অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

কুঁ‌ৱা

কুঁৱা (Well) হৈছে তৰল সম্পদ, সাধাৰণতে পানী, আহৰণৰ বাবে খনন পদ্ধতিৰে মাটিত সৃষ্টি কৰা গভীৰ চুঙা সদৃশ এক গঠন। আটাইতকৈ পুৰণি আৰু সাধাৰণ ধৰণৰ কুঁৱা বুলিলে পানীৰ কুঁৱাকে বুজা যায়। ইয়াক মাটিৰ তলৰ জলধাৰাত ভূগৰ্ভস্থ পানী লাভ কৰিবলৈ খন্দা হৈছিল।

হালনাগাদ: ২ জুন ২০২৬ ৭২১ শব্দ · ৪ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

কুঁৱা (Well) হৈছে তৰল সম্পদ, সাধাৰণতে পানী, আহৰণৰ বাবে খনন পদ্ধতিৰে মাটিত সৃষ্টি কৰা গভীৰ চুঙা সদৃশ এক গঠন। আটাইতকৈ পুৰণি আৰু সাধাৰণ ধৰণৰ কুঁৱা বুলিলে পানীৰ কুঁৱাকে বুজা যায়। ইয়াক মাটিৰ তলৰ জলধাৰাত ভূগৰ্ভস্থ পানী লাভ কৰিবলৈ খন্দা হৈছিল। কুঁৱাৰ পানী পাম্পৰ দ্বাৰা টানি অনা হয়, বা পাত্ৰ ব্যৱহাৰ কৰি, যেনে বাল্টি বা ডাঙৰ পানীৰ মোনা যিবোৰ যান্ত্ৰিকভাৱে বা হাতেৰে ওপৰলৈ তুলিব লাগে। কুঁৱাৰ মাজেৰে পানী পুনৰ জলধাৰাত সুমুৱাই দিব পাৰি। প্ৰথমবাৰৰ বাবে কমেও আঠ হাজাৰ বছৰ আগতে কূপ নিৰ্মাণ কৰা হৈছিল আৰু ঐতিহাসিকভাৱে শুকান জলধাৰাৰ পলসত থকা সৰল স্কুপৰ পৰা আৰম্ভ কৰি ইৰাণৰ কানাট, আৰু ভাৰতৰ ষ্টেপৱেল আৰু ছাকিলৈকে ইয়াৰ নিৰ্মাণৰ ভিন্নতা আছে। কূপৰ খাদত আৱৰণ স্থাপন কৰিলে স্থিৰতা সৃষ্টি কৰাত সহায় হয় আৰু এইসমূহৰ ভিতৰত কাঠ বা বেতৰ কাৰু-কাৰ্যৰ আৱৰণ থকা এনে কুঁ‌ৱাবোৰ লৌহ যুগৰ আগৰ বুলি ধৰণা কৰা হৈছে।

পৰম্পৰাগতভাৱে কূপবোৰ হাতেৰে খন্দা হয়। এই কূপবোৰৰ নিৰ্মাণকাৰ্য সস্তা আৰু কম প্ৰযুক্তিৰ কাৰণ ইয়াত বেছিভাগেই হাতৰ শ্ৰম প্ৰয়োগ হয়, আৰু খনন কাম আগবাঢ়ি যোৱাৰ লগে লগে গঠনটো ইটা বা শিলেৰে আবৃত কৰিব পাৰি। কেচনিং নামৰ অধিক আধুনিক পদ্ধতিত পূৰ্বতে নিৰ্মাণ কৰি থোৱা কংক্ৰিটৰ কূপৰ আঙুঠি ব্যৱহাৰ কৰা হয় যিবোৰ গাঁতটোৰ ভিতৰলৈ নমাই দিয়া হয় আৰু দুটা ৰিঙৰ মাজত প্ৰলেপ ব্যৱহাৰ কৰি ছিদ্ৰ নোহোৱা কৰা হয়। তাৰ পিছত পানী সংগ্ৰহ কৰিবলৈ পাম্প স্থাপন কৰা হয়। হাতেৰে ড্ৰিলিং পদ্ধতি বা মেচিন ড্ৰিলিঙৰ দ্বাৰা গভীৰ কূপ খনন কৰিব পাৰি। ড্ৰিল কৰা কূপবোৰত সাধাৰণতে ষ্টীল বা প্লাষ্টিকৰ দ্বাৰা গঠিত কাৰখানাত নিৰ্মিত পাইপ লগোৱা হয়। খন্দা কূপতকৈ বহু বেছি গভীৰতাত খনন কৰা কূপে অতি সহজে বছৰৰ যিকোনো সময়তে পানী যোগান ধৰিব পাৰে।

মিঠা পানীৰ হ্ৰদ বা নৈৰ কাষত এটা সংগ্ৰাহক কূপ নিৰ্মাণ কৰিব পাৰি য’ত কোনো মাধ্যমৰ মাজেৰে পানী সোমাই যাব। কূপৰ স্থান জলভূতত্ত্ববিদ বা ভূগৰ্ভস্থ পানী জৰীপকাৰীয়ে নিৰ্বাচন কৰিব পাৰে। পানী পাম্প কৰি বা হাতেৰে টানিব পাৰি। পৃষ্ঠৰ পৰা অশুদ্ধি সহজেই অগভীৰ উৎসত উপনীত হ’ব পাৰে আৰু ৰোগকাৰক বা ৰাসায়নিক দূষক পদাৰ্থৰ দ্বাৰা যোগানৰ দূষণ এৰাই চলিব লাগে। কূপৰ পানীত সাধাৰণতে পৃষ্ঠীয় পানীতকৈ অধিক খনিজ পদাৰ্থ থাকে আৰু ইয়াক খোৱাৰ আগতে শোধনৰ প্ৰয়োজন হ’ব পাৰে। পানীৰ স্তৰ কমি যোৱাৰ লগে লগে আৰু চাৰিওফালৰ মাটি শুকাবলৈ আৰম্ভ কৰাৰ লগে লগে মাটিৰ লৱণীয়কৰণ হ’ব পাৰে। লগতে আন এটা পৰিৱেশজনিত সমস্যা হ’ল মিথেন পানীত সোমাই যোৱাৰ সম্ভাৱনা থাকে।

ইতিহাস

অতি প্ৰাচীন নৱপ্ৰস্তৰ যুগৰ কূপসমূহৰে পূব ভূমধ্যসাগৰৰ সম্পৰ্ক পোৱা গৈছে।১ আটাইতকৈ পুৰণি নিৰ্ভৰযোগ্যভাৱে তাৰিখৰ তথ্য থকা কূপটো চাইপ্ৰাছৰ কিচোনেৰ্গা-মাইলৌথকিয়াৰ প্ৰাক-মৃৎশিল্পৰ নৱপ্ৰস্তৰ যুগৰ স্থানত উদ্ধাৰ হৈছে। খ্ৰীষ্টপূৰ্ব প্ৰায় ৮৪০০ চনত চূণশিলৰ মাজেৰে বৃত্তাকাৰ ব্যাসৰ এটা খাদ পিছত ৮ মিটাৰ (২৬ ফুট) গভীৰতাৰ জলধাৰা এটাত উপনীত হয়। কিছনেৰ্গা-মাইলাউথকিয়াৰ ২০৭০ চনৰ কূপ, ১৩ মিটাৰ (৪৩ ফুট) গভীৰতাৰ বুলি জনা যায়। এই স্থানৰ লগতে চুবুৰীয়া পাৰেকলিছা-শ্বিলৌৰোকাম্বোছত আন আন তুলনামূলকভাৱে কম পুৰণি কূপৰ সন্ধান পোৱা গৈছে। ইজৰাইলৰ আধুনিক হাইফাৰ ওচৰৰ উপকূলৰ ওচৰৰ ‘আটলিট-য়াম’ত প্ৰায় ৭০০০ খ্ৰীষ্টপূৰ্বৰ ৫.৫ মিটাৰ (১৮ ফুট) গভীৰতাৰ প্ৰথমটো শিলৰ ৰেখাযুক্ত কূপ হিচাপে নথিভুক্ত কৰা হৈছে।২

কাঠৰে আবৃত কূপসমূহ নৱপ্ৰস্তৰ যুগৰ আৰম্ভণিৰ ৰৈখিক মৃৎশিল্প সংস্কৃতিৰ, উদাহৰণস্বৰূপে চেক গণৰাজ্যৰ অষ্ট্ৰভত পোৱা খ্ৰীষ্টপূৰ্ব ৫২৬৫ চনৰ কূপ,৩ খ্ৰীষ্টপূৰ্ব ৫০৯০ চনৰ কুকহ'ভেন আৰু খ্ৰীষ্টপূৰ্ব ৫২০০ চনৰ শ্বলেটজৰ আইথ্ৰাৰ কূপ।৪

নৱপ্ৰস্তৰ যুগৰ চীনাসকলে পানী খোৱাৰ বাবে গভীৰ খনন কৰা উৎসৰ ভূগৰ্ভস্থ পানী আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ ব্যাপক ব্যৱহাৰ কৰিছিল। চীনা গ্ৰন্থ দ্য বুক অৱ চেঞ্জছ, মূলতঃ পশ্চিমীয়া ঝৌ বংশৰ (১০৪৬ -৭৭১ খ্ৰীষ্টপূৰ্ব) ভৱিষ্যদ্বাণীমূলক গ্ৰন্থ, ইয়াত প্ৰাচীন কালত চীনাসকলে নিজৰ কূপসমূহৰ কেনেকৈ ৰক্ষণাবেক্ষণ কৰিছিল আৰু পানীৰ উৎসসমূহ সুৰক্ষিত কৰিছিল তাৰ তথ্য পোৱা গৈছে।৫ হেমেডু খনন স্থানত খনন কৰা এটা কূপ নৱপ্ৰস্তৰ যুগত নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা হৈছিল।৬ কুঁৱাটোৰ আৱৰণত চাৰিটা শাৰী লগা লগ আছিল আৰু কুঁৱাৰ ওপৰত বৰ্গক্ষেত্ৰৰ ফ্ৰেম এটা সংলগ্ন কৰা হৈছিল। বেইজিঙৰ দক্ষিণ-পশ্চিমে ৬০টা অতিৰিক্ত টাইলছৰ কূপো খোৱাপানী আৰু জলসিঞ্চনৰ বাবে খ্ৰীষ্টপূৰ্ব ৬০০ চনৰ আশে-পাশে নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা হয়।৬৭

পুলি ব্যৱস্থা থকা এটা কূপৰ চীনা চিৰামিক মডেল, হান বংশ (২০২ খ্ৰীষ্টপূৰ্ব – ২২০ খ্ৰীষ্টাব্দ) যুগৰ এটা সমাধিৰ খনন পৰা উদ্ধাৰ হোৱা।
পুলি ব্যৱস্থা থকা এটা কূপৰ চীনা চিৰামিক মডেল, হান বংশ (২০২ খ্ৰীষ্টপূৰ্ব – ২২০ খ্ৰীষ্টাব্দ) যুগৰ এটা সমাধিৰ খনন পৰা উদ্ধাৰ হোৱা।ছবি: Daderot · CC0

ইজিপ্তত শ্বেডুফ আৰু ছাকিয়া ব্যৱহাৰ কৰা হয়।৮৯ ছাকিয়াৰ কাৰ্যক্ষমতা বেছি, কিয়নো ই ১০ মিটাৰ গভীৰতাৰ পৰা পানী ওপৰলৈ আনিব পাৰে। ছাকিয়া হৈছে নোৰিয়াৰ মিচৰীয় সংস্কৰণ। চাইপ্ৰাছত অৱস্থিত বিশ্বৰ কিছুমান পুৰণি কূপ খ্ৰীষ্টপূৰ্ব ৭০০০–৮,৫০০ চনৰ।১০ ইজৰাইলত নৱপ্ৰস্তৰ যুগৰ, প্ৰায় ৬৫০০ খ্ৰীষ্টপূৰ্বৰ দুটা কূপ আৱিষ্কাৰ কৰা হৈছে। এটা ইস্ৰায়েলৰ উত্তৰ উপকূলৰ আটলিটত আৰু আনটো যিজ্ৰিয়েল উপত্যকা।১১

ঐতিহাসিকভাৱে কুঁ‌ৱা বহু পিছত আহিছিল। প্ৰায় ২,২৫০ বছৰ পূৰ্বে চীনৰ ছিচুয়ান প্ৰদেশত প্ৰথমটো নিমখৰ কুঁৱা খন্দা হৈছিল। এইটোৱেই আছিল প্ৰথমবাৰৰ বাবে প্ৰাচীন জলকুঁৱাৰ প্ৰযুক্তি নিমখৰ শোষণৰ বাবে সফলতাৰে প্ৰয়োগ কৰা হৈছিল আৰু ইয়াৰ ফলত ছিচুয়ানৰ নিমখ খনন উদ্যোগৰ আৰম্ভণি হৈছিল।৫ আটাইতকৈ পূৰ্বৰ বুলি জনাজাত তেলৰ কূপসমূহো ৩৪৭ খ্ৰীষ্টাব্দত চীনত খনন কৰা হৈছিল। এই কূপবোৰৰ গভীৰতা প্ৰায় ২৪০ মিটাৰ (৭৯০ ফুট) পৰ্যন্ত আছিল আৰু বাঁহৰ খুঁটাত সংলগ্ন বিট ব্যৱহাৰ কৰি খনন কৰা হৈছিল।১২ তেল জ্বলাই ব্ৰাইন বাষ্পীভৱন কৰি নিমখ উৎপন্ন কৰা হৈছিল। দশম শতিকাৰ ভিতৰত বিস্তৃত বাঁহৰ পাইপলাইনে তেলৰ কূপবোৰক নিমখৰ সৈতে সংযোগ কৰিছিল। চীন আৰু জাপানৰ প্ৰাচীন তথ্যত পোহৰ আৰু গৰম কৰাৰ বাবে প্ৰাকৃতিক গেছৰ ব্যৱহাৰৰ বহু ইংগিত পোৱা যায়। সপ্তম শতিকাত জাপানত পেট্ৰলিয়ামক জ্বলন্ত পানী বুলি জনা গৈছিল।১৩

তথ্যসূত্ৰ

  1. ↑ Peltenburg, Edgar. (2012). East Mediterranean water wells of the 9th–7th millennium BC. Leidorf. পৃ. 69–82
  2. ↑ Galili, Ehud; Nir, Yaacov. (1993). The submerged Pre-Pottery Neolithic water well of Atlit-Yam, northern Israel, and its palaeoenvironmental implications. The Holocene. পৃ. 265–270
  3. ↑ (2020). World's oldest dendrochronologically dated archaeological wood construction. Journal of Archaeological Science
  4. ↑ (2012). Early Neolithic Water Wells Reveal the World's Oldest Wood Architecture. PLOS ONE. পৃ. e51374
  5. ↑ Kuhn, Oliver. (2004-06-30). Ancient Chinese Drilling. Canadian Society of Exploration Geophysicists
  6. ↑ Chang, Mingteh. (2012). Forest Hydrology: An Introduction to Water and Forests. CRC Press. পৃ. 31. ISBN 978-1439879948
  7. ↑ Koon, Wee Kek. (July 25, 2015). How the ancient Chinese looked after their drinking water. South China Morning Post
  8. ↑ Sakieh explication/difference vs Sakia. Britannica.com
  9. ↑ Sakia explication. Britannica.com
  10. ↑ Stone Age wells found in Cyprus. BBC News
  11. ↑ Ashkenazi, Eli. (November 9, 2012). Ancient Well Reveals Secrets of First Jezreel Valley Farmers. Haaretz
  12. ↑ ASTM International – Standards Worldwide. www.astm.org
  13. ↑ Joseph P. Riva Jr. and Gordon I. Atwater. petroleum. Encyclopædia Britannica

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুঁ‌ৱা” প্ৰবন্ধৰ সংশোধন ৬১০৯৭১ (২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।