প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় (Pragjyotishpur University) অসমৰ কামৰূপ মহানগৰ জিলাৰ হাজংবাৰীত অৱস্থিত এখন ব্যক্তিগত খণ্ডৰ ৰাজ্যিক বিশ্ববিদ্যালয়।১ বিশ্ববিদ্যালয়খন ২০২২ চনত অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন ২০০৭ৰ অধীনত গৃহীত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় আইন, ২০২২ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছিল।২ বিদ্যা ভাৰতীৰ অন্তৰ্ভুক্ত শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ সহায়ত এই বিশ্ববিদ্যালখন কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰৰ হাজংবাৰীত নিৰ্মাণ কৰা হৈছে।
ইতিহাস
২০২২ চনৰ ১৬ ছেপ্টেম্বৰ তাৰিখে অসম বিধানসভাত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় বিধেয়ক উত্থাপন কৰা হয়।৩ বিধেয়কখন অসমৰ ৰাজ্যপালসকলৰ তালিকাৰ অনুমোদনৰ পিছত ২০২২ চনৰ ১৭ অক্টোবৰ তাৰিখে অসম চৰকাৰে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় আইন নং XLVI প্ৰণয়ন কৰে। ২০২৩-২৪ চনৰ প্ৰথম শৈক্ষিক অধিবেশনৰ বাবে ২০২৩ চনৰ ১ ছেপ্টেম্বৰৰ শুকুৰবাৰৰ পৰা স্নাতক পৰ্যায়ত আনুষ্ঠানিকভাৱে শ্ৰেণী পৰিচালনা আৰম্ভ কৰা বিশ্ববিদ্যালয়খনৰ শৈক্ষিক কাৰ্য্যকলাপ নতুন শিক্ষানীতি ২০২০ মানি চলে। ২০২৪-২৫ চনৰ শৈক্ষিক বৰ্ষত বিশ্ববিদ্যালয়ে পাঁচটা বিভাগৰ অধীনত সন্মান আৰু সংহত স্নাতকোত্তৰৰ সৈতে স্নাতক কাৰ্যসূচী প্ৰৱৰ্তন কৰে। পিছলৈ বিশ্ববিদ্যালয়খনে ভাৰতীয় ফাৰ্মাচী পৰিষদৰৰ যথাযথ অনুমোদন সাপেক্ষে ভেষজ বিজ্ঞানৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিব। অধ্যাপক স্মৃতি কুমাৰ সিংহ বিশ্ববিদ্যালয়খনৰ প্ৰথম গৰাকী উপাচাৰ্য।
বিভাগ আৰু পাঠ্যক্ৰম
কলা, মানৱবিজ্ঞান আৰু সমাজ বিজ্ঞান বিদ্যালয়
এই বিদ্যালয়ে নিম্নোক্ত বিষয়সমূহত সন্মানসহ স্নাতক আৰু সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায়:
- অৰ্থনীতি
- শিক্ষা
- ইতিহাস
- ৰাজনীতি বিজ্ঞান
- মনোবিজ্ঞান
- সমাজবিলজ্ঞান
- সংহত লোক সেৱা
বাণিজ্য আৰু ব্যৱসায় ব্যৱস্থাপনা বিদ্যালয়
সমাজ বিজ্ঞান বিদ্যালয়=== এই বিদ্যালয়ে নিম্নোক্ত বিষয়সমূহত সন্মানসহ স্নাতক আৰু সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায়:
- হিচাপৰক্ষণ আৰু কৰ ব্যৱস্থা
- বিত্ত
- ব্যৱস্থাপনা
প্ৰাকৃতিক আৰু প্ৰায়োগিক বিজ্ঞান বিদ্যালয়
এই বিদ্যালয়ে নিম্নোক্ত বিষয়সমূহত সন্মানসহ স্নাতক আৰু সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায়:
- কৃত্ৰিম বুদ্ধিমত্তা আৰু যান্ত্ৰিক শিক্ষণ
- উদ্ভিদ বিজ্ঞান
- জৈৱ বিজ্ঞান আৰু জৈৱ প্ৰযুক্তি
- ৰসায়ন বিজ্ঞান
- তথ্য বিজ্ঞান
- গণিত
- পদাৰ্থ বিজ্ঞান
- প্ৰাণীবিজ্ঞান
- যোগ বিজ্ঞান
ভাষা, সাহিত্য, আৰু ভাষাবিজ্ঞানৰ বিদ্যালয়
এই বিদ্যালয়ে নিম্নোক্ত বিষয়সমূহত সন্মানসহ স্নাতক আৰু সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায়:
- অসমীয়া
- ইংৰাজী
- সংস্কৃত
পৰিবেশ্য কলা বিদ্যালয়
- নৃত্য (সত্ৰীয়া আৰু লোক)
- কণ্ঠ সংগীত (শাস্ত্ৰীয়, বৰগীত আৰু লোক)
ভেষজ বিজ্ঞান
ভেষজ বিজ্ঞানৰ ডিপ্লোমা আৰু স্নাতক পাঠ্যক্ৰম:
- ভেষজ ৰসায়ন বিজ্ঞান
- ঔষধনিৰ্মাণ বিজ্ঞান
- ভেষজ ঔষধবিজ্ঞান
- ঔষধ বিজ্ঞান
- ভেষজ প্ৰয়োগ
অৱস্থান
প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰৰ হাজংবাৰী গাঁৱত অৱস্থিত। ইয়াৰ পৰা গুৱাহাটী ৰেল ষ্টেচন প্ৰায় ২০ কিঃমিঃ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ প্ৰায় ৪২ কিঃমিঃ নিলগত অৱস্থিত।
তথ্যসূত্ৰ
- ↑ State-wise List of Private Universities. www.ugc.ac.in. University Grants Commission
- ↑ Assam: Bills Passed To Introduce 3 New Universities
- ↑ বিধানসভাত একেদিনাই উত্থাপন ৮ খনকৈ বিধেয়ক. ETV Bharat
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪১৯৮৭২ (২৮ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।