চম্পু কাব্য ( Champu Kavya) ভাৰতীয় সাহিত্য ৰচনাৰ এটা ধাৰা। “চম্পু’’ শব্দৰ অৰ্থ হ’ল কবিতা আৰু গদ্যৰ সংমিশ্ৰণ। পৌৰাণিক যুগত বৈদিক সাহিত্যৰ স্তৰৰ পৰাই আমি চাম্পু-কাব্য দেখিবলৈ পাওঁ। “গদ্যপদ্যময়ং কাব্যং চম্পূৰিত্যভিধীয়তে’’, অৰ্থাৎ গদ্যপদ্যময়ী ভাষাত যি কাব্য ৰচনা কৰা হয় সিয়েই চম্পু৷ চম্পুত গদ্য-পদ্যৰ কিমান অংশ থাকিব লাগে তাৰ ধৰাবন্ধা নিয়ম নাই৷১ ইয়াৰ উৎপত্তি যে, বৈদিক যুগৰ পৰা হৈছে তাৰ মূল উদাহৰণ ঐতৰেয় ব্ৰাহ্মণৰ হৰিশ্চন্দ্ৰোপাখ্যান৷ পৰৱৰ্তীকালত চম্পু-কাব্য খ্ৰীষ্টীয় দ্বিতীয় শতিকাত “ৰুদ্ৰদমনৰ জুনাগড় শিলালিপি’’ত দেখা যায়। তদুপৰি, ৰামায়ণ, মহাভাৰত, পুৰাণ, আৰু আন মহাকাব্যসমূহতো এই ধাৰাৰ সাহিত্য দেখা যায় আৰু এই শৈলীৰ পৰৱৰ্তী বিকাশ ঘটিছিল।
বৈশিষ্ট্য
- গদ্য আৰু পদ্যৰ মিশ্ৰণত এই সাহিত্য ৰচিত হয়৷
- চম্পু সাহিত্যৰ বিষয়বস্তু অংক, উচ্ছ্বাস আদিত বিভক্ত হয়৷
- চম্পুকাব্যত বাৰ্তালাপ নাথাকে৷
- চম্পুকাব্যত বিষ্কম্ভ (দুটা মূল অংকৰ মাজৰ সৰু দৃশ্য) নাথাকে৷২
উল্লেখযোগ্য চম্পু
দশম শতিকাত চম্পুকাব্যৰ ৰচনা বহুলভাবে হৈছিল৷ সংস্কৃত সাহিত্যত ত্ৰিবিক্ৰমভট্টই ৰচনা কৰা “নলচম্পু’’, সোমদেৱসূৰীৰ দ্বাৰা ৰচিত “যশস্তিলক চম্পু’’, ধাৰাপতি ভোজৰ দ্বাৰা ৰচিত “ৰামায়ণ চম্পু কিষ্কিন্ধা খণ্ডলৈ’,আৰু ৰামায়ণচম্পূৰ যুদ্ধখণ্ড কাহিনীৰ লক্ষণে ৰচনা কৰা, অনন্ত ভট্টৰ দ্বাৰা ৰচিত “ভাৰতচম্পু’’, অভিনৱ কালিদাসৰ “ভাগৱত চম্পু’’চিদাম্বৰ নামৰ কবিৰ কল্যাণচম্পূ, নীলকণ্ঠ দীক্ষিতৰ দ্বাৰা ৰচিত নীলকণ্ঠ-বিজয় চম্পূ আদি উল্লেখযোগ্য চম্পু কাব্য। পৰৱৰ্তীকালত ভাৰতৰ বিভিন্ন ভাষাত চম্পু কাব্য ৰচনা হ’বলৈ ধৰে৷ কানাড়া “ৰত্নত্ৰয়ৰু’’ৰ অন্যতম কবি “আদিকবি পাম্পা’’ই তেওঁৰ ধ্ৰুপদী গ্ৰন্থ “বিক্ৰমাৰ্জ্জুন বিজয়’’ত এই শৈলী প্ৰয়োগ কৰিছিল৷ কানাড়া ভাষাত এই শৈলী প্ৰয়োগৰ তেওঁৰ পুথিকেই আৰ্হি হিচাপে লোৱা হয়৷ ৩৪
তথ্যসূত্ৰ
- ↑ দেৱগোস্বামী, শ্ৰী হৰমোহন. (১৯৭৭). সংস্কৃত সাহিত্যৰ বুৰঞ্জী. বিনোদ নাথ, বুক ল্যাণ্ড. পৃ. ১৭৭
- ↑ চম্পুকাব্য, গীতিকাব্য, ঐতিহাসিক কাব্য
- ↑ (1995). Merriam-Webster's encyclopedia of literature. Merriam-Webster. পৃ. 853. ISBN 0-87779-042-6
- ↑ (2000). Students' Britannica India, Volumes 1-5. Popular Prakashan. পৃ. 78. ISBN 0-85229-760-2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চম্পু কাব্য” প্ৰবন্ধৰ সংশোধন ৫৬১৫৮২ (৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।