


কান্নুৰ সমুদ্ৰ তীৰ:Kannur Beach হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ চহৰৰ পশ্চিম দিশত অৱস্থিত পাঁচখন সমুদ্ৰ তীৰৰ এক সমষ্টি। এই সমুদ্ৰ তীৰসমূহ হৈছে—
- পাইয়াম্বলম সমুদ্ৰ তীৰ
- মীনকুন্নু সমুদ্ৰ তীৰ
- আডিকাডালায়ি সমুদ্ৰ তীৰ
- বেবী সমুদ্ৰ তীৰ
- থায়্যিল সমুদ্ৰ তীৰ।
অৱলোকন
কান্নুৰ সমুদ্ৰ তীৰৰ অন্যতম আকৰ্ষণ হৈছে ভাস্কৰ কানায়ি কুঞ্জিৰামনৰ সৃষ্টি “অম্মা (থাই)” শীৰ্ষক ভাস্কৰ্য।১ উদ্যানখনৰ এটা অংশ বিশেষভাৱে শিশুসকলৰ বাবে সংৰক্ষিত। এই স্থানত বহুতো চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত পৰিচালক মণিৰত্নমৰ জনপ্ৰিয় চলচ্চিত্ৰ আলাই পাইউথেইও (Alai Payuthey) অন্যতম। ২ ইয়াৰ উপৰিও সংগীতশিল্পী এ. আৰ. ৰহমানক কেন্দ্ৰ কৰি নিৰ্মিত ৱৰ্ল্ডস্পেছ (WorldSpace)-ৰ এটা বিজ্ঞাপনো ইয়াত দৃশ্যগ্ৰহণ কৰা হৈছিল।
বিশিষ্ট ব্যক্তিসকলৰ সমাধিস্থল
কান্নুৰ সমুদ্ৰ তীৰ অঞ্চল খন কেৰালাৰ বহু বিশিষ্ট সমাজনেতাৰ সমাধিস্থলৰ বাবেও সুপৰিচিত।এইখন তীৰৰ ওচৰত কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ই. কে. নায়নাৰ,৩ সাংবাদিক আৰু স্বাধীনতা সংগ্ৰামী স্বদেশাভিমানী ৰামকৃষ্ণ পিল্লাই, বিশিষ্ট ৰাজনীতিবিদ এ. কে. গোপালন, পাম্বান মাধৱন, সাহিত্যিক সুকুমাৰ আজিকোডে আৰু শিল্পসমালোচক কে. জি. মাৰাৰৰ সমাধি অৱস্থিত।১
মুঝাপ্পিলাঙ্গাড ড্ৰাইভ-ইন সমুদ্ৰ তীৰ
মুঝাপ্পিলাঙ্গাড সমুদ্ৰ তীৰ কঠিন বালিময় পৃষ্ঠৰে গঠিত।সেই বাবে এই সমুদ্ৰ তীৰ গাড়ী চলোৱাৰ বাবে বিশেষভাৱে জনপ্ৰিয়। ইয়াত প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক অবিচ্ছিন্ন সমুদ্ৰ তীৰ পথ আছে, য’ত গাড়ী আৰু মটৰচাইকেল সহজে চলাব পাৰি। এই সমুদ্ৰ তীৰ থালাচেৰীলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত। মুঝাপ্পিলাঙ্গাড সমুদ্ৰ তীৰ ভাৰতৰ দীঘলতম বাহন চলাব পৰা তীৰ বাবে ই ড্ৰাইভ-ইন সমুদ্ৰ তীৰ হিচাপে পৰিচিত।
থোট্টাডা সমুদ্ৰ তীৰ
থোট্টাডা সমুদ্ৰ তীৰ কান্নুৰ চহৰৰ পৰা প্ৰায় ২ কিলোমিটাৰ দক্ষিণে অৱস্থিত এক মনোৰম সমুদ্ৰ তীৰ। প্ৰায় ৮০০ মিটাৰ দীঘল এই তীৰত বহু পৰ্যটকে সূৰ্যস্নান কৰিবলৈ আহে। থোট্টাডা নদী এই সমুদ্ৰ তীৰত আহি আৰব সাগৰত মিলিত হৈছে, যাৰ ফলত এই স্থানৰ প্ৰাকৃতিক সৌন্দৰ্য অধিক মনোমোহা হৈ উঠিছে।
মীনকুন্নু সমুদ্ৰ তীৰ
মীনকুন্নু সমুদ্ৰ তীৰ আজিক্কোডলৈ যোৱা পথত অৱস্থিত। এই সমুদ্ৰ তীৰ খন ছবিৰ পোষ্টকাৰ্ডৰ দৰে মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিশেষকৈ ইউৰোপীয় পৰ্যটকসকলৰ মাজত জনপ্ৰিয়। যদিও এই সমুদ্ৰ তীৰ পৰ্যটকৰ বাবে বিশেষ সুবিধা উপলব্ধ তীৰ নহয়, তথাপিও ইয়াৰ নৈসৰ্গিক সৌন্দৰ্যই আলোকচিত্ৰপ্ৰেমী পৰ্যটকসকলক বিশেষভাৱে আকৰ্ষণ কৰে। সেইবাবে এই সমুদ্ৰ তীৰ খন ফটোগ্ৰাফী ভালপোৱা পৰ্যটকসকলৰ এক প্ৰিয় গন্তব্যস্থান।
চেন্ট এঞ্জেলো দুৰ্গ
ছেইণ্ট এঞ্জেলো দুৰ্গ, যাক কান্নুৰ দুৰ্গ বুলিও কোৱা হয়, কান্নুৰ চহৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দক্ষিণে অৱস্থিত। এই দুৰ্গটো ১৫০৫ চনত পৰ্তুগীজসকলে নিৰ্মাণ কৰিছিল। ১৬৬৩ চনত ডাচসকলে দুৰ্গটো দখল কৰি ইয়াক সংস্কাৰ আৰু আধুনিকীকৰণ কৰে। ২০১৫ চনত, খনন কাৰ্য চলোৱাৰ সময়ত এই দুৰ্গৰ ভিতৰৰ পৰা হাজাৰ হাজাৰ পৰিত্যক্ত কামানৰ গোলা উদ্ধাৰ কৰা হৈছিল।
মাপ্পিলা উপসাগৰ
মাপ্পিলা উপসাগৰৰ ওচৰতে মাপ্পিলা উপসাগৰ বন্দৰ আৰু আৰাক্কাল সংগ্ৰহালয় অৱস্থিত। এই অঞ্চলত বহুতো সুন্দৰ আৰু ঐতিহাসিক মছজিদ আছে, যিবোৰ ইয়াৰ সাংস্কৃতিক আৰু স্থাপত্যিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংশ।
তথ্যসূত্ৰ
- ↑ kannurtourism.com. Payyambalam Beach
- ↑ A Movie Watchdog. Alaipayuthey
- ↑ KRISHNAKUMAR, R. (June 2004). OBITUARY:The people's leader. Frontline
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কান্নুৰ সমুদ্ৰ তীৰ” প্ৰবন্ধৰ সংশোধন ৬২২১৫৯ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।