অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

কামিয়ানেটছ-পডিলস্কি দুৰ্গ

কামিয়ানেটছ-পডিলস্কি দুৰ্গ (Kamianets-Podilska fortetsia; twierdza w Kamieńcu Podolskim; Podolės Kameneco tvirtovė ) হৈছে পূৰ্বৰ এটা ৰুথেনিয়ান-লিথুৱানিয়ান দুৰ্গ আৰু পৰৱৰ্তী সময়ৰ তিনিটা অংশৰে গঠিত পোলেণ্ডৰ দুৰ্গ।

হালনাগাদ: ৩০ আগষ্ট ২০২৬ ৯৩২ শব্দ · ৫ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

কামিয়ানেটছ-পডিলস্কি দুৰ্গ (Kamianets-Podilska fortetsia; twierdza w Kamieńcu Podolskim; Podolės Kameneco tvirtovė ) হৈছে পূৰ্বৰ এটা ৰুথেনিয়ান-লিথুৱানিয়ান১ দুৰ্গ আৰু পৰৱৰ্তী সময়ৰ তিনিটা অংশৰে গঠিত পোলেণ্ডৰ দুৰ্গ।২৩৪ এই ঐতিহাসিক দুৰ্গটো ইউক্ৰেইনৰ পশ্চিম অংশৰ পডিলিয়া নামৰ ঐতিহাসিক অঞ্চলৰ কামিয়ানেটছ-পডিলস্কি চহৰত অৱস্থিত। ইয়াৰ নামটো শ্লভিক ভাষাত শিল অৰ্থ প্ৰকাশ কৰা মূল শব্দ kamin-ৰপৰা আহিছে বুলি ধাৰণা কৰা হয়।

ঐতিহাসিক বিৱৰণী অনুসৰি কামিয়ানেটছ-পডিলস্কি দুৰ্গটো ১৪ শতিকাৰ আৰম্ভণিৰ বুলি জনা যায়, যদিও শেহতীয়া প্ৰত্নতাত্ত্বিক প্ৰমাণে এই অঞ্চলত ১২ বা ১৩ শতিকাতে মানুহৰ অস্তিত্ব থকাটো প্ৰমাণ কৰিছে।৫ চহৰখনক মূল ভূ-খণ্ডৰ সৈতে সংযোগ কৰা দলংখন সুৰক্ষিত কৰিবলৈ প্ৰথম অৱস্থাত নিৰ্মাণ কৰা এই দুৰ্গটো৬ স্মোট্ৰিচ নদীৰ একা-বেঁকা গতিপথৰদ্বাৰা গঠিত উপদ্বীপ এটাৰ ওপৰত অৱস্থিত। এই নদীখনে কামিয়ানেটছ-পডিলস্কিৰ ঐতিহাসিক পুৰণি চহৰ অঞ্চলটোৰ বাবে এক প্ৰাকৃতিক প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তুলিছে।

পডিলিয়াৰ এটা কৌশলগত পৰিবহণ সংযোগস্থলত অৱস্থিত হোৱাৰ বাবে এই দুৰ্গটো বিদেশী আক্ৰমণকাৰীসকলৰ বাবে এক প্ৰধান লক্ষ্য আছিল। তেওঁলোকে নিজৰ প্ৰয়োজন অনুসৰি এই দুৰ্গটো পুনৰ নিৰ্মাণ কৰিছিল, যাৰ ফলত ইয়াৰ বহুসংস্কৃতিক স্থাপত্যৰ বৈচিত্ৰ্য বৃদ্ধি পাইছিল। বিশেষকেই এই সমগ্ৰ কেইবাটাও অংশৰে গঠিত জটিল গাঁথনিটোত ৰজা কাহিমিৰ চতুৰ্থৰদ্বাৰা সুৰক্ষিত পুৰণি চহৰ, ৰজা ছিগিস্মুণ্ড প্ৰথম আৰু ষ্টিফেন বাথোৰীৰদ্বাৰা পুনৰ নিৰ্মিত পুৰণি দুৰ্গ, আৰু ৰজা ছিগিস্মুণ্ড তৃতীয় তথা ভ্লাদিস্লাভ চতুৰ্থৰদ্বাৰা স্থাপিত নতুন দুৰ্গ অন্তৰ্ভুক্ত হৈ আছে।২ অৱশ্যে মূল গাঁথনিটোত বহুতো স্থাপত্য আৰু অভিযান্ত্ৰিক পৰিৱৰ্তন কৰা সত্ত্বেও, দুৰ্গটোৱে এতিয়াও এটা সুসংগত স্থাপত্য শৈলী প্ৰদৰ্শন কৰে।৭৮ আধুনিক ইউক্ৰেইনত তুলনামূলকভাৱে সুৰক্ষিত হৈ থকা কেইটামান মধ্যযুগীয় নিৰ্মাণৰ ভিতৰত এই দুৰ্গটো অন্যতম।৯

পুৰণি চহৰ অঞ্চলটোৰ লগতে এই দুৰ্গটোক ৰাষ্ট্ৰীয় ঐতিহাসিক-স্থাপত্য সংৰক্ষিত অঞ্চল কামিয়ানেটছ আৰু ৰাষ্ট্ৰীয় প্ৰাকৃতিক উদ্যান পডিলস্কি টভট্ৰিৰ অংশ হিচাপে তালিকাভুক্ত কৰা হৈছে। এই দুৰ্গটো ১৯৮৯ চনত ইউক্ৰেইনৰ প্ৰতিনিধিসকলে মনোনীত কৰা এটা সম্ভাৱ্য ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ লগতে১০ ইউক্ৰেইনৰ সাতটা আশ্চৰ্যৰ ভিতৰতো অন্যতম।১১ বৰ্তমান কামিয়ানেটছ-পডিলস্কি দুৰ্গটো চহৰখনৰ আটাইতকেই পৰিচিত পৰিচায়ক চিহ্ন হোৱাৰ লগতে১২ অঞ্চলটো তথা দেশখনৰ এটা গুৰুত্বপূৰ্ণ পৰ্যটন আকৰ্ষণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে।১৩

ইতিহাস

প্ৰতিষ্ঠা আৰু প্ৰাৰম্ভিক ইতিহাস

১৬৯১ চনৰ এখন ফৰাচী ভাষাৰ মেপ য'ত কামিয়ানেট্স পুৰণি চহৰৰ চুবুৰী আৰু দুৰ্গটো দেখুওৱা হৈছে
১৬৯১ চনৰ এখন ফৰাচী ভাষাৰ মেপ য'ত কামিয়ানেট্স পুৰণি চহৰৰ চুবুৰী আৰু দুৰ্গটো দেখুওৱা হৈছেছবি: Nicolas de Fer · Public domain

পৰম্পৰাগতভাৱে ধাৰণা কৰা হৈছিল যে ১৪ শতিকাৰ দ্বিতীয় অৰ্ধত কামিয়ানেট্স-পোডিলস্কি দুৰ্গ প্ৰতিষ্ঠা কৰা হৈছিল, কিয়নো দুৰ্গটোৰ প্ৰথম সঠিক ঐতিহাসিক বিৱৰণ ১৪ শতিকাৰ মাজভাগৰ হয়, যেতিয়া পশ্চিমীয়া কিভান ৰাছৰ বাছনি কৰা বেছিভাগ অঞ্চল লিথুৱেনিয়াৰ গ্ৰ্যাণ্ড ডাচ্চীৰ নিয়ন্ত্ৰণত আছিল।১৪ উদাহৰণস্বৰূপে, ১৩৭৪ চনত যুৰী কৰিয়াটোভিচৰ এটা লিখিত দস্তাবেজত উল্লেখ আছে যে কামিয়ানেট্সক দুৰ্গৰ ভিতৰত মেগডবাৰ্গ অধিকাৰ প্ৰদান কৰা হ'ব।১২ অৱশ্যে ১৯৬০-ৰ দশকৰ পুৰাতাত্ত্বিক খন্দনে ইয়াৰ বিপৰীত প্ৰমাণ দাঙি ধৰিছিল যে দুৰ্গটোৰ সময়সীমা ১২ শতিকাৰ শেষৰফালে বা ১৩ শতিকাৰ আৰম্ভণিৰে হ'ব পাৰে।৫ ঐতিহাসিক আৰু পুৰাতাত্ত্বিক প্ৰমাণৰপৰাও এইটো স্পষ্ট যে পূব স্লাভিক ৰাজ্য কিভান ৰাছৰ সময়ত এই অঞ্চলত এটা মাটিৰ দুৰ্গ আছিল, কিন্তু বৰ্তমানৰ দুৰ্গটো থকা স্থানত নাছিল।১৫

দুৰ্গটো পুৰণি আছিল যদিও কামিয়ানেট্স আৰু ওচৰৰ ব্যাৱসায়িক পথসমূহৰ প্ৰতিৰক্ষাৰ বাবে ই অতি গুৰুত্বপূৰ্ণ আছিল; ফলস্বৰূপে, ক্ৰাকোৰ ভয়ভ'ড স্পাইটেক অৱ মেলচটিনে ১৫ শতিকাৰ শেষৰফালে এই প্ৰকল্পটো আধুনিকীকৰণ কৰিবলৈ আৰম্ভ কৰে।১৬ পুনৰ নিৰ্মাণৰ সময়ত পুৰণি স্তম্ভবোৰ মেৰামতি কৰা হয় আৰু ১০টা নতুন স্তম্ভ সংযোজন কৰা হয়। ডেৰ শতিকাৰ পিছত দুৰ্গটো পুনৰ সলনি কৰা হয়, এইবাৰ সামৰিক অভিযন্তা তথা স্থপতি হিয়ব ব্ৰেটফুচৰদ্বাৰা, যিয়ে নতুন পশ্চিমীয়া আৰু পূব স্তম্ভ, দুৰ্গৰ পূব দেৱাল আৰু এটি ভূ-গৰ্ভস্থ গেলাৰী, লগতে ফুল গেট আৰু চহৰৰ ষ্টাৰোষ্টা সম্প্ৰদায়ৰ বাবে বাসস্থান নিৰ্মাণ কৰিছিল।১৭

আক্ৰমণকাৰীৰ ধাৰাবাহিক আক্ৰমণ

এখন পুৰণি লিথোগ্ৰাফ য'ত দুৰ্গৰ দেৱাল আৰু তাৰ তলত থকা এটা বসতিস্থল দেখুওৱা হৈছে, যাৰ অস্তিত্ব আজিও বৰ্তি আছে
এখন পুৰণি লিথোগ্ৰাফ য'ত দুৰ্গৰ দেৱাল আৰু তাৰ তলত থকা এটা বসতিস্থল দেখুওৱা হৈছে, যাৰ অস্তিত্ব আজিও বৰ্তি আছেছবি: Napoleon Orda · Public domain

১৪ শতিকাৰ মাজভাগৰ পৰা ১৫ শতিকাৰ মাজভাগলৈ কামিয়ানেট্স-পোডিলস্কি দুৰ্গ পোলিশ-লিথুৱেনিয়ান কমনৱেলথৰ অন্যতম প্ৰধান সীমান্তত অৱস্থিত আছিল। ১৪৩৪ চনৰ পৰা ১৭৯৩ চনত ৰাছিয়ান সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হোৱালৈকে, এই দুৰ্গটোৱে আগন্তুক কচাক, অটোমান আৰু তাতাৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিৰক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল; ১৫ শতিকাৰ পৰা ১৭ শতিকালৈকে দুৰ্গটোৰ ওপৰত তাতাৰ বাহিনীয়ে মুঠ ৫১ বাৰ আক্ৰমণ চলাইছিল।১৮ ১৪৪৮, ১৪৫১, ১৫০৯ আৰু ১৫২৮ চনৰ তাতাৰ আক্ৰমণৰ লগতে ১৫৩৩ চনৰ অটোমান ঘেৰাওত দুৰ্গ আৰু চহৰ দুয়োৰে ক্ষতিসাধন হৈছিল যদিও এই সকলোবোৰ আক্ৰমণ সফলতাৰে প্ৰতিহত কৰা হৈছিল।১৮

কামিয়ানেট্স-পোডিলস্কি দুৰ্গই ১৬৪৮ চনৰ পৰা ১৬৫৪ চনৰ ভিতৰত হোৱা খমেলনিটস্কি বিদ্ৰোহৰ সময়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যেতিয়া বোহদান খমেলনিটস্কিৰ নেতৃত্বত জাপোৰোজিয়ান কচাকসকলে পোলিশ-লিথুৱেনিয়ান কমনৱেলথৰ সেনা আৰু মিলিশিয়াৰ বিৰুদ্ধে ক্ৰিমিয়ান তাতাৰ আৰু স্থানীয় ইউক্ৰেইনীয় কৃষকসকলৰ সৈতে মিত্ৰতা কৰিছিল। বিদ্ৰোহৰ সময়ত কমাণ্ডাৰ মেক্সিম ক্ৰিভোনিছৰ নেতৃত্বত স্থানীয় কচাক আৰু বিদ্ৰোহীসকলে দুৰ্গটো অসফলভাৱে ঘেৰাও কৰিছিল।১৮ ১৬৫১ চনত আটামান ইভান বোহুনৰ নেতৃত্বত দুৰ্গটো আন এক কচাক ঘেৰাওৰ বলি হয়, ইয়াৰ পিছত কমাণ্ডাৰ আলেকজেণ্ড্ৰেংকা আৰু চুইকাৰ অধীনত পোলিশ বিদ্ৰোহীৰ এক অপ্ৰত্যাশিত প্ৰতিআক্ৰমণে সেই অঞ্চলত পোলিশ উপস্থিতি পুনৰ প্ৰতিষ্ঠা কৰে আৰু ঘেৰাও মুক্ত কৰে। ১৬৫২ চনত খমেলনিটস্কিৰ নেতৃত্বত ৬০,০০০ সৈন্যৰ এক বাহিনীয়ে দুৰ্গৰ ওপৰত কচাক নিয়ন্ত্ৰণ পুনৰ সাব্যস্ত কৰে।১৮ মাত্ৰ এবছৰৰ পিছত, দুৰ্গটোৰ ওপৰত পুনৰ আক্ৰমণ হয়, এইবাৰ ৪০,০০০ সৈন্যৰ ক্ৰিমিয়ান তাতাৰ বাহিনীৰ দ্বাৰা।১৮

উষ্টিম কাৰমালিউক। ভাসিলি ট্ৰোপিনিন, প্ৰায় ১৮২০-ৰ দশক, কেনভাচত তেলচিত্ৰ। ষ্টেট ট্ৰেটিয়াকভ গ্যালৰী, মস্কো।
উষ্টিম কাৰমালিউক। ভাসিলি ট্ৰোপিনিন, প্ৰায় ১৮২০-ৰ দশক, কেনভাচত তেলচিত্ৰ। ষ্টেট ট্ৰেটিয়াকভ গ্যালৰী, মস্কো।ছবি: Vasily Andreevich Tropinin · Public domain

১৬७২ চনৰ আগষ্ট মাহৰ আৰম্ভণিতে চুলতান মেহমেদ চতুৰ্থৰ নেতৃত্বত ৩০০,০০০ অটোমান বাহিনী আৰু হেটমেন পেট্ৰ' ড'ৰ'চেংকোৰ নেতৃত্বত তাতাৰ আৰু কচাকৰ ৪০,০০০ সন্মিলিত বাহিনীয়ে দুৰ্গটো ঘেৰাও কৰে।১৮ আক্ৰমণকাৰীসকলৰ সৈতে আলোচনা কৰাৰ পিছত, চহৰৰ নেতাসকলে ১৮ আগষ্টত দুৰ্গৰ নিয়ন্ত্ৰণ অটোমানসকলক অৰ্পণ কৰে। হেনৰিক চিয়েংকিভিচৰ এখন উপন্যাস "পান ৱলডিয়ভস্কি"ত এই দুৰ্গটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, যিহেতু সেই কাল্পনিক উপন্যাসৰ ঘেৰাওৰ সময়ত প্ৰতিবাদৰ চিন স্বৰূপে, দুৰ্গৰ কমাণ্ডেন্ট মিচেল ৱলডিয়ভস্কি (কাল্পনিক চৰিত্ৰ) আৰু মেজৰ কেটলিঙে (কাল্পনিক চৰিত্ৰ) দুৰ্গৰ বাকী থকা বাৰুদ বিস্ফোৰণ ঘটাই ৮০০ প্ৰতিৰক্ষকৰ সৈতে নিজকে উৰুৱাই দিছিল।১৮ আক্ৰমণৰ পিছৰ ২৭ বছৰ ধৰি এই দুৰ্গটো পোডোলিয়াত অটোমান শাসনৰ ঘাটি হিচাপে ব্যৱহাৰ হৈছিল।১৮ ১৬৯৯ চনৰ কাৰ্লোৱিটজ শান্তি চুক্তিয়ে এই অঞ্চলত অটোমান সাম্ৰাজ্যৰ নিয়ন্ত্ৰণ ত্যাগ কৰাৰ পিছত পোলিশ নিয়ন্ত্ৰণ পুনৰ ঘূৰাই আনে।১৪

দুৰ্গৰপৰা কাৰাগাৰলৈ

১৮ শতিকাৰ আৰম্ভণিৰপৰা কামিয়ানেট্স-পোডিলস্কি দুৰ্গই ইয়াৰ প্ৰতিৰক্ষামূলক ভূমিকা হেৰুৱাই পেলাইছিল, আৰু ইয়াক সামৰিক দুৰ্গৰ পৰিৱৰ্তে সামৰিক কাৰাগাৰ হিচাপেহে বেছি ব্যৱহাৰ কৰা হৈছিল।১৭১৮ কাৰাগাৰখনত কচাক বিষয়া, হাইডামাকা আৰু আনকি পোলিশ সিংহাসনৰ তিনিবছৰীয়া দাবীদাৰ ষ্টানিছলাৱ আগষ্ট পনিয়াটোৱস্কিকে ধৰি বহু লোককে মৃত্যুদণ্ড বা বন্দী কৰি ৰখা হৈছিল।১৮

প্ৰতিৰক্ষামূলক ভূমিকা হেৰুৱাই পেলোৱাৰ পাছতো, ১৭৯৩ চনৰ ২১ এপ্ৰিলৰ পোলণ্ডৰ দ্বিতীয় বিভাজন পৰ্যন্ত ই পোলণ্ড ৰাজ্যৰ অন্যতম শক্তিশালী দুৰ্গ আছিল,২১৯২০ যেতিয়া কামিয়ানেট্স-পোডিলস্কি দুৰ্গ আৰু চহৰ দুয়োটাকে ৰাছিয়ান সাম্ৰাজ্যৰ সাৰ্বভৌমত্বলৈ হস্তান্তৰ কৰা হয়। একেদিনাই দুৰ্গৰ কমাণ্ডেণ্টে দুৰ্গৰ চাবিপাত অৰ্পণ কৰে আৰু চহৰৰ কেথেড্ৰেলত সাম্ৰাজ্যৰ প্ৰতি আনুগত্যৰ শপত লয়।১৮ পিছত দুৰ্গৰ ভিতৰত ১০১টা তোপধ্বনিৰে কমাণ্ডেণ্টেৰ সিদ্ধান্তক চালাম জনোৱা হয়।১৮ ১৮১২ চনত ৰাছিয়াত ফৰাচী আক্ৰমণৰ সময়ত দুৰ্গটোত ৰাছিয়ান ইম্পেৰিয়েল আৰ্মী মোয়াতেন কৰা হৈছিল। ১৮১৫ চনত কোন্সটানটিন বাটিউচকভ, যি পিছলৈ এজন বিখ্যাত কবি আৰু লেখক হৈছিল, দুৰ্গটোত এজন বিষয়া হিচাপে কৰ্মৰত аছিল।১৮ ১৮৪৬ চনত কবি ভ্লাদিমিৰ ৰায়েভস্কি দুৰ্গটোত কৰ্মৰত আছিল, যি সময়ত তেওঁ প্ৰগতিশীল মনোভাবাপন্ন সেনা বিষয়াসকলৰ এটা প্ৰো-ডিচেম্ব্ৰিষ্ট সংগঠন প্ৰতিষ্ঠা কৰিছিল।১৮

১৮১৬ চনৰপৰা ১৯১৪ চনলৈকে, এই দুৰ্গটোক সামৰিক কাৰাগাৰৰপৰা ঋণগ্ৰস্ত ব্যক্তি, অপৰাধী আৰু ৰাজনৈতিক বন্দীসকলৰ বাবে এটা কাৰাগাৰলৈ ৰূপান্তৰ কৰা হৈছিল।৬ ১৮৩১ চনত ৰাছিয়ান অভিধানবিদ ভ্লাদিমিৰ ডাল-এ এই দুৰ্গটোত কাম কৰিছিল, যি সময়ত তেওঁ ৰাছিয়ান ভাষাৰ এখন অভিধান লিখি আছিল।১৬ ১৯ শতিকাত পোডোলিয়াত হোৱা সামন্তবাদ বিৰোধী আন্দোলনৰ কেন্দ্ৰবিন্দু আছিল এই দুৰ্গটো, যাৰ নেতৃত্ব দিছিল ১৮১২ চনৰ দেশপ্ৰেমমূলক যুদ্ধৰ অশ্বাৰোহী সেনাৰ প্ৰাক্তন সৈনিক উষ্টিম কাৰমালিউকে (১৭৮৭–১৮৩৫)। তেওঁক বৰ্তমান ইউক্ৰেইনীয়সকলে এজন ৰাষ্ট্ৰীয় লোক-নায়ক হিচাপে গণ্য কৰে।২১২২

সংগ্ৰহালয় আৰু সংৰক্ষণ

ভিতৰৰ চোতাল আৰু দুৰ্গৰ সংগ্ৰহালয়ৰ দৃশ্য
ভিতৰৰ চোতাল আৰু দুৰ্গৰ সংগ্ৰহালয়ৰ দৃশ্যছবি: Daniel Baránek · CC BY-SA 3.0

১৯০৫ চনৰ বিপ্লৱৰ পিছত এক শৃংখলাবদ্ধ ৰাজনৈতিক পৰিৱৰ্তনৰ ফলত সমগ্ৰ ৰাছিয়ান সাম্ৰাজ্যত আইনগতভাৱে ৰাজনৈতিক দল আৰু সংগঠনসমূহৰ অনুমতি দিয়া হৈছিল। ১৯০৬ চনত এই দুৰ্গটোত মুঠ ৬৭টা ৰাজনৈতিক সংগঠনৰ ঘাটি আছিল। ইয়াৰ ভিতৰত ৰাছিয়ান ছচিয়েল ডেম’ক্ৰেটিক লেবাৰ পাৰ্টীৰ মুখপত্ৰ "ইস্ক্ৰা" (স্ফুলিংগ) নামৰ বাতৰি কাকতখনো অন্যতম আছিল।২৩ ১৯২৮ চনত ইউক্ৰেইনীয় ছোভিয়েট ছচিয়েলিষ্ট ৰিপাব্লিকৰ চোভনাৰ্কম (জনপ্ৰিয় কমিতাৰ পৰিষদ)দ্বাৰা জাৰী কৰা এটা ডিক্ৰীৰ জৰিয়তে কামিয়ানেট্স-পোডিলস্কি দুৰ্গ চৌহদক এটা ঐতিহাসিক-সাংস্কৃতিক সংৰক্ষিত ক্ষেত্ৰ কৰি ঘোষণা কৰা হয়।২৪ ১৯৩০-ৰ দশকৰ শেষৰফালে দুৰ্গটোক এটা সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা কৰা হয় আৰু ১৯৩৭ চনত ইয়াৰ অট্টালিকাসমূহৰ পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয়।২৪ সংগ্ৰহালয়টোৰ আকৰ্ষণসমূহৰ ভিতৰত পোপৰ স্তম্ভত থকা দুৰ্গৰ কাৰাগাৰৰ কোঠাত কাৰমালিউকৰ এটা দৃশ্য উপস্থাপন কৰা হৈছিল, য’ত তেওঁক দুৰ্গটোত বন্দী কৰি থকাৰ সময়ত ৰখা হৈছিল। ১৯৩০-ৰ দশকত দুৰ্গটোলৈ অহা দৰ্শনাৰ্থীৰ সংখ্যা বছৰেকত ৩০০,০০০ জন হৈছিলগৈ।১৮

১৯৪৭ চনত কামিয়ানেট্স-পোডিলস্কি দুৰ্গক সমগ্ৰ ছোভিয়েট ইউনিয়নৰ ঐতিহাসিক সংৰক্ষিত ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।২৪ ১৯৫৮ চনৰ ১৮ এপ্ৰিলত কাৰমালিউক প্ৰদৰ্শনীৰ ওচৰত কাৰমালিউকৰ স্মৃতিতখন স্মৃতিফলক আৰু এটা বাছ-ৰিলিফ (উন্নত ভাস্কৰ্য) নিৰ্মাণ কৰা হয়।১৮ স্থপতি ৱাই প্লাদেনিটস্কা আৰু এ টিউপীচৰ তত্ত্বাৱধানত ১৯৬২ চনৰপৰা দুৰ্গটোত সংস্কাৰ আৰু পুৰাতাত্ত্বিক কাম-কাজ চলাই থকা হৈছে।৭ ১৯৭৭ চনৰ ১৮ মে’ত "কামিয়ানেট্স" ৰাষ্ট্ৰীয় ঐতিহাসিক-স্থাপত্য সংৰক্ষিত ক্ষেত্ৰ প্ৰতিষ্ঠা কৰা হয়।২৫ ১৯৮৯ চনৰ ১৩ ছেপ্টেম্বৰত ইউক্ৰেইনীয় এছ এছ আৰ চৰকাৰে কামিয়ানেট্স-পোডিলস্কি দুৰ্গ আৰু পুৰণি চহৰখনক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সাময়িক তালিকাত অন্তৰ্ভুক্ত কৰে।১০

২০০৪ চনত "কামিয়ানেট্স" সংৰক্ষিত ক্ষেত্ৰখনক এটা ৰাষ্ট্ৰীয় সংৰক্ষণ জিলালৈ উন্নীত কৰা হয়।২৬ ২০০৭ চনৰ ২১ আগষ্টত এক দেশজোৰা প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰাৰ পাছত এই চৌহদটোক ইউক্ৰেইনৰ সাতটা আশ্চৰ্যৰ অন্যতম হিচাপে ঘোষণা কৰা হয়।১১ ২০১১ চনৰ ১ আগষ্টত অহা এক প্ৰচণ্ড ধুমুহাৰ বাবে নতুন পশ্চিমীয়া স্তম্ভটো আংশিকভাৱে ধ্বংস হয়; চহৰৰ মেয়ৰৰ কাৰ্যালয়ে এই কথা অস্বীকাৰ কৰা নাছিল যে ২০০৭ চনৰ শেষ পুনৰ নিৰ্মাণৰ সময়ত স্তম্ভটোৰ গাঁথনিগত অখণ্ডতা দুৰ্বল হৈ পৰিছিল, যাৰ ফলত মাত্ৰ চাৰি বছৰ পাছত ই খহি পৰিছিল।২৭

স্থাপত্যশৈলী

কামিয়ানেট্স-পোডিলস্কি দুৰ্গটো স্মোট্ৰিচ নদীৰ গিৰিখাতেৰে পৰিবেষ্টিত এটা চূণশিলৰ গঠনৰ ওপৰত অৱস্থিত। ফলস্বৰূপে, ইয়াৰ ভেটি নিৰ্মাণত চূণশিলৰ লগতে স্থানীয় আৰু আমদানি কৰা ইটা আৰু শিল ব্যৱহাৰ কৰা হৈছিল।২৮ প্ৰকৃততে, দুৰ্গটোৰ নামটো স্লাভিক ভাষাত শিল বুজোৱা 'কামিন' শব্দৰ পৰা আহিছে।১৩ দুৰ্গটোৰ দুটা প্ৰধান অংশ হ’ল পুৰণি দুৰ্গ (Старий замок) আৰু নতুন দুৰ্গ (Новий замок), যিবোৰ বিভিন্ন সময়ত নিৰ্মাণ কৰা হৈছিল।২৮ পুৰণি দুৰ্গটোৱে কামিয়ানেট্স-পোডিলস্কিৰ পুৰণি চহৰৰ ফালৰ পৰা অহা আক্ৰমণ প্ৰতিহত কৰিছিল আৰু শত্ৰু সৈন্যৰ প্ৰত্যক্ষ আক্ৰমণৰ পৰা সুৰক্ষা দিবলৈ ইয়াক নিৰ্মাণ কৰা হৈছিল। আনহাতে নতুন দুৰ্গটো পৰৱৰ্তী সময়ত দুৰ্গটোৰ বহুতো আধুনিকীকৰণৰ সময়ত গঢ়ি তোলা হৈছিল; ইয়াৰ উদ্দেশ্য আছিল শত্ৰুৰ ফিল্ড আৰ্মীৰ পৰা সুৰক্ষা প্ৰদান কৰা আৰু ইয়াক দূৰপাল্লাৰ তোপৰ দৰে নতুন সামৰিক উদ্ভাৱনসমূহক সহায় কৰাকৈ ডিজাইন কৰা হৈছিল।২৮

বাৰটা স্তম্ভ

এটা গুৰুত্বপূৰ্ণ আৰু বৃহৎ দুৰ্গীকৰণ চৌহদ হিচাপে কামিয়ানেট্স-পোডিলস্কি দুৰ্গত প্ৰায় ১২ টা স্তম্ভ আছিল, যাৰ কিছুমান দুৰ্গটোৰ পৰৱৰ্তী আধুনিকীকৰণৰ সময়ত সংযোজন কৰা হৈছিল। কিছুমান স্তম্ভ মূল দুৰ্গটো অৱস্থিত উপদ্বীপটোত আছিল; আন কিছুমান স্তম্ভ স্মোট্ৰিচ নদীৰ সিপাৰে থকা থিয় ঢালবোৰত অৱস্থিত আছিল। ইয়াৰ উপৰি আন কিছুমান স্তম্ভও আছিল যেনে ক্ষুদ্ৰ দক্ষিণ স্তম্ভ,২৯ এটা ডেচিয়া-ৰোমান স্তম্ভ, আনহাতে আন এটা ডেচিয়া-ৰোমান স্তম্ভ পূব দেৱালৰ ঠিক বাহিৰত আছিল আৰু দুৰ্গৰ দলঙৰ পশ্চিম প্ৰান্তত এটা অৰ্ধ-স্তম্ভ অৱস্থিত।৩০ অৱশ্যে এই স্তম্ভসমূহৰ ভিতৰত মাত্ৰ কেইটামানহে আজি অক্ষত অৱস্থাত আছে। বিশেষকৈ বাৰটা স্তম্ভ আছিল:

  • পোপৰ স্তম্ভ (কাৰমালিউকৰ স্তম্ভ বা জুলিয়ান স্তম্ভ নামেৰেও জনাজাত) ৩০ ১৫ আৰু ১৬ শতিকাৰ কোনোবা এটা সময়ত নিৰ্মাণ কৰা হৈছিল; এই স্তম্ভৰ ভিতৰত এটা তোপখানা, বাৰুদৰ গুদাম, ৰাজকোষ আৰু এটা মিল আছিল,২৯ যিটো বিস্তৃত দক্ষিণ কোঠাটোৰ সৈতে একত্ৰিত আছিল;
  • কোভপাক স্তম্ভ (শ্লাচটা স্তম্ভ বুলিও কোৱা হয়) ২৯ ১৪ আৰু ১৬ শতিকাৰ ভিতৰত নিৰ্মিত এটা পুৰণি স্তম্ভ, য'ত চহৰৰ শ্লাচটা অভিজাত শ্ৰেণীৰ বাসস্থান আছিল;
  • তেনচিনস্কা স্তম্ভ, ১৪ ৰ পৰা ১৬ শতিকাৰ, যিটো তেনচিনস্কি পৰিয়ালৰ স্মৃতিত নামকৰণ কৰা হৈছিল;২৯
  • বগা স্তম্ভ (লাস্কা স্তম্ভ বুলিও জনাজাত), ১৫ শতিকাত নিৰ্মাণ কৰা হৈছিল,৩০ য’ত এটা অতিৰিক্ত তোপখানা আছিল;২৯
  • ডেইলী স্তম্ভ (দ্ জিয়েন্না স্তম্ভ বুলিও কোৱা হয়), এটা ডাঙৰ স্তম্ভ য’ত তোপসমূহ গুলীবৰ্ষণৰ স্থানলৈ তথা নতুন পশ্চিমীয়া স্তম্ভলৈ স্থানান্তৰ কৰিবলৈ দ্বিতীয় মহলাত এটা সামৰিক পথ আছিল। ইয়াৰ উপৰিও ইয়াৰ ভিতৰত এটা সৰু লুথাৰন প্ৰাৰ্থনাকক্ষ আৰু একেবাৰে ওপৰত এটা সৰু নিৰীক্ষণ স্তম্ভ আছিল;২৯
  • নতুন পশ্চিমীয়া স্তম্ভ (বা ডাঙৰ স্তম্ভ), ১৫৪৪ চনত নিৰ্মাণ কৰা হৈছিল ৩০ আৰু ই এটা দুৰ্গৰ ঘাটি হিচাপে কাম কৰিছিল। স্তম্ভটোত দুৰ্গৰ এটা ছপাশাল আছিল আৰু ইয়াৰ চৌপাশৰ বিশাল পথাৰখন আৱৰি ৰাখিবলৈ এটা তোপখানাৰ প্লেটফৰ্মো প্ৰদান কৰিছিল। ২০১১ চনৰ এক প্ৰচণ্ড ধুমুহাত ই ক্ষতিগ্ৰস্ত হৈছিল।২৭২৯
  • ৰোজানকা স্তম্ভ (বুৰগ্ৰাবস্কা বা ক্ৰেচলাভস্কা স্তম্ভ বুলিও জনাজাত), যিটো ১৪ আৰু ১৬ শতিকাৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল,৩০ ইয়াৰ ভূগৰ্ভত এটা কাৰাগাৰ আছিল। সংৰক্ষিত বাৰুদৰ পৰা নিৰ্গত গেছ আঁতৰাই পঠিয়াবলৈ বিশেষভাৱে ডিজাইন কৰা শংকু আকৃতিৰ গম্বুজেৰে সম্পূৰ্ণ কৰা তিনিটা স্তম্ভৰ (তেনচিনস্কা আৰু লেনকৰোনস্কা) ভিতৰত ই অন্যতম আছিল;২৯
  • ৱাটাৰ স্তম্ভ (স্মোট্ৰিটস্কা স্তম্ভ বুলিও জনাজাত),৩০ ১৫ ৰ পৰা ১৮ শতিকাৰ ভিতৰত নিৰ্মিত দুৰ্গটোৰ পৰৱৰ্তী নিৰ্মাণসমূহৰ ভিতৰত অন্যতম, যিটো উত্তৰ দিশৰ মূল চৌহদৰ পৰা কিছু দূৰত অৱস্থিত ফিল্ড গেটৰ দ্বাৰা দুৰ্গটোৰ সৈতে সংযুক্ত আছিল। ইয়াত এটা কুঁৱা আছিল যিয়ে কাষৰীয়া স্মোট্ৰিচ নদীৰ পৰা পানী টানি আনিছিল আৰু এটা গোপন সুৰংগ আছিল, যাৰ অস্তিত্ব কেৱল স্থানীয় ষ্টাৰোষ্টা আৰু কেৰাণীসকলেহে জানিছিল;২৯
  • কমাণ্ডাণ্টৰ স্তম্ভ, ১৫ শতিকাত নিৰ্মাণ কৰা হৈছিল;৩০
  • লেনকৰোনস্কা স্তম্ভ (বা দ্বিতীয় লাস্কা স্তম্ভ), ১৪ আৰু ১৬ শতিকাৰ ভিতৰত নিৰ্মিত, যিটো লেনকৰোনস্কি পৰিয়ালৰ স্মৃতিত নামকৰণ কৰা হৈছিল;২৯
  • কলা স্তম্ভ, ১৫ আৰু ১৬ শতিকাৰ পুৰণি এই স্তম্ভটোৰ বৰ্তমান মাত্ৰ ধ্বংসাৱশেষহে আছে। ই বাৰুদৰ ভঁৰাল হিচাপে কাম কৰিছিল আৰু এটা প্ৰতিবাদৰ সময়ত ইয়াক বিস্ফোৰণ ঘটাই উৰুৱাই দিয়া হৈছিল;৩০
  • নতুন পূব স্তম্ভ, ১৫৪৪ চনত নিৰ্মাণ কৰা হৈছিল।৩০

দুৰ্গীকৰণৰ দেৱালসমূহ

কামিয়ানেট্স-পোডিলস্কি দুৰ্গৰ দেৱালসমূহক তিনিটা অংশ বা ধাপত বিভক্ত কৰা হৈছে; উত্তৰ, দক্ষিণ আৰু পূব।৭

উত্তৰ ধাপৰ দেৱালসমূহে (প্ৰায় 336 মিটাৰ দীঘল) সমগ্ৰ ভিতৰৰ চোতালখন সুৰক্ষিত কৰে। চোতালৰ উত্তৰ-পশ্চিম দেৱালসমূহে পুৰণি দুৰ্গটো গঠন কৰে, যি ডেইলী আৰু ৰোজানকা স্তম্ভৰ মাজত শেষ হয়। এইসমূহ দুখন সমান্তৰাল দেৱালৰ দ্বাৰা গঠিত, যাৰ ভিতৰত ক্ষুদ্ৰ পশ্চিম স্তম্ভ, কলা স্তম্ভৰ ধ্বংসাৱশেষ আৰু এটা দুই স্তৰৰ কেছমেট (দুৰ্গীকৃত তোপৰ ঘাটি) অন্তৰ্ভুক্ত। এই দুখন দেৱালৰ ভিতৰত পুৰণি দেৱালখন ১২ শতিকাৰ আৰম্ভণিৰ আৰু ই ক্ৰেনেলেশ্যন (ধাপ-ধাপকৈ কটা সুৰক্ষা দেৱাল) শৈলীৰে নিৰ্মিত। পূব দেৱালত আন এটা কেছমেট অৱস্থিত আছিল।৩০ পূব দেৱালত থকা দুৰ্গৰ প্ৰৱেশদ্বাৰক নতুন দুৰ্গৰ দুৱাৰ বুলি জনা যায় আৰু তাত আন দুখন দুৱাৰ আছিল—এখন উত্তৰ দেৱালত থকা পুৰণি দুৰ্গৰ দুৱাৰ আৰু আনখন পানীৰ স্তম্ভক দুৰ্গৰ বাকী অংশৰ সৈতে সংযোগ কৰা ফিল্ড গেট।৩০ উত্তৰ দেৱালসমূহ সমগ্ৰ দৈৰ্ঘ্যত উত্তৰ বেষ্টিয়নৰ দ্বাৰা শক্তিশালী কৰা হৈছে।৩০ পোলেণ্ডৰ দ্বিতীয় বিভাজনৰ ঠিক পূৰ্বে ১৭৯০ চনত এই বেষ্টিয়নটো নিৰ্মাণ কৰা হৈছিল।৩০ তাত এটা নতুন দুৰ্গও আছে যিটো হৰ্নৱৰ্ক হিচাপে ডিজাইন কৰা হৈছিল আৰু ই মূল দুৰ্গ চৌহদৰ পশ্চিম দিশত অৱস্থিত।৩০

দুৰ্গীকৰণৰ দেৱালসমূহত শতিকাজুৰি কৰা সংযোজনে দুৰ্গটোৰ স্থাপত্যৰ বৈচিত্ৰ্য বৃদ্ধি কৰিছে
দুৰ্গীকৰণৰ দেৱালসমূহত শতিকাজুৰি কৰা সংযোজনে দুৰ্গটোৰ স্থাপত্যৰ বৈচিত্ৰ্য বৃদ্ধি কৰিছেছবি: Dima Sergiyenko; Please attribute this image as the work of "DiscoverWithDima." · CC BY-SA 4.0

দুৰ্গৰ চোতালৰ পূব দিশত চেন্ট ষ্টানিছলাউচ গীৰ্জাৰ ধ্বংসাৱশেষ আছিল,২৯৩০ যাৰ কাষতে এম পটোকিৰ এটা সমাধিক্ষেত্ৰ আছিল।২৯ কোভপাক স্তম্ভৰ কাষতে এটা ইষ্টাৰ্ণ অৰ্থডক্স গীৰ্জা আছিল য’ত ৰাজকুমাৰ কৰিয়াটোভিচক কবৰ দিয়া হৈছিল।২৯ কোভপাক আৰু তেনচিনস্কা স্তম্ভৰ মাজৰ দক্ষিণ দেৱালৰ কাষৰ চোতালখনত এটা শস্যৰ ভঁৰাল আৰু গাড়ী ৰখা চালি আছিল।২৯ এইবোৰৰ বিপৰীতে, উত্তৰ দেৱাল আৰু লেনকৰোনস্কা স্তম্ভৰ ওচৰত ষ্টাৰোষ্টাৰ বাসস্থান আছিল।২৯ তেনচিনস্কা স্তম্ভৰ কাষতে "ৰুৰমুচ" আছিল যি দুৰ্গটোৰ পানী জমা কৰা টেংক হিচাপে ব্যৱহাৰ হৈছিল।২৯ বগা স্তম্ভৰ ওচৰৰ দক্ষিণ দেৱালত (তেনচিনস্কা আৰু বগা স্তম্ভৰ মাজত) এটা পাকঘৰ আৰু এটা বেকাৰী আছিল।২৯ দক্ষিণ দেৱালৰ বগা স্তম্ভ আৰু ডেইলী স্তম্ভৰ মাজত ষ্টাৰোষ্টাৰ মুখ্য কাৰ্যালয় অৱস্থিত আছিল।২৯ পশ্চিম দেৱালৰ কাষত চেলিয়াডনা বা দাসসকলৰ কোঠা আছিল, য’ত দুৰ্গৰ সেৱা কৰা ৭০ জন পৰ্যন্ত দাস আছিল।২৯ উত্তৰ দেৱালৰ বাহিৰত দুৰ্গৰ আস্তাবল আছিল, য’ত ৩০ টালৈকে ঘোঁৰা ৰাখিব পৰা গৈছিল।২৯ ১৬ শতিকাত দুৰ্গটোত প্ৰায় ৩০০ জন সৈন্যৰ গেৰিলে আছিল, যিসকলে চহৰখনত বাস কৰিছিল।২৯

বাৰটা স্তম্ভৰ এটাৰ ক্ল’জ-আপ দৃশ্য
বাৰটা স্তম্ভৰ এটাৰ ক্ল’জ-আপ দৃশ্যছবি: User:Simm · CC BY-SA 2.5

কামিয়ানেট্স-পোডিলস্কি ঔদ্যোগিক বৃত্তিমূলক বিদ্যালয়ে দুৰ্গৰ দেৱালসমূহ পৰীক্ষা কৰিছে। তেওঁলোকে চহৰখনৰ "পোডজামচে" বা উপ-দুৰ্গ নামৰ চুবুৰীটোৰ কাষৰ পথৰ কাষত কুইকচেণ্ড (চৰচৰীয়া বালি) থকা এটা অঞ্চল আৱিষ্কাৰ কৰিছিল, যিয়ে পূৰ্বৰ বছৰত দুৰ্গৰ সহায়ক দেৱালসমূহ আংশিকভাৱে ক্ষতিগ্ৰস্ত কৰিছিল।৩১ চৰচৰীয়া বালিৰ প্ৰভাৱে দুৰ্গটোৰ ভেটিৰ দেৱালসমূহ উন্মুক্ত কৰি দিছিল, যিবোৰ প্ৰায় 5 মিটাৰ গভীৰ আছিল।৩১ ভেটিৰ দেৱালসমূহ চূণশিলৰ ওপৰত নিৰ্মাণ কৰা হৈছিল যিয়ে নদী উপত্যকাৰ কাষত এটা গিৰিখাত সৃষ্টি কৰিছে।৩১ অধিক খন্দন কাৰ্যই দেখুৱাইছে যে দেৱালসমূহ পশ্চিম দিশলৈ বিস্তৃত আছিল, লগতে পুৰণি দুৰ্গৰ পৰা নতুন দুৰ্গৰ বেষ্টিয়নলৈকে আছিল।৩১ পুৰণি দুৰ্গৰ দলঙৰ সহায়ক খুটাসমূহো খাৱৈত পোৱা গৈছিল।৩১ দক্ষিণ দিশৰ দেৱালত এটা 2.5 মিটাৰ বহল আৰু ৫ মিটাৰ ওখ মুকলি ঠাই আছে, যাৰ মাজেৰে বৃত্তিমূলক বিদ্যালয়ে ধাৰণা কৰিছে যে পানী বৈ গৈছিল।৩১

সংৰক্ষিত উত্তৰ-পশ্চিম দেৱালসমূহ এতিয়া দুৰ্গৰ বাহিৰৰ পৰা জুখিলে 13.7 মিটাৰ ওখ আৰু চোতালৰ পৰা 5.7 মিটাৰ ওখ। বহুতো পুনৰ নিৰ্মাণৰ ফলত দেৱালসমূহৰ গভীৰতা শতিকাজুৰি সলনি হৈছিল, যি মধ্যযুগীয় সময়ছোৱাত 1.45 মিটাৰ গভীৰ, ১৪ আৰু ১৫ শতিকাৰ সময়ছোৱাত 2.2 মিটাৰ আৰু ১৬ আৰু ১৭ শতিকাৰ পুনৰ নিৰ্মাণৰ পিছত গড় হিচাপে 4 মিটাৰ আছিল। পুৰণি ৰাছ টুকুৰাসমূহ সংৰক্ষণ কৰিবলৈ শেহতীয়াকৈ দেৱালসমূহত সংৰক্ষণমূলক কাম কৰা হৈছে।৭

দুৰ্গৰ দলং

এটা উপদ্বীপত দুৰ্গটোৰ অনন্য অৱস্থিতিৰ ফলস্বৰূপে, দুৰ্গৰ দলঙে (Замковий міст) চহৰখনৰ পুৰণি চহৰ চুবুৰীৰ একমাত্ৰ পৰিবহণ সংযোগ হিচাপে কাম কৰে। ইয়াক মধ্যযুগীয় অভিযান্ত্ৰিকতাৰ এক উল্লেখনীয় কৃতি বুলি গণ্য কৰা হয়।৭ দলংখনৰ দৈৰ্ঘ্য 88 মিটাৰ।৭ দলংখনৰ প্ৰৱেশদ্বাৰত ইয়াৰ প্ৰস্থ প্ৰায় 8.5 মিটাৰ, আনহাতে শেষৰ ফালে ই 6.5 মিটাৰ লৈ ঠেক হৈ পৰে।৭ দলংখনৰ উচ্চতা প্ৰৱেশদ্বাৰত 27 মিটাৰ আৰু আনটো দিশত ই 17 মিটাৰ লৈ হ্ৰাস পায়।৭

১৫ শতিকাৰ আৰম্ভণিতে দলংখনৰ দুৰ্গৰ প্ৰান্তত এটা ডাঙৰ ঘূৰণীয়া তোৰণ স্তম্ভ নিৰ্মাণ কৰা হৈছিল; স্তম্ভটো ধৰি দলংখনৰ উচ্চতা আধুনিক আঠ মহলা অট্টালিকাৰ সমান আছিল।৭ ১৬৮৭ চনত চহৰখনৰ বিফল পোলিশ ঘেৰাওৰ সময়ত তুৰ্কীসকলে দুৰ্গৰ দলংখন পুনৰ নিৰ্মাণ আৰু শক্তিশালী কৰিছিল আৰু ই "তুৰ্কী দলং" (Турецький міст) নাম লাভ কৰিছিল,৭ যাক বহুতো স্থানীয় লোকে আজিও এই নামেৰে মাতে। ১৮৪১ চনৰ পৰা ১৯ শতিকাৰ শেষলৈকে দলংখনৰ শিলৰ সন্মুখভাগ বেয়া অৱস্থাত আছিল।৭ পৰৱৰ্তী সময়ত সংৰক্ষণমূলক কামৰ অভাৱ আৰু ১৯৮৬ চনৰ ভূমিকম্পৰ ক্ষয়-ক্ষতিৰ বাবে ইয়াৰ অৱস্থা আৰু শোচনীয় হৈ পৰে। ২০০০ চনত ৱৰ্ল্ড মনুমেণ্টচ ফাণ্ডে কামিয়ানেট্স-পোডিলস্কি দুৰ্গৰ দলংখনক ২০০০ চনৰ ৱৰ্ল্ড মনুমেণ্টচ ৱাটচ তালিকাত অন্তৰ্ভুক্ত কৰিছিল।৩২

ঐতিহ্য

কামিয়ানেট্স-পোডিলস্কি দুৰ্গৰ নৈশ দৃশ্য
কামিয়ানেট্স-পোডিলস্কি দুৰ্গৰ নৈশ দৃশ্যছবি: Богдан Репетило · CC BY-SA 3.0

২০০৫ চনত কামিয়ানেট্স-পোডিলস্কি দুৰ্গ চহৰখনৰ আটাইতকৈ স্বীকৃত আকৰ্ষণ আছিল।১২ এই দুৰ্গটো চাবলৈ সমগ্ৰ ইউক্ৰেইন আৰু বিদেশৰ পৰাও বৃহৎ সংখ্যক পৰ্যটক আহে,১৩ যাৰ ফলত বছৰি হাজাৰ হাজাৰ পৰ্যটক আকৰ্ষিত হয়।৩৩ ইয়াৰ ঐতিহ্যে কেইবাটাও স্থানীয় কিংবদন্তি এৰি থৈ গৈছে। এটা কিংবদন্তি অনুসৰি, যেতিয়া অটোমান চুলতান ওচমান দ্বিতীয়ই ১৬২১ চনত চহৰখন দখল কৰিবলৈ কামিয়ানেট্সলৈ আহিছিল, তেওঁ ইয়াৰ শক্তি আৰু দুৰ্গীকৰণ দেখি আপ্লুত হৈ সুধিছিল "এই মহান চহৰখন কোনে নিৰ্মাণ কৰিছিল?"। তেতিয়া কোনোবাই তেওঁক উত্তৰ দিছিল, "ঈশ্বৰে নিজে।" যেতিয়া ওচমানে দুৰ্গটো দখল কৰিব নোৱাৰিলে, তেতিয়া তেওঁ উত্তৰ দিলে "তেন্তে ঈশ্বৰক নিজেই চহৰখন ল’বলৈ দিয়া।"৫১৫ আন এটা স্থানীয় কিংবদন্তি অনুসৰি তুৰ্কী সোণ স্মোট্ৰিচ নদীত পুতি থোৱা আছে আৰু কামিয়ানেট্স-পোডিলস্কি দুৰ্গৰ পৰা খোটিন দুৰ্গলৈ এটা 20 কি.মি. দীঘল সুৰংগ গৈছে।১৫

১৬৭২ চনৰ অটোমান ঘেৰাওৰ ঘটনাসমূহ ১৮৮৮ চনত পোলিশ নোবেল বঁটা বিজয়ী হেনৰিক চিয়েংকিভিচে লিখা ঐতিহাসিক উপন্যাস "ফায়াৰ ইন দি ষ্টেপ"ত চিত্ৰিত কৰা হৈছিল।১৫ মলদোভাৰ ভিতৰত থকা এক আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃতিহীন প্ৰজাতন্ত্ৰ ট্ৰান্সনিষ্ট্ৰিয়াৰ ট্ৰান্সনিষ্ট্ৰিয়ান ৰিপাব্লিকান বেংকে জাৰী কৰা "দ্নিষ্টাৰ নদীৰ পাৰৰ প্ৰাচীন দুৰ্গসমূহ" শৃংখলাৰ এটা স্মাৰক মুদ্ৰাত এই দুৰ্গটো স্থান পাইছে।৩৪৩৫৩৬ একেদৰে ইউক্ৰেইনৰ নেচনেল বেংকেও ২০১৭ চনত পুৰণি দুৰ্গটোৰ ৫ আৰু ১০ ইউক্ৰেনীয় হ্ৰিভনিয়াৰ স্মাৰক মুদ্ৰা মুকলি কৰিছে।৩৭৩৮

তথ্যসূত্ৰ

গ্ৰন্থপঞ্জী

  • Bochenek, Ryszard Henryk. (1980). 1000 słów o fortyfikacjach i broni oblężniczej. Wydawn. Ministerstwa Obrony Narodowej. ISBN 83-11-06507-1
  • Chrzanowski, Tadeusz. (1993). Sztuka Korony Polskiej w okresie nowożytnym (1588-1795). Księgarnia Akademicka. ISBN 83-85-24592-2
  • Ivchenko, Andriy; Parkhomenko, O. (2010). Ukrayina. Fortetsi, zamky, palatsy. Kartohrafiya. ISBN 978-966-475-799-4
  • Orłowicz, Mieczysław. (1919). Ilustrowany przewodnik po Galicyi, Bukowinie, Spiszu, Orawie i Śląsku Cieszynskim. Książnica Polska
  • Rudnev, V. (1895). Kamenets-Podolskiy (Istoricheskiy ocherk). Tipografiya Podolskago Gubernskago Pravleniya

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kam'ianets-Podilskyi historical. kampod.name
  2. ↑ Bochenek 1980, পৃ. 93
  3. ↑ Welcome to Ukraine: About Kamianets-Podilskyi MIBS Travel
  4. ↑ A trip to historic Kamianets-Podilskyi: crossroads of many cultures, Roman Woronowycz, Kyiv Press Bureau
  5. ↑ Budzey 2005, পৃ. 90
  6. ↑ Solop, Viktor. (December 11, 2009). Fortress or castle?. Podilianyn. পৃ. 7
  7. ↑ Zharikov 1983–1986, পৃ. 182
  8. ↑ Great Ukrainian Castles. UAProperty.com
  9. ↑ The fortress in Kamenets. Vinnytsia Oblast Universal Academic Library
  10. ↑ Cultural Landscape of Canyon in Kamenets-Podilsk. UNESCO World Heritage Centre
  11. ↑ National Historical-architectural Complex "Kamianets". Seven Wonders of Ukraine
  12. ↑ Budzey 2005, পৃ. 89
  13. ↑ Evans 2010, পৃ. 176
  14. ↑ Rudnev 1895, পৃ. 146–7
  15. ↑ Kamianiec' Old Fortress. castles.com.ua
  16. ↑ Pyaterikov, Sergey. uk:СТАРАЯ КРЕПОСТЬ НА СМОТРИЧЕ. ZN.ua. পৃ. № 24 (399)
  17. ↑ Ivchenko Parkhomenko 2010, পৃ. 262–3
  18. ↑ L. Bazhenov; V. Solovey. Excerpt. National Environmental Park "Podilski Tovtry"
  19. ↑ Chrzanowski 1993, পৃ. 396
  20. ↑ Orłowicz 1919, পৃ. 158
  21. ↑ Karmeliuk Ustym Yakymovych (1787 -1835). Greatest Ukrainians
  22. ↑ On the 10th of March, Ustym Karmeliuk (1787-1835) was born, Ukrainian "Robin Hood," national hero, who fought against nationalist and social oppression. Ukrinform Photo
  23. ↑ Bazhenova, S. (1982). আৰ্কাইভ কপি. Radianske Podillia
  24. ↑ Humeniuk Meschyny 1968
  25. ↑ History of the reserve NIAZ "Kam'ianets". National Historical-Architectural Complex Kam'ianets
  26. ↑ (21 March 2004)
  27. ↑ UNIAN. (1 August 2011). Collapse in the Kamianets-Podilskyi Fortress: Mayors office does not deny tower was damaged during reconstruction. Korrespondent
  28. ↑ Kamianets-Podilskyi castle. Snap.com.ua
  29. ↑ Old castle. www.kam-pod.info
  30. ↑ Mudretsov, O. (2009). Kamianets-Podilsky Old Castle. www.kam-pod.info
  31. ↑ Tepletskyi, A. Underground constructions of the fortress. National Environmental Park "Podilski Tovtry"
  32. ↑ One Hundred Most Endangered Sites 2000. World Monuments Watch. World Monuments Fund
  33. ↑ (2008). Museums. Kamianets-Podilskyi Tourist Informational Site
  34. ↑ (June 7, 2007). In Transnistria a new commemorative coin is produced. Regnum. regnum.ru
  35. ↑ Ancient fortresses on the river Dniester. Trans-Dniester Republican Bank
  36. ↑ (June 20, 2011). Trans-Dniester profile. BBC News
  37. ↑ Монета Старий замок у м. Кам`янці-Подільському 5 грн.. Ua-Coins.info
  38. ↑ (2017-05-12). uk:НБУ вводить в обіг пам’ятні монети, присвячені легендарній Кам`янець-Подільській фортеці. Незалежний громадський портал

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইনৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামিয়ানেটছ-পডিলস্কি দুৰ্গ” প্ৰবন্ধৰ সংশোধন ৬৩৩৪৪৩ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।