অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

কাৰ্বন পদাংক

কাৰ্বন পদাংক (carbon footprint) হৈছে সেউজ-গৃহ গেছ নিৰ্গমনৰ সূচক। কাৰ্বন ডাই অক্সাইড আৰু মিথেন গেছসহ সেউজ গৃহ গেছবোৰ জীৱাশ্ম ইন্ধন জ্বলোৱাৰ ফলত নিৰ্গত হয়,সাধাৰণতে ইয়াক কাৰ্বন-ডাই-অক্সাইৰ সমতুল্য হিচাপে প্ৰকাশ কৰা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৬৯ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

কাৰ্বন পদাংক (carbon footprint) হৈছে সেউজ-গৃহ গেছ নিৰ্গমনৰ সূচক। কাৰ্বন ডাই অক্সাইড আৰু মিথেন গেছসহ সেউজ গৃহ গেছবোৰ জীৱাশ্ম ইন্ধন জ্বলোৱাৰ ফলত নিৰ্গত হয়,সাধাৰণতে ইয়াক কাৰ্বন-ডাই-অক্সাইৰ সমতুল্য হিচাপে প্ৰকাশ কৰা হয়।১ এজন ব্যক্তি, এখন ঘৰ, একোটা প্ৰতিষ্ঠান, একোটা উদ্যোগ, এটা কাৰ্যসূচী বা এখন দেশে বায়ুমণ্ডললৈ মুঠ কিমান কাৰ্বন এৰি দিয়ে, সেয়ায়ে হ'ল কাৰ্বন পদাংক,যাৰ দ্বাৰা গোলকীয় তাপ বৃদ্ধিৰ হিচাপ কৰা যায়।২ কাৰ্বন পদাংকৰ ধাৰণাটো আহিছে ১৯৯৬ চনত ৰিজ আৰু ৱেইকাৰণাগেল (Wackernagel & Rees) নামৰ বিজ্ঞানী দুজনে প্ৰৱৰ্তন কৰা “পৰিস্থিতিতান্ত্ৰিক পদাংক” (Ecological footprint)ৰ ধাৰণাটোৰ পৰা। এই সূচকৰ জৰিয়তে এক নিৰ্দিষ্ট জনসংখ্যাৰ সমষ্টিক বহনক্ষম ভাৱে জীৱন নিৰ্বাহ কৰিবলৈ প্ৰয়োজন হোৱা ভূমি আৰু সাগৰীয় এলেকাক বুজোৱা হয়। অৰ্থাৎ এজন ব্যক্তিয়ে বহনক্ষম ভাৱে, প্ৰকৃতিক অনিষ্ট নকৰাকৈ, নৱীকৰণ হ’ব পৰাকৈ প্ৰকৃতিৰ বুকুৰপৰা আহৰণ কৰিব পৰা সম্পদৰ মাত্ৰাক এই পৰিস্থিতিতান্ত্ৰিক পদাংকৰ জৰিয়তে বুজোৱা হয়। এই ধাৰণাৰ আলমতে কাৰ্বন পদাংকৰ ধাৰণাটো ব্যৱহাৰ কৰিবলৈ লোৱা হয় গোলকীয় উত্তাপনৰ প্ৰক্ৰিয়াত মানৱসৃষ্ট ক্ৰিয়াকলাপৰ অৱদানক পাৰিসাংখ্যিক ভাৱে বুজাবৰ বাবে। যি নহওক, এই সূচ্যাংকৰ ব্যৱহাৰ জনপ্ৰিয় হৈ উঠে ২০০৫-০৭ চনৰপৰা; অৰ্থাৎ কিয়’ট’ প্ৰট’ক’লকে ধৰি জলবায়ু পৰিৱৰ্তন বিষয়ক আলোচনাবোৰ ব্যাপক হ’বলৈ লোৱাৰপৰা।

তথ্যসূত্ৰ

  1. ↑ What is a carbon footprint?
  2. ↑ The CO2 list (and original sources cited therein)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰ্বন পদাংক” প্ৰবন্ধৰ সংশোধন ৩৮০৪৪৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।