অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

কাহৱা

কাহৱা (:Kahwah, কহৱা, কেহৱা বা কাহৱা বুলিও অনুবাদ কৰা হয়) হৈছে কাশ্মীৰ (ভাৰত), পাকিস্তান, আফগানিস্তান,,ইৰাণ, আৰু মধ্য এছিয়াৰ কিছুমান অঞ্চলত ব্যাপকভাৱে খোৱা সেউজীয়া চাহ (Camellia sinensis)ৰ পৰম্পৰাগত প্ৰস্তুতি।

হালনাগাদ: ৩ এপ্ৰিল ২০২৫ ৩৮৪ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

কাহৱা (:Kahwah, কহৱা, কেহৱা বা কাহৱা বুলিও অনুবাদ কৰা হয়) হৈছে কাশ্মীৰ (ভাৰত), পাকিস্তান, আফগানিস্তান,,ইৰাণ, আৰু মধ্য এছিয়াৰ কিছুমান অঞ্চলত ব্যাপকভাৱে খোৱা সেউজীয়া চাহ (Camellia sinensis)ৰ পৰম্পৰাগত প্ৰস্তুতি।

প্ৰস্তুতি

সাধাৰণ সেউজীয়া চাহৰ ঠাইত তুলসীৰে বনোৱা কাহৱা একাপ
সাধাৰণ সেউজীয়া চাহৰ ঠাইত তুলসীৰে বনোৱা কাহৱা একাপছবি: Miansari66 · Public domain

সেউজীয়া চাহপাত উতলাই স্থানীয় কেশৰ, দালচেনি, ইলাচি আৰু মাজে মাজে কাশ্মীৰী গোলাপৰ সৈতে কাশ্মীৰী কহৱা তৈয়াৰ কৰা হয়। ইয়াক সাধাৰণতে চেনি বা মৌ মিহলাই আৰু থেতেলিয়াই লোৱা বাদাম, সাধাৰণতে আলমণ্ড বা আখৰোটৰ সৈতে পৰিবেশন কৰা হয়। কিছুমান কাহৱা কেৱল বনৌষধিৰ পাতৰ নিৰ্যাস হিচাপে তৈয়াৰ কৰা হয়—সেউজীয়া চাহৰ পাত ব্য়ৱহাৰ নকৰাকৈ।

পৰম্পৰাগতভাৱে সামোভাৰ নামেৰে জনাজাত তামৰ কেটলিত কাহৱা প্ৰস্তুত কৰা হয়। সামোভাৰৰ উৎপত্তি স্থল হ"ল ৰাছিয়া। সামোভাৰৰ ভিতৰত কেন্দ্ৰীয় গহ্বৰ হিচাপে থকা বহল ঠাইত জুইৰ পাত্ৰ এটা থাকে, য’ত চাহ গৰম কৰি ৰাখিবলৈ অনবৰত জ্বলি থকা জীয়া কয়লা ৰখা হয়। জুইৰ পাত্ৰটোৰ চাৰিওফালে পানী উতলিবলৈ ঠাই থাকে আৰু কহৱা তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় চাহপাত আৰু অন্যান্য সামগ্ৰী পানীৰ লগত মিহলি কৰা হয়। কাহৱা সাধাৰণ পাত্ৰ আৰু কেটলিতো বনাব পাৰি, কিয়নো আধুনিক যুগৰ নগৰীয়া জীৱনত সদায় বহল সামোভাৰ ব্যৱহাৰৰ অনুমতি সকলোসময়তে সম্ভৱ নাহ’বও পাৰে। কেতিয়াবা কাহৱাত গাখীৰ যোগ কৰা হয় যদিও সাধাৰণতে বৃদ্ধ বা ৰোগীক এই গাখীৰ দিয়া হয়। গাখীৰ যোগ কৰা বা নকৰাতো ব্যক্তিবিশেষৰ ৰুচিৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে গাখীৰ নোহোৱাকৈ কাহৱা খোৱা হয়।

ইতিহাস

ইয়াৰ সঠিক উৎপত্তি স্পষ্ট নহ’লেও কাশ্মীৰ কেন্দ্ৰীয় বিন্দু হিচাপে পৰিগণিত হোৱা স্পাইচ ৰুটৰ জৰিয়তে কাহৱা চাহপাত কাশ্মীৰলৈ অহা বুলি কোৱা হয়। বহুতে বিশ্বাস কৰে যে ইয়াৰ উৎপত্তি খ্ৰীষ্টীয় প্ৰথম আৰু দ্বিতীয় শতিকাত কুশন সাম্ৰাজ্যৰ সময়ত হৈছিল।১ কাশ্মীৰী ভাষাত কাহৱা শব্দৰ অৰ্থ হ'ল "মিঠা কৰা চাহ", যদিও এই শব্দটো কফিৰ বাবে তুৰ্কী শব্দ (কাহভে)ৰ সৈতেও জড়িত যেন লাগে যিটো পাছলৈ আৰবী শব্দ "কাহৱা"ৰ পৰা উদ্ভৱ হ'ব পাৰে।

পৰম্পৰাগতভাৱে কাশ্মীৰীসকলে কহৱাক সদায় মোগল চাই বুলি উল্লেখ কৰি আহিছে। অৰ্থাৎ এই চাহ তেতিয়াৰ উপত্যকাত মোগল সম্ৰাটসকলে প্ৰৱৰ্তন কৰিছিল। ঐতিহাসিকভাৱে সমগ্ৰ কাশ্মীৰ, আফগানিস্তান, মধ্য এছিয়া, ইৰাণ আৰু মধ্যপ্ৰাচ্যত কাহৱা পানীয় হিচাপে জনপ্ৰিয় হৈ আহিছে। আজিও এই অঞ্চলসমূহত এই পছন্দৰ পানীয়ৰ জনপ্ৰিয়তা হ্ৰাস হোৱা নাই।২

আধুনিক ব্যৱহাৰ আৰু জনপ্ৰিয়তা

আজিকালিও এই ঐতিহাসিকভাৱে জনপ্ৰিয় পানীয় সাধাৰণতে অতিথি সৎকাৰৰ সময়ত বা উৎসৱ আদি উদযাপনৰ ৰাতিৰ আহাৰ গ্ৰহণৰ অংশ হিচাপে পৰিবেশন কৰা হয় আৰু কাশ্মীৰৰ বিশেষ দৰ্শনাৰ্থীৰ বাবে কাহৱাত কেশৰ (কং) যোগ কৰা হয়। ইয়াক প্ৰায়ে সৰু সৰু চুটি কাপত পৰিবেশন কৰা হয়। কাশ্মীৰৰ কেহৱাও সাধাৰণতে ৱাজৱান আৰু বিহৎ পাৰিবাৰিক ভোজ আদিত ৰাতিৰ আহাৰ গ্ৰহণৰ পিছত পৰিবেশন কৰা হয়। গ্ৰীণ টি পাত ওচৰৰ কাংগ্ৰা অঞ্চলৰ পৰা অনা হয়, যি ঐতিহাসিকভাৱে কাশ্মীৰ, আফগানিস্তান আৰু মধ্য এছিয়াৰ বিভিন্ন অংশলৈ গ্ৰীণ টি ৰপ্তানি কৰাৰ বাবে পৰিচিত।৩

তথ্যসূত্ৰ

  1. ↑ Saberi, Helen. (2010-10-15). Tea: A Global History. Reaktion Books. ISBN 9781861898920
  2. ↑ (2015-12-08). The Spicy, Aromatic Kashmiri Kahwa Can Soothe Your Winter Blues. The Quint
  3. ↑ Ahuja, P. S.; Gulati, A.; Singh, R. D. (2013-01-01). Science of Tea Technology. Scientific Publishers. পৃ. 12. ISBN 9789387741089

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাহৱা” প্ৰবন্ধৰ সংশোধন ৫০১৬৯৫ (৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।