অয়নান্ত (Ayananta) হ’ল অসমীয়া ঔপন্যাসিক তথা গল্পকাৰ অৰূপা পটঙ্গীয়া কলিতাৰ 'ভাৰতীয় ভাষা পৰিষদ'ৰ পুৰস্কাৰপ্ৰাপ্ত এখন উপন্যাস। এই উপন্যাসখনক ১৯৯৪ চনত প্ৰথমে প্ৰকাশ কৰে লয়াৰ্ছ বুক ষ্টল প্ৰকাশনে। এই উপন্যাসখন হিন্দী আৰু ইংৰাজী ভাষালৈও অনূদিত হৈছে। ইংৰাজীলৈ 'ৰঞ্জিতা বিশ্বাসে' 'Dawn' নামেৰে অনুবাদ কৰিছে।১২
চলচ্চিত্ৰ পৰিচালক মৃদুল গুপ্তাই এই উপন্যাসখনৰ আধাৰত দিল্লী দূৰদৰ্শনৰ বাবে হিন্দীত ধাৰাবাহিক নিৰ্মাণ কৰে।২ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰই উপন্যাসখন নাট্যৰূপত সম্প্ৰচাৰ কৰিছিল।২ এই উপন্যাসখনক নীতা গুপ্তাৰ দ্বাৰা পৰিচালিত 'পেঙ্গুঈন যাত্ৰা' প্ৰকাশনে হিন্দী ভাষাতো প্ৰকাশ কৰিছে।
লেখিকাৰ চমু পৰিচয়
মূল প্ৰবন্ধ: অৰূপা পটংগীয়া কলিতা
অৰূপা পটংগীয়া কলিতা অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ। তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত মৃগনাভি, অয়নান্ত, আদি উল্লেখযোগ্য। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা, প্ৰবীণা শইকীয়া বঁটা আদিৰে সন্মানিত কৰা হৈছে। তেখেতে মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা নামৰ অসমীয়া চুটি গল্প সংকলনৰ বাবে ২০১৪ চনত সন্মানীয় সাহিত্য অকাডেমি বঁটা লাভ কৰে।
বঁটা আৰু সন্মান
- ১৯৯৪ চনত প্ৰকাশ পোৱা এই উপন্যাসখনে ১৯৯৫ চনত 'ভাৰতীয় ভাষা পৰিষদ'ৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।
লগতে চাওক
- অৰূপা পটংগীয়া কলিতা
- মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা
- মৃগনাভি (১৯৮৭)
তথ্যসূত্ৰ
- ↑ Dawn A Novel (Ayananta). www.indiamart.com
- ↑ অয়নান্ত (গ্ৰন্থ) | লেখিকা: অৰূপা পটঙ্গীয়া কলিতা | সপ্তম প্ৰকাশ: ২০১২ | আহৰণ কৰা হৈছে: ১৮ মে ২০২০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অয়নান্ত (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৪০০৯৬২ (৬ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।