অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ফিলিপাইনছৰ নাৰী

"ফিলিপাইনছৰ নাৰী"ৰ (women in the Philippines) ভূমিকা এওঁলোকৰ সংস্কৃতি, মান আৰু মানসিকতাৰ প্ৰেক্ষাপটৰ ওপৰত ভিত্তি কৰি ব্যাখ্যা কৰা হৈছে। ফিলিপাইনছক দেশখনক শক্তিশালী নাৰীৰ দেশ হিচাবে জনা যায়, কিয়নো নাৰীসকলে প্ৰত্যক্ষ বা পৰোক্ষ্য ভাৱে পৰিয়ালবোৰ, ব্যৱহায়, চৰকাৰী সংস্থা বা বৃহৎ কৃষিভৃত্তিক অংশবোৰ…

হালনাগাদ: ২৪ জানুৱাৰী ২০২৬ ৩১৭ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

"ফিলিপাইনছৰ নাৰী"ৰ (women in the Philippines) ভূমিকা এওঁলোকৰ সংস্কৃতি, মান আৰু মানসিকতাৰ প্ৰেক্ষাপটৰ ওপৰত ভিত্তি কৰি ব্যাখ্যা কৰা হৈছে। ফিলিপাইনছক দেশখনক শক্তিশালী নাৰীৰ দেশ হিচাবে জনা যায়, কিয়নো নাৰীসকলে প্ৰত্যক্ষ বা পৰোক্ষ্য ভাৱে পৰিয়ালবোৰ, ব্যৱহায়, চৰকাৰী সংস্থা বা বৃহৎ কৃষিভৃত্তিক অংশবোৰ (সাচিন্দা) চলাই থাকে।১ দক্ষিণ-পূব এচিয়াৰ আনবোৰ দেশতকৈ ফিলিপাইনছৰ সমাজত নাৰীসকলে এটা বৃহৎ পৰিমানৰ সামাজিক সম্যতা উপভোগ কৰিছে।২

ইতিহাস

প্ৰাচীন যুগ

ফিলিপাইনছৰ প্ৰাক ঔপনিবেশিক সামাজিক স্তৰত মাতৃ আৰু পিতৃ বংসক সমানে গুৰুত্ব দিছিল। এই দ্বিপক্ষিয় আত্মীয় ব্যৱস্থাৱে ফিলিপাইনছৰ নাৰীসকলক একোটা বংস চলাবলৈ অপাৰ ক্ষমতা প্ৰদান কৰে। তেওঁলোক সম্পত্তিৰ মালিক, ব্যৱসায়-বাণিজ্যত জৰিত আৰু স্বামীক বিবাহ বিচ্ছেদ দিয়াৰ অধিকাৰো থাকে। পুৰুষ উত্তৰাধিকাৰীৰ অনুপস্থিতিত এওঁলোক গ্ৰামমূখ্যও হ'ব পাৰিছিল। স্পেইনবাসী সকলৰ আগমনৰ আগেয়ে, ফিলিপাইনছৰ নাৰীসকলে উচ্চমানৰ চিকিৎসক, পুৰোহিত আৰু জ্যোতিষী হিচাবে মৰ্যদা অৰ্জন কৰিব পাৰিছিল।৩

A cagayan woman. Boxer Codex
A cagayan woman. Boxer Codexছবি: Boxer Codex · Public domain

ইতিহাস

স্পেইনবাসী সকলৰ আগমনৰ আগেয়ে, ফিলিপাইনছৰ নাৰীসকলে উচ্চমানৰ চিকিৎসক, পুৰোহিত আৰু জ্যোতিষী হিচাবে মৰ্যদা অৰ্জন কৰিব পাৰিছিল। প্ৰাক ঔপনিবেশিক যুগত ফিলিপাইনছত বহুতো মহিলাই হাৰা আৰু ডায়াং ৰ উপাধী পাইছিল। হাৰা মানে ৰজাৰ সহধৰ্মিণী বা ৰাণী আৰু ডায়াং মানে আদালতৰ মহিলা বা দাতুৰ প্ৰধান স্ত্ৰী।

বাবাইলান

বাবাইলান হৈছে প্ৰাক ঔপনিবেশিক ফিলিপাইনছ সমাজৰ ধৰ্মীয় নেতা, জন সম্প্ৰদায়ৰ চিকিৎসক আৰু নিৰাময়কাৰী হিচাবে কৰ্তৃত্বৰ পদত অধিষ্ঠিত আছিল।৪অতি আৱশ্যকীয় কাম কাজ বোৰৰ বাবে বাবাইলানক অত্যন্ত স্বীকৃতি দিছিল আৰু ঐতিসাহিক নাৰীৰ বাৰাঙ্গেত(জিলা) অঙ্গিভূত কৰিছিল। দ্বি-পোছাক পৰিধান কৰা পুৰুষসকলেও কেতিয়াবা কেতিয়াবা নাৰী বাবাইলানৰ ভূমিকাত অবতীৰ্ণ হোৱা দেখা যায়।৫

স্পেইনৰ ফিলিপাইন

যদিও খ্ৰীষ্টীয় ধৰ্ম প্ৰচাৰ কৰাৰ বাবে স্পেইনৰ পৰা মিছনেৰী সকল সোমাইছিল,পাচত তেওঁলোকে ফিলিপাইনছৰ উপদেশাৱলী গ্ৰহণ কৰি স্থানীয় লোকসকলৰ লগত খাপ খোৱাটো বেছি লাভজনক বুলি ভাবিলে।

]]

Filipina women making cigars
Filipina women making cigarsছবি: Frederic H. Sawyer · Public domain

আমেৰিকান ফিলিপাইন

১৮৯৮ চনত আমেৰিকা-স্পেইনৰ যুদ্ধত যেতিয়া স্পেইনবাসী সকলৰ পৰাজয় হ'ল তেতিয়া ফিলিপাইন আমেৰিকাৰ অধীন হ'ল। মাৰ্কিন যুক্তৰাষ্ট্ৰয়ে এটা নতুন সৰ্বসাধাৰণ শিক্ষা ব্যৱস্থা আৰাম্ভ কৰিলে যিটোৰে লৰা বা ছোৱালী সকলোকে সমানে লিঙ্গ নিৰ্বিশেষে শিক্ষা দিয়া হয়।

সমসাময়িক ভূমিকা

আধুনিক ফিলিপাইনছৰ নাৰীসকলে পৰিয়ালৰ প্ৰধান নিৰ্ণায়ক। এওঁলোকে প্ৰধানকৈ অৰ্থৰ লেন দেন কৰাৰ পৰা আদি কৰি, ধৰ্মীয় পৰামৰ্শদাতা হিচাপেও কাম কৰে আৰু সমস্ত পৰিয়ালৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তও লব জানে।

বিবাহ আৰু সম্পৰ্ক

ফিলিপাইনছত বিবাহ আৰু সম্পৰ্ক ৰক্ষণশীল প্ৰকৃতিৰ। পুৰুষে মহিলাৰ লগত একমত হ'ব লাগিব আৰু মহিলা গৰাকীৰ হৃদয় জয় কৰিবলৈ প্ৰেমৰ প্ৰমাণ দিব লাগিব।৬

তথ্যসূত্ৰ

  1. ↑ Clamonte, Nitz. Women in the Philippines, Compiled from Gender Awareness Seminars, developed and facilitated by Nitz Clamonte, Ozamiz.com (undated), archived from htm Through the Years, Brightly: The Tadtarin]; and Joaquin, Nick. The Summer Solstice, PIA.gov (undated)
  2. ↑ Vartti, Riitta (editor), “Women writers through the ages; The Spanish era”, The History of Filipino Women's Writings, an article from Firefly – Filipino Short Stories (Tulikärpänen – filippiiniläisiä novelleja), 2001 / 2007, retrieved on: April 12, 2008, "...Filipinas (i.e. Philippine women) enjoy a reputation of power and equality compared to most of their Asian neighbors..."; "...The Spaniards of the 1500s were horrified by the revolting liberty and too high social status of the woman, mujer indigena, in the islands just conquered by them. Women could own property and rule the people, act as leaders of rites and ceremonies of the society, and divorce their husbands..."; "The Conquistadors and the friars quickly changed this with the European model, where women's place was at home and not in prominent positions. As a consequence, during hundreds of years, education was given only to upp
  3. ↑ Karnow, Stanley. In Our Image: America’s Empire in the Philippines, Ballantine Books, Random House, Inc., March 3, 1990, 536 pages, ISBN 0-345-32816-7
  4. ↑ books.google.com/books?id=VLnHBQAAQBAJ
  5. ↑ books.google.com/books?id=93lag7tXriIC
  6. ↑ web.archive.org/web/20100128102040/http://www.we

সম্পৰ্কিত শ্ৰেণী

দেশভেদে নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফিলিপাইনছৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৫৭১১১৫ (২৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।