কেঁচি ধাম (Kainchi Dham) হৈছে ভাৰতৰ উত্তৰাখণ্ডৰ কুমাঊঁ অঞ্চলৰ নৈনীতাল জিলাত অৱস্থিত এটা আধ্যাত্মিক আশ্ৰম আৰু হিন্দু মন্দিৰ চৌহদ, যাক নীম কৰোলী আশ্ৰম বুলিও জনা যায়। এই ধামখন পূজনীয় হিন্দু সন্ত নীম কৰোলী বাবাৰ সৈতে সম্পৰ্কিত হোৱা বাবে জনাজাত।১২৩৪
১৯৬৪ চনত পূৰ্ণানন্দ নামৰ এজন স্থানীয় বাসিন্দাই দান কৰা মাটিত নীম কৰোলী বাবাই এই আশ্ৰমখন প্ৰতিষ্ঠা কৰিছিল।১ কেঁচি ধাম, ভৱালীৰপৰা ৯ কিলোমিটাৰ আৰু নৈনীতালৰপৰা ১৭ কিলোমিটাৰ দূৰত্বত স্থিত, নৈনীতাল–আলমোৰা পথত অৱস্থিত।৫
ব্যুৎপত্তি-তত্ত্ব
এই স্থানলৈ যোৱা পাহাৰীয়া পথটোত দুটা অতি বেঁকা ভাঁজ আছে। এই ভাঁজ দুটাই দেখিবলৈ এটা কেঁচীৰ দৰে আকৃতিৰ সৃষ্টি কৰে। সেইবাবেই এই স্থানৰ নাম হিন্দী ভাষাত "কেঁচী" ৰখা হৈছে।৬৭৮৯
প্ৰতি বছৰে ১৫ জুন তাৰিখে কেঁচি ধাম মেলা নামেৰে এখন ডাঙৰ মেলাৰ আয়োজন কৰা হয়, যʼত হাজাৰ হাজাৰ ভক্ত আৰু তীৰ্থযাত্ৰীয়ে অংশগ্ৰহণ কৰে।১১০
আধুনিক ইতিহাস
- ১৯৭৪ চনত ষ্টীভ জব্ছে তেওঁৰ বন্ধু ডেনিয়েল ক’টকেৰ সৈতে গুৰু নীম কৰোলী বাবাক লগ ধৰিবলৈ ভাৰত লৈ আহিছিল। অৱশ্যে তেওঁ আশ্ৰম পোৱাৰ আগতেই ১৯৭৩ চনৰ ছেপ্টেম্বৰ মাহত বাবাৰ মৃত্যু হৈছিল। তথাপি এই ভ্ৰমণে ষ্টীভ জব্ছৰ চিন্তা-চৰ্চাত গভীৰ প্ৰভাৱ পেলাইছিল আৰু তেওঁক জীৱনত সৰলতা তথা একাগ্ৰতাৰ গুৰুত্ব বুজাত সহায় কৰিছিল।১১
- ২০১৫ চনত মাৰ্ক জুকাৰবাৰ্গে এই আশ্ৰমখন ভ্ৰমণ কৰিছিল। তেওঁ প্ৰকাশ কৰিছিল যে ফেচবুকৰ প্ৰাৰম্ভিক বিকাশৰ সময়ত, যেতিয়া কোম্পানীটোৱে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, তেতিয়া ষ্টীভ জব্ছে তেওঁক নিজৰ কোম্পানীৰ লক্ষ্যৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিবলৈ এই আশ্ৰমখন ভ্ৰমণ কৰাৰ পৰামৰ্শ দিছিল।১২
লগতে চাওক
- হনুমানগড়ী, নৈনীতাল
বাহ্যিক সংযোগ
- Official website
- Kainchi Dham Mela Ministry of Tourism website.
- nkbashram.org
- nkbmeditation.org
- maharajji.love
- www.windfallofgrace.com
তথ্যসূত্ৰ
- ↑ बेलवाल, ललित मोहन. (2025-06-14). कैंची धाम में किस दिन लगेगा भव्य मेला, नीम करोली बाबा के दर से कोई नहीं लौटता है खाली हाथ. Navbharat Times
- ↑ (2025-06-12). CM orders crowd control plan for Kainchi Dham fair as footfall triples in a year. The Times of India
- ↑ Sethi, Narendra. (2025-06-10). Second life lost in four days amid tourist rush in Uttarakhand. The New Indian Express
- ↑ क्यों Kainchi Dham कहलाता है नीब करौली बाबा का आश्रम? जानें इस जगह का इतिहास और महत्व - Why is Neem Karoli Baba Ashram Known as Kainchi Dham Know the History and Significance. Jagran
- ↑ Kainchi Dham Nainital district Official website
- ↑ Kainchi Dham Mela 2024: कौन हैं नीम करोली बाबा? जिनकी देश-विदेश तक फैली है ख्याति - Kainchi Dham Mela 2024 date neem karoli baba biography in hindi. Jagran
- ↑ कैंची धाम के लिए एक और बाईपास की तैयारी, सुरंग भी बनेगी; गुलाबघाटी से रानीबाग तक की सड़क टू-लेन का काम भी जल्द होगा - Nainital News Bypass Construction to Ease Traffic at Kainchi Dham. Jagran
- ↑ PTI. (2025-06-24). Uttarakhand Landslide: Search for two missing resumes after slide hits Yamunotri trek route. The Hindu
- ↑ नीम करोली कैंची धाम जाने के लिए यह है सबसे बेस्ट रास्ता, जाम की कोई टेंशन नहीं, मिलेगा वादियों का नजारा भी. Zee News Hindi
- ↑ Singh, Govind. (2025-06-05). Kainchi Dham Mela 2025: तैयारियां शुरू, 15 जून को उमड़ेगी भीड़; जाम से बचने को बनाया फुलप्रूफ प्लान. Jagran
- ↑ How Neem Karoli baba inspired tech giants. Times of India
- ↑ How Neem Karoli baba inspired tech giants. Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেঁচি ধাম” প্ৰবন্ধৰ সংশোধন ৬১২৮৩৫ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।