অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ইণ্ডোনেছিয়াৰ ভাষাসমূহ

ইণ্ডোনেছিয়া হ'ল ৭০০তকৈও অধিক জীৱিত ভাষাৰ বাসস্থান। এই উল্লেখযোগ্য ভাষিক বৈচিত্ৰ্যই ইণ্ডোনেছিয়াক পাপুয়া নিউ গিনিৰ পিছত বিশ্বব্যাপী দ্বিতীয় সৰ্বাধিক ভাষিকভাৱে বৈচিত্ৰ্যময় ৰাষ্ট্ৰৰ স্থান দিছে।

হালনাগাদ: ১ মাৰ্চ ২০২৬ ৩১৬ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ইণ্ডোনেছিয়া হ'ল ৭০০তকৈও অধিক জীৱিত ভাষাৰ বাসস্থান।১ এই উল্লেখযোগ্য ভাষিক বৈচিত্ৰ্যই ইণ্ডোনেছিয়াক পাপুয়া নিউ গিনিৰ পিছত বিশ্বব্যাপী দ্বিতীয় সৰ্বাধিক ভাষিকভাৱে বৈচিত্ৰ্যময় ৰাষ্ট্ৰৰ স্থান দিছে। এই ভাষাসমূহৰ অধিকাংশই অষ্ট্ৰোনীয় ভাষা পৰিয়ালৰ অন্তৰ্গত তথা ইয়াৰ বিপৰীতে, পূব অঞ্চল, বিশেষকৈ পাপুৱা আৰু মালুকু দ্বীপপুঞ্জ ২৭০টাতকৈও অধিক পাপুৱান ভাষা আছে, যিবোৰ অষ্ট্ৰ 'নেছিয়ান পৰিয়ালৰ পৰা পৃথক আৰু এক অনন্য ভাষিক ঐতিহ্যৰ প্ৰতিনিধিত্ব কৰে। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰভাষা হ'ল ইণ্ডোনেছিয়ান ভাষা, যাক বাহাসা ইণ্ডোনেছিয়া বুলি কোৱা হয়। আনহাতে স্থানীয় ভাষা হিচাপে সৰ্বাধিক কোৱা ভাষা হৈছে জাভা ভাষা। তাৰোপৰি ইণ্ডোনেছিয়াৰ বালি দ্বীপৰ স্থানীয় ভাষা হ'ল বালি ভাষা বা বালিনীজ ভাষা। ইণ্ডোনেছিয়াৰ ভাষাসমূহক নটা শ্ৰেণীত বিভক্ত কৰা হৈছে: ৰাষ্ট্ৰীয় ভাষা, স্থানীয়ভাৱে ব্যৱহৃত থলুৱা ভাষা, আঞ্চলিক লিঙ্গুৱা ফ্ৰেংকা, বিদেশী আৰু অতিৰিক্ত ভাষা, ঐতিহ্যবাহী ভাষা, ধৰ্মীয় ক্ষেত্ৰৰ ভাষা, ইংৰাজী (লিঙ্গুৱা ফ্ৰেংকা হিচাপে) আৰু সাংকেতিক ভাষা।২৩

ৰাষ্ট্ৰীয় ভাষা

ইণ্ডোনেছিয়াৰ চৰকাৰী ভাষা হৈছে ইণ্ডোনেছিয়ান (স্থানীয়ভাৱে বাহাসা ইণ্ডোনেছিয়া নামেৰে জনাজাত) ২০২০ চনৰ লোকপিয়ল অনুসৰি, ইণ্ডোনেছিয়াৰ ৯৭% তকৈ অধিক লোক ইণ্ডোনেছিয়া ভাষাত সাবলীল।৪ ইণ্ডোনেছিয়া ভাষাৰ শব্দভাণ্ডাৰ ইণ্ডোনেছিয়াৰ আঞ্চলিক ভাষা যেনে জাভানীজ, সুন্দানীজ আৰু মিনাংকাবাউ লগতে ডাচ, সংস্কৃত, পৰ্তুগীজ, আৰবী আৰু অতি শেহতীয়াকৈ ইংৰাজী পৰা যথেষ্ট পৰিমাণে ধাৰণ কৰিছে।৫৬৭ ইণ্ডোনেছিয়া ভাষা প্ৰধানকৈ বাণিজ্য, প্ৰশাসন, শিক্ষা আৰু সংবাদ মাধ্যমত ব্যৱহাৰ কৰা হয়, আৰু এনেদৰে প্ৰায় প্ৰতিজন ইণ্ডোনেছিয়ানে বিভিন্ন মাত্ৰাত দক্ষতাৰে ভাষাটো কয়। বেছিভাগ ইণ্ডোনেছিয়ানই জাভানীজ দৰে অন্যান্য ভাষাবোৰ তেওঁলোকৰ প্ৰথম ভাষা হিচাপে কয়।৮ ইয়াৰ ফলত ইণ্ডোনেছিয়াত বহুভাষাবাদ এক নিয়মত হৈ পৰিছে।

বিদেশী ভাষা

খ্ৰীষ্টীয় সপ্তম শতিকাৰ আৰম্ভণিতে, দ্বীপপুঞ্জটোৰ স্থানীয় লোকসকলে চীন, ভাৰত আৰু অন্যান্য দেশৰ লোকসকলৰ সৈতে বাণিজ্য আৰম্ভ কৰিছিল। ইয়াৰ পিছত ওলন্দাজ আৰু পৰ্তুগাল ঔপনিৱেশিকসকলে এক দীঘলীয়া সময়ৰ বাবে ইণ্ডোনেছিয়াত উপনিৱেশ স্থাপন কৰিছিল। সেয়ে এই দেশত ইংৰাজী, ওলন্দাজ, পৰ্তুগীজ, চীনা আদি ভাষাৰো প্ৰচলন দেখিবলৈ পোৱা যায়। দেশৰ সংখ্যাগৰিষ্ঠ ভাৰতীয়ৰ মাজত তামিল ভাষাও কোৱা হয়। কম সংখ্যক ঐতিহ্যবাহী ভাষা কোৱা লোকে আৰবী আৰু ওলন্দাজ ভাষা কয়।৯

ইংৰাজী

ঐতিহাসিকভাৱে ইংৰাজীক ইণ্ডোনেছিয়াৰ প্ৰথম বিদেশী ভাষা হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে।১০

অন্যান্য ভাষা

আৰবী, চীনা, ফৰাচী, জাৰ্মান, জাপানী, কোৰিয়ান, ৰাছিয়ান, পৰ্তুগীজ আৰু স্পেনিছ ইণ্ডোনেছিয়াৰ অ-স্থানীয় ভাষা।

বিপন্ন ভাষাসমূহ

২০০৭ চনৰ তথ্য অনুযায়ী ইণ্ডোনেছিয়া দ্বীপপুঞ্জত ৭৪২টা জীৱিত আছিল। আনহাতে ২০০৯ চনৰ তথ্য অনুযায়ী জীৱিত ভাষৰ সংখ্যা ৭২৬টা।

তথ্যসূত্ৰ

  1. ↑ Bahasa dan Peta Bahasa. Kemdikbud.com. Kemdikbud
  2. ↑ Zein 2020
  3. ↑ (29 October 2018). Indonesia. The World Factbook. CIA
  4. ↑ Long Form Census 2020. Statistics Indonesia
  5. ↑ Yee, Danny. (2013). Review of The Indonesian Language: Its History and Role in Modern Society. Danny Yee's Book Reviews
  6. ↑ Khaidir Anwar. (1976). Minangkabau, Background of the main pioneers of modern standard Malay in Indonesia. Archipel. পৃ. 77–93
  7. ↑ Ivana Amerl. (May 2006). Halo Bos! English Borrowings in Indonesian. MED Magazine
  8. ↑ Lewis, M. Paul. (2009). Ethnologue: Languages of the World. SIL InternationalLewis, M. Paul (2009), Ethnologue: Languages of the World (16th ed.), SIL International, retrieved 17 November 2009
  9. ↑ Zein 2020
  10. ↑ Dardjowidjojo. (2000). English teaching in Indonesia. English Australia. পৃ. 22–30Dardjowidjojo, S. (2000). "English teaching in Indonesia". English Australia. 18 (1): 22–30

সম্পৰ্কিত শ্ৰেণী

ভাষাইণ্ডোনেছিয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্ডোনেছিয়াৰ ভাষাসমূহ” প্ৰবন্ধৰ সংশোধন ৫৮৩৭৬৬ (১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।