অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

গৱাৰ-বাতী ভাষা

গৱাৰ-বাতী বা নৰ্ছাতী এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তানৰ উত্তৰী অংশ আৰু সীমাৰ পাৰৰ আফগানিস্তানৰ চুবুৰীয়া অঞ্চলত ব্যৱহাৰ কৰা হয়। এই ভাষাক চিত্ৰলত অৰণ্ডুয়িৱাৰ নামেৰেও জনা যায় কাৰণ ই মুখ্যতঃ অৰণ্ডুত কোৱা হয়, যি নামনি চিত্ৰলৰ অন্তিম গাওঁ। ইও সীমা পাৰ হৈ আফগানিস্তানৰ বেৰকোটত আছে।

হালনাগাদ: ৬ জানুৱাৰী ২০২৪ ১৯৫ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

গৱাৰ-বাতী বা নৰ্ছাতী এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তানৰ উত্তৰী অংশ আৰু সীমাৰ পাৰৰ আফগানিস্তানৰ চুবুৰীয়া অঞ্চলত ব্যৱহাৰ কৰা হয়। এই ভাষাক চিত্ৰলত অৰণ্ডুয়িৱাৰ নামেৰেও জনা যায় কাৰণ ই মুখ্যতঃ অৰণ্ডুত কোৱা হয়, যি নামনি চিত্ৰলৰ অন্তিম গাওঁ। ইও সীমা পাৰ হৈ আফগানিস্তানৰ বেৰকোটত আছে। "গৱাৰ-বাতী" নামৰ অৰ্থ হ'ল "গৱাৰসকলৰ কথোপকথন",১ যি গোষ্ঠীৰ বিষয়ে কেকোপাৰ্ডোছে নিজৰ হিন্দু-কুশ অঞ্চলৰ ওপৰত কৰা গৱেষণাত উল্লেখ কৰিছে।২

গৱেষণা আৰু বৰ্গীকৰণ

গৱাৰ-বাতী ভাষাৰ ওপৰত ভাষাবিদসকলে বিশেষ কোনো বিস্তৃত অধ্যয়ন কৰা নাই। ই মাথো জৰ্জ মোৰ্গেনষ্টিয়াৰ্ণৰ ১৯২৬ৰ গৱেষণা আৰু কেণ্ডাল ডেকাৰৰ ১৯৯২ৰ গৱেষণাত উল্লিখিত।

এই ভাষাক ভাৰতীয়-আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্গত জ্ঞান কৰা হয়। তাৰ ভিতৰতো ই দাৰ্দিক গোটৰ অন্তৰ্গত। পিচে এই দাৰ্দিক গোট ভাষিক নহয়, অঞ্চল-ভিত্তিকহে।৩

ধ্বনিতত্ত্ব

তলত গৱাৰ-বাতী ভাষাত ব্যৱহৃত ধ্বনিসমূহ দিয়া হৈছে:৪

স্বৰধ্বনি

FrontCentralBack
Close
Mid
Open

/e/ আৰু /o/ৰ স্থিতি অস্পষ্ট।

ব্যঞ্জনধ্বনি

/bʱ dʱ gʱ/, ধ্বনিসমূহ কিছু সময় আগলৈকে বয়সস্থ গৱাৰ-বাতী ভাষী লোকৰ মাজত শোনা গৈছিল— সম্ভৱতঃ বৰ্তমানেও ই শোনা যায়।

LabialCoronalRetroflexPalatalVelarGlottal
Nasal
Stopvoiceless
voiced
aspirated
Affricatevoiceless
voiced
aspirated
Fricativevoiceless
voiced
Approximant
Lateralplain
Fricative
Rhotic

লিখনি

এই ভাষা খুব কমহে লিখা যায়। তলত পাকিস্তানত এই ভাষা লিখিবলৈ ব্যৱহৃত আখৰসমূহ দিয়া হৈছে:৫

Letterابپتٹثجچحخڄݮڅځدڈذرڑزژݫس
Transliterationā, Øbptṭsǰčhxc̣j̣cjdḍzrṛzẓžs
IPA[aː], Ø[b][p][t][ʈ][s][d͡ʒ][t͡ʃ][h][x][ʈ͡ʂ][ɖ͡ʐ][t͡s][d͡z][d][ɖ][z][r~ɾ][ɽ][z][ʐ][ʒ][s]
Letterشݭصضطظعغفقکگلݪمنݨںهءویے
Transliterationšṣsztzʔǧfqkglłmnṇ˜hʔw, ū, oy, īe
IPA[ʃ][ʂ][s][z][t][z][ʔ][ɣ][f][q][k][ɡ][l][ɬ~l][m][n][ɳ][˜][h][ʔ][w], [uː], [oː][j], [iː][eː]
Letterتھپھٹھچھڄھڅھکھَُِ
Transliterationthphṭhčhc̣hchkhaiu
IPA[tʰ][pʰ][ʈʰ][t͡ʃʰ][ʈ͡ʂʰ][t͡sʰ][kʰ][a][i][u]

আৰু পঢ়ক

  • Decker, Kendall D. (1992) Languages of Chitral Islamabad, Pakistan: National Institute of Pakistan Studies, Quaid-i-Azam University, www.ethnologue.com/show_work.asp?id=32850
  • Morgenstierne, Georg (1926) Report on a Linguistic Mission to Afghanistan Instituttet for Sammenlignende Kulturforskning, Serie C I-2. Oslo.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Decker, Kendall D. (1992). Languages of Chitral. Sociolinguistic Survey of Northern Pakistan, volume 5. National Institute of Pakistan Studies, Quaid-i-Azam University. পৃ. 153–154. ISBN 978-969-8023-15-7
  2. ↑ Cacopardo, Alberto M.; Cacopardo, Augusto S. (2001). Gates of Peristan: History, Religion and Society in the Hindu Kush. IsIAO. পৃ. 227–248
  3. ↑ Bashir. (2007). The Indo-Aryan languages. পৃ. 905. ISBN 978-0415772945
  4. ↑ Edelman, D. I. (1983). The Dardic and Nuristani Languages. Institut vostokovedenii︠a︡ (Akademii︠a︡ nauk SSSR). পৃ. 139
  5. ↑ fli-online.org/site/wp-content/uploads/2016/04/G

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৱাৰ-বাতী ভাষা” প্ৰবন্ধৰ সংশোধন ৪০০৯৭৩ (৬ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।