কাঠৰ জোখ মাপৰ একক (ইউনিট) হ'ল কেবি (KB)। কাঠ এডাল ত্ৰিমাত্ৰিক (three dimension)। সেই তিনিটা অংশ হ'ল- কাঠডালৰ দৈৰ্ঘ্য (length), কাঠডালৰ প্ৰস্থ (breadth) আৰু কাঠডালৰ উচ্চতা (height)। প্ৰস্থ আৰু উচ্চতা বেছিভাগ ইঞ্চিত থাকে আৰু দৈৰ্ঘ্য সাধাৰণতে ফুটত ধৰা হয়। প্ৰস্থ আৰু উচ্চতাক ফুটত লিখিলে বহুত সৰু মান পোৱা যায় আৰু ই গণনাৰ বাবে সুবিধাজনক। ইয়াৰ পৰিৱৰ্তে দৈৰ্ঘ্যক ইঞ্চিত লিখিলে ডাঙৰ মান এটা পোৱা যায়।
কাঠৰ জোখ কেবি উলিওৱা পদ্ধতি
যদি কাঠডালৰ দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা পূৰণ কৰিলে ১৪৪ পোৱা যায় তেতিয়া হ’লে কাঠডাল ১ কেবিৰ হ’ব।১ অৰ্থাৎ
১ কেবি = দৈৰ্ঘ্য (ফুট) × প্ৰস্থ(ইঞ্চি) × উচ্চতা (ইঞ্চি) = ১৪৪
১৪৪ তকৈ বেচি হোৱা মানে ১ কেবিতকৈ বেচি, কম মানে ১ কেবিতকৈ কম।
উদাহৰণস্বৰূপে: ২ ইঞ্চি প্ৰস্থ, ৩ ইঞ্চি উচ্চতা (2 by 3) আৰু ২৪ ফুট দৈৰ্ঘ্যৰ কাঠ এডাল 1 কেবিৰ হ'ব। (কাৰণ, ২×৩×২৪=১৪৪)। তেনেকুৱা ২০ ডাল কাঠৰ জোখ ২০ কেবি হ'ব।
তেনেকৈ ৪ ইঞ্চি প্ৰস্থ, ৪ ইঞ্চি উচ্চতা (4 by 4) আৰু ৯ ফুটৰ কাঠ এডালো ১ কেবিৰ হ'ব। ( কাৰণ, ৪×৪×৯=১৪৪)।
ঠিক একেদৰে আমি যদি তক্তা এখন লওঁ যিখনৰ ১২ ইঞ্চি প্ৰস্থ, ২ ইঞ্চি উচ্চতা আৰু ৬ ফুট দৈৰ্ঘ্য (যি কাঠৰ প্ৰস্থ বেছি, উচ্চতা কম তাকেই আমি তক্তা বোলো)। তেতিয়া তক্তাখনও ১ কেবিৰ হ'ব। ( কাৰণ, ১২×২×৬=১৪৪)।
যিহেতু কাঠডালৰ দৈৰ্ঘ্য ফুটত থাকে। আমি ফুটক ইঞ্চিলৈ নিওঁ হিচাপটো কৰিব পাৰোঁ। আমি জানো যে-
১ ফুট = ১২ ইঞ্চি ১২ ফুট = ১৪৪ ইঞ্চি
গতিকে, ১ কেবি = ১২ × ১৪৪ = ১৭২৮ ইঞ্চি।
১ কেবি কাঠ হ'বলৈ ১৭২৮ (ইঞ্চি×ইঞ্চি×ইঞ্চি) হ’বই লাগিব। দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা যিকোনো হ’ব পাৰে, কিন্তু তিনিওটা পূৰণ কৰিলে ১৭২৮ হ’বই লাগিব।
উদাহৰণস্বৰূপে: ২ ইঞ্চি প্ৰস্থ, ৩ ইঞ্চি উচ্চতা (2 by 3) আৰু ২৪ ফুট (বা ২৪×১২=২৮৮ ইঞ্চি) দৈৰ্ঘ্যৰ কাঠ এডাল ১ কেবিৰ হ'ব। (কাৰণ, ২×৩×২৮৮=১৭২৮ ইঞ্চি×ইঞ্চি×ইঞ্চি)।
এক কেবি শাল কাঠৰ দাম প্ৰায় ১৫০০ টকা। চেগুনৰ দাম প্ৰায় ১০০০ টকা। যদি আমাক ৫০ কেবি চেগুন কাঠ লাগে ৫০ ৰে ১০০০ ক পূৰণ কৰিব লাগিব।
তথ্যসূত্ৰ
- ↑ (3 April 2020). Meaning of KB in wood/wooden furniture/forestry. What is the exact quantity of wood meant by KB of wood?. Financehubnepal.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাঠৰ জোখ মাপ” প্ৰবন্ধৰ সংশোধন ৬০৫৬৯১ (১০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।