অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

কাসাভু

কাসাভু: Kasavu, (মালয়ালম: [kɐsɐʋɨ̆]) হৈছে কেৰালাৰ হস্ততাঁত বয়নশিল্পত ব্যৱহৃত এক বিশেষ কৌশল। এই কৌশলত অতি মিহি সোণ বা ৰূপৰ সূতা ব্যৱহাৰ কৰি ৰেচম আৰু কপাহী কাপোৰত পাৰি আৰু বিভিন্ন নক্সা বোৱা হয়।

হালনাগাদ: ১৫ আগষ্ট ২০২৬ ৬০৫ শব্দ · ৩ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

কাসাভু: Kasavu, (মালয়ালম: [kɐsɐʋɨ̆]) হৈছে কেৰালাৰ হস্ততাঁত বয়নশিল্পত ব্যৱহৃত এক বিশেষ কৌশল। এই কৌশলত অতি মিহি সোণ বা ৰূপৰ সূতা ব্যৱহাৰ কৰি ৰেচম আৰু কপাহী কাপোৰত পাৰি আৰু বিভিন্ন নক্সা বোৱা হয়। পিছলৈ এই কৌশলটো ভাৰতৰ বিভিন্ন প্ৰান্তলৈ বিস্তাৰ লাভ কৰে আৰু দেশৰ বিভিন্ন ঠাইত আন আন কাপোৰতো কাসাভু কৌশল ব্যৱহাৰ কৰি নক্সা আৰু পাৰি প্ৰস্তুত কৰা হয়। দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যত উৎপত্তি হোৱা কাসাভু পাৰিযুক্ত বগা বা অফ-হোৱাইট কপাহী কাপোৰ বৰ্তমান কেৰালা শাৰী নামেৰে বিখ্যাত। ইয়াক কাসাভু কৌশলৰ ব্যৱহাৰৰ প্ৰাৰম্ভিক ৰূপ বুলি বিশ্বাস কৰা হয়।

উৎপত্তি

মূল কসাভু হাতেৰে তৈয়াৰ কৰা হৈছিল। সূক্ষ্ম সোণালী বা ৰূপালী সূতা ব্যৱহাৰ কৰি কপাহ বা ৰেচমৰ কাপোৰত পাৰি বা নক্সাৰ ৰেখা তৈয়াৰ কৰি প্ৰস্তুত কৰা হৈছিল। ইয়াৰ উৎপত্তি বৌদ্ধ যুগৰ পৰাই হোৱা বুলি বিশ্বাস কৰা হয়। ১বৰ্তমানেও কেৰালাৰ বাসিন্দা মালয়ালীসকলে কসাভু পৰিধান কৰে। কসাভু মহিলা আৰু পুৰুষ উভয়ে পৰিধান কৰে। বিশেষকৈ উৎসৱ, নৃত্য আৰু বিবাহৰ দৰে বিশেষ অনুষ্ঠান, লগতে পিৰন্না নাল (স্থানীয় পঞ্জিকা অনুসৰি জন্মদিন) উপলক্ষে ইয়াক পিন্ধা হয়। বিষু উৎসৱৰ সময়ত পৰম্পৰাগত বিষুক্কানি (চাকি)ৰ ওচৰত একেবাৰে নতুন কসাভু কাপোৰ ৰখাটো ধন-সম্পদ আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। মোহিনীয়াট্টম (মহিলা ৰূপত বিষ্ণুৰ নৃত্য)ৰ দৰে নৃত্য পৰিৱেশনৰ সময়ত অংশগ্ৰহণকাৰীসকলে কেৱল কসাভু পোছাক পৰিধান কৰে।২ কৈকোট্টিকলি বা তিৰুৱাথিৰাকলি (হাত চাপৰি বজাই কৰা নৃত্য)ৰ দৰে নৃত্যতো মহিলা নৃত্যশিল্পীসকলে কসাভু শাৰী আৰু পৰম্পৰাগত ৰঙা ব্লাউজ পৰিধান কৰে।

ইয়াক ১৯শ শতিকাৰ আৰম্ভণিতে মহাৰাজা অৱাট্টম থিৰুণাল বলৰামবৰ্মা আৰু তেওঁৰ উপপত্নী উম্মিনী থাম্বীয়ে কেৰালালৈ আনিছিল বুলি বিশ্বাস কৰা হয়। ‘বলৰামপুৰম শাৰী আৰু উৎকৃষ্ট কপাহী কাপোৰৰ অধ্যয়ন আৰু নথিভুক্তকৰণ’ অনুসৰি, এই নেতাসকলে তামিলনাডুৰ নাগৰকইলৰ পৰা চালিয়া/চালিয়ান সম্প্ৰদায়ৰ লোকসকলক আমন্ত্ৰণ কৰি ৰাজ্যখনত তেওঁলোকক সন্মান আৰু গৌৰৱ প্ৰদান কৰাৰ জৰিয়তে হস্ততাঁত উদ্যোগত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল।ইয়াৰ বিনিময়ত, তাঁতীসকলে বজাৰৰ পৰা সংগ্ৰহ কৰা কপাহ ব্যৱহাৰ কৰি ত্ৰাৱানকোৰ ৰাজপৰিয়ালৰ বাবে হাতেৰে বোৱা কপাহী পোছাক প্ৰস্তুত কৰিছিল। ডাচ আৰু পৰ্তুগীজ ৰপ্তানিকাৰকসকলৰ দৃষ্টি আকৰ্ষণ কৰাৰ পিছত হাতেৰে বোৱা শাৰীসমূহ অতি কম সময়ৰ ভিতৰতে অধিক জনপ্ৰিয় হৈ পৰিছিল।

শৈলী

পৰম্পৰাগতভাৱে কসাভু সোণালী বা ৰূপালী সূতাৰে তৈয়াৰ কৰা হৈছিল। কিন্তু সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি পোৱাৰ ফলত ইয়াৰ ব্যৱহাৰ হ্ৰাস পাইছে। সোণালী বা ৰূপালী ৰঙৰ পাৰি থকা সাধাৰণ বগা বা মটিয়া-বগা পোছাকক পৰম্পৰাগত বুলি গণ্য কৰা হয় আৰু ইয়াক কেৰালা শাৰী বা কেৰালা মুন্দু বুলি কোৱা হয়। কসাভুৰে তৈয়াৰ কৰা পোছাক দীঘল, আয়তাকাৰ কাপোৰৰ টুকুৰা। ইয়াৰে মুন্দু নামৰ কাপোৰখন শৰীৰৰ তলৰ অংশত মেৰিয়াই পিন্ধা হয় আৰু ভেষ্টি নামৰ কাপোৰখন শৰীৰৰ ওপৰৰ অংশত মেৰিয়াই পিন্ধা হয়। মহিলাসকলে সাধাৰণতে ভেষ্টিৰ তলত ৰঙা, সেউজীয়া বা সোণালী ৰঙৰ পৰম্পৰাগত ব্লাউজ পিন্ধে। পুৰুষে কেতিয়াবা আনুষ্ঠানিক চাৰ্ট পিন্ধে।‘কসাভু ছেট’ বা ‘কসাভু ছেট্টু’, অৰ্থাৎ মুন্দু আৰু ভেষ্টিৰ সমষ্টিৰ মূল্য সোণালী পাৰিৰ প্ৰস্থ অনুসৰি ভিন্ন হয়। পাৰিৰ প্ৰস্থ ৩/৪ ইঞ্চি বা তাতকৈ কমৰ পৰা ৬ ইঞ্চি বা তাতকৈ অধিক হ’ব পাৰে।

অৱস্থান

যদিও কসাভুৰ উৎপত্তি কেৰালাত হৈছিল, সময়ৰ লগে লগে ই সমগ্ৰ ভাৰততে, বিশেষকৈ দক্ষিণ ভাৰতৰ কাষৰীয়া ৰাজ্যসমূহ—তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানালৈও বিস্তাৰ লাভ কৰিছে। কেৰালাত এনে কিছুমান গাঁও আছে, যিবোৰ সম্পূৰ্ণৰূপে কসাভু কাপোৰ নিৰ্মাণৰ বাবে উৎসৰ্গিত। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে কুথামপুল্লী গাঁও। এই গাঁওখন অট্টাপালমৰ ওচৰত, থ্ৰিছুৰ আৰু পালাক্কাডৰ মাজত অৱস্থিত। কুথামপুল্লীৰ দেৱাংগ চেট্টিয়াৰ সম্প্ৰদায়ৰ তাঁতীসকলক প্ৰায় ৫০০ বছৰ পূৰ্বে কোচিনৰ মহাৰাজাই কৰ্ণাটকৰ পৰা এই স্থানলৈ আনিছিল।৩ গাঁওখনৰ সমগ্ৰ জনসংখ্যাই কসাভু কাপোৰ তৈয়াৰ কৰে। তেওঁলোকে নিজৰ উৎপাদিত সামগ্ৰী একেলগে সংগ্ৰহ কৰি এটা কেন্দ্ৰীভূত সমবায় বজাৰৰ জৰিয়তে বিক্ৰী কৰে।

আধুনিক কসাভু

পৰম্পৰাগত মুন্দু-ভেষ্টি সময়ৰ লগে লগে পৰিৱৰ্তিত হৈছে। ৪বৰ্তমান মহিলাসকলে মূল দুই খণ্ডৰ পোছাকৰ পৰিৱৰ্তে একে খন শাৰী পিন্ধিবলৈ অধিক পছন্দ কৰে। আনহাতে, আগৰ কসাভু পোছাকত বিশুদ্ধ সোণৰ পাৰি ব্যৱহাৰ কৰা হৈছিল। কিন্তু আধুনিক কসাভুৰ নতুন ৰূপসমূহত সোণালী ৰঙৰ সৈতে ৰঙা, সেউজীয়া, কমলা আদি বিভিন্ন ৰঙো ব্যৱহাৰ কৰা হয়, যাতে পোছাকসমূহ অধিক আকৰ্ষণীয় দেখায়। বৰ্তমান যন্ত্ৰচালিত তাঁতেও (পাৱাৰলুম) হস্ততাঁতৰ স্থান ক্ৰমান্বয়ে গ্ৰহণ কৰিছে। অৱশ্যে যন্ত্ৰত নিৰ্মিত কাপোৰৰ গাঁথনি আৰু অনুভূতি মূল হস্ততাঁতে বোৱা কাপোৰৰ পৰা কিছু পৃথক। তথাপি বৃহৎ পৰিমাণত উৎপাদন কৰাটো সহজ আৰু কম খৰচী হোৱাৰ বাবে যন্ত্ৰত নিৰ্মিত কসাভু কাপোৰ অধিক জনপ্ৰিয় হৈ উঠিছে।

তথ্যসূত্ৰ

  1. ↑ (2017-02-27). All About Kerala Kasavu Saree - Its Varieties And More. Utsavpedia
  2. ↑ Kaikotti Kali, Thiruvathirakali, Folk Dance, Kaikotti kali Dance of Kerala. www.onamfestival.org
  3. ↑ George, Anubha. (6 October 2018). For 500 years, a Kannadiga community of weavers has produced Kerala's iconic white and gold saree. Scroll.in
  4. ↑ Kerala Kasavu. external

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাসাভু” প্ৰবন্ধৰ সংশোধন ৬২৭২৮৭ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।