টাই-আইটন ভাষা ((တႝ)ဢႝတွꩫ်) অসমৰ ধনশিৰি উপত্যকা আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত কোৱা এটা টাই ভাষা ৷ বৰ্তমান ইয়াক ভাবুকিৰ সন্মুখীন হোৱা ভাষা হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে, বিশ্বজুৰি ২০০০ তকৈও কম লোকে এই ভাষা কয়। ইয়াৰ আন নামসমূহৰ হৈছে আইটনিয়া আৰু চ্যাম দুৱানিয়া৷ ১
শ্ৰেণীবিভাজন
আইটন ভাষা টাই ভাষা পৰিয়ালৰ দক্ষিণ-পশ্চিম শাখাৰ এটা অংশ। ইয়াৰ সৈতে ছান ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে, আৰু কেতিয়াবা ইয়াক ছান উপভাষা বুলিও গণ্য কৰা হয়। অসমত এই শাখাৰ আন তিনিটা সক্ৰিয়ভাষা খামটি, ফাকে, আৰু খাময়াং আছে ৷
ইতিহাস
অসমৰ টাই ভাষাসমূহৰ ব্যাকৰণগত, লিপি, শব্দভাণ্ডাৰৰ বহুখিনি সাদৃশ্য আছে।২ ভাষাসমূহৰ মাজত আটাইতকৈ বিশিষ্ট পাৰ্থক্য হ'ল ইয়াৰ সুৰ ব্যৱস্থা।৩
আইটন জনগোষ্ঠীৰ মৌখিক আৰু লিখিত তথ্য অনুসৰি তেওঁলোকৰ উৎপত্তি চীন সীমান্তৰ ওচৰৰ মান ৰাজ্য খাও-খাও মাও-লুং নামৰ ঠাইৰ পৰা হৈছিল।৪ সাধাৰণতে বিশ্বাস কৰা হয় যে তেওঁলোকে প্ৰায় দুই-তিনিশ বছৰ আগতে ভাৰতলৈ অত্যাচাৰৰ পৰা আশ্ৰয় বিচাৰি আহিছিল।৫ অসমত বহু দিন থাকিলেও পুৰণি প্ৰজন্মৰ বহু সদস্যই ৰাজ্যখনৰ চৰকাৰী ভাষা অসমীয়া ভাষাত সাৱলীল নহয়।৬
লিপি
টাই আইটনৰ নিজা লিপি আছে যাক 'লিক-টাই' বুলি কোৱা হয়, যিটো তেওঁলোকে খামতি আৰু টাই ফাকে সৈতে মিলে ৷৭ ই ম্যানমাৰৰ উত্তৰ ছান লিপিৰ সৈতে নিবিড়ভাৱে মিল খায়।৮
ব্যঞ্জনবৰ্ণ
- က - ka - k - [k]
- ၵ - kha - kh - [kʰ]
- င - nga - ng - [ŋ]
- ꩡ - ca - c - [t͡ʃ]
- ꩬ - sa - s - [s]
- ၺ - nya - ny - [ɲ]৯
- တ - ta - t - [t]
- ထ - tha - th - [tʰ]
- ꩫ - na - n - [n]
- ပ - pa - p - [p]
- ၸ - pha/fa - ph/f - [pʰ/ɸ]
- မ - ma - m - [m]
- ယ - ya/ja - y/j - [j/ɟ]
- ျ - in medial form
- ꩺ - ra - r - [r]
- ြ - in medial form
- လ - la - l - [l]
- ဝ - wa - w - [w]
- ꩭ - ha - h - [h]
- ဢ - a - a - [ʔ]
- ဒ - da - d - [d]
- ဗ - ba/wa - b/w - [b/w]
স্বৰবৰ্ণ
- ႜ - a - [a]
- ႃ - aa - [aː]
- ိ - i - [i]
- ီ - ī - [iː]
- ု - u - [u]
- ူ - ū - [uː]
- ေ - e/ae - [eː/ɛ]
- ႝ - ai - [ai]
- ေႃ - o/aw - [oː/ɔː]
- ံ - ṁ - [ŋ̊]
- ိ်ုွ - ue - [ɯ]
- ်ၞ - aeu - [ɛu]
- ်ွ - aau - [aːu]
- ွဝ် - au - [au]
- ွ - aw - [ɒ]
- ွႝ - oi - [oi]
- ွံ - om - [ɔm]
- ိ်ွ - iu - [ɛu/iu]
- ုံ - um - [um]
- ်ံ - em - [em]
- ် - চূড়ান্ত ব্যঞ্জনবৰ্ণ, নিস্তব্ধ স্বৰবৰ্ণ১০
অন্যান্য চিহ্ন
- ꩷ - বিস্ময়সূচক চিহ্ন
- ꩸ - ১
- ꩹ - ২
তথ্যসূত্ৰ
- ↑ Did you know Tai Aiton is threatened?. Endangered Languages
- ↑ Diller, A. (1992). Tai languages in Assam: daughters or ghosts? In C.J. Compton and J.F. Hartmann (Ed.), Papers on Tai languages, Linguistics, and Literatures, 5-43. Center for Southeast Asian Studies, Northern Illinois University
- ↑ Morey, Stephen. (2005). Tonal change in the Tai languages of Northeast India. NTU Singapore
- ↑ Burgohain, Joya. "The Aitons: Some aspects of their life and culture." (2013)
- ↑ Burgohain, Joya. "The Aitons: Some aspects of their life and culture." (2013)
- ↑ Morey, S. (2008). North East Indian Linguistics. New Delhi: Cambridge University Press India
- ↑ Diller, Anthony (1992). "Tai languages in Assam: Daughters or Ghosts": 16
- ↑ Inglis, Douglas. (January 1, 2017). (2017) Myanmar-based Khamti Shan Orthography. Journal of the Southeast Asian Linguistics Society
- ↑ http://www.unicode.org/notes/tn11/UTN11_4.pdf
- ↑ Aiton language, alphabet and pronunciation. Omniglot
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আইটন ভাষা” প্ৰবন্ধৰ সংশোধন ৫৪০১৯৫ (২৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।