
ক্ৰিভচে দুৰ্গ (Kryvche Castle) ইউক্ৰেইনৰ টাৰ্নোপিল অঞ্চলৰ ক্ৰিভচেত অৱস্থিত এটা দুৰ্গ। ১৭শ শতিকাৰ প্ৰথমাৰ্ধত কান্তস্কি পৰিয়ালে এই দুৰ্গটো নিৰ্মাণ কৰিছিল। ই ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ এটা স্থাপত্য স্মাৰক।১২
অৱস্থান
দুৰ্গটো পোডোলিয়া অঞ্চলৰ ক্ৰিভচে গাঁৱৰ মাজভাগত এটা পাহাৰৰ ওপৰত অৱস্থিত। পাহাৰটোৰপৰা চাৰিওফালৰ অঞ্চল দেখা যায়। দুৰ্গটো দুটা উপত্যকাৰ মাজত অৱস্থিত। এই উপত্যকা দুটাৰ মাজেৰে ত্সিহানকা নদীৰ উপনদী বৈ গৈছে।৩
ইতিহাস
১৬৩৯ চনত কান্তস্কি পৰিয়ালে এই ব্যক্তিগত দুৰ্গটো নিৰ্মাণ কৰিছিল। ১৬৪৮ চনৰ বিদ্ৰোহৰ সময়ত বোহদান খমেলনিটস্কিৰ সৈন্যই দুৰ্গটো দখল কৰে।৩ ১৬৭২ চনত তুৰ্কীসকলে দুৰ্গটো দখল কৰে। সেই সময়ত চুলতান মেহমেদ চতুৰ্থই দুৰ্গটোৰ তলত এৰাতি কটাইছিল।৩ ১৬৭৫ চনত জন তৃতীয় ছোবিয়েস্কিয়ে দুৰ্গটো পুনৰ দখল কৰে।
১৬৮৪ চনৰপৰা ১৬৯৯ চনলৈ এই দুৰ্গ তুৰস্কৰ সৈতে হোৱা যুদ্ধত অংশগ্ৰহণ কৰা পোলেণ্ডৰ ৰাজমুকুটৰ সৈন্যৰ এটা ঘাটি হিচাপে ব্যৱহাৰ কৰা হৈছিল।৪ এই দুৰ্গটো তুৰ্কীসকলৰ অধিকাৰত থকা কামিয়ানেটছ-পডিলস্কিৰ বিৰুদ্ধে এটা গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা কেন্দ্ৰ আছিল। কামিয়ানেটছ-পডিলস্কি দুৰ্গৰপৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত আছিল। ১৬৮৭ চনত পোলেণ্ডৰ এটা সৈন্যদলে দুৰ্গটোত তুৰ্কীৰ আক্ৰমণ প্ৰতিহত কৰিছিল।
স্থানীয় ভূসম্পত্তিৰ মালিক গ'লেয়েভস্কি পৰিয়ালে ১৯শ শতিকাৰ মাজভাগলৈকে দুৰ্গটোত বাস কৰিছিল। ১৮৪৮ চনৰ পিছত দুৰ্গটো ইহুদী ছেইডমেন পৰিয়ালৰ হাতলৈ যায়। তেওঁলোকে ১৯শ শতিকাৰ দ্বিতীয়াৰ্ধত নিৰ্মাণ সামগ্ৰী লাভৰ বাবে দুৰ্গটোৰ অধিকাংশ ভাঙি পেলায়।৩ অৱশিষ্ট দুটা স্তম্ভ ঐতিহ্য সংৰক্ষণৰ প্ৰতি আগ্ৰহী লোকসকলৰ হস্তক্ষেপৰ ফলত ধ্বংসৰপৰা ৰক্ষা পৰে।
পোলেণ্ডৰ দ্বিতীয় গণৰাজ্যৰ সময়ত দুৰ্গটোৰ আংশিক পুনৰ্নিৰ্মাণ আৰম্ভ হয়। সেই সময়ত পোডোলিয়া পৰ্যটন সমিতিয়ে এটা স্তম্ভত পৰ্যটকৰ বাবে এটা আশ্ৰয়গৃহ স্থাপন কৰিছিল।৫ ১৯৪৬ চনৰ পিছত পুনৰ দুৰ্গৰ কিছু অংশ ভাঙি পেলোৱা হয়। ১৯৯০ চনত অৱশিষ্ট দুটা স্তম্ভক সংযোগ কৰা দেৱালখন পুনৰ নিৰ্মাণ কৰা হয়।১
বৰ্তমানলৈকে সৰু সৰু গুলী চলোৱাৰ ছিদ্ৰ থকা দুটা স্তম্ভ আৰু দুৰ্গৰ দেৱালৰ এটা অংশহে অৱশিষ্ট আছে।৬
স্থাপত্য
দুৰ্গটো এটা নিয়মীয়া দীঘলীয়া চতুৰ্ভুজ আকৃতিৰ পৰিকল্পনাৰে নিৰ্মাণ কৰা হৈছিল। ইয়াৰ চাৰিটা চুকত তিনিমহলীয়া স্তম্ভ আছিল।৬৪ দুৰ্গটোৰ দীঘল প্ৰান্তৰ দৈৰ্ঘ্য ৭৮ মিটাৰ আৰু আনটো প্ৰান্তৰ দৈৰ্ঘ্য ৫৩ মিটাৰ আছিল।
দুৰ্গৰ পূব দেৱালত এটা প্ৰৱেশদ্বাৰ আছিল। ১৯৪৬ চনত পথ নিৰ্মাণৰ বাবে নিৰ্মাণ সামগ্ৰী লাভ কৰাৰ উদ্দেশ্যে এই প্ৰৱেশদ্বাৰটো ভাঙি পেলোৱা হয়।৩
তথ্যসূত্ৰ
- ↑ ТЕС|4|326—327|Бойко В.|Кривченський замок
- ↑ Лист Тернопільської ОДА від 23 червня 2021 року № 02-5124/42
- ↑ Rąkowski, Grzegorz. (2005). Grzegorz Rąkowski: Przewodnik krajoznawczo-historyczny po Ukrainie Zachodniej: Podole. Pruszków: Oficyna Wydawnicza "Rewasz", 2005, s. 212. Oficyna Wydawnicza "Rewasz". ISBN 978-83-89188-46-5
- ↑ Zbigniew Hauser: Dawne zapomniane polskie rezydencje na Ukrainie (III). nimoz.pl
- ↑ b. aut. (30 June 1938). Podole zaprasza turystów. Wschód. Lwów, Stanisławów, Tarnopol. পৃ. 1-2
- ↑ Aleksander Strojny, Krzysztof Bzowski, Artur Grossman. (2005). Ukraina zachodnia: tam szum Prutu, Czeremoszu... Wyd. Bezdroża. পৃ. 305-6. ISBN 83-921981-6-6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ৰিভচে দুৰ্গ” প্ৰবন্ধৰ সংশোধন ৬৩০১২৮ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।