ১৯৭৬ চনত গঙা চিলনীৰ পাখি নামৰ অসমীয়া চলচ্চিত্ৰখন নিৰ্মাণ কৰে। ছবিখনৰ প্ৰসংগত বিশিষ্ট ছবি পৰিচালক অপূৰ্ব শৰ্মাই তেখেতৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত গ্ৰন্থ অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰত লিখিছে যে– “ছবিখনৰ আলোকচিত্ৰ কাৰিকৰী আৰু কলাগত উভয় দিশতে উচ্চস্তৰৰ, বিশেষকৈ পোহৰৰ বাস্তৱসন্মত ব্যৱহাৰ প্ৰশংসনীয়।”

তথ্যসূত্ৰ

  1. ↑ বৰুৱা, শান্তনু কৌশিক. (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৬০১. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গঙা চিলনীৰ পাখি (উপন্যাস)” প্ৰবন্ধৰ সংশোধন ৩৬৫১৯৭ (১০ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।