অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমীয়া ভাষাৰ ব্যাকৰণ (গ্ৰন্থ)

অসমীয়া ভাষাৰ ব্যাকৰণ (Asamiya bhashar Vyakaran) হৈছে ভাষাবিদ, গৱেষক, অধ্যাপক ড॰ উপেন্দ্ৰনাথ গোস্বামীৰ দ্বাৰা ৰচিত এখন অসমীয়া ব্যাকৰণ। মণি-মাণিক প্ৰকাশনে ১৯৮১ চনত প্ৰকাশ কৰা এই ব্যাকৰণখন দুটা খণ্ডত বিভক্ত।

হালনাগাদ: ২ জানুৱাৰী ২০২১ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

অসমীয়া ভাষাৰ ব্যাকৰণ (Asamiya bhashar Vyakaran) হৈছে ভাষাবিদ, গৱেষক, অধ্যাপক ড॰ উপেন্দ্ৰনাথ গোস্বামীৰ দ্বাৰা ৰচিত এখন অসমীয়া ব্যাকৰণ। মণি-মাণিক প্ৰকাশনে ১৯৮১ চনত প্ৰকাশ কৰা এই ব্যাকৰণখন দুটা খণ্ডত বিভক্ত। প্ৰথম খণ্ডত অসমীয়া ভাষাৰ সুকীয়া গঢ়টোৰ বিশ্লেষণ আৰু সংস্কৃতীয় ৰূপটোৰ বিৱৰণ দ্বিতীয় খণ্ডত সন্নিৱিষ্ট কৰা হৈছে।১

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: উপেন্দ্ৰনাথ গোস্বামী

উপেন্দ্ৰনাথ গোস্বামী (১৯২৩-২০০০) একাধাৰে ভাষাবিদ, গৱেষক, অধ্যাপক, অনুবাদক আৰু অভিধানপ্ৰণেতা। তেওঁ কটন কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক পদত নিযুক্ত হৈছিল। তেওঁৰ গৱেষণাৰ বিষয় আছিল- A Study of Kamrupi: A Dialect of Assamese.২

উপেন্দ্ৰনাথ গোস্বামীৰ জন্ম হয় ১৯২৩ চনৰ নৱেম্বৰ মাহৰ ১৩ তাৰিখে নলবাৰী সত্ৰত। নলবাৰী গৰ্ডন হাইস্কুলৰ পৰা ১৯৪২ চনত প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ। একে বছৰতে ভাৰত ত্যাগ আন্দোলনত অংশ লৈ কাৰাবাস। তাৰ পাছত ১৯৪৫ চনত কটন কলেজৰপৰা কলা শাখাত প্ৰথম বিভাগত আই.এ পৰীক্ষাত উত্তীৰ্ণ আৰু ১৯৪৭ চনত একেখন কলেজৰপৰাই কলা শাখাত স্নাতক ডিগ্ৰী অৰ্জন। তাৰ পাছত ১৯৫১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ ভাষা শাখাত দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন।৩

২০০০ চনত জন্ম দিৱসৰ দিনাখন নিজা বাসভৱনত মৃত্যু।৪

তথ্যসূত্ৰ

  1. ↑ গোস্বামী, ড॰ উপেন্দ্ৰনাথ. (2013). অসমীয়া ভাষাৰ ব্যাকৰণ. মণি-মাণিক প্ৰকাশ
  2. ↑ কথা বৰেণ্য, সম্পাদক-শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-৩১১
  3. ↑ কথা বৰেণ্য, প্ৰথম প্ৰকাশ, পৃষ্ঠা-৩১১
  4. ↑ কথা বৰেণ্য, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-১৫২

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া ভাষাৰ ব্যাকৰণ (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ২৫৭৩৪৭ (২ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।