ভাৰতৰ মুখ্য ন্যায়াধীশ ভাৰতীয় ন্যায় ব্যৱস্থাৰ মুৰব্বী তথা শীৰ্ষ ন্যায় বিষয়া।১ ভাৰতৰ মুখ্য ন্যায়াধীশ গৰাকী ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য বিচাৰপতি তথা ন্যায় বিষয়ক মুখ্য প্ৰশাসনিক বিষয়া। তেওঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে উচ্চতম ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশ সকলক বিচাৰাধীন গোচৰ সমূহ ভগাই দিয়ে। ইয়াৰ লগতে তেওঁ ন্যায় বিষয়ক গুৰুত্বপূৰ্ণ বিষয়ত সাংবিধানিক পীঠৰ গঠন কৰে।২ ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৪৫ৰ মতে আৰু ১৯৬৬ চনৰ উচ্চতম ন্যায়ালয়ৰ নীতিনিৰ্দেশনা অনুসৰি তেওঁ উচ্চতম ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশক গোচৰৰ বিতৰণ কৰে আৰু ন্যায়াধীশ সকলেও প্ৰয়োজন অনুভৱ কৰিলে বিচাৰপীঠৰ সম্প্ৰসাৰণ বা বেলেগ উচ্চ পীঠলৈ স্থানান্তৰ কৰিবলৈ তেওঁৰ কাষ চাপে। প্ৰশাসনিক ফালৰ পৰা তেওঁ ৰষ্টাৰ পদ্ধতি নিৰীক্ষণ কৰে, ন্যায়ালয়ৰ বিষয়া সমূহক নিযুক্তি দিয়ে আৰু উচ্চতম ন্যায়ালয়ৰ সাধাৰণ আৰু বিশেষ বিষয় আৰু ইয়াৰ কাৰ্য প্ৰণালীৰ নিৰীক্ষণ কৰে।
ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ এইছ এছ কানীয়া আছিল। ভাৰতৰ বৰ্তমান ৫১তম মুখ্য ন্যায়াধীশ হৈছে সঞ্জীৱ খান্না
নিযুক্তি
সাধাৰণতে উচ্চতম ন্যায়াধীশৰ সেৱাৰ ফালৰ পৰা আটাইতকৈ জ্যেষ্ঠ ন্যায়াধীশ গৰাকীক মুখ্য ন্যায়াধীশ হিচাপে বাছনি কৰা হয় যদিও এই নিয়ম দুবাৰকৈ ১৯৭৩ আৰু ১৯৭৫ চনত ভংগ কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ সেৱাৰ ফালৰ পৰা জেষ্ঠ্য ন্যায়াধীশেৰে গঠিত কলেজিয়ামে ভাৰত চৰকাৰৰ আইন মন্ত্ৰালয়লৈ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ নাম পঠিয়ায় আৰু আইন মন্ত্ৰালয়ে সেই নাম ৰাষ্ট্ৰপতিলৈ দাখিল কৰে। বৰ্তমান নীতি অনুসৰি আইন মন্ত্ৰালয়ে নাম পুনৰ বিবেচনাৰ বাবে কলেজিয়ামলৈ পঠিয়াব পাৰে যদিও কলেজিয়ামৰ নিৰ্ণয় অন্তিম নিৰ্ণয়। তাৰপিছত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মুখ্য ন্যায়াধীশ গৰাকীক নিযুক্তি প্ৰদান কৰে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক শপত বাক্য পাঠ কৰোৱায়।।।
কাৰ্যকাল আৰু অপসাৰণ
ভাৰতৰ মুখ্য ন্যায়াধীশৰ কোনো নিৰ্ধাৰিত কাৰ্যকাল নাই। তেওঁ নিযুক্তিৰ তাৰিখৰ পৰা ৬৫ বছৰ বয়সলৈকে এই পদত অধিষ্ঠিত থাকিব পাৰে। সংবিধানৰ অনুচ্ছেদ ১২৪(৪)ৰ মতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ অপসাৰণৰ নিয়ম তেওঁৰ ওপৰতো প্ৰযোজ্য। তেওঁক কেৱল ভাৰতৰ সংসদত অপসাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে অপসাৰিত কৰিব পাৰি।
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক তেওঁৰ কাৰ্যকালত পদৰ পৰা অপসাৰিত কৰিব নোৱাৰি যদিও ভাৰতৰ দুয়ো সদনত মুঠ উপস্থিত সাংসদৰ দুই তৃতীয়াংশ সাংসদৰ সংখ্যাগৰিষ্ঠ ভোটেৰে গৃহীত হোৱা তেওঁৰ সংবিধানৰ অৱজ্ঞা তথা অপব্যৱহাৰৰ ওপৰত আধাৰিত একে অধিবেশনতে ৰাষ্ট্ৰপতিক দাখিল কৰা অপসাৰণ প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক পদৰ পৰা অপসাৰণৰ নিৰ্দেশ দিব পাৰে।
— অনুচ্ছেদ ১২৪(৪), ভাৰতৰ সংবিধান
সা-সুবিধাসমূহ
সংবিধানে ভাৰতৰ মুখ্য ন্যায়াধীশে লাভ কৰা সা-সুবিধাসমূহ নিৰ্ণয় কৰা অধিকাৰ ভাৰতীয় সংসদক প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে 'ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল (দৰমহা আৰু অন্যান্য সা-সুবিধাসমূহ) আইন, ১৯৫৮' ৰ দ্বাৰা নিৰ্ধাৰণ কৰা মতে সা-সুবিধাসমূহ লাভ কৰে।৩৪ ষষ্ঠ কেন্দ্ৰীয় বেতন আয়োগৰ পৰামৰ্শ মতে ২০০৬-০৮ চনত তেওঁ লাভ কৰা সুবিধাসমূহ পুনিৰীক্ষণ কৰা হৈছে।৫ বৰ্তমান তেওঁ প্ৰতিমাহে ₹ ২,৮০,০০০ টকা দৰমহা হিচাপে লাভ কৰাৰ লগতে অন্যান্য সা-সুবিধা সমূহ উপভোগ কৰে।
কাৰ্যকৰী ৰাষ্ট্ৰপতি
'ৰাষ্ট্ৰপতি (কাৰ্যৰ পৰা অব্যাহতি) আইন, ১৯৬৯'৬ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ দুয়ো গৰাকীৰ পদখালি হ'লে ভাৰতৰ মুখ্য ন্যায়াধীশে কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। ভাৰতৰ ইতিহাসত এনে ঘটনা কেৱল এবাৰ সংঘটিত হৈছে। ভাৰতৰ ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ কাৰ্যকালত মৃত্যু হোৱাত উপৰাষ্ট্ৰপতি বৰাহগিৰি ভেংকট গিৰিয়ে কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। পিছলৈ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে ভি. ভি. গিৰিয়ে উপৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে আৰু তেতিয়া উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মহম্মদ হিদয়াতুল্লাহয়ে কাৰ্যকৰী ৰাষ্ট্ৰপতিৰ পদভাৰ গ্ৰহণ কৰিছিল। ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ৰ সেৱাৰ ফালৰ পৰা জ্যেষ্ঠ ন্যায়াধীশ গৰাকীয়ে কাৰ্যকৰী মুখ্য ন্যায়াধীশ পদ লাভ কৰে। নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত মহম্মদ হিদয়াতুল্লাহ পুনৰ মুখ্য ন্যায়াধীশৰ পদলৈ ঘূৰি আহে।
কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা মুখ্য ন্যায়াধীশ সকলে ৰাষ্ট্ৰপতিৰ সমূহ ক্ষমতা আৰু সা-সুবিধা লাভ কৰে।
ভাৰতৰ মুখ্য ন্যায়াধীশসকলৰ তালিকা
মূল প্ৰবন্ধ: ভাৰতৰ মুখ্য ন্যায়াধীশসকলৰ তালিকা
| সংখ্যা | প্ৰতিকৃতি | নাম (জন্ম-মৃত্যু) | কাৰ্যকাল | বাৰ | নিয়োগকৰ্তা (ভাৰতৰ ৰাষ্ট্ৰপতি) | |
|---|---|---|---|---|---|---|
| ১ | এইছ. জে. কানীয়া (১৯৮০-১৯৫১) | ২৬ জানুৱাৰী ১৯৫০ | ৬ নৱেম্বৰ ১৯৫১† | বোম্বে উচ্চ ন্যায়ালয় | ৰাজেন্দ্ৰ প্ৰসাদ | |
| ২ | এম. পটঞ্জলী শাস্ত্ৰী (১৮৮৯-১৯৬৩) | ৭ নৱেম্বৰ ১৯৫১ | ৩ জানুৱাৰী ১৯৫৪ | মাদ্ৰাজ উচ্চ ন্যায়ালয় | ||
| ৩ | মেহৰ চান্দ মহাজন (১৮৮৯–১৯৬৭) | ৪ জানুৱাৰী ১৯৫৪ | ২২ ডিচেম্বৰ ১৯৫৪ | পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয় | ||
| ৪ | বিজন কুমাৰ মুখাৰ্জী (১৮৯১-১৯৫৬) | ২৩ ডিচেম্বৰ ১৯৫৪ | ৩১ জানুৱাৰী ১৯৫৬‡ | কলিকতা উচ্চ ন্যায়ালয় | ||
| ৫ | সুধী ৰঞ্জন দাস (১৮৯৪–১৯৭৭) | ১ ফেব্ৰুৱাৰী ১৯৫৬ | ৩০ ছেপ্টেম্বৰ ১৯৫৯ | কলিকতা উচ্চ ন্যায়ালয় | ||
| ৬ | ভুৱেনশ্বৰ প্ৰসাদ সিনহা (১৮৯৯–১৯৮৬) | ১ অক্টোবৰ ১৯৫৯ | ৩১ জানুৱাৰী ১৯৬৪ | পাটনা উচ্চ ন্যায়ালয় | ||
| ৭ | পি. বি. গজেন্দ্ৰগডকৰ (১৯০১-১৯৮১) | ১ ফেব্ৰুৱাৰী ১৯৬৪ | ১৫ মাৰ্চ ১৯৬৬ | বোম্বে উচ্চ ন্যায়ালয় | সৰ্বপল্লী ৰাধাকৃষ্ণণ | |
| ৮ | অজয় কুমাৰ চৰকাৰ (১৯০১-২০০১) | ১৬ মাৰ্চ ১৯৬৬ | ২৯ জুন ১৯৬৬ | কলিকতা উচ্চ ন্যায়ালয় | ||
| ৯ | কোকা শুভ ৰাও (১৯০২-১৯৭৬) | ৩০ জুন ১৯৬৬ | ১১ এপ্ৰিল ১৯৬৭‡ | মাদ্ৰাজ উচ্চ ন্যায়ালয় | ||
| ১০ | কৈলাশ নাথ ৱাংছু (১৯০৩-১৯৮৮) | ১২ এপ্ৰিল ১৯৬৭ | ২৪ ফেব্ৰুৱাৰী ১৯৬৮ | এলাহাবাদ উচ্চ ন্যায়ালয় | ||
| ১১ | মহম্মদ হিদয়াতুল্লাহ (১৯০৫–১৯৯২) | ২৫ ফেব্ৰুৱাৰী ১৯৬৮ | ১৬ ডিচেম্বৰ ১৯৭০ | বোম্বে উচ্চ ন্যায়ালয় | জাকিৰ হুছেইন | |
| ১২ | জয়ন্তীলাল ছোটালাল শ্বাহ (১৯০৬-১৯৯১) | ১৭ ডিচেম্বৰ ১৯৭০ | ২১ জানুৱাৰী ১৯৭১ | বোম্বে উচ্চ ন্যায়ালয় | বৰাহগিৰি ভেংকট গিৰি | |
| ১৩ | সৰ্ব মিত্ৰ চিকৰি (১৯০৮-১৯৯২) | ২২ জানুৱাৰী ১৯৭১ | ২৫ এপ্ৰিল ১৯৭৩ | লাহোৰ উচ্চ ন্যায়ালয় | ||
| ১৪ | এ. এন. ৰায় (১৯১২–২০০৯) | ২৯ এপ্ৰিল ১৯৭৩ | ২৭ জানুৱাৰী ১৯৭৭ | কলিকতা উচ্চ ন্যায়ালয় | ||
| ১৫ | মিৰ্জা হামিদুল্লাহ বেগ (১৯১৩-১৯৮৮) | ২৯ জানুৱাৰী ১৯৭৭ | ২১ ফেব্ৰুৱাৰী ১৯৭৮ | এলাহাবাদ উচ্চ ন্যায়ালয় | ফখৰুদ্দিন আলি আহমেদ | |
| ১৬ | ৱাই. ভি. চন্দ্ৰচুড় (১৯২০-২০০৮) | ২২ ফেব্ৰুৱাৰী ১৯৭৮ | ১১ জুলাই ১৯৮৫ | বোম্বে উচ্চ ন্যায়ালয় | নীলম সঞ্জীৱ ৰেড্ডী | |
| ১৭ | পি. এন. ভাগৱতী (১৯২১-২০১৭) | ১২ জুলাই ১৯৮৫ | ২০ ডিচেম্বৰ ১৯৮৬ | গুজৰাট উচ্চ ন্যায়ালয় | জেইল সিং | |
| ১৮ | ৰঘুনন্দন স্বৰূপ পাঠক (১৯২৪-২০০৭) | ২১ ডিচেম্বৰ ১৯৮৬ | ১৮ জুন ১৯৮৯‡ | এলাহাবাদ উচ্চ ন্যায়ালয় | ||
| ১৯ | এংগালগোপ্পে সীতাৰামাইয়া ভেংকটৰামাইয়া (১৯২৪-১৯৯৭) | ১৯ জুন ১৯৮৯ | ১৭ ডিচেম্বৰ ১৯৮৯ | কৰ্ণাটক উচ্চ ন্যায়ালয় | আৰ ভেঙ্কটৰমন | |
| ২০ | সব্যসাচী মুখাৰ্জী (১৯২৭-১৯৯০) | ১৮ ডিচেম্বৰ ১৯৮৯ | ২৫ ছেপ্টেম্বৰ ১৯৯০† | কলিকতা উচ্চ ন্যায়ালয় | ||
| ২১ | ৰংগনাথ মিশ্ৰ (১৯২৬-২০১২) | ২৬ ছেপ্টেম্বৰ ১৯৯০ | ২৪ নৱেম্বৰ ১৯৯১ | উৰিষ্যা উচ্চ ন্যায়ালয় | ||
| ২২ | কমল নাৰেইন সিং (১৯২৬–) | ২৫ নৱেম্বৰ ১৯৯১ | ১২ ডিচেম্বৰ ১৯৯১ | এলাহাবাদ উচ্চ ন্যায়ালয় | ||
| ২৩ | মধুকৰ হীৰালাল কানীয়া (১৯২৭–২০১৬) | ১৩ ডিচেম্বৰ ১৯৯১ | ১৭ নৱেম্বৰ ১৯৯২ | বোম্বে উচ্চ ন্যায়ালয় | ||
| ২৪ | ললিত মোহন শৰ্মা (১৯২৮-২০০৮) | ১৮ নৱেম্বৰ ১৯৯২ | ১১ ফেব্ৰুৱাৰী ১৯৯৩ | পাটনা উচ্চ ন্যায়ালয় | শঙ্কৰ দয়াল শৰ্মা | |
| ২৫ | এম. এন. ভেংকটছালিয়াহ (১৯২৯–) | ১২ ফেব্ৰুৱাৰী ১৯৯৩ | ২৪ অক্টোবৰ ১৯৯৪ | কৰ্ণাটক উচ্চ ন্যায়ালয় | ||
| ২৬ | আজিজ মোছাব্বেৰ আহমেদি (১৯৩২–) | ২৫ অক্টোবৰ ১৯৯৪ | ২৪ মাৰ্চ ১৯৯৭ | গুজৰাট উচ্চ ন্যায়ালয় | ||
| ২৭ | জে. এছ. বাৰ্মা (১৯৩৩–২০১৩) | ২৫ মাৰ্চ ১৯৯৭ | ১৭ জানুৱাৰী ১৯৯৮ | মধ্য প্ৰদেশ উচ্চ ন্যায়ালয় | ||
| ২৮ | মদন মোহন পুঞ্চি (১৯৩৩-২০১৫) | ১৮ জানুৱাৰী ১৯৯৮ | ৯ অক্টোবৰ ১৯৯৮ | পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয় | কে আৰ নাৰায়ণন | |
| ২৯ | আদৰ্শ চেইন আনন্দ (১৯৩৬-২০১৭) | ১০ অক্টোবৰ ১৯৯৮ | ৩১ অক্টোবৰ ২০০১ | জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয় | ||
| ৩০ | চাম পিৰজ বাৰুছা (১৯৩৭–) | ১ নৱেম্বৰ ২০০১ | ৫ মে' ২০০২ | বোম্বে উচ্চ ন্যায়ালয় | ||
| ৩১ | ভুপিন্দৰ নাথ কিৰপাল (১৯৩৭–) | ৬ মে ২০০২ | ৭ নৱেম্বৰ ২০০২ | দিল্লী উচ্চ ন্যায়ালয় | ||
| ৩২ | গোপাল বল্লভ পটনায়ক (১৯৩৭–) | ৮ নৱেম্বৰ ২০০২ | ১৮ ডিচেম্বৰ ২০০২ | উৰিষ্যা উচ্চ ন্যায়ালয় | এ পি জে আব্দুল কালাম | |
| ৩৩ | ভি. এন. খাৰে (১৯৩৯–) | ১৯ ডিচেম্বৰ ২০০২ | ১ মে' ২০০৪ | এলাহাবাদ উচ্চ ন্যায়ালয় | ||
| ৩৪ | এছ. ৰাজেন্দ্ৰ বাবু (১৯৩৯–) | ২ মে' ২০০৪ | ৩১ মে' ২০০৪ | কৰ্ণাটক উচ্চ ন্যায়ালয় | ||
| ৩৫ | ৰমেশ চন্দ্ৰ লাহতি (১৯৪০–) | ১ জুন ২০০৪ | ৩১ অক্টোবৰ ২০০৫ | মধ্য প্ৰদেশ উচ্চ ন্যায়ালয় | ||
| ৩৬ | যোগেশ কুমাৰ চাৱৰৱাল (১৯৪২-২০১৫) | ১ নৱেম্বৰ ২০০৫ | ১৩ জানুৱাৰী ২০০৭ | দিল্লী উচ্চ ন্যায়ালয় | ||
| ৩৭ | কে. জি. বালাকৃষ্ণণ (১৯৪৫–) | ১৪ জানুৱাৰী ২০০৭ | ১২ মে' ২০১০ | কেৰালা উচ্চ ন্যায়ালয় | ||
| ৩৮ | এছ. এইছ. কপাডিয়া (১৯৪৭-২০১৬) | ১২ মে' ২০১০ | ২৮ ছেপ্টেম্বৰ ২০১২ | বোম্বে উচ্চ ন্যায়ালয় | প্ৰতিভা পাটিল | |
| ৩৯ | অলতামাছ কবিৰ (১৯৪৮-২০১৭) | ২৯ ছেপ্টেম্বৰ ২০১২ | ১৮ জুলাই ২০১৩ | কলিকতা উচ্চ ন্যায়ালয় | প্ৰণব মুখাৰ্জী | |
| ৪০ | পি. সদাশিৱম (১৯৪৯–) | ১৯ জুলাই ২০১৩ | ২৬ এপ্ৰিল ২০১৪ | মাদ্ৰাজ উচ্চ ন্যায়ালয় | ||
| ৪১ | ৰাজেন্দ্ৰ মাল লোধা (১৯৪৯–) | ২৭ এপ্ৰিল ২০১৪ | ২৭ ছেপ্টেম্বৰ ২০১৪ | ৰাজস্থান উচ্চ ন্যায়ালয় | ||
| ৪২ | এইছ. এল. দত্তু (১৯৫০–) | ২৮ ছেপ্টেম্বৰ ২০১৪ | ২ ডিচেম্বৰ ২০১৫ | কৰ্ণাটক উচ্চ ন্যায়ালয় | ||
| ৪৩ | তীৰথ সিং ঠাকুৰ (১৯৫২–) | ৩ ডিচেম্বৰ ২০১৫ | ৩ জানুৱাৰী ২০১৭ | জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয় | ||
| ৪৪ | জগদীশ সিং খেহৰ (১৯৫২–) | ৪ জানুৱাৰী ২০১৭ | ২৭ আগষ্ট ২০১৭ | পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয় | ||
| ৫৪ | দীপক মিশ্ৰ (1953–) | ২৮ আগষ্ট ২০১৭ | ২ অক্টোবৰ ২০১৮ | উৰিষ্যা উচ্চ ন্যায়ালয় | ৰাম নাথ কোৱিন্দ | |
| ৪৬ | ৰঞ্জন গগৈ (1954–) | ৩ অক্টোবৰ ২০১৮ | ১৭ নৱেম্বৰ ২০১৯ | গুৱাহাটী উচ্চ ন্যায়ালয় | ||
| ৪৭ | শৰদ অৰবিন্দ ববডে (১৯৫৬–) | ১৮ নৱেম্বৰ ২০১৯৭ | ২৩ এপ্ৰিল ২০২১ | বোম্বে উচ্চ ন্যায়ালয় | ||
| ৪৮ | এন. ভি. ৰমনা (১৯৫৭–) | ২৪ এপ্ৰিল ২০২১ | ২৬ আগষ্ট ২০২২ | অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয় | ||
| ৪৯ | উদয় উমেশ ললিত (১৯৫৭–) | ২৭ আগষ্ট ২০২২ | ৮ নৱেম্বৰ ২০২২ | ভাৰতীয় উকীল সন্থা | দ্ৰৌপদী মূৰ্মু | |
| ৫০ | ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় (১৯৫৯–) | ৯ নৱেম্বৰ ২০২২ | ১১ নৱেম্বৰ ২০২৪ | বোম্বে উচ্চ ন্যায়ালয় |
৫১
(১৯৬০-) দ্ৰৌপদী মূৰ্মু | ১১ নৱেম্বৰ ২০২৪ বৰ্তমানলৈ |}
- † – কাৰ্যকালত মৃত্যু
- ‡ – পদত্যাগ
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Narasimham, R L, Justice (CJ, Orissa H. C.). Chief Justice Sinha - A Review of Some of His Decisions (page 5 of 8). Indian Law Institute
- ↑ Saxena, Namit. (23 December 2016). New Captain Of The Ship, Change In Sailing Rules Soon?. Live Law
- ↑ The High Court and Supreme Court Judges Salaries and Conditions of Service Amendment Bill 2008. PRS India
- ↑ Supreme Court Judges (Salaries and Conditions of Service) Act 1958. Ministry of Home Affairs, India
- ↑ (2008). আৰ্কাইভ কপি
- ↑ President Discharge of Functions Act 1969 Complete Act - Citation 134059 - Bare Act | LegalCrystal
- ↑ (18 November 2019). Justice Sharad Arvind Bobde takes oath as 47th CJI. Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ মুখ্য ন্যায়াধীশ” প্ৰবন্ধৰ সংশোধন ৪৪৪০৬২ (১১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।