অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু

কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু হ'ল ডা০ ভৃংগেশ্বৰ শৰ্মা ৰচিত এক অসমীয়া গল্প সংকলন। অসমৰ বিভিন্ন আলোচনী তথা বাতৰি কাকতত প্ৰকাশিত প্ৰায় বিশটা গল্পৰ এই সংকলনটিৰ প্ৰথম প্ৰকাশ হয় ২০০০ চনৰ ডিচেম্বৰ মাহত।

হালনাগাদ: ৭ নৱেম্বৰ ২০২৩ ২২৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু হ'ল ডা০ ভৃংগেশ্বৰ শৰ্মা ৰচিত এক অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) গল্প সংকলন। অসমৰ বিভিন্ন আলোচনী তথা বাতৰি কাকতত প্ৰকাশিত প্ৰায় বিশটা গল্পৰ এই সংকলনটিৰ প্ৰথম প্ৰকাশ হয় ২০০০ চনৰ ডিচেম্বৰ মাহত। ১৯৯৬ চনৰ মুনীন বৰকটকী বঁটা প্ৰাপ্ত এই গল্প সংকলনটিৰ প্ৰকাশক হ'ল বি.এচ.পাব্লিকেচন আৰু পৰিবেশক হ'ল বনলতা আৰু অসমী প্ৰকাশন।

লেখকৰ পৰিচয়

মূল প্ৰবন্ধ: ভৃংগেশ্বৰ শৰ্মা

আশীৰ দশকত আত্মপ্ৰকাশ কৰা গল্পকাৰ সকলৰ ভিতৰত ভৃংগেশ্বৰ শৰ্মাৰ নাম উল্লেখযোগ্য। তেওঁৰ প্ৰথম গল্প সংকলন প্ৰেয়সী ১৯৮৯ চনত ছপা আকাৰত প্ৰকাশ পায়। ১৯৮৮-৮৯ চনৰ অসম সাহিত্য সভাৰ উপন্যাস প্ৰতিযোগিতাত শ্ৰী শৰ্মাৰ "বুকুত এবুকু আশা" নামৰ উপন্যাসখনে "গিৰিধৰ শৰ্মা" বঁটা লাভ কৰে আৰু ১৯৯০ চনত ছপা ৰূপ লয়।১ ১৯৯০-৯১ চনত চুটিগল্পৰ বাবে শৰ্মাই পুনৰ অসম সাহিত্য সভাৰ "মহানন্দ বৰুৱা- শশীপ্ৰভা বৰুৱা" বঁটা লাভ কৰে। ১৯৯২ চনত তেওঁৰ "জাৰৰ দিনৰ চোলা" নামৰ স্ব নিৰ্বাচিত গল্প সংকলন প্ৰকাশ পায়। কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু শীৰ্ষক চুটিগল্পৰ পাণ্ডুলিপিৰ বাবে শৰ্মাই ১৯৯৬ চনৰ মুনীন বৰকটকী বঁটা লাভ কৰে।১ ইয়াৰ উপৰিও শৰ্মাৰ অসম আন্দোলনৰ পটভূমিত "তেজে ধোৱা সময়" নামৰ উপন্যাস আৰু প্ৰান্তিকত প্ৰকাশিত হাস্যৰসাত্মক প্ৰবন্ধলানি "দৈনন্দিন" সমূহৰ তিনিটা সংকলন "দৈনন্দিন-১", দৈনন্দিন-২ আৰু "দৈনন্দিন-৩" প্ৰকাশ পাইছে।

গল্পসমূহ

এই সংকলনটিৰ গল্পসমূহত সমসাময়িক সমাজ আৰু জীৱনৰ বাস্তৱ ৰূপ এটা ধৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে। সামাজিক বৈষম্য,শোষণ,উচ্চবিত্তৰ দম্ভ আৰু মধ্যবিত্তৰ অৱক্ষয়,পাৰিবাৰিক সমস্যা,বাৰ্ধক্য আৰু মৃত্যুচেতনা আদি নানা প্ৰসংগৰ চিত্ৰ গল্পসমূহৰ মাজেদি ডাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে।১

ক্ৰমগল্পৰ নামপূৰ্বতে প্ৰকাশ পোৱা আলোচনীটোকা
১কামাখ্যা ফাৰ্মাচীত চাৰিজন বন্ধুপ্ৰান্তিক
২কুকুৰৰ পৰা সাৱধানসাদিন
৩এটা মুকলি প্ৰশ্ন বা এটা সাধাৰণ কাহিনীসাদিন
৪উত্তৰাধিকাৰীসাদিন
৫ব্যৱধানঅগ্ৰদূত
৬ফ্ৰিজশ্ৰীময়ী
৭শামুকৰ খোলাত পীতাম্বৰ ভূঞাঅগ্ৰদূত
৮প্ৰতিবেশীশ্ৰীময়ী
৯উপহাসসাদিন
১০ঠিকনাসাদিন
১১আবেদনসাদিন
১২এনেকৈয়ে এদিনসাদিন
১৩এখন উপন্যাসৰ শেষ অধ্যায়অগ্ৰদূতঅসম সাহিত্য সভাৰ দ্বাৰা পুৰস্কৃত
১৪এজন বুঢ়া মানুহআজিৰ সময়
১৫গাড়ীঅসম বাণী
১৬পিতৃপ্ৰান্তিক
১৭অচিনাকিঅসম বাণী
১৮মৰমসাদিন
১৯ব্ৰেকসাদিন
২০সাধুকথাপ্ৰান্তিক

বঁটা আৰু সন্মান

  • কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু শীৰ্ষক চুটিগল্পৰ পাণ্ডুলিপিয়ে ১৯৯৬ চনৰ মুনীন বৰকটকী বঁটা লাভ কৰে

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ বেটুপাতৰ দ্বিতীয় পৃষ্ঠা,কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থসংকলনমুনীন বৰকটকী বঁটা বিজয়ী গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু” প্ৰবন্ধৰ সংশোধন ৩৯০৭৩৩ (৭ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।