অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

পোংগল (খাদ‍্য)

পোংগল (আক্ষৰিক অৰ্থ: 'উতলি পৰা') হৈছে উতলি থকা গাখীৰত সিজোৱা চাউলৰ এবিধ বিশেষ খাদ্য। এই খাদ্যবিধ দক্ষিণ ভাৰত আৰু শ্ৰীলংকাৰ তামিল জনগোষ্ঠীৰ মাজত অতি জনপ্ৰিয়। ইয়াৰ প্ৰস্তুত প্ৰণালীটো মূলতঃ একে নামৰ পোংগল উৎসৱৰ সৈতে জড়িত এক প্ৰধান ৰীতি।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২৩০ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

পোংগল (আক্ষৰিক অৰ্থ: 'উতলি পৰা') হৈছে উতলি থকা গাখীৰত সিজোৱা চাউলৰ এবিধ বিশেষ খাদ্য। এই খাদ্যবিধ দক্ষিণ ভাৰত আৰু শ্ৰীলংকাৰ তামিল জনগোষ্ঠীৰ মাজত অতি জনপ্ৰিয়। ইয়াৰ প্ৰস্তুত প্ৰণালীটো মূলতঃ একে নামৰ পোংগল উৎসৱৰ সৈতে জড়িত এক প্ৰধান ৰীতি। ভেন পোংগল আৰু ছক্কৰাই পোংগলৰ দৰে ইয়াৰ কেইবাটাও প্ৰকাৰভেদ তামিল ৰন্ধনশৈলীৰ অন্তৰ্ভুক্ত।

নামৰ উৎপত্তি আৰু গুৰুত্ব

এই খাদ্যবিধ তামিলসকলৰ এক অন্যতম প্ৰধান কৃষি উৎসৱ পোংগলৰ সৈতে জড়িত। তামিল ভাষাত ইয়াৰ নামৰ আক্ষৰিক অৰ্থ হৈছে "উতলি পৰা" বা "উপচি পৰা"। পৰম্পৰা অনুসৰি, নতুনকৈ চপোৱা ধানৰ চাউল উতলি থকা গাখীৰত ৰান্ধি বিভিন্ন হিন্দু দেৱ-দেৱীৰ উদ্দেশ্যে অৰ্পণ কৰা হয়।১ পোংগল ৰান্ধি থকাৰ সময়ত উপস্থিত থকা লোকসকলে উচ্চস্বৰে "পোংগলো পোংগল!" ('পোংগল উপচি পৰক!') বুলি ধ্বনি দিয়ে।২

প্ৰকাৰভেদসমূহ

সাধাৰণতে পোংগলৰ বিভিন্ন প্ৰকাৰসমূহ গৰুৰ গাখীৰ আৰু ইয়াৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰে তৈয়াৰ কৰা হয়।৩৪ ভেন পোংগল ("ভেন" মানে বগা)৫ হৈছে চাউল আৰু মগু মাহৰ এক প্ৰকাৰৰ লুথুৰী। ই আন এবিধ দক্ষিণ এছিয়াৰ মুখ্য খাদ্য খিচিৰিৰ সৈতে সাদৃশ্যপূৰ্ণ। ইয়াত সোৱাদৰ বাবে ঘিউ, মগু মাহ আৰু নিমখৰ লগতে জালুক, আদা, হালধী, হিং, কাজু, জীৰা আৰু নৰসিংহ পাত আদি মছলা ব্যৱহাৰ কৰা হয়। দক্ষিণ ভাৰতত ইয়াক সাধাৰণতে পুৱাৰ আহাৰ হিচাপে নাৰিকলৰ চাটনি আৰু কফিৰ সৈতে খোৱা হয়।২৩৬

ছক্কৰাই পোংগল ("ছক্কৰাই" মানে মিঠা বা চেনি) গুৰৰ সৈতে ইলাচী, কাজু, কিচমিচ, ইলাচী আৰু ঘিউ মিহলাই প্ৰস্তুত কৰা হয়। দেৱ-দেৱীক অৰ্পণ কৰাৰ পিছত ইয়াক প্ৰায়ে প্ৰসাদ হিচাপে বিতৰণ কৰা হয়।২৩ ইয়াৰ অন্যান্য প্ৰকাৰসমূহৰ ভিতৰত কুকুৰাৰ মঙহেৰে তৈয়াৰী 'কোঝি পোংগল' ("কোঝি" মানে কুকুৰা) আৰু বিভিন্ন শাক-পাছলিৰে তৈয়াৰী 'সন্ন্যাসী পোংগল' অন্যতম।২

তথ্যসূত্ৰ

  1. ↑ Verma, Priyanka. (2014). Pongal: Festival Of India. Diamond Pocket Books Pvt Ltd. পৃ. 4
  2. ↑ Shanmugalingam, Cynthia. (2022). Rambutan: Recipes from Sri Lanka. Bloomsbury Publishing. পৃ. 210
  3. ↑ Monks Of Kauai Aadheenam. (1997). Monks' Cookbook. Himalayan Academy Publications. পৃ. 91–92
  4. ↑ (2018). Everyday Ayurveda Cooking for a Calm, Clear Mind: 100 Simple Sattvic Recipes. Shambhala. পৃ. 261
  5. ↑ Winslow, Miron. (1862). Winslow's A comprehensive Tamil and English dictionary. পৃ. 958
  6. ↑ Singh, Manali. (2018). Vegetarian Indian Cooking with Your Instant Pot: 75 Traditional Recipes That Are Easier, Quicker and Healthier. Page Street Publishing. পৃ. 93

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পোংগল (খাদ‍্য)” প্ৰবন্ধৰ সংশোধন ৬২৩৯৬৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।