পালি ভাষাৰ অৱনতিৰ পিছত প্ৰাচীন ভাৰতৰ লিখিত ভাষাৰ তিনিটা নাটকীয় প্ৰাকৃতৰ ভিতৰত মগধী প্ৰাকৃত (Māgadhī) অন্যতম। ই পূৰ্বৰ বৈদিক সংস্কৃতৰ ঠাই লোৱা এটা স্থানীয় ভাষাৰ মধ্য ভাৰত-আৰ্য্য ভাষা আছিল।১
ইতিহাস আৰু আভাস
মগধী প্ৰাকৃত পূব-ভাৰত উপমহাদেশত কোৱা হৈছিল, এই অঞ্চল বৰ্তমানৰ পূব-ভাৰত, বাংলাদেশ আৰু নেপাল অঞ্চলত।২৩ প্ৰাচীন মগধৰ সৈতে জড়িত এই মাগধী বৰ্তমানৰ অসম, বংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু পূব উত্তৰ প্ৰদেশত বিভিন্ন অপভ্ৰংশ উপভাষাৰ অধীনত প্ৰচলিত হৈছিল,৪ আৰু কিছুমান নাটকত, যেনে প্ৰাকৃত নাটকত স্থানীয়ভাষাৰ সংলাপক প্ৰতিনিধিত্ব কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। ই প্ৰখ্যাত ধৰ্মীয় ব্যক্তি বুদ্ধ আৰু মহাবীৰ৫ৰ ভাষা বুলি বিশ্বাস কৰা হয় আৰু মগধ মহাজনপদ আৰু মৌৰ্য সাম্ৰাজ্যৰ দৰবাৰৰ ভাষাও আছিল; অশোকৰ কিছুমান আদেশ ইয়াত ৰচনা কৰা হৈছিল।৩৬
পিছলৈ মগধী প্ৰাকৃত পূৰ্ব ভাৰত-আৰ্য্য ভাষালৈ বিকশিত হয়:৭৮
- বঙালী ভাষা–অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
- বিহাৰী ভাষা
- হালবিক ভাষা
- ওডিয়া ভাষা
বাহ্যিক সংযোগ
- Jain Agams (archived)
- Jainism in Buddhist Literature (archived)
- Toulmin, Mathew W S. (2006). Reconstructing linguistic history in a dialect continuum: The Kamta, Rajbanshi, and Northern Deshi Bangla subgroup of Indo-Aryan. The Australian National University
তথ্যসূত্ৰ
- ↑ (2003). The Indo-Aryan Languages. Routledge language family series. Routledge. পৃ. 46–66. ISBN 0-7007-1130-9
- ↑ Prasad, Balaram; Mukherjee, Sibasis. Magadhi / Magahi. lsi.gov.in
- ↑ Chatterji, Suniti Kumar. (1926). The Origin and Development of the Bengali Language. পৃ. vi
- ↑ Grierson, Sir George Abraham. (1903). The Languages of India: Being a Reprint of the Chapter on Languages. Office of the Superintendent of Government Printing, India. পৃ. 57–58
- ↑ Beames, John. (2012). Comparative Grammar of the Modern Aryan Languages of India: To Wit, Hindi, Panjabi, Sindhi, Gujarati, Marathi, Oriya, and Bangali. Cambridge University Press. ISBN 978-1-139-20887-1
- ↑ Bashan A.L., The Wonder that was India, Picador, 2004, pp. 394
- ↑ South Asian folklore: an encyclopedia: Afghanistan, Bangladesh, India, By Peter J. Claus, Sarah Diamond, Margaret Ann Mills, Routledge, 2003, p. 203
- ↑ Ray, Tapas S. (2007). "Chapter Eleven: "Oriya". In Jain, Danesh; Cardona, George. The Indo-Aryan Languages. Routledge. p. 445
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাগধী প্ৰাকৃত” প্ৰবন্ধৰ সংশোধন ৪৪৪২২৫ (১২ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।