অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মহাসু পাহাড়ী

মহাসু পাহাড়ী (টাকৰী লিপিত: 𑚢𑚩𑚭𑚨𑚱 𑚞𑚩𑚭𑚪𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাষা, যি ঘাইকৈ ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত ব্যৱহাৰ কৰা হয়। এই ভাষাক মহাসুঈ বা মহাসুৱী নামেৰেও জনা যায়। ২০০১ চনত এই ভাষা প্ৰায় ১০০০০০০ লোকে কৈছিল বুলি অনুমান কৰা হয়। এই ভাষাক মুখ্যতঃ চিমলা আৰু চোলান জিলাত কোৱা হয়।

হালনাগাদ: ২৫ অক্টোবৰ ২০২৩ ২২০ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মহাসু পাহাড়ী (টাকৰী লিপিত: 𑚢𑚩𑚭𑚨𑚱 𑚞𑚩𑚭𑚪𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাষা, যি ঘাইকৈ ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত ব্যৱহাৰ কৰা হয়। এই ভাষাক মহাসুঈ বা মহাসুৱী নামেৰেও জনা যায়। ২০০১ চনত এই ভাষা প্ৰায় ১০০০০০০ লোকে কৈছিল বুলি অনুমান কৰা হয়। এই ভাষাক মুখ্যতঃ চিমলা আৰু চোলান জিলাত কোৱা হয়। এই দুই জিলা পূৰ্বৰ মহাসু জিলাৰ অংগ আছিল। ১৯৭২ চনতহে এই জিলা ভংগ কৰি দুই নতুন জিলা স্বীকৃত হৈছিল।

লিপি

এই ভাষাৰ নিজা লিপি টাকৰী। পিচে যদিও টাকৰী আৰু নাস্তালিক লিপিত এই ভাষা লিখাৰ কিছু কিছু নথি আছে, বৰ্তমানে প্ৰায় এই ভাষা দেৱনাগৰী লিপিত লিখা হয়।

স্থিতি

এই ভাষাক প্ৰায় পাহাড়ী বা হিমাচলীও আখ্যা দিয়া হয়। এই ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই আৰু ইয়াক সাধাৰণতে হিন্দী ভাষাৰ উপ-ভাষা হিচাপেহে নথিভুক্ত কৰা হয়।১ ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাই এই ভাষাক 'নিশ্চিতভাৱে বিপুপ্তপ্ৰায়' ভাষাৰ তালিকাত ৰাখিছে, কাৰণ মহাসূঈ শিশুৱে এই ভাষা মাতৃভাষা হিচাপে প্ৰায় নিশিকা হৈছে।২ পূৰ্বতে মহাসূঈক ৰাজ্যিক সাহায্য প্ৰদান কৰা হৈছিল। কিন্তু ভাৰতৰ স্বাধীনতাৰ পাছত চৰকাৰে হিন্দী ভাষাকহে প্ৰাধান্য দি আহিছে।

২০১০ চনত ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত 'পাহাড়ী (হিমাচলী)' অন্তৰ্ভুক্ত কৰাৰ দাবী হিমাচল প্ৰদেশৰ বিধান সভাত তুলা হৈছিল, যিয়ে কেইবাটাও হিমাচলী পাহাড়ী ভাষাক প্ৰতিনিধিত্ব কৰাৰ উদ্দেশ্য আগত ৰখা হৈছিল।৩ কিন্তু তাৰ পাছত এই বিষয়ত কোনো অগ্ৰগতি দেখা হোৱা নাই, যদিও অনেক সৰু সৰু সংগঠনে এই ভাষা সংৰক্ষিত কৰিবলৈ যত্ন কৰি আহিছে।৪

বাহ্যিক সংযোগ

  • গ্ৰিৰেছনৰ বিংশ শতিকাৰ আৰম্ভণিতে ভাৰতৰ ভাষা চাৰ্ভে (Linguistic Survey of India) ৰ পৰা পশ্চিমীয়া পহাৰি ভাষাৰ মানচিত্ৰ

তথ্যসূত্ৰ

  1. ↑ Indian Language Census
  2. ↑ Endangered Language (Mahasui)
  3. ↑ https://zeenews.india.com/news/himachal-pradesh/hp-for-inclusion-of-pahari-language-in-eighth-schedule_615857.html
  4. ↑ https://www.thestatesman.com/cities/demand-for-pahari-as-language-in-8th-schedule-of-constitution-1479046804.html

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ভাষাভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাসু পাহাড়ী” প্ৰবন্ধৰ সংশোধন ৩৮৮৭৮১ (২৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।