শ্বিনা (ݜݨیاٗ,شِْنْیٛا Ṣiṇyaá) এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ শ্বিনা লোকৰ দ্বাৰা ব্যৱহৃত। পাকিস্তানত শ্বিনা ঘাইকৈ গিলগিত-বলতিস্তান অঞ্চলত ব্যৱহাৰ কৰা হয়, অনুমানিত ১১৪৬০০০ লোকৰ দ্বাৰা। কোহিস্তান অঞ্চলতো এই ভাষা ব্যৱহাৰ কৰা হয়।১২ শ্বিনা ভাষা কোৱা এটি সৰু গোট ভাৰততো আছে, বিশেষকৈ জম্মু আৰু কাশ্মীৰৰ গুৰেইজ উপত্যকা আৰু লাদাখৰ দ্ৰাছ উপত্যকাত।১ শ্বিনা ভাষাৰ বহিৰ্গোট লাদাখ, কুন্দল শ্বাহী, পলুলা, চাৱি, উশ্ব'জ' আৰু কলকোটি আদিতো পোৱা যায়।১
কিছু সময় আগলৈকে শ্বিনা ভাষা লিখিবলৈ কোনো লিপি নাছিল। শেহতীয়াকৈ কেইবাটাও প্ৰস্তাৱ আগবঢ়োৱা হৈছে এই ভাষাৰ লিখন প্ৰণালীৰ বাবে। সকলো শ্বিনা লিখোঁতাই ব্যৱহাৰ কৰা এক মাথো লিপি নাই।৩ শ্বিনা মুখ্যতঃ এটি কথিত ভাষাহে, লিখিত ভাষা নহয়। প্ৰায় শ্বিনা ভাষী লোকেই এই ভাষা নিলিখে।
বিতৰণ
এথনলগৰ মতে পাকিস্তানত শ্বিনা আৰু কোহিস্তানী শ্বিনা ভাষী লোকৰ সংখ্যা প্ৰায় ১১৪৬০০০ আছিল ২০১৮ চনত। তাৰেই গড়িষ্টসংখ্যক থাকিছিল খাইবৰ-পখতুনকোৱা আৰু গিলগিত-বালতিস্তানত। শ্বিনা ভাষী এটি সৰু গোট নীলম উপত্যকাতো থাকে।৪৫ ভাৰতৰ কাৰ্গিল জিলাৰ উত্তৰ দিশে গিলগিত-বালতিস্তানৰ সীমাতো শ্বিনা ভাষী লোক থাকে। ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুযায়ী ভাৰতত শ্বিনা ভাষী লোকৰ সংখ্যা ৩২২০০।৬
লিখন
শ্বিনা এনে কম সংখ্যক দাৰ্দিক ভাষাৰ অন্যতম যাৰ এক লিখিত পৰম্পৰা আছে।৭ পিচে ই এক তুলনামূলকভাৱে নতুন পৰম্পৰা: কেইদশকমান আগলৈকে ই এক কথিত ভাষাহে আছিল।৮ বৰ্তমানেও এই ভাষাৰ কোনো মান্য লিখনশৈলী নাই।৯ শ্বিনা ভাষাৰ ধ্বনিতত্ত্ব সঠিকভাৱে প্ৰতিনিধিত্ব কৰাৰ প্ৰথম চেষ্টা কৰা হৈছিল ১৯৬০ৰ দশকত। তাৰ পাছৰে পৰা এই ভাষা লিখিবলৈ কেইবাটাও প্ৰণালী প্ৰস্তাৱিত কৰা হৈছে। প্ৰভেদ প্ৰায় এই কথাক লৈয়েই হয় যে স্বৰধ্বনীৰ দৈৰ্ঘ্য আৰু সুৰ কেনেদৰে লিখিব লাগে।১০ ভাৰতৰ লাদাখ আৰু জম্মু আৰু কাশ্মীৰত ব্যৱহৃত দ্ৰাছী প্ৰকাৰৰ বাবে দুটা মুখ্য প্ৰস্তাৱ হ'ল ফাৰ্চী-আৰবী লিপি আৰু দেৱনাগৰী লিপি।১১
এটি প্ৰস্তাৱিত লিপি হ'ল এনেধৰণৰ:১২
| Letter | Romanization | IPA |
|---|---|---|
| ʿ | ||
| b | ||
| p | ||
| t | ||
| ṭ | ||
| (s) | ||
| ǰ | ||
| č | ||
| (h) | ||
| ǩ | ||
| c | ||
| j | ||
| ċ | ||
| d | ||
| ḍ | ||
| (z) | ||
| r | ||
| ṛ | ||
| z | ||
| ž | ||
| ż | ||
| s | ||
| š | ||
| ṣ | ||
| (s) | ||
| (d) | ||
| (t) | ||
| (z) | ||
| ʿ | ||
| ǧ | ||
| ŋ | ||
| f | ||
| (k) | ||
| k | ||
| g | ||
| l | ||
| m | ||
| n | ||
| ṇ | ||
| ˜ | ||
| w | ||
| h, x | ||
| _h | ||
| ʿ | ||
| y | ||
| e |
তথ্যসূত্ৰ
- ↑ Saxena, Anju; Borin, Lars. (2008-08-22). Lesser-Known Languages of South Asia: Status and Policies, Case Studies and Applications of Information Technology. Walter de Gruyter. পৃ. 137. ISBN 978-3-11-019778-5
- ↑ Shina. Ethnologue
- ↑ Braj B. Kachru; Yamuna Kachru; S. N. Sridhar. (2008). Language in South Asia. Cambridge University Press. পৃ. 144. ISBN 9781139465502
- ↑ Shina. Ethnologue
- ↑ Shina, Kohistani. Ethnologue
- ↑ Shina. Ethnologue
- ↑ Bashir 2003, পৃ. 823
- ↑ Schmidt 2003/2004, পৃ. 61
- ↑ Schmidt Kohistani 2008, পৃ. 14
- ↑ Bashir 2016, পৃ. 806
- ↑ Bashir 2003, পৃ. 823–25. The Devanagari scheme was proposed by Rajapurohit (1975, pp. 150–52; 1983, pp. 46–57; 2012, pp. 68–73). The latter two texts also present Perso-Arabic schemes, which in the 2012 book (pp. 15, 60) is given as primary
- ↑ Shina's Writing System
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বিনা ভাষা” প্ৰবন্ধৰ সংশোধন ৩৮৮৭৯২ (২৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।