বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পতিতাবৃত্তি
পতিতাবৃত্তি বা বেশ্যাবৃত্তি ( Prostitution) হৈছে ধনৰ বিনিময়ত যৌন কাৰ্যকলাপত লিপ্ত হোৱাৰ ব্যৱসায় বা কৰ্ম। "যৌন কাৰ্যকলাপ"ৰ সংজ্ঞা প্ৰতিটো ক্ষেত্ৰতে একে নহয়, আৰু প্ৰায়ে গ্ৰাহকৰ সৈতে প্ৰয়োজন হোৱা শাৰীৰিক সম্পৰ্ক (যেনে যৌন সম্ভোগ, অ-অনুপ্ৰবেশ যৌনক্ৰিয়া, মুখমৈথুন আদি) হিচাপে সংজ্ঞায়িত কৰা হয়।
-
বসন্ত ঋতু
বসন্ত ঋতু (Spring) ছয় ঋতুৰ শেষ ঋতু। ফাগুন মাহৰ শেষ ভাগৰ পৰা আৰম্ভ হৈ সম্পূৰ্ণ চ'ত আৰু ব'হাগ মাহৰ প্ৰায় শেষলৈকে বসন্ত কাল অনুভূত হয়। গ্ৰীষ্ম মণ্ডলটো সূৰ্যৰ সমুখলৈ ঢাল খোৱা বাবে গ্ৰীষ্মমণ্ডলৰ ঠাই সমূহত এই সময়ত উত্তাপ লাহে লাহে বৃদ্ধি হয় আৰু দুই এজাক পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হয়।
-
আহিন
আহিন অসমীয়া বৰ্ষপঞ্জীৰ ষষ্ঠ মাহ। অশ্বিনী নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম আশ্বিন বা আহিন হৈছে। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। আহিন মাহত ৩০ দিন থাকে। আহিন মাহত শৰৎ ঋতুৰ সমাপ্তি হৈ হেমন্ত ঋতুৰ আৰম্ভ হয়।
-
উত্তৰ-পূব সীমান্ত ৰে’লৱে
উত্তৰ-পূব সীমান্ত ৰে’লৱে’ (Northeast frontier Railway) হ’ল ৰে’লৱে’ ভাৰতীয় ৰেলৰ ষোলটা ৰেল মণ্ডলৰ (zone) আটাইতকৈ সৰু ৰেল মণ্ডল; অথচ ই আটাইতকৈ বেছি ৰাজ্যক সামৰি লৈছে।
-
জানুৱাৰী
জানুৱাৰী জুলিয়ান তথা গ্ৰেগৰিয়ান পঞ্জিকাৰ প্ৰথম মাহ। ই ৩১ দিন থকা ৭টা মাহৰ অন্যতম। ১ জানুৱাৰী এই মাহৰ প্ৰথম দিন, আৰু এই দিনক নিউ য়েৰ্ছ দে '(নববৰ্ষৰ দিন) বোলা হয়।
-
ফেব্ৰুৱাৰী
ফেব্ৰুৱাৰী হৈছে গ্ৰেগ'ৰিয়ান আৰু জুলিয়ান পঞ্জিকা অনুসৰি বছৰৰ দ্বিতীয় মাহ। ই ইংৰাজী বছৰৰ সকলোতকৈ চুটি মাহ আৰু একমাত্ৰ মাহ যাৰ দিনৰ সংখ্যা ত্ৰিশতকৈ কম। অধিবৰ্ষত এই মাহত মুঠ ২৯ দিন আৰু অন্যান্য বছৰত ২৮ দিন থাকে।
-
স্বাভাৱিক সংখ্যা
স্বাভাৱিক সংখ্যা (Natural Number) মানুহে প্ৰতিদিনৰ গণনা সংক্ৰান্তিয় কাম কাজ কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰক বুজায়। এই সংখ্যা হৈছে মানুহে ব্যৱহাৰ কৰা সবাতোকৈ আদিম সংখ্যা পদ্ধতিবোৰৰ এটা। গণিতত প্ৰাকৃতিক সংখ্যাবোৰ হ'ল ১, ২, ৩ ইত্যাদি।
-
পুৰুষ
পুৰুষ হৈছে এজন প্ৰাপ্তবয়স্ক পুং মানৱ। প্ৰাপ্তবয়স্ক হোৱাৰ আগতে, পুৰুষক ল'ৰা (পুং শিশু বা কিশোৰ) বুলি কোৱা হয়। বেছিভাগ পুৰুষ স্তন্যপায়ী প্ৰাণীৰ দৰে, এজন পুৰুষৰ জিন'মে সাধাৰণতে মাতৃৰ পৰা এক্স ক্ৰম'জম আৰু দেউতাকৰ পৰা ৱাই ক্ৰম'জম প্ৰাপ্ত কৰে।
-
বাঙালী হিন্দু
বাঙালী হিন্দু (বাঙ্গালী হিন্দু/বাঙালি হিন্দু) এটি জাতিগত আৰু ধাৰ্মিক গোট যি বৰ্তমানে পশ্চিম বংগ, ত্ৰিপুৰা, আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ, ঝাৰখণ্ড আৰু অসমৰ বৰাক উপত্যকাত সংখ্যাগৰিষ্ঠতাত আছে। বাংলাদেশত ই সৰ্ববৃহৎ সংখ্যালঘু গোট। বাঙালীসকলৰ এই গোটে হিন্দু ধৰ্মত বিশ্বাস কৰে।
-
স্বৰ্গ
স্বৰ্গলোক বা দেৱলোক হৈছে এক স্থান যʼত দেৱ-দেৱীসকলে বাস কৰে বুলি বিভিন্ন ধৰ্মৰ লোকসকলে বিশ্বাস কৰে আহিছে। মৃত্যুৰ পিছত জীয়াই থকা সময়ছোৱাত পুণ্য অৰ্জন কৰা মনুষ্যই স্বৰ্গত স্থান লাভ কৰে বুলি মতবাদ প্ৰচলিত হৈ আহিছে।
-
আঘোণ
আঘোণ মাহ অসমীয়া বৰ্ষপঞ্জীৰ অষ্টম মাহ। এই মাহৰ আন এটি নাম হৈছে মাৰ্গশীৰ্ষ। মৃগশিৰা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম 'মাৰ্গশীৰ্ষ' হৈছে। এই সময়ত খেতি পথাৰ বোৰ পকা ধানেৰে শোভিত হৈ পৰে। অসমীয়া পৰম্পৰা অনুসৰি সেয়ে এই মাহ ধান চপোৱাৰ সময়।
-
জ্যামিতি
জ্যামিত'γεωμετρία; geo- "earth", -metria "measurement") গণিতশাস্ত্ৰৰ অন্তৰ্ভুক্ত এটা শাখা। এই বিষয়ত আকৃতিৰ বিষয়ে অধ্যয়ন কৰা হয়। জ্যামিতিক স্থান বা জগতৰ (space) বিজ্ঞান হিচাপে গণ্য কৰা যায়।
-
হাৰমনিয়াম
ভাৰতীয় হাৰমনিয়াম,হাতৰ হাৰমনিয়াম,সংবাদিনী, পেটী ("বাকচ"), বা ৱাজা, প্ৰায়ে কেৱল হাৰমনিয়াম বুলি কোৱা হয়, এটা সৰু আৰু সুবিধাজনক হাতেৰে পাম্প কৰা ৰীড অৰ্গান যি ভাৰতীয় উপমহাদেশত অতি জনপ্ৰিয়। ইয়াৰ ধ্বনি একৰ্ডিয়ন বা অন্য বেল’ছ চালিত ফ্ৰী-ৰীড এৰোফোনৰ দৰে।
-
টিপু চুলতান
টিপু চুলতান কৰ্ণাটকৰ এসময়ৰ স্বাধীনচিতীয়া ৰাজ্য মহীশূৰ ৰাজ্য শাসনকৰ্তা আছিল। বিট্ৰিছ শক্তিয়ে টিপুক বশ্যতা স্বীকাৰ কৰাব নোৱাৰি ১৭৭৬ চনত মহীশূৰত এক চুক্তি স্বাক্ষৰ কৰে। সেই চুক্তি মৰ্মে দুই পক্ষ পৰস্পৰ অধিকৃত অঞ্চলসমূহ প্ৰত্যৰ্পণ কৰে। সেই বছৰটোতে টিপুয়ে চুলতান উপাধি গ্ৰহণ কৰে।
-
ত্ৰিভুজ
সমতলীয় জ্যামিতিৰ ভাষাত তিনিটা বাহু বিশিষ্ট সীমাবদ্ধ ক্ষেত্ৰকে ত্ৰিভুজ বোলা হয়। দ্বি-মাত্ৰিক অংকত ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি ১৮০° বা দুই সমকোণ। এটা সময়ত কেৱল ইউক্লিডীয় জ্যামিতিতেই ত্ৰিভুজৰ বিষয়ে আলোচনা কৰা হৈছিল।
-
প্ৰকৃতি
ব্যাপক অৰ্থত প্ৰকৃতি (Nature) বুলিলে প্ৰাকৃতিক, ভৌতিক বা বস্তুতাত্বিক পৃথিৱী বা বিশ্বব্ৰহ্মাণ্ডক বুজায়। "প্ৰকৃতি" শব্দই ভৌতিক পৃথিৱীত ঘটি থকা পৰিঘটনাবোৰ, লগতে জীৱনক নিৰ্দেশ কৰে। প্ৰকৃতিৰ অধ্যয়ন বিজ্ঞানৰ এটা বৃহৎ অধ্যায়।
-
মোক্ষ
মোক্ষ (मोक्ष; ), বিমোক্ষ, বিমুক্তি বা মুক্তি হিন্দুধৰ্ম, বৌদ্ধধৰ্ম, জৈনধৰ্ম আৰু শিখধৰ্মত বহুলভাৱে ব্যৱহৃত এক আধ্যাত্মিক ধাৰণা, যি মূলতঃ মুক্তি বা বন্ধনৰ পৰা উন্মুক্ততা বুজায়।
-
ইণ্ডিয়ান ছুপাৰ লীগ
ইণ্ডিয়ান ছুপাৰ লীগ (Indian Super League) হৈছে ভাৰতবৰ্ষৰ এখন সৰ্বোচ্চ পেছাদাৰী ফুটবল লীগ। স্পনচ'ৰশ্বিপ সম্বন্ধীয় কাৰণৰ বাবে ইয়াক Hero Indian Super League হিচাপেও জনা যায়।
-
উৰাজাহাজ
উৰাজাহাজ (aeroplane বা airplane) বা বিমান বায়ুতকৈ গধুৰ কিন্তু উৰিব পৰা এক প্ৰকাৰৰ আকাশীযান। যাত্ৰী আৰু সামগ্ৰী পৰিবহণ তথা যুদ্ধক্ষেত্ৰত উৰাজাহাজ ব্যৱহাৰ কৰা হয়। “উৰ” বা “উৰিব পৰা” আৰু “জাহাজ” শব্দ দুটাৰ সংমিশ্ৰণৰ দ্বাৰা “উৰাজাহাজ” শব্দটো উদ্ভৱ হৈছে।
-
অখণ্ড সংখ্যা
অখণ্ড সংখ্যাৰ আবিষ্কাৰক→SOHAM MONDAL যিণ্ডবোৰ সংখ্যাৰ কোনো ভগ্নাংশ নাথাকে সেইবোৰক "অখণ্ড সংখ্যা" বোলা হয়। যেনে:- ১, -৭, ১৪ ইত্যাদি। ৯.৭৫,, আদি অখণ্ড সংখ্যা নহয়। অখণ্ড সংখ্যাৰ সংখ্যা অসীম।
-
পৰ্ণগ্ৰাফি
পৰ্ণগ্ৰাফি (Pornography; সংক্ষেপে "পৰ্ণ"; Porn) যৌন আবেগ সৃষ্টিৰ উদ্দেশ্যে যৌনসংক্ৰান্ত বিষয়বস্তুৰ প্ৰতিকৃতি অঙ্কন বা পুঙ্খানুপুঙ্খ বৰ্ণনা। পৰ্ণগ্ৰাফি শব্দটি গ্ৰীক শব্দ "পৰনোগ্ৰাফিয়া"ৰ পৰা আহিছে।
-
লোকাচাৰ
লোকাচাৰ (Ritual) হৈছে অনুমান, শব্দ, কাৰ্য্য অথবা পূজনীয় বস্তুৰ সৈতে জড়িত কিছুমান কাৰ্য্যকলাপৰ শৃংখল। ধৰ্মীয় সম্প্ৰদায়কে ধৰি কোনো সম্প্ৰদায়ৰ পৰম্পৰাৰ দ্বাৰা লোকাচাৰ নিৰ্ধাৰণ কৰা হয়।
-
উষ্ণতা
উষ্ণতা হৈছে কোনো বস্তু গৰম নে ঠাণ্ডা তাৰ এক তুলনামূলক জোখ। থাৰ্মমিটাৰৰ সহায়ত ইয়াক জোখা হয়। উষ্ণতা জোখাৰ বহুতো স্কেল আৰু একক আছে। তাৰে ভিতৰত চেলচিয়াছ(পোনপ্ৰথমে চেণ্টিগ্ৰেড হিচাপে জনা গৈছিল), ফাৰেণহাইট, আৰু বৈজ্ঞানিক কাম কাজত ব্যৱহৃত কেলভিন অন্যতম।
-
এপ্ৰিল
এপ্ৰিল গ্ৰেগৰীয় কেলেণ্ডাৰ অনুসৰি বছৰৰ চতুৰ্থ মাহ। এই মাহত মুঠ ৩০ দিন থাকে। এপ্ৰিল মাহটো সাধাৰণতে উত্তৰ গোলাৰ্ধত বসন্ত ঋতু, আৰু দক্ষিণ গোলাৰ্ধত শৰৎ ঋতুৰ সৈতে জড়িত৷
-
কাগজ
কাগজ হৈছে কাঠ, বাহ, ঘাঁহ বা অন্য উদ্ভিদৰ ছেলুল'জ আঁহৰ পৰা যান্ত্ৰিকভাবে বা ৰাসায়নিকভাবে প্ৰস্তুত কৰা অতি পাতল চেপেটা পাত। উদ্ভিদৰ আঁহ জাতীয় উপাদানৰ পৰা মণ্ড তৈয়াৰ কৰা হয় আৰু এই মণ্ড যন্ত্ৰৰ সহায়ত চাপ দি পাতল প্ৰলেপ কৰি শুকুৱাই কাগজ প্ৰস্তুত কৰা হয়।
-
দেব (অভিনেতা)
দীপক অধিকাৰী নামেৰেও পৰিচিত দেব এজন জনপ্ৰিয় ভাৰতীয় বাংলা চলচ্চিত্ৰ অভিনেতা। বহুমুখী অভিনয় দক্ষতা, মনোমোহা ব্যক্তিত্ব, আৰু আকৰ্ষণীয় নৃত্যৰ খোজৰ বাবে তেওঁ সুপৰিচিত।
-
বৃত্ত
ইউক্লিডীয় জ্যামিতিত, এটা স্থিৰ বিন্দুৰপৰা(কেন্দ্ৰ) এক নিৰ্দিষ্ট দূৰত্বত (ব্যাসাৰ্ধ) একেই সমতলত অৱস্থিত বিন্দুবোৰৰ গতিপথকে (ল'কাচ) বৃত্ত (Circle) বোলা হয়। বৃত্তৰ ওপৰত অৱস্থিত যিকোনো দুটি বিন্দুৰ সংযোগকাৰী সৰলৰেখাংশকে জ্যা বোলা হয়। বৃত্তৰ কেন্দ্ৰগামী যিকোনো জ্যাকে তাৰ ব্যাস বোলা হয়।
-
ভাৰতৰ মুখ্য ন্যায়াধীশ
ভাৰতৰ মুখ্য ন্যায়াধীশ ভাৰতীয় ন্যায় ব্যৱস্থাৰ মুৰব্বী তথা শীৰ্ষ ন্যায় বিষয়া। ভাৰতৰ মুখ্য ন্যায়াধীশ গৰাকী ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য বিচাৰপতি তথা ন্যায় বিষয়ক মুখ্য প্ৰশাসনিক বিষয়া।
-
যৌন সংগম
যৌন সম্পৰ্ক (যৌন সম্ভোগ, যৌন মিলন, সঙ্গম, মৈথুন, ৰতিক্ৰিয়া, ৰতিমিলন, যৌন সংসৰ্গ, যৌন সহবাস, সহবাস, মৈথুন ইত্যাদি) হৈছে এক জৈৱিক প্ৰক্ৰিয়া, যাৰ দ্বাৰা মূলতঃ যৌন আনন্দ বা প্ৰজননৰ বাবে বা উভয় ক্ৰিয়াৰ বাবে এজন পুৰুষৰ থিয় লিংগ এগৰাকী নাৰীৰ যোনী পথত প্ৰৱেশ কৰোৱা আৰু সঞ্চালক কৰাকে বুজায়।
-
কামিং আউট
কামিং আউট (অৰ্থ: ওলাই অহা, ইংৰাজী শব্দ Coming Out ৰ পৰা অহা) হ'ল এটা অৱস্থা য’ত একে লিংগৰ প্ৰতি আকৰ্ষিত সমকামীসকলে নিজৰ বিষয়ে আনৰ আগত ব্যক্ত কৰে। য'ত কোনো এজন সমকামী ব্যক্তিয়ে নিজৰ প্ৰেম তথা যৌন অভিমুখিতাৰ বিষয়ে সমাজৰ আগত খোলাকৈ প্ৰকাশ কৰে।