অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

কিটি পাৰ্টি

কিটি পাৰ্টি (Kitty Party) ভাৰত আৰু পাকিস্তানৰ কিছু অঞ্চলত অনানুষ্ঠানিক সঞ্চয় ক্লাৱৰ প্ৰসংগত মহিলাসকলৰ সামাজিককৰণৰ বাবে জনপ্ৰিয় আয়োজন। এয়া এক প্ৰকাৰৰ মহিলাৰ দলে সাধাৰণতে দুপৰীয়াৰ সময়ত মাহিলী আধাৰত অনুষ্ঠিত কৰে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৫৯ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

কিটি পাৰ্টি (Kitty Party) ভাৰত আৰু পাকিস্তানৰ কিছু অঞ্চলত অনানুষ্ঠানিক সঞ্চয় ক্লাৱৰ প্ৰসংগত মহিলাসকলৰ সামাজিককৰণৰ বাবে জনপ্ৰিয় আয়োজন। এয়া এক প্ৰকাৰৰ মহিলাৰ দলে সাধাৰণতে দুপৰীয়াৰ সময়ত মাহিলী আধাৰত অনুষ্ঠিত কৰে।১ কিটি পাৰ্টিত সংগ্ৰহ কৰা পৰিমাণৰ অৰ্থ প্ৰতিজন সদস্যই প্ৰতি মাহে এক নিৰ্দিষ্ট পৰিমাণ পৰিশোধ কৰে। এনেদৰে এক পুঁজি গঠন হয়। প্ৰতি মাহে দলৰ এগৰাকী সদস্যক এই পুঁজি হস্তান্তৰ কৰা হয়।২ চিট ফাণ্ডে একে ধৰণৰ নীতি অনুসৰণ কৰে।৩

ইয়াক সাধাৰণতে প্ৰতি মাহত কিছুমান মহিলাৰ দ্বাৰা নিৰ্দিষ্ট সময়ত অনুষ্ঠিত কৰা হয়। গোটটোৰ প্ৰতিগৰাকী সদস্যই কমেও এবাৰ এটা কিটি পাৰ্টি আয়োজন কৰা নিয়ম। আয়োজন কৰা সদস্যগৰাকীয়ে আন আন সদস্য সমূহক খাদ্য আৰু অন্যান্য যোগান প্ৰদান কৰে। এই পাৰ্টি সাধাৰণতে মহিলাসকলৰ বাবে পৰচৰ্চা বাবে এটা স্থান।৪ ভাৰত আৰু পাকিস্তানৰ বেছিভাগ অঞ্চলত ইয়াক সাধাৰণতে 'সমিতি' বুলি কোৱা হয়। অভিজাত শ্ৰেণীৰ মাজত কিটি পাৰ্টি বেছ জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছত জনপ্ৰিয় মাধ্যমত এই নাম বেছি প্ৰচলিত হয়। ইয়াৰ ফলত কিটি পাৰ্টি নামৰ প্ৰচলন বৃদ্ধি পাইছে। কিটি পাৰ্টিত বিভিন্ন লঘু খেল অন্তৰ্ভুক্ত কৰিব পাৰে আৰু আন সদস্যসকলৰ সৈতে এটা বিষয় আলোচনা কৰাৰ এটা বিষয় অন্তৰ্ভুক্ত কৰিব পাৰে।

বৰ্ণনা

কিটি পাৰ্টিৰ সাধাৰণ ধাৰণাটো এটা চিট ফাণ্ডৰ দৰে। ইয়াত প্ৰতিগৰাকী মহিলাই কেন্দ্ৰীয় পুঁজিত পূৰ্বনিৰ্ধাৰিত পৰিমাণৰ ধন ৰখাৰ অৰিহণা দিয়ে। তাৰ পিছত এটা চিট বা কাগজৰ টুকুৰাত কিটিৰ প্ৰতিগৰাকী সদস্যৰ নাম লিখা হয়। যিগৰাকী ব্যক্তিৰ নাম বাছনি কৰা হয় তেওঁ পৰৱৰ্তী কিটি পাৰ্টিৰ আয়োজন কৰে আৰু কেন্দ্ৰীয় পুঁজিৰ পৰা টকা লাভ কৰে। গোটটোৰ প্ৰতিজন সদস্যই কেন্দ্ৰীয় পুঁজিৰ ধন নোপোৱালৈকে প্ৰতিটো কিটি ৰাউণ্ড চলি থাকে। গতিকে গোটটো যিমান ডাঙৰ হয় কিটি পাৰ্টিৰ ৰাউণ্ড সিমান ডাঙৰ হয়।

কিটিসমূহ অতি সুসংগঠিত। তেওঁলোকৰ পৰিশোধৰ বিৱৰণ, সদস্যৰ যোগাযোগ নম্বৰ, আৰু নিয়মবোৰ নিৰীক্ষণ কৰে আৰু এইবোৰ পঞ্জীভূক্ত কৰা হয়। কিটি পাৰ্টিত যোগদান নকৰাৰ বাবে সদস্যৰ ওপৰত জৰিমনা আৰোপ কৰা হ'ব পাৰে, পলমকৈ পৰিশোধ কৰা, পলমকৈ উপনীত হোৱা ইত্যাদিৰ ওপৰতো জৰিমনা আৰোপ কৰিব পাৰে।

সুবিধা

কিটিৰ জৰিয়তে সদস্য সকলে এবাৰত সৰহকৈ ধন লাভ কৰে বাবে ই মহিলাৰ অৰ্থনৈতিক সৱলীকৰণত বিশেষ ভূমিকা পালন কৰে। তদুপৰি কিটি সামাজিক যোগাযোগৰ এক উত্তম মাধ্যম। কিটিৰ জৰিয়তে মহিলা সকলৰ শৈক্ষিক আৰু মানসিক বিকাশ সাধন হয়। নিজৰ পৰিয়ালৰ লগতো বান্ধোন সবল হয়।

অসুবিধা

কিটিসমূহত প্ৰায়ে মহিলাসকলে পৰচৰ্চাত লিপ্ত হোৱা দেখা যায়। ইয়াৰ লগতে কিটিসদস্য সকলে আন সদস্যৰ জীৱন-ধাৰণ দেখি হীনমন্যতাত ভুগিব পাৰে। তদুপৰি বহু সময়ত কিটি পাৰ্টিত মাদক দ্ৰৱ্য সেৱন, জুৱা আদিৰো প্ৰচলন হোৱা দেখা যায়।৫

তথ্যসূত্ৰ

  1. ↑ Kitty party gets a makeover - The Times of India
  2. ↑ Rahul Gandhi delights Lucknow kitty party
  3. ↑ The new, revised kitty party Pooja Biraia, Illustrations: Tejas Modak, Hindustan Times October 15, 2011
  4. ↑ Chit funds in India, One for the kitty, The Economist, Nov 2nd 2012
  5. ↑ Inside India’s Kitty Parties, tastecooking.com, 8 February 2021

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিটি পাৰ্টি” প্ৰবন্ধৰ সংশোধন ৩৮০৪৫৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।