কায়কল্প (Kayakalpa) হৈছে অসমৰ কৃতবিদ্য লেখক লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত এখন বিজ্ঞান ভিত্তিক উপন্যাস। ২০০২ চনত কিতাপখন প্ৰথম প্ৰকাশ হয়। ২০০৮ বৰ্ষৰ সৰ্বভাৰতীয় সাহিত্যৰ শ্ৰেষ্ঠ 'সৰস্বতী সন্মান' লাভ কৰা গ্ৰন্থখনি কল্পবিজ্ঞান বিষয়ক।১২৩
লেখকৰ চমু পৰিচয়
লক্ষ্মীনন্দন বৰা এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। তেখেতে 'ৰামধেনু' যুগত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। পিছলৈ উপন্যাস ৰচনাতো হাত দিয়া বৰাই অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰে। তেখেতে ১৯৮৮ চনত 'পাতাল ভৈৰৱী' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ লগতে ১৯৯৬ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিবেশনত সভাপতিৰ আসন শুৱনি কৰিছিল। তেওঁক ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। তেওঁ ১৯৯২ৰ পৰা ১৯৯৫ চনলৈ সাপ্তাহিক 'ৰংপুৰ' কাকতৰ সম্পাদক আছিল।৪
গ্ৰন্থৰ চমু বিৱৰণ
গ্ৰন্থখনৰ আধাৰ হৈছে ভাৰতত অতীতৰ পৰা চলি অহা কায়কল্প চিকিৎসা। কায়কল্প শব্দৰ আভিধানিক অৰ্থ হৈছে পুনৰ্যৌৱন পোৱা আয়ুৰ্বেদীয় চিকিৎসা-বিশেষ। আয়ুস বৃদ্ধিৰ অৰ্থাৎ কায়কল্পৰ প্ৰচেষ্টা অতীতৰ পৰাই সকলোৰে বাবে কৌতূহলৰ বিষয় যি কৌতূহলৰ বশৱৰ্তী হৈছিল বিজ্ঞানী অনুজ কৃপালনি। সাতত্ৰিশ বছৰ বয়সত তেওঁতকৈ পোন্ধৰ বছৰে সৰু নয়নাৰ সৈতে তেওঁ প্ৰেমৰ পৰিণতিত বিবাহপাশত আবদ্ধ হয়। কিন্তু আমেৰিকালৈ গৈ ভোগসৰ্বস্ব সমাজত উটি ভাঁহি যোৱা নয়নাই বয়সে আঁচোৰ পেলোৱা স্বামী কৃপালনিৰ পৰা আঁতৰি আহিবলৈ বিচাৰে। বিদেশত থাকিও ভাৰতীয় আদৰ্শক বুকুত জীয়াই ৰখা বিজ্ঞানী ড॰ কৃপালনিয়ে কিন্তু বিবাহ বিচ্ছেদত অনুমতি নিদিলে। নয়নাৰ যৌৱনৰ উন্মাদনাক প্ৰত্যাহ্বান জনাবলৈ তেওঁ ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিলে। ভাৰতলৈ আহিয়েই ‘ভাৰত বিজ্ঞানাগাৰ’ত প্ৰাচীন ভাৰতীয় আয়ুৰ্বেদৰ পৰা আৰম্ভ কৰি অনেক বিষয়ৰ গ্ৰন্থ অধ্যয়ন কৰে আৰু শেষত হিমালয় পৰ্বতৰ আশ্ৰমত থকা যোগী অমৰেন্দ্ৰ ব্ৰহ্মচাৰীৰ যোগেদি সন্ধান লাভ কৰে যৌৱন ধৰি ৰাখিব পৰা ঔষধৰ। তেনেদৰেই তেওঁ সৃষ্টি কৰি উলিয়ায় “কায়কল্প-২৫” নামৰ মানুহৰ যৌৱন ধৰি ৰাখিব পৰা ঔষধবিধ। কিন্তু ঔষধবিধ মানৱজাতিৰ বাবে ভয়ংকৰ হোৱাৰ কথা উপলব্ধি কৰি ড॰ কৃপালনিয়ে “কায়কল্প-২৫”ৰ ৰহস্য চিৰদিনৰ বাবে মানৱ সমাজত প্ৰকাশ নকৰাটোৱেই বিবেচনা কৰে। থোৰতে উপন্যাসৰ কাহিনীভাগ এয়ে।১২৩
বঁটা
কে কে বিৰলা ফাউণ্ডেশ্যনে ১৯১১ চনৰ পৰা আৰম্ভ কৰা 'সৰস্বতী সন্মান' ২০০৮ বৰ্ষত লাভ কৰে কায়কল্প কিতাপখনে।৫ এই বঁটা প্ৰদান কৰা হয় ২০০৯ চনৰ ১১ ফেব্ৰুৱাৰীত।৬
তথ্যসূত্ৰ
- ↑ (August 19, 2016). গ্ৰন্থ সমালোচনা: কায়কল্প আৰু ছিলিকনৰ বুদ্ধ. দেৱাশ্ৰী বৰগোহাঁই
- ↑ (2018). কায়কল্প. দেৱশ্ৰী বৰগোহাঞি
- ↑ (April 1, 2020). কল্পনা আৰু বাস্তৱৰ আশ্চৰ্যজনক সমাহাৰেৰে কল্পবৈজ্ঞানিক গ্ৰন্থ-কায়কল্প. অনামিকা বড়া
- ↑ সমীন কলিতা. (২০০১). শতাধিক অসমীয়া সাহিত্যিক. ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃ. ৪৪০
- ↑ লক্ষ্মীনন্দন বৰা. (২০০২). কায়কল্প. জ্যোতি প্ৰকাশন. ISBN 978-81-920061-8-5
- ↑ শান্তনু কৌশিক বৰুৱা, প্ৰীতিমা কৌশিক বৰুৱা. (২০১৭). নতুন জানানে ২০১৮. জ্যোতি প্ৰকাশন. পৃ. ৫০৫. ISBN 81-86827-11-0
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কায়কল্প” প্ৰবন্ধৰ সংশোধন ৪৭৩৮৭৯ (৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।