অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ইণ্ডিয়ান লিটাৰেশ্যাৰ

ইণ্ডিয়ান লিটাৰেশ্যাৰ (ইংৰাজী: Indian Literature) সাহিত্য অকাদেমিয়ে প্ৰকাশ কৰা ইংৰাজী ভাষাৰ এখন দুমহীয়া সাহিত্য আলোচনী৷ আলোচনীখনত ইংৰাজী ভাষাৰ মৌলিক লেখাৰ লগতে ভাৰতীয় তেইছটা ভাষাৰ কবিতা, চুটি গল্প, নাটক, প্ৰবন্ধ, ভ্ৰমণ কাহিনী, সাক্ষাৎকাৰ, উপন্যাস আৰু আত্মজীৱনীৰ অংশ আৰু গ্ৰন্থ সমালোচনাৰ ইংৰাজী…

হালনাগাদ: ২৬ জুন ২০২৫ ১৭৬ শব্দ · ১ মিনিট সংগৃহীত ৪৯
সংশোধনৰ পৰামৰ্শ

ইণ্ডিয়ান লিটাৰেশ্যাৰ (ইংৰাজী: Indian Literature) সাহিত্য অকাদেমিয়ে প্ৰকাশ কৰা ইংৰাজী ভাষাৰ এখন দুমহীয়া সাহিত্য আলোচনী৷১ আলোচনীখনত ইংৰাজী ভাষাৰ মৌলিক লেখাৰ লগতে ভাৰতীয় তেইছটা ভাষাৰ কবিতা, চুটি গল্প, নাটক, প্ৰবন্ধ, ভ্ৰমণ কাহিনী, সাক্ষাৎকাৰ, উপন্যাস আৰু আত্মজীৱনীৰ অংশ আৰু গ্ৰন্থ সমালোচনাৰ ইংৰাজী অনুবাদ প্ৰকাশ পায়৷১

ইতিহাস

ইণ্ডিয়ান লিটাৰেশ্যাৰ নিয়মীয়াকৈ প্ৰকাশ পাই থকা ভাৰতৰ অন্যতম পুৰণি সাহিত্য আলোচনী৷ আলোচনীখনৰ প্ৰথম সংখ্যাটো প্ৰকাশ পাইছিল ১৯৫৭ চনৰ ১ অক্টোবৰত৷২ প্ৰথমে আলোচনীখন ছমহীয়া আছিল৷ ১৯৬৬ চনৰপৰা আলোচনীখন তিনিমহীয়াকৈ প্ৰকাশ পাবলৈ লয়৷ ১৯৭৯ চনৰপৰাহে আলোচনীখন দুমহীয়াকৈ প্ৰকাশ পাবলৈ লয়৷ ২੦੦৭ চনত আলোচনীখনে পঞ্চাছ বছৰ সম্পূৰ্ণ কৰে৷ আলোচনীখনে ভূমুকি মৰাৰ সময়ত বাৰ্ষিক গ্ৰাহক বৰঙণিৰ পৰিমাণ আছিল ২.৫੦ টকা৷২ প্ৰথম সম্পাদনা সমিতিখন এছ ৰাধাকৃষ্ণণ আৰু হুমায়ুন কবীৰক সদস্য আৰু কে আৰ কৃপালনিক সম্পাদক হিচাপে লৈ গঠিত হৈছিল৷ ১৯৬৫ চনৰপৰা সম্পাদনা সমিতিখনৰ উপৰি এগৰাকী ব্যক্তিক স্বতন্ত্ৰ সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয়৷ প্ৰথমগৰাকী স্বতন্ত্ৰ সম্পাদক আছিল লোকনাথ ভট্টাচাৰ্য৷৩ বৰ্তমান আলোচনীখনৰ সম্পাদক হ’ল সৃকৃতা পল কুমাৰ৷

আলোচনীখনৰ সম্পাদকসকল

  • কে আৰ কৃপালনি -- ১৯৫৭-১৯৬৫
  • লোকনাথ ভট্টাচাৰ্য -- ১৯৬৫-১৯৭২
  • কেশৱ মালিক – ১৯৭২-১৯৮৪
  • এছ. বালু ৰাও – ১৯৮৪-১৯৮৮
  • এছ প জৈন (অনাৰেৰী সম্পাদক) – ১৯৮৮
  • ডি এচ ৰাও – ১৯৮৮-১৯৯১
  • জে এম মহান্তি – ১৯৯১-১৯৯২
  • কে সৎচিদানন্দন – ১৯৯২-১৯৯৭
  • এইচ এচ শিৱপ্ৰকাশ – ১৯৯৮-২੦੦২
  • নিৰ্মলকান্তি ভট্টাচাৰ্য –২੦੦২-২੦੦৭
  • এ জে থমাছ – ২੦੦৭-২੦੦৮
  • কে সৎচিদানন্দন (অতিথি সম্পাদক) – ২੦੦৮-২੦১੦
  • সুবোধ সৰকাৰ – ২੦১੦-২੦১১
  • এ জে থমাছ – ২੦১১-২੦১৩
  • যশোধৰা মিশ্ৰ – ২੦১৩-২੦১৫
  • সুবোধ সৰকাৰ – ২੦১৫-২੦১৬
  • এ জে থমাছ (অতিথি সম্পাদক) –২੦১৬-২੦২੦
  • অন্তৰা দেৱশৰ্মা – ২੦২১-২੦২১
  • সুকৃতা পল কুমাৰ – ২੦২২-

তথ্যসূত্ৰ

  1. ↑ sahitya-akademi.gov.in/journals/indianliterature
  2. ↑ www.jstor.org/stable/23328602
  3. ↑ en.wikipedia.org/wiki/Indian_Literature_(journal)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্ডিয়ান লিটাৰেশ্যাৰ” প্ৰবন্ধৰ সংশোধন ৫২০৯১২ (২৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।