অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

পৱন আমাৰা

পৱন আমৰা (Pavan Amara) লণ্ডনত বাস কৰা এগৰাকী ছাত্ৰী নাৰ্ছ, সাংবাদিক আৰু মহিলা অধিকাৰ কৰ্মী৷ তেওঁ 'মাই বডি বেক প্ৰজেক্ট'ৰ প্ৰতিষ্ঠাপক।

হালনাগাদ: ৫ ছেপ্তেম্বৰ ২০২৬ ৪৩৪ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

পৱন আমৰা (Pavan Amara) লণ্ডনত বাস কৰা এগৰাকী ছাত্ৰী নাৰ্ছ, সাংবাদিক আৰু মহিলা অধিকাৰ কৰ্মী৷ তেওঁ 'মাই বডি বেক প্ৰজেক্ট'ৰ প্ৰতিষ্ঠাপক।

সক্ৰিয়তা

কৈশোৰকালত আমাৰাক ধৰ্ষণ কৰা হৈছিল। ইয়াৰ পিছত তেওঁৰ জীৱনৰ কিছুমান অভিজ্ঞতা (যেনে-চিকিৎসকৰ ওচৰলৈ যোৱা আদিৰ দৰে কামবোৰ) কঠিন হৈ পৰিছিল।.১ তেওঁ সহায় বিচাৰি গুগল চাৰ্চত ‘rape, body image, can’t go to doctor’ টাইপ কৰিলে।২ছাত্ৰী নাৰ্ছ হিচাপে কাম কৰি থাকোঁতে যৌন নিৰ্যাতনৰ সন্মুখীন হোৱা ত্ৰিশগৰাকী মহিলাৰ সাক্ষাৎকাৰ লৈ তেওঁ আৱিষ্কাৰ কৰিলে যে এনেধৰণৰ অসুবিধা পোৱা একমাত্ৰ ব্যক্তি কেৱল তেঁৱেই নহয়। সকলো মহিলাই তেওঁক ক'লে যে যৌন সম্পৰ্ক উপভোগ কৰা, আইনাত চোৱা আৰু স্বাস্থ্যসেৱাৰ সুবিধাৰ ক্ষেত্ৰত একাধিক সমস্যা আছে।৩

আমাৰাই ২০১৪ চনৰ আগষ্ট মাহত লণ্ডনত মাই বডি বেক প্ৰজেক্ট প্ৰতিষ্ঠা কৰে৷ ইয়াৰ উদ্দেশ্য আছিল যৌন নিৰ্যাতনৰ পৰা ৰক্ষা পোৱা লোকসকলৰ বাবে এটা ৱেবছাইট স্থাপন কৰা আৰু এটা সমৰ্থন নেটৱৰ্ক সৃষ্টি কৰা।৪এবছৰৰ পিছত এই প্ৰকল্পটোৱে লণ্ডনৰ ছেইণ্ট বাৰ্টছ হাস্পতালত যৌন নিৰ্যাতনৰ পৰা ৰক্ষা পোৱা লোকসকলৰ বাবে নিবেদিত এখন ক্লিনিক আৰম্ভ কৰে।৫

স্বীকৃতি

সেই সময়ৰ লণ্ডনৰ প্ৰধানমন্ত্ৰী থেৰেছা মেই আমাৰালৈ লিখিছিল যে "দৃঢ়তাৰ জৰিয়তে আপুনি যৌন হিংসাৰ সন্মুখীন হোৱা মহিলাসকলৰ বাবে ব্ৰিটেইনৰ প্ৰথমখন যৌন স্বাস্থ্য আৰু প্ৰসূতি ক্লিনিক স্থাপন কৰিছে। 'মাই বডি বেক প্ৰজেক্ট'ৰ সফলতা দুৰ্বল মহিলাসকলক সহায় কৰাৰ বাবে আপোনাৰ অসাধাৰণ সমৰ্পণৰ প্ৰমাণ আৰু প্ৰকল্পটোৱে লাভ কৰা সকলোখিনিৰ বাবে আপুনি গৌৰৱ অনুভৱ কৰা উচিত।"

২০১৫ চনত দ্য ইণ্ডিপেণ্ডেণ্ট কাকতে আমাৰাক দহগৰাকী "উজ্জ্বল আৰু শ্ৰেষ্ঠ" নাৰীবাদীৰ ভিতৰত অন্যতম হিচাপে তালিকাভুক্ত কৰিছিল।৬তেওঁ হাফিংটন পোষ্ট, ইণ্ডিপেণ্ডেণ্ট আৰু অন্যান্য প্ৰকাশনৰ বাবে লিখে।৭৮৯ ২০১৯ চনত তেওঁক ষ্টাইলিষ্ট আলোচনীয়ে 'ৱমেন অৱ দ্য উইক' হিচাপে তালিকাভুক্ত কৰিছিল।১০

তথ্যসূত্ৰ

উৎস

তথ্যসূত্ৰ

  1. ↑ Bates 2015
  2. ↑ Amara 2017
  3. ↑ McCamley 2016
  4. ↑ Writer 2016
  5. ↑ Kerrow 2015
  6. ↑ Nianias 2015
  7. ↑ Amara 2017
  8. ↑ Post 2019
  9. ↑ Independent 2019
  10. ↑ Yee 2009

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৱন আমাৰা” প্ৰবন্ধৰ সংশোধন ৬৩৪৩৬৪ (৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।