অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ইক্লিপ্স (উপন্যাস)

ইক্লিপ্স (Eclipse) ষ্টিফেনি মেয়াৰৰ টোৱাইলাইট শৃংখলাৰ তৃতীয়খন উপন্যাস। ইয়াত বেলা স্বান আৰু ভেম্পায়াৰ প্ৰেমিক এডৱাৰ্ড কালেনৰ প্ৰেমৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকে।

হালনাগাদ: ২৫ ফেব্ৰুৱাৰী ২০২৬ ১,২৬৫ শব্দ · ৭ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ইক্লিপ্স (Eclipse) ষ্টিফেনি মেয়াৰৰ টোৱাইলাইট শৃংখলাৰ তৃতীয়খন উপন্যাস। ইয়াত বেলা স্বান আৰু ভেম্পায়াৰ প্ৰেমিক এডৱাৰ্ড কালেনৰ প্ৰেমৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকে। ছিয়াটল চহৰত হৈ থকা কিছুমান ৰহস্যময় ভেম্পায়াৰ আক্ৰমণৰ সময়তে ভেম্পায়াৰ প্ৰেম এডৱাৰ্ড আৰু পৰমবন্ধু কুকুৰনেছীয়া মানুহ জেকব ব্লেকৰ মাজত এজনক নিবাৰ্চনৰ সংকট তথা নিজৰ মৰণশীলতাক চিৰকালৰ কাৰণে ত্যাগ কৰাৰ বেলাৰ দ্বিধাৰ কথা কিতাপখনত বৰ্ণনা হৈছে। ইক্লিপ্সৰ অগ্ৰৱৰ্তী প্ৰকাশ হ'ল নিউ মুন (উপন্যাস) আৰু পৰৱৰ্তী প্ৰকাশ হ'ল ব্ৰেকিং ড'ন। ৭ আগষ্ট, ২০০৭ত ইক্লিপ্সৰ প্ৰথম ১ মিলিয়ন কিতাপ প্ৰকাশ পায়১ আৰু কেৱল প্ৰথম ২৪ ঘণ্টাটেই ১৫০,০০০তকৈও অধিক কিতাপ বিক্ৰী হয়।২ ২০০৮ত ই চতুৰ্থ সৰ্বাধিক বিক্ৰী হোৱা উপন্যাস হিচাপে পৰিগণিত হয় য'ত প্ৰথম টোৱাইলাইট, দ্বিতীয় নিউ মুন (উপন্যাস) আৰু তৃতীয় ব্ৰেকিং ড'ন হয়। ৩০ জুন,২০১০ত ইয়াৰ চলচ্চিত্ৰ সংস্কৰণে মুক্তি লাভ কৰে।৩

আলোচক সমালোচকসকলে ইয়াক মুগ্ধকাৰী তথা ৰোমাণ্টিক আখ্যা দিয়ে আৰু কয় যে পূৰ্বৱৰ্তী কিতাপদুখনৰ তুলনাত ইয়াৰ বিষয়বস্তু পৈণত। এক সুলিখিত ত্ৰিকোণ প্ৰেমকাহিনী আৰু চাৰিত্ৰিক বিকাশৰ লগতে এক উত্তেজক আৰু শিহৰণকাৰী সামৰণিৰ বাবে ই যথেষ্ট প্ৰশংসা পায়।

কাহিনীৰ সাৰাংশ

ছিয়াটল, ৱাছিংটনত সংঘটিত হৈ থকা এলানি হত্যাকাণ্ডৰ কথাৰে কিতাপখন আৰম্ভ হয় যাক এডৱাৰ্ডে মানৱ তেজৰ বাবে মতলীয়া হৈ থকা নতুন ভেম্পায়াৰ কিছুমানৰ কাণ্ড বুলি সন্দেহ কৰে। বেলা আৰু এডৱাৰ্ডে কলেজত নাম ভৰ্তি কৰে আৰু বেলাই জেকব ব্লেক নামৰ কুকুৰনেছীয়া মানুহস্বৰূপ তাইৰ বন্ধুজনক লগ পাবলৈ বিচাৰে। বেলাৰ সুৰক্ষাকলৈ এডৱাৰ্ড চিন্তিত হয় যদিও বেলাই কয় যে জেকব আৰু তাৰ দলটিৰ কোনেও তাইৰ ক্ষতি সাধন নকৰে আৰু তাই সময়ে সময়ে জেকবক দেখা কৰিবলৈ লয়। এবাৰ জেকবে বেলাক কয় যে সি তাইৰ প্ৰেমত পৰিছে আৰু সি বিচাৰে যে বেলাই এডৱাৰ্ডৰ সলনি তাকহে নিৰ্বাচন কৰক। কিন্তু বেলাই কয় যে তাই জেকবক কেবল ভাল বন্ধু বুলিহে ভাবে। সেই সময়তে ভৱিষ্যদৰ্শী এলিছ কালেনে দেখা পায় যে প্ৰতিশোধৰ কাৰণে বেলাক হত্যা কৰিব বিচাৰি ফুৰা ভিক্টোৰিয়া আহি ফোৰ্কছত উপস্থিত হৈছে। ইয়াৰ কিছুদিন পিছতেই এডৱাৰ্ডে বেলাক বিবাহৰ প্ৰস্তাৱ দিয়ে আৰু ইমান কম বয়সতে বিয়াত বহিবলৈ মন নাথাকিলেও বেলাই ইয়াত সন্মতি দিয়ে।

বেলা আৰু কালেন পৰিয়ালে শীঘ্ৰেই গম পায় যে ছিয়াটলত হৈ থকা হত্যাকাণ্ডবোৰৰ মূলতেই আছে ভিক্টোৰিয়াই নিয়ন্ত্ৰণ কৰা নৱজন্মা ভেম্পায়াৰৰ এক দল। এই বিপদৰ লগত যুঁজিবলৈ চিৰশত্ৰু ভেম্পায়াৰ কালেনসকল আৰু কুকুৰনেছীয়া মানুহৰ দলটো একগোট হয়। সকলোৱে যুদ্ধৰ প্ৰস্তুতি চলাই থকা সময়তে বেলা,এডৱাৰ্ড আৰু জেকবে যুদ্ধৰ বিপৰ্য্যয়ৰ পৰা এখন ওখ পাহাৰত আত্মগোপন কৰি থাকে আৰু পিছলৈ কুকুৰনেছীয়া দলৰ নৱতম সদস্য ছেথ ক্লিয়েৰৱাটাৰেও তেওঁলোকক যোগ দিয়ে। বেলা আৰু এডৱাৰ্ডৰ কথোপকথনৰ পৰা জেকবে দুয়োৰে বিয়াৰ কথা গম পায় আৰু দুঃখিত হৈ সি যুদ্ধত যোগ দি নিজকে শেষ কৰি পেলোৱাৰ ভাবুকি দিয়ে। বেলাই জেকব চুমা খাই যুদ্ধলৈ নাযাবলৈ কয় আৰু তাই অনুভৱ যে তাই জেকবৰ লগতো প্ৰেমত পৰিছে। যুদ্ধৰ সময়ত ভিক্টোৰিয়াই এডৱাৰ্ডৰ গোন্ধ অনুসৰণ কৰি বেলা লুকাই থকা ঠাইত উপস্থিত হয় আৰু এডৱাৰ্ডে তাইৰ লগত যুদ্ধ কৰে। এডৱাৰ্ডে ভিক্টোৰিয়াক বধ কৰে আৰু তাইৰ দলটিও ধ্বংস হয়। পিছত জেকবক বেলাই কয় যে তাই তাক ভাল পায় কিন্তু এডৱাৰ্ডৰ প্ৰতি তাইৰ প্ৰেম গভীৰতৰ।

বিকাশ,অনুপ্ৰেৰণা আৰু প্ৰভাৱ

মেয়াৰে অক্টোবৰ,২০০৫ চনত টোৱাইলাইট প্ৰকাশ হোৱাৰ আগতে ইক্লিপ্সৰ খচৰা লিখি শেষ কৰে,অৱশ্যে মেয়াৰে কয় যে প্ৰকৃত কিতাপখনৰ ইয়াৰ লগত বেছি পাৰ্থক্য নাই।৪ যিহেতু লিটল,ব্ৰাউন এণ্ড কোম্পানীৰ লগত মেয়াৰৰ তিনিখন কিতাপৰ হে চুক্তি স্বাক্ষৰিত হৈছিল গতিকে ইক্লিপ্সকে শেষৰখন কিতাপ বুলি ভাবি লৈ ইয়াৰ সামৰণিটো কিছু বেলেগ আছিল।৫ মেয়াৰে কয় যে ইক্লিপ্সৰ সমস্ত ঘটনাচক্ৰই ভেম্পায়াৰ হ'বলৈ বেলাই কৰা সিদ্ধান্ত তথা ভেম্পায়াৰ হ'বলৈ তাই কৰিবলগীয়া ত্যাগৰ উপলব্ধিৰ ওপৰত কেন্দ্ৰিত যাক বেলাই টোৱাইলাইট আৰু নিউ মুনত বুজি উঠা নাছিল। তেওঁ কয় "উপন্যাসখনৰ প্ৰতিটো দিশেই সেই কথাটিৰ ওপৰত কেন্দ্ৰিত,প্ৰতিটো পৃষ্ঠকাহিনী,প্ৰতিটো সম্পৰ্ক,প্ৰতিটো কাৰ্য্য"।৫

মেয়াৰৰ মতে উপন্যাসখন এমিলি ব্ৰণ্টেৰ "ৱুডাৰিং হেইটছ"ৰ দ্বাৰা অনুপ্ৰাণিত,যদিও তেওঁ কিতাপখন ভাল নাপায়। কিতাপখনৰ চৰিত্ৰবোৰে তেওঁক বিমুগ্ধ কৰে আৰু তেওঁৰ কিছু কিছু অংশ পঢ়ি খুব ভাল পায় যদিও গোটেই কিতাপখন তেওঁৰ প্ৰিয় নহয় কাৰণ ই বৰ হতাশাজনক,যিটো কথা ইক্লিপ্সত এডৱাৰ্ডৰ মুখেৰে ব্যক্ত কৰা হয়। এডৱাৰ্ড আৰু জেকবক "ৱুডাৰিং হেইটছ"ৰ হিথক্লিফ আৰু এডগাৰ ক্লিণ্টনৰ লগত ৰিজাই মেয়াৰে কয় "এটা দৃষ্টিকোণৰ পৰা এডৱাৰ্ড আৰু জেকবলৈ লক্ষ্য কৰি তুমি ক'বা:হয়,এঁও হিথক্লিফ আৰু তেওঁ এডগাৰ। কিন্তু কোনোবাই আকৌ ক'ব:নহয়,অলপ ৰ'বা। অমুক কাৰণ আৰু তমুক কাৰণত তেওঁহে হিথক্লিফ আৰু এওঁ এডগাৰ......এই খামখেয়ালি মই ভাল পাওঁ কাৰণ জীৱনটো তেনেকুৱাই"।৪ আগষ্ট,২০০৯ ত দ্য টেলিগ্ৰাফে কয় যে মেয়াৰে উল্লেখ কৰা কাৰণে ৱুডাৰিং হেইটছৰ হাৰ্পাৰকলিনছৰ সংস্কৰণে অন্যান্য পেংগুইন ক্লাছিকসমূহতকৈ দুগুণ হিচাপত সেই বছৰৰ মে' মাহৰ পিছত প্ৰায় ১০,০০০ কপি বিক্ৰী হৈ প্ৰথমবাৰৰ বাবে বাতৰি কাকতৰ ক্লাছিক কিতাপৰ তালিকাত প্ৰথম স্থান দখল কৰে।৬

বেটুপাত

কিতাপখনৰ বেটুপাতত এটুকুৰা ছিগা ৰঙা ফিতাৰ ছবি আছে। যদিও এই কথাটি মে',২০০৭ ত ইক্লিপ্স প্ৰম নৃত্যৰ সময়ত ৰাজহুৱা কৰা কথা আছিল, বাৰ্ণছ এণ্ড নোবল আৰু মেয়াৰৰ ৱেবচাইটে ২০০৭ৰ মাৰ্চ মাহত নতুন বেটুপাতটি মুকলি কৰাৰ লগতে কিতাপখনৰ পটভূমিৰ এক আলোচনা প্ৰকাশ কৰে।৭ ছিগা ফিতাটুকুৰাই প্ৰতিনিধিত্ব কৰে নিৰ্বাচনক,ঠিক যিদৰে কিতাপখনত বেলাই এডৱাৰ্ডৰ প্ৰতি থকা প্ৰেম আৰু জেকবৰ সৈতে থকা বন্ধুত্বৰ মাজত এটা নিৰ্বাচন কৰিব লাগে। মেয়াৰে এয়াও কয় যে ফিতাডালে এই কথাটিৰ ওপৰতো আলোকপাত কৰে যে নিজৰ মানৱ জীৱন সম্পূৰ্ণৰূপে ত্যাগ কৰিবলৈ বেলা অসমৰ্থ।৮

মে',২০১০ত চিত্ৰতাৰকা সম্বলিত কিতাপখনৰ দ্বিতীয়টি বেটুপাত প্ৰকাশ পায় য'ত ক্ৰিষ্টেন ষ্টিৱাৰ্ট,ৰবাৰ্ট পেটিনছন আৰু টেইলৰ ল'টনাৰৰ আলোকচিত্ৰ আছে।৯

মুক্তি

বজাৰত প্ৰচাৰ

ইক্লিপ্সৰ প্ৰকাশৰ কিছু মাহ আগতে মেয়াৰে স্থানীয় কিতাপৰ দোকানসমূহ আৰু আৰিজোনা ষ্টেট য়ুনিভাৰ্চিটিৰ ইংৰাজী বিভাগৰ সহযোগত আৰিজোনা ষ্টেট য়ুনিভাৰ্চিটিত এক "ইক্লিপ্স প্ৰম" নৃত্যানুষ্ঠানৰ আয়োজন কৰে। ইয়াৰ টিকটসমূহ সাত ঘণ্টাৰ ভিতৰতে বিক্ৰী হৈ যায় ফলত মেয়াৰে সেই একেটা দিনতে দ্বিতীয়টো প্ৰমৰ আয়োজন কৰে যাৰ আটাইবোৰ টিকট চাৰিঘণ্টাৰ ভিতৰতে শেষ হয়।১০ সেই অনুষ্ঠানতেই মেয়াৰে নিউ মুন (উপন্যাস)ৰ এক বিশেষ সংখ্যাত প্ৰকাশিত হোৱা ইক্লিপ্সৰ প্ৰথম অধ্যায়টি পাঠ কৰে। তদুপৰি কিতাপখনৰ প্ৰচাৰ চলাবলৈ মেয়াৰে ১৫খন চহৰ সামৰা এক ভ্ৰমণসূচী ঘোষণা কৰে।১১ তেওঁ প্ৰথম অধ্যায়টি নিজৰ ৱেবচাইটত প্ৰকাশ কৰে আৰু প্ৰকাশ হবলৈ থকা ৩৭ দিনৰ প্ৰতিটো দিনতেই কিতাপখনৰ পৰা একোটা উক্তি "দিনটোৰ উক্তি" হিচাপে প্ৰকাশ কৰে।১২

কিতাপখনৰ প্ৰকাশকলৈ মেয়াৰে "গুড মৰ্ণিং আমেৰিকা"তো ভূমুকি মাৰে।১৩

আগতীয়া বিক্ৰী

২৫ জুলাই তাৰিখে হেৰী পটাৰৰ সপ্তম কিতাপখনৰ আগতীয়া মুক্তিৰ দৰে ইক্লিপ্সৰ লগতো তেনেকুৱা এটা ঘটনা ঘটে।১৪ বাৰ্ণছ এণ্ড নোবলছ কিতাপ বিক্ৰেতা সকলে ভুলক্ৰমে আগতীয়াকৈ অৰ্ডাৰ কৰা কোনোবা গ্ৰাহকক আগতীয়াকৈ কিতাপখন পঠিয়াই দিয়ে।১৫ বাৰ্ণছ এণ্ড নোবলছে ইয়াক কম্পিউটাৰৰ ভুল বুলি কয় কাৰণ তেওঁলোকৰ অনলাইন দোকানখন সম্পূৰ্ণৰূপে কম্পিউটাৰ নিয়ন্ত্ৰিত। আৰু অন্যান্য ক্ষতিৰ পৰা ৰক্ষা পাবলৈ টোৱাইলাইট লেক্সিকন আদিৰ দৰে টোৱাইলাইট শৃংখলাৰ ফেনচাইট ফোৰামসমূহ বন্ধ কৰি দিয়া হয়।১৬ ষ্টিফেনি মেয়াৰে তেওঁৰ মাইস্পেচৰ মন্তব্যসমূহো বন্ধ কৰি দিয়ে।১৫ টোৱাইলাইট লেক্সিকনলৈ লিখা এক মুকলি চিঠিত মেয়াৰে সেই "ভাগ্যৱান পঢ়ুৱৈ" সকলক সামৰণিখিনি তেওঁলোকৰ মাজতে ৰাখিবলৈ অনুৰোধ কৰে যাতে অন্যান্য টোৱাইলাইট অনুৰাগীসকলে ইক্লিপ্স পঢ়ি তাক উপভোগ কৰিব পাৰে।১৬

ইক্লিপ্সৰ এক বিশেষ সংস্কৰণৰ মুক্তিৰ সময়তো আগতীয়া বিক্ৰীৰ এক ঘটনা ঘটে য'ত পৰৱৰ্তী উপন্যাস ব্ৰেকিং ড'নৰ প্ৰথম অধ্যায় আৰু বেটুপাতটো প্ৰকাশ পায়। এই বিশেষ সংস্কৰণটি ৩১ মে',২০০৮ ত মুকলি হোৱা কথা আছিল যদিও প্ৰায় এসপ্তাহ আগতে একাধিক কিতাপ বজাৰত ওলায়। মেয়াৰে গম পালে যে কিছু কিতাপ আগতীয়াকৈ ওলাইছে আৰু কয়-

"ইণ্টাৰনেটত ব্ৰেকিং ডনৰ বেটুপাত,কাহিনী তথা কথাকলৈ বহুতো গুণা গথা চলিছে। মই ভাবো যে সকলোৱে জানে যে ইণ্টাৰনেটত যি থাকে সেয়াই বিশ্বাস কৰিব নালাগে। যেতিয়া তোমাৰ হাতত কিতাপখন পৰিব তেতিয়াহে তুমি সকলোখিনি প্ৰকৃততে গম পাবা। আৰু তেতিয়ালৈকে মানুহে যি দেখে তাক অতি সাধাৰণভাৱে লোৱা উচিত। "১৭

প্ৰকাশ আৰু সঁহাৰি

বিক্ৰী

প্ৰথম প্ৰথম ইক্লিপ্সৰ প্ৰায় এক মিলিয়ন কিতাপ প্ৰকাশ হয়১৩ আৰু প্ৰকাশৰ প্ৰথম দিনাই ১৫০,০০০খন কিতাপ বিক্ৰী হয়।২ দ্য নিউ য়ৰ্ক টাইম্‌ছ বেষ্ট চেলাৰ লিষ্টকে ধৰি পৃথিৱীৰ বিভিন্ন বেষ্ট চেলাৰ লিষ্টত আঢ়ৈ সপ্তাহ আগত মুক্তিপ্ৰাপ্ত জে.কে.ৰাউলিঙৰ হেৰী পটাৰ এণ্ড দ্য ডেডলী হেল'জে ইয়াক চেৰ পেলাই।১৮ ইক্লিপ্সে য়ুএছএ টুডেৰ শীৰ্ষ ১৫০ বেষ্ট চেলাৰ তালিকাত শীৰ্ষ স্থান দখল কৰি তাত প্ৰায় ১০০ সপ্তাহ কটায়১৯ আৰু অক্টোবৰ,২০০৮ত তেওঁলোকৰ যোৱা ১৫ বছৰত সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰ তালিকাত ৪৫তম স্থান দখল কৰে।২০ ২০০৮চনত টোৱাইলাইট,নিউ মুন (উপন্যাস) আৰু ব্ৰেকিং ড'নৰ পিছতে চতুৰ্থ সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰূপে চিহ্নিত হয়২১ আৰু ২০০৯ চনত নিউ মুনৰ পিছতে দ্বিতীয় সবাৰ্ধিক বিক্ৰী হোৱা কিতাপ হয়।২২ ৪.৫ মিলিয়ন বিক্ৰীৰে ই পাব্লিছাৰ্চ ৱিকলীৰ ২০০৮ চনৰ "বেষ্টচেলিং হাৰ্ডকভাৰ বেকলিষ্ট চিলড্ৰেনছ বুকছ"ৰ শীৰ্ষস্থান দখল কৰে।

সমালোচকৰ সঁহাৰি

ইক্লিপ্সে প্ৰধানকৈ ধনাত্মক মতামতেই লাভ কৰে। স্কুল লাইব্ৰেৰী জাৰ্ণালৰ এনে ৰুয়াৰে কয় "অনুৰাগীসকলে কি বিচাৰে সেয়া মেয়াৰে জানে: চমক,শিহৰণ আৰু যথেষ্ট ৰোমাঞ্চ আৰু সকলো দিশতে তেওঁ পৰ্যাপ্ত পৰিমাণে দিছে"।২৩ ব্লগক্ৰিটিকছৰ কেটি টাৰ্ণাৰে উপন্যাসৰ চৰিত্ৰবোৰ আৰু তাৰ বিকাশক,বিশেষকৈ ৰোজেলি আৰু জেস্পাৰৰ কাহিনীক প্ৰশংসা কৰি কয় "তেওঁলোকৰ নিৰ্মাণৰ ইতিহাস আৰু বেলাৰ প্ৰতি তেওঁলোকৰ ব্যৱহাৰ বুজিব পৰা হৈ পৰে আৰু এই জ্ঞানৰ পৰা চৰিত্ৰবোৰে সবল ৰূপ লয়। মই ভাবো কিতাপসমূহৰ আকৰ্ষণৰ এইটো এটা উল্লেখযোগ্য দিশ যে চৰিত্ৰবোৰে তোমাক মোহাছন্ন কৰি তোমাৰ অন্তৰত এক গভীৰ স্থান দখল কৰে"। তেওঁ অনুভূতিসমূহৰ এক ছবি অংকন কৰা বাবে তথা বেলাৰ অনুভূতিশীলতা দেখুওৱা বাবে মেয়াৰক প্ৰশংসা কৰি কয় যে মেয়াৰৰ "লিখনি অতি মসৃণ আৰু তেওঁ পাঠকক অতি সহজে আগবঢ়াই লৈ যায়"।২৪ টালছা ৱৰ্ল্ডৰ ছেলবি গিবচন-বয়ছে কয় "মই এবাৰো নোৰোৱালৈকে ইয়াক একেৰাহে পঢ়ি শেষ কৰিলোঁ। মেয়াৰৰ কিতাপখন মোৰ হাতৰ পৰা এৰা নোখোৱা হৈছিল। আৰু এই একেটা কথাই টোৱাইলাইট আৰু নিউ মুনৰ ক্ষেত্ৰটো হৈছিল"।২৫ পাব্লিছাৰ্চ ৱিকলীয়ে"বেলা আৰু ভেম্পায়াৰ এডৱাৰ্ডৰ প্ৰেমময় সংগ্ৰামৰ অনুৰাগী পঢ়ুৱৈৰ দলসমূহে কাহিনীৰ এই তৃতীয় কিস্তিও সানন্দে গ্ৰহণ কৰিব" বুলি কোৱাৰ লগতে কয় "ই নতুন পঢ়ুৱৈসকলৰ পছন্দ নহ'বও পাৰে"। "২৬ কিৰকাছে তেওঁলোকৰ আলোচনাৰ এই বুলি সামৰণি মাৰে যে পাৰ্থক্যবোৰ পাহৰি যোৱা আৰু একেলগে কাম কৰাৰ বাৰ্তাই অস্থিৰ চৰিত্ৰায়ণৰ লগত সমতা স্থাপন কৰিছে। বেলাৰ উৎকণ্ঠা জৰ্জড়িত ত্ৰিকোণ প্ৰেমকাহিনীৰ অনুৰাগীসকলে ইয়াক গোগ্ৰাসে গিলিব আৰু উন্মুখ সামৰণিয়ে জেকৰ কাহিনীৰ পথ সুগম কৰি তুলিছে।২৭

এবাউট ডট কমৰ লৰা বোলে ইয়াক মিশ্ৰিত মতামত দি পাঁচটাৰ ভিতৰত ৩.৫টা তৰা দিয়ে। তেওঁ কয় "ইৰ্ষাৰ সমস্যাৰে ভৰা প্ৰথম অধ্যায়কেইটা বিকাশৰ বাবে খুবেই লেহেমীয়া" আৰু "মেয়াৰৰ সংঘৰ্ষৰ নতুন উৎসবোৰ কিছু ক্ষেত্ৰত অপ্ৰযোজ্য আনহাতে কিছু ক্ষেত্ৰত অত্যধিক যেন অনুভৱ হয়"। যুৱমনৰ অৱস্থাক সুন্দৰভাৱে উপস্থাপন কৰা বাবে মেয়াৰক প্ৰশংসা কৰিলেও তেওঁ কয় যে কাহিনীৰ কিছু কিছু অংশত বেলা খুবেই মন্থৰ। হ'লেও তেওঁ শেষৰ যুদ্ধখনে আনি দিয়া শিহৰণ আৰু উত্তেজনাৰ বাবে মেয়াৰক প্ৰশংসা কৰে।২৮ ঔপন্যাসিকা এলিজাবেথ হেণ্ডে ৱাছিংটন প'ষ্টৰ বাবে ইক্লিপ্সক ঋণাত্মক মন্তব্য দি "হতাশাজনক" আখ্যা দিয়ে। তেওঁ কয় "ই কেতিয়াও কুকুৰনেছীয়া আৰু পিশাচৰ মহাকাব্যিক ৰণৰ বৰ্ণনা নিদিয়ে" আৰু তেওঁ লগতে বেলাক এক "অসহ্য বিৰক্তি" আখ্যা দিয়ে।২৯

দ্য নিউ য়ৰ্ক টাইম্‌ছে ইক্লিপ্সক সম্পাদকৰ পছন্দ হিচাপে গ্ৰহণ কৰে।৩০

চলচ্চিত্ৰ অভিযোজন

৩০জুন,২০১০ত ইক্লিপ্সৰ চলচ্চিত্ৰ সংস্কৰণে মুক্তি লাভ কৰে।৩ ২০০৮ৰ টোৱাইলাইট,২০০৯ৰ নিউ মুনৰ পিছত এয়া শৃংখলাটিৰ তৃতীয়খন ছবি। ছাম্মিট এণ্টাৰটেইনমেণ্টে ২০০৯ৰ ফেব্ৰুৱাৰীতেই ইয়াৰ সেউজ সংকেত দিয়ে।৩ ডেভিদ স্লেডৰ নিৰ্দেশনা৩১ আৰু মেলিজা ৰোজেনবাৰ্গৰ চিত্ৰনাট্য অনুসৰি ই নিৰ্মিত হয়।৩২ ২০০৯ৰ ১৭ আগষ্টৰ পৰা ২৯ অক্তোবৰলৈ ভেংকুভাৰ ফিল্ম ষ্টুডিঅ'জত ইয়াৰ চিত্ৰগ্ৰহণ হয়। .৩৩৩৪ আইমেক্সত চিত্ৰিত হোৱা ইয়েই প্ৰথম টোৱাইলাইট ছবি।৩৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Bob Minzesheimer. (2007-08-15). Vampire tale takes bite out of 'Potter'. USA Today
  2. ↑ Jeffrey A. Trachtenberg. (2007-08-10). Booksellers Find Life After Harry In a Vampire Novel. The Wall Street Journal
  3. ↑ Joshua Rich. (2009-02-20). 'Twilight': Third film in series, 'Eclipse,' set for June 2010. Entertainment Weekly
  4. ↑ Meyer, Stephenie. (2011). ((The Twilight Saga: The Official Illustrated Guide)). Little, Brown
  5. ↑ Eclipse FAQ. StephenieMeyer.com
  6. ↑ Stephen Adams. (August 28, 2009). Stephenie Meyer's vampire pushes Wuthering Heights to top of Waterstone's classics chart. The Telegraph
  7. ↑ StephenieMeyer.com · Twilight Series · Eclipse
  8. ↑ Stephenie Says - Q+A at Fairless Hills
  9. ↑ Hanh Nguyen. (2010-04-02). 'Twilight: Eclipse' new book covers: Which is the best?. Zap2It
  10. ↑ Megan Irwin. (2007-07-12). Charmed. Phoenix New Times
  11. ↑ Stephenie Meyer. Waterstone's
  12. ↑ StephenieMeyer.com · Eclipse · Quotes of the Day
  13. ↑ Cecelia Goodnow. (2007-08-06). Stephenie Meyer's Forks-based saga of teen vampire love is now a global hit. Seattle Post-Intelligencer
  14. ↑ Stephenie Meyer. (2008-07-07). Breaking Dawn. StephenieMeyer.com
  15. ↑ Eclipse Quiz. ReelzChannel
  16. ↑ (2007-07-25). Important News!! Everyone Please Read!!. Twilight Lexicon
  17. ↑ Stephenie Meyer's quote on the early release of Eclipse Special Edition
  18. ↑ (2008-11-27). Profile - Stephenie Meyer: the million-dollar vampire mom. The Daily Telegraph
  19. ↑ USA Today
  20. ↑ (2008-10-30). USA TODAY's Best-Selling Books List Top 150 books of the last 15 years (Oct. 28, 1993 through Oct. 23, 2008). USA Today
  21. ↑ (2009-01-14). The top 100 titles of 2008. USA Today
  22. ↑ (January 6, 2010). Best-Selling Books: The top 100 of 2009. USA Today
  23. ↑ Anne Rouyer. (2007-09-05). Eclipse. School Library Journal
  24. ↑ Katie Trattner. (August 27, 2007). Book Review: Eclipse by Stephenie Meyer. Blogcritics
  25. ↑ Shelby Gibson-Boyce. (2007-08-10). Free radical: J.K. who? Hottest new series is vamp fantasy. Tulsa World
  26. ↑ (2007-08-20). Children's Books: Week of 8/20/2007. Publishers Weekly
  27. ↑ (September 15, 2007). ECLIPSE By Stephenie Meyer. Kirkus Reviews
  28. ↑ Laura Buhl. 'Eclipse' by Stephenie Meyer - Book Review. About.com
  29. ↑ Elizabeth Hand. (August 10, 2008). Love Bites. The Washington Post
  30. ↑ (2007-08-19). Browsing Books: Editor's Choice. New York Times
  31. ↑ (2009-04-23). David Slade To Direct 'The Twilight Saga: Eclipse'. Access Hollywood
  32. ↑ (2009-04-22). David Slade to Direct Summit Entertainment's The Twilight Saga: Eclipse. Summit Entertainment
  33. ↑ Adam Rosenberg. (2009-06-30). 'The Twilight Saga: Eclipse' Shoot Dates Revealed!. MTV
  34. ↑ Debi Moore. (2009-10-29). Eclipse Wrapped, a Trio of New Moon Stills & Wallpaper, Twilight Returning to Theatres. Dread Central. Dread Central Media, LLC
  35. ↑ Amy Eisinger. (2009-12-09). 'Eclipse,' third film in 'Twilight' series, is first to be converted to IMAX. NY Daily News

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী গ্ৰন্থআমেৰিকান উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইক্লিপ্স (উপন্যাস)” প্ৰবন্ধৰ সংশোধন ৫৮২১১০ (২৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।