অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ফাৰখুণ্ডা মুহতাজ

ফাৰখুণ্ডা মুহতাজ (Farkhunda Muhtaj; জন্ম: ১৫ নৱেম্বৰ, ১৯৯৭) এগৰাক আফগান ফুটবলাৰ যিয়ে নৰ্দাৰ্ণ ছুপাৰ লীগৰ কেলগাৰী ৱাইল্ড এফ চিৰ হৈ মিডফিল্ডাৰ হিচাপে খেলে।

হালনাগাদ: ৭ নৱেম্বৰ ২০২৫ ২৩৬ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ফাৰখুণ্ডা মুহতাজ (Farkhunda Muhtaj; জন্ম: ১৫ নৱেম্বৰ, ১৯৯৭) এগৰাক আফগান ফুটবলাৰ যিয়ে নৰ্দাৰ্ণ ছুপাৰ লীগৰ কেলগাৰী ৱাইল্ড এফ চিৰ হৈ মিডফিল্ডাৰ হিচাপে খেলে। ২০২১ চনত তালিবানে আফগানিস্তান দখল কৰাৰ পিছত আফগানিস্তানৰ জাতীয় দলৰ অধিনায়ক আৰু আফগানিস্তানৰ ছোৱালী যুৱ দলটোক দেশখনৰ পৰা উলিয়াই অনাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ব্যক্তিত্ব হিচাপে কাম কৰিছিল।

প্ৰাথমিক জীৱন

আফগান গৃহযুদ্ধৰ সময়ত মুহতাজৰ পৰিয়ালে আফগানিস্তানৰ পৰা পলায়ন কৰি পাকিস্তানত আশ্ৰয় বিচাৰিছিল, য'ত তেওঁলোকে বৈধ কাগজ-পত্ৰ অবিহনে বাস কৰিছিল আৰু তাতেই তেওঁৰ জন্ম হৈছিল।১ তাৰ পিছত তেওঁৰ পৰিয়াল ২০০০ চনত কানাডাৰ টৰণ্টো, অণ্টাৰিঅ'ৰ উপকণ্ঠ অঞ্চল স্কাৰবাৰ'লৈ গুচি যায়, যেতিয়া তেওঁৰ বয়স আছিল দুবছৰ।২৩

বিশ্ববিদ্যালয়ৰ কেৰিয়াৰ

২০১৫ চনৰ পৰা ২০১৯ চনলৈকে ইয়ৰ্ক বিশ্ববিদ্যালয়ত পঢ়ি মহিলা ফুটবল দলৰ হৈ খেলিছিল, ২০১৮ আৰু ২০১৯ চনত দলৰ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৪৫ ২০১৫ চনৰ ২৫ অক্টোবৰত আলগোমা বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে প্ৰথমটো গ'ল দিয়ে।৬ ২০১৮ চনত তেওঁ ১১টা এছিষ্টেৰে অ' ইউ এৰ নেতৃত্ব দিয়ে।৭ ২০১৯ চনত লায়ন্সে অ' ইউ এ চেম্পিয়নশ্বিপ লাভ কৰাৰ বাবে প্ৰথমবাৰৰ বাবে অ' ইউ এ পশ্চিম বিভাগৰ প্ৰথম দলৰ অল-ষ্টাৰ হিচাপে নিৰ্বাচিত হয়।৭৮ ২০২০ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ দলটোৰ সৈতে সহকাৰী প্ৰশিক্ষক হিচাপে কাম কৰি যায়।৪৯

আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰ

মুহতাজ ২০১৬ চনৰ পৰা আফগানিস্তানৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ সদস্য আছিল,১০১১১২১৩অৱশেষত ২০১৮ চনত দলৰ অধিনায়ক হয়।১৪২০১৬ চনৰ ২৭ ডিচেম্বৰত ভাৰতৰ বিৰুদ্ধে ২০১৬ চনৰ এছ এ এফ এফ মহিলা চেম্পিয়নশ্বিপত তেওঁ এটা গ'ল দিয়ে। ২০২১ চনৰ গ্ৰীষ্মকালত তেওঁ আফগানিস্তান ফুটবল ফেডাৰেচনৰ সৈতে কথা পাতিছিল যে দলটোক প্ৰথমবাৰৰ বাবে ফিফা মহিলা বিশ্বকাপৰ অৰ্হতাত অংশগ্ৰহণ কৰিবলৈ দিয়া যাওক। অৱশ্যে ২০২১ চনত আফগানিস্তানত তালিবানৰ আক্ৰমণে সেই সম্ভাৱনাৰ অন্ত পেলাইছিল।১৫১৬

তথ্যসূত্ৰ

  1. ↑ van der Steen, Paul. (August 26, 2022). Afghaans international Farkhunda Muhtaj voetbalt in Sittard: ‘Als vluchteling heb ik alle mogelijkheden gehad om te sporten’. NRC
  2. ↑ Sheikh, Iman. (July 3, 2015). Ramadan won't slow down these Muslim teen athletes. TVO
  3. ↑ Ahmed, Shireen. (Winter 2022). Kicking into High Gear. York University
  4. ↑ York Lions 2021 Women's Soccer Yearbook. York Lions
  5. ↑ (October 13, 2021). "To dream, to aspire and to pursue what they wish": Inside Farkhundha Muhtaj's soccer-inspired Afghanistan rescue mission. York Lions
  6. ↑ Munir, Hassam. (October 26, 2015). Lions’ soccer team ends regular season with dominant victory. Excalibur
  7. ↑ Farkhunda Muhtaj York Lions profile. York Lions
  8. ↑ 2019 OUA Award Winners. Ontario University Athletics
  9. ↑ (November 22, 2021). L’afganesa Farkhunda Muhtaj, capitana de la selecció de futbol i activista humanitària, visita el FC Barcelona. FC Barcelona
  10. ↑ (January 21, 2018). Afghanistan women's national team roster for friendly games against Jordan. Afghanistan Football Federation
  11. ↑ Senior Program Leader - Farkhunda Muhtaj. Muslim Children's Aid
  12. ↑ (January 14, 2022). Farkhunda Muhtaj. ফেইচবুক. Afghans of Toronto
  13. ↑ Laverty, Rich. (March 28, 2024). The Big Interview: Farkhunda Muhtaj. Women's Football Chronicles
  14. ↑ Mukhopadhyay, Shoubhik. (December 27, 2016). Kamala's Brace Guides India to a Winning Start. All India Football Federation
  15. ↑ Ruszkai, Ameé. (January 16, 2023). Meet the 'amazing' captain of Afghanistan's women's national team - and her 'ideal' Dutch club. Goal
  16. ↑ Rezahi, Nizamuddin. (January 17, 2023). Afghanistan Women’s Football Team Captain Shines in Dutch Club. Khaama Press

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীআফগান মহিলা সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাৰখুণ্ডা মুহতাজ” প্ৰবন্ধৰ সংশোধন ৫৪৮৪৩০ (৭ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।