অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ফিজি মহিলা অধিকাৰ আন্দোলন

ফিজি মহিলা অধিকাৰ আন্দোলন (ইংৰাজী: Fiji Women's Rights Movement; চমুকৈ FWRM) হৈছে ফিজিত অৱস্থিত এক বহু-জাতীয় আৰু বহু-সাংস্কৃতিক সংগঠন। ইয়াৰ মুখ্য কাৰ্যালয় চুভাত অৱস্থিত। এই প্ৰতিষ্ঠানটোৱে মানসিক পৰিৱৰ্তন আৰু প্ৰতিষ্ঠানিক সংস্কাৰৰ জৰিয়তে মহিলাৰ বিৰুদ্ধে হোৱা বৈষম্য দূৰ কৰাৰ বাবে কাম কৰে।

হালনাগাদ: ১২ মে’ ২০২৬ ৩৪৯ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ফিজি মহিলা অধিকাৰ আন্দোলন (ইংৰাজী ভাষা: Fiji Women's Rights Movement; চমুকৈ FWRM) হৈছে ফিজিত অৱস্থিত এক বহু-জাতীয় আৰু বহু-সাংস্কৃতিক সংগঠন। ইয়াৰ মুখ্য কাৰ্যালয় চুভাত অৱস্থিত। এই প্ৰতিষ্ঠানটোৱে মানসিক পৰিৱৰ্তন আৰু প্ৰতিষ্ঠানিক সংস্কাৰৰ জৰিয়তে মহিলাৰ বিৰুদ্ধে হোৱা বৈষম্য দূৰ কৰাৰ বাবে কাম কৰে। FWRM-এ নাৰীবাদ, গণতন্ত্ৰ, সুশাসন আৰু মানৱ অধিকাৰৰ অনুশীলন আৰু প্ৰসাৰত বিশ্বাস কৰে।১২ ১৯৮৭ চনৰ প্ৰথমটো সামৰিক অভ্যুত্থানৰ পিছৰে পৰা ফিজিত সামৰিক শাসনৰ ৰাজহুৱা বিৰোধিতা কৰাৰ বাবে FWRM জনাজাত।৩ ইয়াৰ উপৰিও ফিজিত আন্তঃপ্ৰজন্মীয় মহিলা নেতৃত্বৰ সৈতে জড়িত অভিনৱ দৃষ্টিভংগী আৰু মূল কাৰ্যসূচীৰ বাবেও এই সংগঠনটো জনাজাত, য’ত বিশেষকৈ যুৱতী, খিলঞ্জীয়া আৰু থলুৱা মহিলাসকলক গুৰুত্ব প্ৰদান কৰা হয়।৪

২০১৬ চনত FWRM-এ গাৰ্লছ ডিজিটেল ষ্টৰীজ নামৰ এটা প্ৰকল্প আৰম্ভ কৰিছিল। এই প্ৰকল্পৰ লক্ষ্য আছিল ১০-১২ বছৰীয়া ছোৱালীৰ কাহিনী কোৱা আৰু ডিজিটেল কলাৰ ব্যৱহাৰেৰে উৎপীড়ন আৰু বৈষম্যক প্ৰত্যাহ্বান জনোৱা।৫

ইতিহাস

১৯৮৬ চনত ৫৬ গৰাকী মহিলাই ফিজি মহিলা অধিকাৰ আন্দোলন (FWRM) প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ ভিতৰত এনে কিছুসংখ্যক মহিলাও আছিল যিয়ে ফিজিত লিংগ সম্পৰ্কীয় হিংসাৰ বিৰুদ্ধে প্ৰথমটো সহায়ক সংগঠন ‘ফিজিয়ান ৱমেনছ ক্ৰাইছিছ চেণ্টাৰ’ (FWCC) স্থাপন কৰিছিল। তেওঁলোকে দৃঢ়প্ৰতিজ্ঞ আছিল যে তেওঁলোকৰ এই গোটটোৱে "সেইবোৰ আইন আৰু নীতি পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিব যিবোৰে মহিলাৰ প্ৰতি বৈষম্য কৰে বা তেওঁলোকৰ সমস্যাসমূহ পৰ্যাপ্তভাৱে সমাধান কৰাত ব্যৰ্থ হয়"।৬ প্ৰতিষ্ঠাপক সদস্যসকলৰ ভিতৰত আছিল এফডব্লিউচিচিৰ শ্বামীমা আলী, মানৱ অধিকাৰ অধিবক্তা ইমৰাণা জালাল, আদি কুইনি ভাভদ্ৰা, আলেফিনা ভুকি, হেলেন ছাদাৰলেণ্ড, ‘আটু এম্বাৰচন-বেইন, মিচেল ৰেডী আৰু পেনেলেপ মুৰ (যিয়ে FWRM-ৰ প্ৰথম সমন্বয়ক বা কাৰ্যবাহী সঞ্চালক হৈছিল)।৬

ৰাজনৈতিক কৰ্মী ভিৰিচিলা বুয়াদ্ৰোমো ২০০১ চনৰ পৰা ২০১৫ চনলৈ এই সংগঠনটোৰ কাৰ্যবাহী সঞ্চালক আছিল আৰু তাৰ পিছত তাৰা চেট্টীয়ে এই দায়িত্ব গ্ৰহণ কৰে।৭

সফলতা

ফিজি মহিলা অধিকাৰ আন্দোলনে সাংবিধানিক সংস্কাৰকে ধৰি মহিলাৰ ৰাজনৈতিক অংশগ্ৰহণ বৃদ্ধিৰ বাবে কৰা কামৰ বাবে পৰিচিত।৮ ২০১২ চনত নেতৃত্বৰ ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে FWRM-এ ইয়াৰ সহযোগী সংস্থা ‘ফেমলিংক পেচিফিক’ (FemlinkPACIFIC), ‘নেচনেল কাউন্সিল অৱ ৱমেন (ফিজি)’ আৰু ‘ছকোছকোভাকামাৰামা ইটৌকেই’ৰ (Soqosoqovakamarama iTaukei) সৈতে মিলি ‘ফিজি ৱমেনছ ফৰাম’ গঠন কৰিছিল। যদিও প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ভিতৰত ফিজিৰ সংসদত মহিলাৰ অনুপাত সৰ্বাধিক (২০১৪ চনত ১৬%), তথাপিও FWRM আৰু ‘ফিজি ৱমেনছ ফৰামে’ ৰাজনৈতিক আৰু ৰাজহুৱা জীৱনত মহিলাৰ প্ৰতিনিধিত্ব উন্নত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হৈ কাম কৰি আহিছে।৯

ছোৱালীসকলৰ সৱলীকৰণৰ বাবে FWRM-ৰ কাৰ্যসূচী, যাক ‘GIRLS’ (Grow-Inspire-Relate-Lead-Succeed) বুলি জনা যায়, তাক "ফিজি তথা এই সমগ্ৰ অঞ্চলটোৰ ভিতৰতে ১০-১২ বছৰীয়া ছোৱালীৰ বাবে অন্যতম উৎকৃষ্ট নাৰীবাদী লিংগ সমতা প্ৰকল্প" বুলি কোৱা হৈছে।১১০ ফিজি আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আন্তঃপ্ৰজন্মীয় নাৰীবাদী নেতৃত্বক সমৰ্থন কৰাৰ ক্ষেত্ৰত এইটো সংগঠনটোৰ এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা।১১

তথ্যসূত্ৰ

  1. ↑ Fiji Women's Rights Movement. Pacific Women pacificwomen.org
  2. ↑ Fiji Women's Rights Movement. Oxfam New Zealand oxfam.org.nz
  3. ↑ (2008). Security Disarmed: Critical Perspectives on Gender, Race, and Militarization. Rutgers Press. পৃ. 128. ISBN 978-0-8135-4359-8
  4. ↑ Fraenkel, Jon. (2007). From Election to Coup in Fiji: The 2006 Campaign and Its Aftermath. ANU Press. পৃ. 168. ISBN 9780731538126
  5. ↑ Mudunavonu, Peni. (20 June 2016). Aim to stop bullying
  6. ↑ (2012). FWRM Herstory: Celebrating 25 years of balancing the scales 1986~2011. Fiji Women's Rights Movement
  7. ↑ (18 December 2014). FWRM Board Appoints New Head
  8. ↑ (5 August 2013). Tara Chetty: Fiji democracy and women's rights. Development Policy Centre
  9. ↑ Promoting greater women's leadership in all areas of decision making. Pacific Community rrrt.spc.int
  10. ↑ GIRLS lead 16 Days of Activism Against Gender-Based Violence Campaign. Pacific Women
  11. ↑ Transformative Women's Leadership: An Interview with The Fiji Women's Rights Movement. Global Fund for Women globalfundforwomen.org

সম্পৰ্কিত শ্ৰেণী

ফিজিনাৰীবাদী সংগঠনমহিলা সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফিজি মহিলা অধিকাৰ আন্দোলন” প্ৰবন্ধৰ সংশোধন ৬০৫৯১৩ (১২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।