সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পুৰনালু
বুৰেলু গুড় মিহলি দালিৰ পেষ্ট আৰু শুকান ফলৰ সৈতে ভৰোৱা পিঠাগুড়িৰে তৈয়াৰী ভাৰতীয় মিঠাই আৰু ডাম্পলিং। প্ৰায়ে ঘিউৰ লগত গৰমে গৰমে পৰিবেশন কৰা হয়। তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত ইয়াক পূৰনাম বুলি কোৱা হয়। পূৰ্নাম প্ৰস্তুত কৰাত সকলো দক্ষিণ ভাৰতীয় খাদ্যৰ সাধাৰণ পৰম্পৰাগত পদ্ধতি অনুসৰণ কৰা হয়।
-
পুৱান শ্ৰী সুকুমাৰী শেখৰ
পুৱান শ্ৰী সুকুমাৰী শেখৰ (২ আগষ্ট ১৯৩৩ – ৮ মাৰ্চ ২০২১) এজনী মালয়েছিয়ান মহিলা আৰু শিশু অধিকাৰৰ কাৰ্যকৰ্তা আছিল। তেওঁ মালয়েছিয়াৰ ৰাষ্ট্ৰীয় মহিলা সংগঠনসমূহৰ পৰিষদৰ প্ৰতিষ্ঠাপক আৰু উপ-সভানেত্ৰী আছিল।
-
পূব টিমৰৰ নাৰী
পূব টিমৰৰ লোকসকলে বৰ্ণগতভাৱে মেলানেছিয়ান আৰু মালয়ৰ সৈতে জিনীয়ভাৱে মিহলি হৈছিল। ইষ্ট টিমোৰৰ জনসংখ্যাৰ অধিকাংশই ৰোমান কেথলিক। ইষ্ট টিমৰ মহিলাসকলৰ সাধাৰণতে গড়ে ৬ৰ পৰা ৭টা সন্তান হয় আৰু ৰাষ্ট্ৰসংঘৰ এক অধ্যয়নৰ ভিত্তিত দেখা গৈছে যে ২০ৰ পৰা ২৪ বছৰৰ ভিতৰত যিসকল মহিলাৰ ভিতৰত প্ৰায় আধাতকৈ অধিক লোকৰ…
-
পেট কাৰ্বাইন
পেট্ৰিচিয়া থেৰেছা কাৰ্বাইন (Patricia Theresa Carbine; জন্ম: ৩১ জানুৱাৰী, ১৯৩১) এগৰাকী আমেৰিকান নাৰীবাদী আৰু আলোচনীৰ সম্পাদিকা। তেওঁ এগৰাকী মহিলাৰ সৰ্বোচ্চ পদত থকা লুক’ৰ কাৰ্যবাহী সম্পাদক আৰু মেককলৰ উপ-সভানেত্ৰী আৰু মুখ্য সম্পাদক আছিল।
-
পেৰাগুৱেৰ নাৰী
পেৰাগুৱেৰ মহিলাসকল হৈছে এনে একাংশ মহিলাৰ গোট, যাৰ অধিকাৰক পেৰাগুৱেত প্ৰত্যাহ্বান জনোৱা হৈছে। আৰ্থ-সামাজিক বৈষম্য আৰু লিংগ দৰমহাৰ ব্যৱধানৰ ফলত তেওঁলোকে নাৰীৰ অধিকাৰৰ সাংবিধানিক আৰু আইনী সম্প্ৰসাৰণ তথা বিকশিত সংস্কৃতিৰ এক মনোভাৱ-সৃষ্ট উল্লেখযোগ্য সাংস্কৃতিক পৰিৱৰ্তনৰ সন্মুখীন হৈছিল।
-
পেৰুৰ নাৰী
পেৰুৰ নাৰীসকলে (Women in Peru) সংখ্যা আৰু আইনী অধিকাৰ দুয়োটা দিশতে সংখ্যালঘুক প্ৰতিনিধিত্ব কৰে। যদিও ঐতিহাসিকভাৱে তেওঁলোক পুৰুষৰ সমকক্ষ, স্পেনিছ বিজয়ৰ পিছত বৰ্তমানৰ পেৰু দেশৰ সংস্কৃতি ক্ৰমান্বয়ে পিতৃতান্ত্ৰিক হৈ পৰে। পিতৃতান্ত্ৰিক সংস্কৃতি এতিয়াও লক্ষণীয়।
-
পোংগল (খাদ্য)
পোংগল (আক্ষৰিক অৰ্থ: 'উতলি পৰা') হৈছে উতলি থকা গাখীৰত সিজোৱা চাউলৰ এবিধ বিশেষ খাদ্য। এই খাদ্যবিধ দক্ষিণ ভাৰত আৰু শ্ৰীলংকাৰ তামিল জনগোষ্ঠীৰ মাজত অতি জনপ্ৰিয়। ইয়াৰ প্ৰস্তুত প্ৰণালীটো মূলতঃ একে নামৰ পোংগল উৎসৱৰ সৈতে জড়িত এক প্ৰধান ৰীতি।
-
পৌলোমি বসু
পৌলোমি বসু (জন্ম অক্টোবৰ ১৯৮৩) এগৰাকী ভাৰতীয় শিল্পী, তথ্যচিত্ৰ ফটোগ্ৰাফাৰ আৰু সমাজকৰ্মীতেওঁৰ বেছিভাগ কৰ্মই প্ৰান্তীয় মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ স্বাভাৱিককৰণৰ বিষয়ত আলোকপাত কৰে।
-
প্ৰজাপতি ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়
প্ৰজাপতি ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় বা ব্ৰহ্মাকুমাৰীসকল হৈছে এক আধ্যাত্মিক আন্দোলনৰ সংগঠক। ১৯৩০ ৰ দশকত সিন্ধুৰ হায়দৰাবাদত এই আন্দোলনৰ জন্ম হয়। ব্ৰহ্মাকুমাৰী (ब्रह्माकुमारी, অৰ্থাৎ "ব্ৰহ্মাৰ কন্যা") আন্দোলনটো লেখৰাজ কৃপালানীয়ে প্ৰতিষ্ঠা কৰিছিল।
-
প্ৰজেক্ট নন্হী কলী
প্ৰজেক্ট নানহী কলী হৈছে এক ভাৰতীয় বেচৰকাৰী সংস্থা যিয়ে ভাৰতবৰ্ষৰ দৰিদ্ৰ কিশোৰী সকলৰ বাবে শিক্ষাৰ অধিকাৰ আৰু অগ্ৰগতিত সমৰ্থন কৰে।
-
প্ৰতিমানহীনতা
সমাজতত্ত্বত প্ৰতিমানহীনতা (anomie) হৈছে সৰ্বসাধাৰণে বা সমূহৰ সদস্য সকলে অনুসৰণ কৰিবলগীয়া কোনো এক নৈতিক মূল্যবোধ, মানদণ্ড, কৰ্ম নীতি বা নিৰ্দেশনা আদিক উভালি পেলোৱা বা ভাঙি পেলোৱাৰ এক সামাজিক অৱস্থা।
-
প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়
প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় (Pragjyotishpur University) অসমৰ কামৰূপ মহানগৰ জিলাৰ হাজংবাৰীত অৱস্থিত এখন ব্যক্তিগত খণ্ডৰ ৰাজ্যিক বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন ২০২২ চনত অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন ২০০৭ৰ অধীনত গৃহীত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় আইন, ২০২২ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছিল।
-
প্ৰেম বিবাহ
প্ৰেম বিবাহ বা লাভ মেৰেজ (Love Marriage) শব্দটো দক্ষিণ এছিয়াত; বিশেষকৈ ভাৰত, পাকিস্তান, বাংলাদেশ আৰু শ্ৰীলংকাত ব্যৱহাৰ হয়। ইয়াৰ জৰিয়তে এহাল যুৱক-যুৱতীয়ে প্ৰেমৰ জৰিয়তে মাক-দেউতাকৰ সন্মতি পোৱা বা নোপোৱাকৈ কৰা বিবাহক বুজোৱা হয়। আচলতে প্ৰেম বিবাহৰ কোনো স্পষ্ট সংজ্ঞা নাই।
-
প্ৰেৰণা গাৰ্লছ স্কুল
প্ৰেৰণা গাৰ্লছ স্কুল'(প্ৰেৰণা ছোৱালী বিদ্যালয়) হৈছে ভাৰতৰ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ অসুবিধাগ্ৰস্ত ছোৱালীৰ বাবে এখন ব্যক্তিগত, কম খৰচী, কে-১২ বিদ্যালয়। বিদ্যালয়খনে ছোৱালীৰ শিক্ষাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বাবে স্বীকৃতি লাভ কৰিছে, আৰু ইয়াক ওবামা ফাউণ্ডেশ্যনৰ গাৰ্লছ অপাৰ্চনিটি এলায়েন্সৰ সৈতে জড়িত এমি…
-
পৰঞ্জা (বস্ত্ৰ)
পৰঞ্জা মধ্য এছিয়াৰ মহিলা আৰু ছোৱালীসকলে পিন্ধা এটা পৰম্পৰাগত চোলা, যিয়ে মূৰ আৰু শৰীৰ ঢাকি ৰাখে। আৰবী ভাষাত ইয়াক "বুৰ্খা" বুলিও জনা যায়। ইয়াৰ মৌলিক শৈলী আৰু কাৰ্য্য অন্যান্য আঞ্চলিক শৈলী যেনে আফগান চাদাৰীৰ সৈতে একে।
-
পৰম্পৰাগত চীনা বিবাহ
পৰম্পৰাগত চীনা বিবাহ (Traditional Chinese marriage, ) চীনা সমাজসমূহত অনুষ্ঠিত এক আনুষ্ঠানিক বিবাহ-অনুষ্ঠান। এই বিবাহ-অনুষ্ঠানত কেৱল স্বামী-স্ত্ৰীৰ মিলনেই নহয়, এজন পুৰুষ আৰু এগৰাকী নাৰীৰ দুয়োটা পৰিয়ালৰ মাজতো সম্পৰ্ক স্থাপন হয়।
-
পৰম্পৰাগত থাই সাজপাৰ
পৰম্পৰাগত থাই সাজপাৰক থাই ভাষাত “চুট থাই” (থাই: ชุดไทย) বুলি কোৱা হয়, যাৰ আক্ষৰিক অৰ্থ হৈছে “থাই সাজ-পোছাক”। থাইলেণ্ডৰ পুৰুষ, মহিলা, শিশুৱে পৰম্পৰাগতভাবে থাই সাজপাৰ পৰিধান কৰে। কেইবিধমান মহিলাৰ পৰম্পৰাগতভাবে সাজপাৰ হৈছে ফা নুং বা চং ক্ৰেবেন, ব্লাউজ আৰু ছবাই।
-
পৰিচাৰিকা উৎপীড়ন
পৰিচাৰিকাৰ উৎপীড়ন (Maid abuse) হৈছে ঘৰুৱা কৰ্মী হিচাপে নিযুক্ত ব্যক্তি এগৰাকীৰ সৈতে বিশেষকৈ নিয়োগকৰ্তাৰ দ্বাৰা বা নিয়োগকৰ্তাৰ ঘৰুৱা সদস্যৰ দ্বাৰা কৰা দুৰ্ব্যৱহাৰ বা অৱহেলা। ই হৈছে কোনো কাৰ্যকৰণ অথবা কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ বিফলতা যাৰ ফলত সেই কৰ্মচাৰীজনৰ ক্ষতি হয়।
-
পৰিৱেশ নাৰীবাদ
পৰিৱেশ নাৰীবাদ (Ecofeminism) হৈছে নাৰীবাদ আৰু ৰাজনৈতিক পৰিৱেশ বিজ্ঞানৰ এক শাখা। পৰিৱেশ নাৰীবাদী চিন্তাবিদসকলে মানুহ আৰু প্ৰাকৃতিক জগতৰ মাজৰ সম্পৰ্ক বিশ্লেষণ কৰিবলৈ লিংগৰ ধাৰণাটোৰ সহায় লয়। ফৰাচী লেখক ফ্ৰান্সোৱা ডি অ'বনে তেওঁৰ 'লে ফেমিনিছম অ' লা মৰ্ট' (১৯৭৪) গ্ৰন্থত এই শব্দটো উদ্ভাৱন কৰিছিল।
-
পৰিৱেশ সমাজতত্ত্ব
পৰিৱেশ সমাজতত্ত্ব (Environmental sociology) হ'ল সমাজ আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত হোৱা পাৰস্পৰিক ক্ৰিয়াৰ অধ্যয়ন৷ এই ক্ষেত্ৰখনে পৰিৱেশ সম্পদ ব্যৱস্থাপনাক প্ৰভাৱিত কৰা আৰু পৰিৱেশজনিত সমস্যাৰ সৃষ্টি কৰা সামাজিক কাৰকসমূহ, এই পৰিৱেশজনিত সমস্যাসমূহ সামাজিকভাৱে গঢ়ি তোলা আৰু সামাজিক সমস্যা হিচাপে…
-
পৱন আমাৰা
পৱন আমৰা (Pavan Amara) লণ্ডনত বাস কৰা এগৰাকী ছাত্ৰী নাৰ্ছ, সাংবাদিক আৰু মহিলা অধিকাৰ কৰ্মী৷ তেওঁ 'মাই বডি বেক প্ৰজেক্ট'ৰ প্ৰতিষ্ঠাপক।
-
ফাটিমা গায়লানী
ফাটিমা গায়লানী (Fatima Gailani; জন্ম ১৯৫৪ চনত কাবুলত) এগৰাকী আফগান ৰাজনৈতিক নেতা আৰু মহিলা অধিকাৰ কৰ্মী, যিয়ে ইয়াৰ পূৰ্বে আফগান ৰেড ক্ৰীচেণ্ট ছ'চাইটিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২১ চনৰ বিবিচিৰ ১০০ মহিলাৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি লাভ কৰে।
-
ফাবাদা আষ্টুৰিয়ানা
ফাবাদা আষ্টুৰিয়ানা, প্ৰায়ে কেৱল ফাবাদা নামেৰে জনাজাত, এটা চহকী আষ্টুৰিয়ান বীন ষ্টু, যি স্পেইনৰ আষ্টুৰিয়াছ প্ৰিন্সিপালিটিৰ স্বায়ত্তশাসিত সম্প্ৰদায়ৰ পৰা উদ্ভৱ হৈছে। ইয়াক সমগ্ৰ স্পেইন জুৰি আৰু বিশ্বজুৰি স্পেনিছ ৰেষ্টুৰেণ্টসমূহত ব্যাপকভাৱে পোৱা যায়।
-
ফাৰখুণ্ডা মুহতাজ
ফাৰখুণ্ডা মুহতাজ (Farkhunda Muhtaj; জন্ম: ১৫ নৱেম্বৰ, ১৯৯৭) এগৰাক আফগান ফুটবলাৰ যিয়ে নৰ্দাৰ্ণ ছুপাৰ লীগৰ কেলগাৰী ৱাইল্ড এফ চিৰ হৈ মিডফিল্ডাৰ হিচাপে খেলে।
-
ফিজি মহিলা অধিকাৰ আন্দোলন
ফিজি মহিলা অধিকাৰ আন্দোলন (ইংৰাজী: Fiji Women's Rights Movement; চমুকৈ FWRM) হৈছে ফিজিত অৱস্থিত এক বহু-জাতীয় আৰু বহু-সাংস্কৃতিক সংগঠন। ইয়াৰ মুখ্য কাৰ্যালয় চুভাত অৱস্থিত। এই প্ৰতিষ্ঠানটোৱে মানসিক পৰিৱৰ্তন আৰু প্ৰতিষ্ঠানিক সংস্কাৰৰ জৰিয়তে মহিলাৰ বিৰুদ্ধে হোৱা বৈষম্য দূৰ কৰাৰ বাবে কাম কৰে।
-
ফিমেন
ফিমেন (ইংৰাজী: Femen; ৰাছিয়ান আৰু ইউক্ৰেইনীয়: Фемен, বেলাৰুছিয়ান: Фэмэн) হৈছে এক ইউক্ৰেইনীয় উগ্ৰ নাৰীবাদী সক্ৰিয়তাবাদী গোট, যাৰ লক্ষ্য হৈছে মহিলাৰ অধিকাৰ সুৰক্ষিত কৰা।
-
ফিলিপাইনছৰ নাৰী
"ফিলিপাইনছৰ নাৰী"ৰ (women in the Philippines) ভূমিকা এওঁলোকৰ সংস্কৃতি, মান আৰু মানসিকতাৰ প্ৰেক্ষাপটৰ ওপৰত ভিত্তি কৰি ব্যাখ্যা কৰা হৈছে। ফিলিপাইনছক দেশখনক শক্তিশালী নাৰীৰ দেশ হিচাবে জনা যায়, কিয়নো নাৰীসকলে প্ৰত্যক্ষ বা পৰোক্ষ্য ভাৱে পৰিয়ালবোৰ, ব্যৱহায়, চৰকাৰী সংস্থা বা বৃহৎ কৃষিভৃত্তিক অংশবোৰ…
-
ফিলিপাইনছৰ সামৰিক বাহিনীত মহিলা
১৯৯৩ চনৰ পৰা যুদ্ধক্ষেত্ৰকে ধৰি ফিলিপাইনছৰ সামৰিক বাহিনীৰ মহিলাসকলে বিভিন্ন সেৱা আগবঢ়াই আহিছে।
-
ফেইজুৱাডা
ফেইজুৱাডা (Feijoada; পৰ্তুগীজ শব্দ 'feijão' অৰ্থাৎ মাহৰ পৰা অহা) হৈছে পৰ্তুগীজ ভাষী দেশসমূহত প্ৰচলিত গৰু বা গাহৰিৰ মাংসৰ সৈতে ৰন্ধা বিভিন্ন প্ৰকাৰৰ মাহৰ ষ্ট্যুৰ নাম। ফেইজুৱাডা পৰ্তুগাল, ব্ৰাজিল, এংগোলা, পূব টিমৰ, মোজাম্বিক আৰু মাকাউৰ দৰে দেশৰ এক সাধাৰণ খাদ্য।
-
ফেট ৰাস্কেল (খাদ্য)
ফেট ৰাস্কেল ঐতিহাসিক টাৰ্ফ কেকৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এক প্ৰকাৰৰ কেক, ই সোৱাদ আৰু উপাদান দুয়োটা দিশতে স্কোন বা ৰক কেকৰ দৰেই। ইয়াৰ উৎপত্তি ইয়ৰ্কশ্বাৰত অন্ততঃ ১৯ শতিকাৰ আগতেই হৈছিল।