অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

গণিতৰ কথা (গ্ৰন্থ)

গণিতৰ কথা (Gonitor Kotha) হৈছে এখন গণিত বিষয়ক প্ৰবন্ধৰ সংকলন। লেখক হৈছে গণিতজ্ঞ,শিক্ষাবিদ ড॰ ভূপতি চন্দ্ৰ ডেকা। অসম বিজ্ঞান সমিতিয়ে ১৯৬৮ চনত প্ৰথম প্ৰকাশ কৰা এই গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণ ১৯৯১ চনৰ জানুৱাৰী মাহত আৰু তৃতীয় সংস্কৰণ ২০০৩ চনৰ অক্টোবৰত প্ৰকাশ পায়।

হালনাগাদ: ১০ জুন ২০২১ ২৬৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

গণিতৰ কথা (Gonitor Kotha) হৈছে এখন গণিত বিষয়ক প্ৰবন্ধৰ সংকলন। লেখক হৈছে গণিতজ্ঞ,শিক্ষাবিদ ড॰ ভূপতি চন্দ্ৰ ডেকা। অসম বিজ্ঞান সমিতিয়ে ১৯৬৮ চনত প্ৰথম প্ৰকাশ কৰা এই গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণ ১৯৯১ চনৰ জানুৱাৰী মাহত আৰু তৃতীয় সংস্কৰণ ২০০৩ চনৰ অক্টোবৰত প্ৰকাশ পায়। অসম বিজ্ঞান সমিতিয়ে অসম চৰকাৰৰ শিক্ষা বিভাগৰ অৰ্থ-সাহায্যেৰে বিজ্ঞান বিষয়ক পুথি কেইখনমান প্ৰকাশৰ বাবে গ্ৰহণ কৰা আঁচনিৰে এখন কিতাপ গণিতৰ কথা বুলি প্ৰথম সংস্কৰণৰ পাতত "আমাৰ ক’বলগীয়া"ত প্ৰকাশনৰ সম্পাদক ভুবন মোহন দাসে উল্লেখ কৰিছে। লগতে কিতাপখন প্ৰকাশত সহায় কৰা ব্যক্তিসকলক ধন্যবাদ দি উল্লেখ কৰে যে ড॰ ভবেন্দ্ৰ নাথ শইকীয়াইও এই ক্ষেত্ৰত সহায় কৰিছিল। দ্বিতীয় সংস্কৰণৰ পাতনিত প্ৰকাশন উপ-সমিতিৰ আহ্বায়ক বসন্ত ডেকাই এনেদৰে লিখিছে, “ড॰ ভূপতি চন্দ্ৰ ডেকাৰ ‘গণিতৰ কথা’ৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰি অসম বিজ্ঞান সমিতিয়ে এটা দায়িত্ব পালন কৰিছে। … অসম বিজ্ঞান সমিতিয়ে গণিতবিজ্ঞানৰ ওপৰত প্ৰকাশ কৰা কিতাপৰ সংখ্যা একেবাৰে কম। পাণ্ডুলিপিৰ অভাৱেই ইয়াৰ মূল কাৰণ। অসমত গণিতবিজ্ঞানৰ চৰ্চা বৃদ্ধি কৰিবলৈ আগ্ৰহীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈকো এই কাৰণটো আন্তৰিকতাৰে এই সুযোগতে দাঙি ধৰিবলৈ প্ৰয়াস কৰিলোঁ।" ১

বিৱৰণ

আৰম্ভণিতে লেখকে ভূপতি চন্দ্ৰ ডেকাই ‘লিখকৰ কথা’ত লিখিছে “অসমীয়া ভাষাত গণিত সম্বন্ধে আলোচনা কৰা কিতাপৰ সংখ্যা তেনেই তাকৰ। কেইখনমান স্কুলীয়া পাঠ্য-পুথিৰ বাহিৰে অইন কিতাপ নাই বুলিলেই হয়; দুখননে তিনিখনহে আছে। সুস্পষ্ট আৰু পৰিপাটীকৈ লিখিব নোৱৰা বাবে মই কলম হাতত ল’বলৈ ভয় কৰোঁ। তথাপি অধ্যাপক বিনয়কুমাৰ তামোলী আৰু ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ উৎসাহক্ৰমে গণিত সম্বন্ধে দুষাৰ কথা লিখিবলৈ হাতত লৈছোঁ।”১

কিতাপখনত মুঠ নটা অধ্যায় আছে। সেইসমূহ হৈছে, ‘মানুহে কেনেকৈ গণিবলৈ শিকিলে’, ‘অতীতৰ প্ৰাচ্য আৰু পাশ্চাত্যত অংকশাস্ত্ৰ’, ‘খৃষ্টপূৰ্ব ১০০০ বছৰৰপৰা খৃষ্ট জন্মৰ পাছৰ ২০০ বছৰলৈকে অংকশাস্ত্ৰ’ ‘২০০ খৃষ্টাব্দৰ পৰা ১২০০ খৃষ্টাব্দলৈ অংকশাস্ত্ৰ’, ‘ষোড়শ শতিকালৈ ইউৰোপত অংকশাস্ত্ৰ’, ‘সোতৰ শতিকাত অংকশাস্ত্ৰ’, ‘ওঠৰ শতিকাত অংকশাস্ত্ৰ’, ‘ঊনৈশ শতিকাত অংকশাস্ত্ৰ’ আৰু ‘বিংশ শতিকাত অংকশাস্ত্ৰ’।১

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: ভূপতি চন্দ্ৰ ডেকা

লেখক ভূপতি চন্দ্ৰ ডেকা হৈছে এগৰাকী অসমীয়া গণিতজ্ঞ।২কটন কলেজৰ পৰা স্নাতক ডিগ্ৰীৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰা ভূপতি চন্দ্ৰ ডেকাই ওৰেটো জীৱন গণিত শিক্ষাক লৈয়ে ব্যস্ত আছিল।২৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ ড॰ ভূপতি চন্দ্ৰ ডেকা. (অক্টোবৰ,২০০৩). গণিতৰ কথা. অসম বিজ্ঞান সমিতি
  2. ↑ ড॰ দিলীপ শৰ্মা. (২০১৮). গণিতীয় প্ৰবন্ধমালা. অসম বিজ্ঞান সমিতি
  3. ↑ ড॰ দিলীপ শৰ্মা. গণিতীয় প্ৰবন্ধমালা. অসম বিজ্ঞান সমিতি

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থপ্ৰবন্ধ গ্ৰন্থগণিতৰ গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গণিতৰ কথা (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ২৮১৬৩৩ (১০ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।